নীল নীলিমৰ কবিতা

প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

spl poem 100130ভাড়া ঘৰ

সম্প্রতি খুবেই প্রয়োজন হৈ পৰিছে
এটা ভাড়া ঘৰ ,
মোৰ একৈশ বছৰীয়া
তজবজীয়া কলিজাটোৰ।
ঠিকনা মোৰ কোকৰাঝাৰ গৌৰাঙৰ পাৰ,
পহুৰ দৰে নিধন হয় য’ত
আই মাতৃ— ডাইনীৰ সন্দেহত।
বাবা তৃতীয় বিশ্বৰ সৈনিক
আৰু মা সত্তৰ দশকৰ
অশিক্ষিতা গৃহিণী,
এয়াই মোৰ বায়’ডাটা
পামনে তোমাৰ চহৰত
এটা ভাড়া ঘৰ ,
চহৰখন মোৰ অচিনাকি।

আপোনাৰ চহৰখনৰ
সৌন্দর্য কি, ধর্ণা ,প্রতিবাদ নেকি !
গগণ চুম্বী অট্টালিকা
নে সন্মুখৰ উৰুখা বুকুৰ পঁজা?

আপোনাৰ চহৰৰ মানুহবোৰ মাতাল হয় নেকি ?
নে সন্ধিয়াৰ পৰত
কোনোবা গলিত উদযাপন কৰে অদিম দুর্বলতাৰ সোণালী জয়ন্তী

নে অফিচ-কাছাৰীত
মেজৰ পৃষ্ঠ ভাগেৰে পাৰ কৰে অহিংসাৰ পূজাৰী হাজাৰ হাজাৰ গান্ধী?
এয়াইতো আপোনাৰ চহৰত ন ন
অট্টালিকা গঢ়ি উঠাৰ মাপকাঠি।

ইহঁত নিশ্চয় সভ্য !
মেলত অংশ লয় ,
বিলায় স্বাস্থ্যকৰ সমাজৰ আঁচনি।
কেতিয়াবা চাগে’ ইহঁত
আপোনাৰ পুৰণি গাঁওখনলৈয়ো যায়
নিজ স্বার্থত বোকা-পানী গছকি,
ন দি ক’ম ইহঁত

তাপত গজি উঠা পৰজীৱী প্রজাতি।

ৰাজপথত নাৰীয়ে কৰে নেকি  পুৰুষ বিদ্বেষী প্রতিবাদ
নে শত কাপুৰুষে অত্যাচাৰ চলায় গর্ভবাস কেঁচুৱাক ?

আছে নেকি আপোনাৰ চহৰত এনে মানুহ ?
মোৰ চহৰত কিন্তু সুলভ।

আৰু পঢ়ক:  সুখী হোৱাৰ গান

তথাপি জীৱিকাৰ তাগিদাত
আপোনাৰ চহৰলে’ আহিছোঁ
এটা ভাড়া ঘৰ বিচাৰি
এবুকু উশাহ ল’ব পৰা,
বন্ধন মুক্ত খিৰিকী।
লগত আনিছোঁ একৈশ বছৰীয়া মোৰ
তজবজীয়া কলিজাটো।

আপোনাৰ ঠিকনাতেই
মোৰ অস্থায়ী বাসস্থান,
এটা অস্থায়ী সম্পর্ক।

নীলা চৰাই . জুলাই ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts