মিণ্টুমণি ৰাজখোৱাৰ কবিতা

প্ৰেমৰ স্তৱক

মোৰ তেজৰ এপাহ ফুল
কলিজাত ফুলিছে
এতিয়া মই কি কৰোঁ
তোমালৈ মোৰ মৰম উপজিছে।

নদীখনৰ বুকুতে বিলীণ হৈ আছে
গছ-গছনি সূৰ্য আৰু পাহাৰৰ ছবি
ডাল-পাত খহি শিল হৈ গুড়ি
পোতখাই গৈছে ক্ৰমে অবুকু গভীৰ তলি।
নদী বৈ আছে পাৰ ভাঙি ভাঙি
মোৰ পলসুৱা প্ৰেমৰ সীমনা চুমি চুমি।

মোক আৰু দুখ নিদিবা
চকুপানী মোৰ আইৰ বুকুৰ শৌৰ্য
তোমাক মই নোৱাৰোঁ জুখিব
মোৰ নিৰ্জীৱ প্ৰেমেৰে;
চকুৰ পতাত মোৰ অনন্য দুখৰ ক্লীৱতা
কান্দিব মই নোৱাৰোঁ
বেয়া নাপাবা।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz