মোৰ প্রেমিক কবিলৈ এটা প্রেমৰ কবিতা

প্ৰকাশ: ১৭ ছেপ্তেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ১৮ মে, ২০১৮

মোৰ প্রেমিক কবি,
কেনে আছা তুমি
আৰু তোমাৰ কবিতা?
এতিয়াও চকুৰ পতাত ফুলি আছেনে
জাপ জাপ কুমলীয়া
কবিতাৰ সপোন?
ৰাতিৰ বুকুত কাণ থৈ আজিও শুনানে
নিশব্দ নিজৰাৰ গান?

বহুত দিনেইতো হ’ল
তোমাক নেদেখা, মোৰ প্রেমিক কবি,
মনত পৰেনে তোমাৰ
কৈছিলা তুমি, তোমাৰ এটি হাঁহি
যিয়ে পাৰ কৰায় অযুত উজাগৰী ৰাতি?
তোমাৰ সেই কথাই
বোৱাই আনিছিল হৃদয়লৈ জোনাকৰ ঢল,
উৰুৱাই আনিছিল ভাবনাৰ সহস্ৰ নীলাভ চৰাই

তুমি মোক ভালপাওঁ বুলি কোৱাৰ দিনা
মই কান্দিছিলো মই হাঁহিছিলো
মই হেঁপাহত বুৰিছিলো
আৰু এদিন এটা ছাইৰঙী আবেলি
তোমাৰ পৰা বিদায় লৈ মই গুছি আহিছিলো
সপোনৰ সোণালী দবাত উঠি কোনো দূৰ প্রান্তলৈ
সিদিনা তোমাৰ উদাস দুচকুত দেখিছিলো
এটা শূন্যতাৰ কবিতা
তুমি ৰৈ গলা তাতে
হৈ এটা বসন্তৰ সেউজীয়া ষ্টেচন

মই যে আহিবই লাগিব
মোৰ বুকুৰ গভীৰত আছিল
অনামী যাত্ৰাৰ এক শীতাৰ্ত টিকেট।

লেখকৰ ঠিকনা: বাংগালুৰু
ফোন: +৯১ ৯৩৪৩৯৫৯২৬৯

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “মোৰ প্রেমিক কবিলৈ এটা প্রেমৰ কবিতা”

  1. Champok Dutta Avatar
    Champok Dutta

    bhal lagil kabita tu pahi.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts