মোৰ জীৱন মোৰ প্রয়োজন

প্ৰকাশ: ১৭ ছেপ্তেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ১৮ মে, ২০১৮

(যিসকলে জীৱনত ভালপোৱা নাপালে, তেওঁলোকৰ হাতত)

হঠাতে পদপথত ভেটাভেটি হ’ল
অনিচ্ছা সত্বেও চাব লগা হ’ল তোমাক।

ঈষৎ নীলা ৰঙৰ মাৰ্চিডিজ গাড়ীৰ পৰা
মেৰুণ ৰঙৰ ব্লাউজ আৰু শাড়ীৰে
চহৰখনৰ আটাইতকৈ ডাঙৰ শ্বপিংমলটোৰ আগত
ব্লেকবেৰীৰ দামী মোবাইলত কথা পাতি পাতি
ড্রাইভাৰে খুলি দিয়া পিছ দৰ্জাৰে তুমি নামিছা
আৰু গহীন গম্ভীৰ খোজেৰে আগবাঢ়িব খুজি হঠাতে থমকি ৰৈছা।

এপলক মাথোঁ এপলক !

বহুদিনৰ নুখুৰোৱা ডাঢ়ি, ভৰিত দুবছৰীয়া চামৰা চেণ্ডেল
এটা দিনযোৱা কলা লংপেন্ট আৰু উলিয়াই লোৱা
মদৰুৱা চাহবৰণীয়া হাফ চাৰ্ট সহ
মোৰ হাতত তেতিয়া এটা দহটকীয়া বজাৰৰ মোনা।

চকুৱে চকুৱে পৰাত ঈষৎভাৱে হাঁহিব খুজিও নাহাঁহিলো
কাৰণ তুমি চকু ঘূৰাই নিজকে লুকুৱালা।
তাৰপিছত অচিনাকি পথচাৰীৰ দৰে আগবাঢ়ি গুচি গ’লা

বহুদিনৰ মূৰত তোমাক দেখিলো
তুমি আগতকৈ বহু বেছি শৰীৰ-সচেতন হ’লা।

তোমাৰ দেহৰ যিবোৰ ভাঁজ দেখি এসময়ত শিহৰিত হৈছিলো,
প্রেমৰ চুটি-দীঘল কবিতাবোৰ লিখিছিলো
আৰু যিবোৰ আবৃত্তি কৰি পৰম তৃপ্তিৰে তুমি মোক বাঃ বাঃ দিছিলা
আজি সুখৰ ভোগালী চাপত সেইবোৰ কিজানি হেৰাই গ’ল।
বৰ সুখ চাগে তোমাৰ !
মই দিবলৈ বিচৰা সুখতকৈও চাগে বহুত বেছি
মই অৱশ্যে তোমাৰ দুচকুত সেই সুখ পঢ়িব নোৱাৰিলো।

আৰু পঢ়ক:  দুটা কবিতা

তথাপিও কামনা কৰোঁ, তুমি চিৰসুখী হোৱা
এদিন দুয়োটাই পূৰোৱাৰ বাসনা ৰখা জীৱনৰ ৰঙীন সপোনবোৰ
এতিয়া তোমাৰ বাবে সহজ হ’ল চাগে পূৰণ কৰাৰ।

মই আজিও কবিতা লিখোঁ,— ভালপোৱা, জীৱন ইত্যাদিৰ
কিমান ভালপোৱা থাকিলে হৃদয়ত পুহিব পাৰি ৰঙীন সপোন
মই এতিয়া ভালকৈয়ে জানো
আৰু জানো বাবেই তোমাৰ অবিহনে চিগাৰেট নোপোৰোঁ, মদ নিগিলো
ট্রেজেডি নাফালো, মাথোঁ পি খাওঁ নিঃসঙ্গতা।

অকলশৰীয়া জীৱনত নিঃসঙ্গতাৰো বেলেগ আমেজ !
থাকে কবিতাৰ দৰে শব্দ, ভাষা আৰু জীৱন
য’ত তুমি মাথোঁ গৌণ সঙ্গী, মুখ্য হ’ল মোৰ প্রয়োজন।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts