মূৰ্খ পুৰাণ

imran-shah

বৰ আৰাম আছে মূৰ্খ হোৱাত। বিশ্বাস নহয়। কিন্তু অকণমান ভাবিলেই বুজিব পাৰি। আমাৰ বিৰাট এখুদ-কবি নৱকান্ত বৰুৱাই যে কবিতা লিখিছিল ‘বোধিদ্ৰুমৰ খৰি’; কম হাৰাশাস্তি হৈ লেখা নাছিল। কথা জানি গ’লেই, বুজি গ’লেই লেঠা বাঢ়ি যায়। মইতো মাক মৰোঁতেও, বাপেক মৰোঁতেও চোতালত পুতলা লৈ খেলি থকা তিনি বছৰীয়া ছোৱালী দেখিছোঁ। একো জনা নাই। বুজা নাই। দুখো পোৱা নাই। এইটোৱেই মূৰ্খৰ সুবিধা। এই কাৰণেই হ’বলা জৰ্জ কোলমেনে কৈছিল— “A fool’s paradise is better than a wiseacre’s purgatory”।

পিছে জন ড্ৰাইডেনে কোৱা এষাৰ কথায়ো কিছু ভবাৰ সুযোগ দিয়ে। অকৰা আৰু মূৰ্খৰ অৰ্থও সকলোৱে ঠিক একেটাকে নুবুজে হ’বলা। ড্ৰাইডেনৰ উক্তিটো হ’ল— “None are so busy as the fool and knave”। কথাষাৰ একেবাৰে হয়ো। মূৰ্খই চিজিল লগাই কামৰ আঁচনি কৰিব নোৱাৰে। ঠিক কি কি আৰু কেনেকৈ কৰিলে লক্ষ্য সাধন হ’ব নিৰূপণ কৰিব নোৱাৰে। কি কি কৰাৰ কোনো দৰকাৰেই নাই ধৰিব নোৱাৰে। তিনিটা বস্তু আনিবলৈ ঘৰৰ আগৰ গেলামালৰ দোকানখনলৈ তিনিবাৰ গৈয়ো ভুলটো নুবুজে। মূৰ্খ সেয়ে অনবৰত টাকুৰি ঘূৰাদি ঘূৰিব। অ’ত থপিয়াব, ত’ত থপিয়াব। মূৰ্খৰ আজৰি নাই। তাৰ পিছতো দেখিব, গালে বালে খোলাকটিৰ তাল। গোটেই ফুটুকাৰ ফেন। আৰু চয়তান। এইজনলৈ ৰ’বলৈ সময় নাই। মতলব পূৰাবলৈ চয়তানীতো কৰিবই, চয়তানী ধৰা নপৰিবলৈ কমবোৰ ফুটা বন্ধ কৰিবলৈ থাকেনে! চাব্বাচী দিব লাগিব কিন্তু। এই চয়তানী ৰাজনীতি আৰু অপৰাধৰ জগতখনত বেছি। “তুমি দস্যু, আমি দস্যু, দস্যু দুয়োজন। তব ৰাজকুলে জন্ম আমি হীনজন।” সেই মাত্ৰ পাৰ্থক্য। মনোজ বসুৰ ‘নিশিকুটুম্ব’ত বাপৰে, চাহেব চোৰে ন কইনাৰ গহনা সৰকাওঁতে কি অভাৱনীয় চাল খেলিছে। কি পৰিকল্পনা। আমাৰ ভোট খেলাসকলৰ আঁচনিৰ দৰেই পানী নসৰকা। কোনে পাব পাৰে পাত্তা। এনে কোনো চয়তানৰ পাল্লাত পৰিয়েই নিশ্চয় জন শ্বেফিল্ডে প্ৰচণ্ড ক্ষোভত কৈছিল— “The world is made up for the most part of fools and knaves”।

পিছে আব্ৰাহাম লিঙ্কনে এই ‘নেভ’সকলক খোলাখুলি এটা ৱাৰ্নিং দি গৈছে। “You can fool some of the people all the time, and all the people some of the time, but you can not fool all the people all the time”। কোনোবাই ভেদ ভোঁহাৰি দিলেই নাজল-নাথল কাচুটি সৰি পৰা অৱস্থা হয়। চয়তানীৰ সীমা থাকিবই। আজিকালি সৰিয়হো হাতে হাতে।

সঁচাসঁচি যিসকল মূৰ্খ, তেওঁলোকক লৈ সিমান চিন্তা নাই। সোনকালেই জনাজনি হৈ যায়। আৰু মানুহে পুতৌ, মৰম, ধেমালি আদিৰে তেওঁলোকৰ লগত মিতমাত এটা কৰি লয়। তেওঁলোকো তাতে সন্তুষ্ট হৈ যায়। তেওঁলোকক ঠগা মানুহ বেছি নেথাকে। কিন্তু কিছুমান মানুহ আছে, যিসকলে মূৰ্খৰ ভাও দিয়ে। এইটো বৰ আহুকলীয়া আৰু বিপজ্জনক। টেঙৰ মানুহে নজনা-নুবুজাৰ ভাও জোৰা মানেই এশ এবুৰি সমস্যাৰ উদ্ভৱ হোৱা। এওঁলোকে সমস্যা সৃষ্টি কৰিবলৈকে তেনে ভাও জোৰে। কেতিয়াবা থাকে স্বাৰ্থ, কেতিয়াবা থাকে হিংসা, প্ৰতিশোধ আদি। এওঁলোক সমজুৱা শান্তিৰ যিমান শত্ৰু, তাতকৈ বেছি আহুকালৰ কাৰণ। একেই আহুকাল ইয়াৰ ঠিক বিপৰীত এচাম মানুহক লৈ। এওঁলোকে নিজকে বৰ জনাটো দেখুৱাই তৃপ্তি পায়। একেবাৰে নজনা একোটা কথাতো একেবাৰে বিশেষজ্ঞৰ মন্তব্য দি বহি থাকে। অভিভাৱক, শিক্ষক আদি এই শ্ৰেণীৰ হ’লে বিপদ বৰ ডাঙৰেই হয়। ‘সাগৰ তীৰত কপিসকল’ক ‘কবিসকল’ বুলি শ্ৰেণীত পঢ়াই অহা শিক্ষকো থকা বুলি শুনা যায়। এওঁলোকো আচলতে মূৰ্খই। োলডী মণ্টেইনৰ ভাষাত— “People are never so near playing fool as when they think themselves wise”। এনে মানুহ আমাৰ মাজত সংখ্যাত নিচেই কম নহয় কিন্তু। আনকি নিজকো মোৰ মাজে মাজে তেনেকুৱা যেন লাগে।

আলেকজেণ্ডাৰ পোপে কিন্তু এষাৰ মাৰাত্মক কথা কৈ গৈছে— “Fools admire but men of sense approve”। কথাষাৰ কিন্তু দকৈ চিন্তা কৰি চাবলগীয়া। প্ৰশংসা আৰু চতুৰতাৰ পেঙত তুলি হেঁচুকি আকাশ পোৱাব বিচৰা কাৰবাৰটো আমাৰ চিনেমা, গান আৰু সাহিত্যত বেছি। অৱশ্যে ‘বা বা ব্লেকচিপ’ গোৱা পো-জীক লৈ মাক-বাপেকেও কৰে। সেইটো ধৰিব নোৱাৰি। কাৰণ সৰহভাগ মাক-বাপেকেই মূৰ্খ হওক নহওক, অন্ধতো হয়েই। চিনেমা, গান, সাহিত্যত অনবদ্য, অপূৰ্ব— এনেকুৱা শব্দ কোৱাতে ক্ষান্ত নাথাকি মহৎ, কালজয়ী আদি শব্দও কৈ পেলোৱা হয়। অনুমোদন কৰা কথাটো বেলেগ। ভাল কথা। কিন্তু অতি প্ৰশংসা? সাহিত্যত গোষ্ঠী হ’লেই এইটো হয়। পিঠি খজুৱা কাৰবাৰ চলে। গোষ্ঠীত নোসোমোৱাৰ অপৰাধত একোজন প্ৰতিভাধৰ লিখকৰো অকাল মৃত্যু ঘটে। বি এ-টো পাছ কৰিয়েই মেজৰত শিকি অহা চাৰিটা কথাৰেই বিৰাট সমালোচক হৈ পৰাসকলৰ এইটো বেমাৰ বেছি। এওঁলোকে হয় admire কৰে, নহয় hate কৰে। পোপে এওঁলোকক Men of sense বুলি ক’ব খোজা নাই।

পিছে আমি হতাশ হোৱাৰো দৰকাৰ নাই। মূৰ্খ হোৱাত আৰাম থাকিলেও আমি মূৰ্খ হৈ থাকিব নোৱাৰো। অন্ততঃ জীয়াই থাকিবৰ কাৰণেই আমি চালাক হ’বই লাগিব। জ্ঞানী নহ’লেও। কালিদাস হেনো জধামূৰ্খ আছিল। ব্যক্তিগতভাৱে মোৰ বোপদেৱক বেছি ভাল লাগে। সেই টেকেলি তওঁতে শিল ক্ষয় হোৱা কাণ্ডটো। এই দিশত আটাইতকৈ ভাল কথাষাৰ কিজানি কৈছে ডব্লিউ এম থেকাৰেই— “If thou hast never been a fool, be sure thou will never be a wise man”। গতিকে সকলোৰে আশা আছে। পিছে মূৰ্খৰ স্বৰ্গখন হেৰোওৱাটোও দুখৰ কথা। মূৰ্খৰ অন্ততঃ টোপনি নহাকৈ নাথাকে। এই ক্ষেত্ৰত আকৌ ছাৰ ৰিকাৰ্ড ষ্টিলৰ মন্তব্য একাঠি চাৰ। তেওঁ কয় বোলে— “These two amusements for all fools of eminence: politics and poetry”। কথাষাৰ সঁচা, কিন্তু নিষ্ঠুৰ। মূৰ্খৰ দুয়োটা amusement-এ পৃথিৱীক কমখন নচুৱাই আহিছেনে? কবিতা মাজতে কমিছিল। এতিয়া আকৌ বাঢ়িছে। ইবিধতো নক’লেও হ’ব।

মূৰ্খৰ ইমানবোৰ সংজ্ঞা ইমানবোৰ বৰেণ্য ব্যক্তিয়ে দি গৈছে যে তাৰে সৰু-সুৰা এখন পুৰাণ লিখিব পাৰি। কিন্তু সিও হ’ব আৰু এক মূৰ্খামি। কাৰণ মলিয়েৰে কৈ গৈছে— “A learned fool is more foolish than an ignorant one”। পুৰাণ লিখিব খোজাজন পণ্ডিত-মূৰ্খ নহৈ কি হ’ব?

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

1 Comment on "মূৰ্খ পুৰাণ"

avatar
Sort by:   newest | oldest | most voted
trackback

[…] …চিনেমা, গান, সাহিত্যত অনবদ্য, অপূৰ্ব— এনেকুৱা শব্দ কোৱাতে ক্ষান্ত নাথাকি মহৎ, কালজয়ী আদি শব্দও কৈ পেলোৱা হয়। অনুমোদন কৰা কথাটো বেলেগ। ভাল কথা। কিন্তু অতি প্ৰশংসা? সাহিত্যত গোষ্ঠী হ’লেই এইটো হয়। পিঠি খজুৱা কাৰবাৰ চলে। গোষ্ঠীত নোসোমোৱাৰ অপৰাধত একোজন প্ৰতিভাধৰ লিখকৰো অকাল মৃত্যু ঘটে। বি এ-টো পাছ কৰিয়েই মেজৰত শিকি অহা চাৰিটা কথাৰেই বিৰাট সমালোচক হৈ পৰাসকলৰ এইটো বেমাৰ বেছি।… ইমৰান শ্বাহৰ অনবদ্য লেখা— ‘মূৰ্খ পুৰাণ’ via Facebook http://www.nilacharai.com/murkha-puran-imran-shah/#.UWwiKuDhhtw.facebook […]

wpDiscuz