নেমু ফুলিছে নিৰু

প্ৰকাশ: ১৪ মে, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

k312

চাৰিওফালে ব'হাগ ব'হাগ
ভালপোৱাৰ বতাহ,
বাৰান্দাৰ তাঁতৰ শালত বহি
বৰষুণ নাচাবি
জিকাফুলীয়া সপোন এটাই
বুকুত খুন্দা মাৰি
কন্দুৱাব তোক।

আমে বান
কঁঠালে ধান
বান আহিলেও বল নেৰিবি
ধানৰ গোজ মাৰোঁতেই
মেঘলৈ চাবি
বোকা লগা মেখেলাৰে উজুতি খাবি
লাহে লাহে যাবি
চাবি, ধানৰ প্রতিটো খোজত
এশ এটা সপোনে হাঁহিব।

নেমু ফুলিছে নিৰু,
গোবৰ জাবৰ চপাই দিবি
ফুলে ফল দিবলৈ বহুদিন বাকী।

ব'হাগ সামৰি টঙালিত বান্ধি থ’ম
মুখ ফুটাই নকলেও জানিবি
তোক নেদেখিলে
মাঘৰ পথাৰৰ দৰে বুকু ফাটে।

ম’হৰ শিঙৰ পেঁপা নবজাও আৰু
বুকুত যে উমি উমি জ্বলি আছে
তোৰ পদূলিৰ কলৰ পুলি পাৰ হৈ
ৰভাৰ তলত
তোৰে সতে বহাৰ হেঁপাহ।

আঘোণৰ পথাৰত যোৱাবাৰ দেখাতকৈ
তই অলপ খীণালি
তথাপিও নৈৰ ঘাটত তোক দেখি
সুহুৰি মাৰিলে
ৰঙা পৰে দুগাল
উঃ ভৰি যায় কলিজাৰ এফাল।

পচাই থোৱা পাণৰ পুলি নিয়াৰ চলেৰে আহিবি
তোৰ কথা আইক কৈ চাম
পাৰোঁ যদি খোজা-বহা কৰাম
মনে মনে শপত খাম
তোক মোলৈকে চপাম।

তই গম পাৱনে বাৰু
মাঘৰ উৰুকাৰ চোৰ হোৱাৰ চলেৰে
টিপচাকি হাতত লৈ
চুৱা পানী পেলোৱা তোক চাবলৈ
কত দেৰি বাট চাওঁ?

আৰু পঢ়ক:  তুমি আহিছা

তোক নৰাৰ পেঁপা সাজি দিয়া মনত পৰে
নাবাজিলেই চকু পানী সৰে
বাজিলেই সকীয়াই মাৰে—
নৰাৰ পেঁপা নবজাবি নিৰু
বাঁহ ফুলিব
দুৰ্ভিক্ষ আহিব
ভঁৰাল উকা হবলৈ নিদিবি অ’ নিৰু।

ব'হাগৰ কুৰিদিন গ’ল
বুকুৰ পথাৰ আজিও উকা হৈয়ে ৰ’ল
তোৰ বাবে বাট চোৱা দুচকুত নেমুফুল
বুকুত নেমুফুল
আঃ গোটেইখনতে নেমুফুল
গোটেইখনতে নেমুফুল

নেমুফুলে তোক মাতে
মোৰ বুকুত ঢল বাগৰে
বলিয়া সপোনৰ নেমুফুল সৰিব
ফল ধৰিব
তই আহিলে ইয়াত বাঁহ নুফুলে
আকাল নাহে ( তোক লখিমী যেন লাগে অ’ )
মহঙা নহয় বুকুৰ পথাৰ
ঘৰে বাহিৰে শইচ হ’ব
তই আহিলে বছৰে বছৰে ক’ম—
নেমু ফুলিছে নিৰু
নেমু ফুলিছে নিৰু।

(যাৰ অনুপ্রেৰণাৰে লিখা হ’ল এই কবিতা, সেইজন শ্রদ্ধাস্পদ দাদা হিতেশ শর্মা কল্পজ্যোতিৰ হাতত শ্রদ্ধাৰে)

নীলা চৰাই . মে’ ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “নেমু ফুলিছে নিৰু”

  1. ৰাহুল Avatar
    ৰাহুল

    পৰাগ দা আপোনাৰ এই কবতাই বুকুত কিহৰ জোৱাৰ তুলিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts