মৈত্ৰেয়ী পাতৰৰ কবিতা

যন্ত্ৰণা তোমাৰ নাম
 
তুমি অহাৰ সপোন গুঠি
দিনবোৰ খহি গৈ আছে ৰাতিৰ বুকুত
গধূলিগোপালৰ সুগন্ধি নৈঃশব্দত
কত আশা উৰে
সেউজী আঁচল লৈ,
আৰু তুমি আহিয়েই গুচি গৈছা
পুৱাৰ অভিমানী সপোন হৈ l
 
তুমি যেন অলিখিত কোনো কবিতাৰ
বুকুত লুকাই থকা অলেখ কথা
টুকুৰিয়াই দিলেই বৈ আহিব
তাৰ কোমল অলকানন্দা ভাষা l
 
ৰ’দে পোৰা দিনৰ সপোন বৰষি
অসীমত হেৰায় সূৰ্যকণা
অথচ বুকুত নীল ৰাতিৰ নিৰৱতা লৈ
তুমি সংগোপনে নামা জোনাক হৈ
যেন এমুঠি মিঠা যন্ত্ৰণা…
মোৰ চকুৰ পিৰালিত বহি হাঁহে
দুটুপি অশ্ৰুকণা!
 
এটি সুখৰ বাৰিষাই আনে স্বপ্নৰ ঢল
আৰু তুমি ৰোৱাহি হৃদয়ৰ কাষত,
মোৰ তপ্ত চকুৰ পাহিত যেন
স্নেহৰ শীতল জল…
 
জানো, তুমি এটি মিছা প্ৰতিশ্ৰুতি
যাক অহৰহ লৈ ফুৰিছোঁ বুকুত
তুমি নোপোৱা যন্ত্ৰণাৰ এন্ধাৰ সিঁচি লৈছো চকুত
তথাপি,
তুমি যে ‘ভালপোৱা’
সযতনে বুকুত ৰোৱা…
 
তুমি অহাৰ সপোন লৈ
কত দিন ৰাতি হয়
আৰু তুমি আহিয়েই গুচি যোৱা।
মাথোঁ পুৱাৰ সপোন হৈ…
«
 
কথা: বৰষুণৰ দৰে
 
তুমি নদীৰ পৰা আহিছা?
বৰষুণৰ দৰে গোন্ধাইছে তোমাৰ গা
গুটিমালীৰ দৰে ফুলিছে
তোমাৰ থুপি-থুপি কথা
 
কথাই নে সেয়া?
নে বৰষুণৰ কোমল চিনাকী আশা।
 
কথাৰ কেঁচা বাটত
মুঠি মুঠি মেঘ সানিছা
ভীষণ নিবিড় হৈ তুমি নামি আহিছা
ওঁঠত বৈ আনিছা ভিজা মাটিৰ সুহুৰি
গান এটা হৈ সি বাগৰি ফুৰিছে
পথাৰে-পথাৰে
গছে-গছে
বুকুৱে-বুকুৱে…
 
আমৰ ডালে-ডালে আকৌ ফুলিছে
তোমাৰ বৰষুণ যেন কথা
সঁচাই কোৱাচোন,
ক’ৰ পৰা আহিছা?
আজি যে আকৌ বৰষুণৰ দৰে গোন্ধাইছা…
 
নীলা চৰাই . জুলাই ২০১২
আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz