মোহলগা ল’ৰাটো

[ দীপা ঠাকুৰীয়া ]

—অ’ সেউতীৰ মাক, এইফালে আহাঁচোন।
—কিনো হ’ল ? ঢলপুৱাতেই যে টেঁটুফালি চিঞৰিছে ?
—পিঠিখন চোৱাচোন, কিহে কামুৰিলে!
—আই ঔ, কিহে পাইছিল আপোনাক চজিনাজোপাৰ তলত খুচৰি ফুৰিবলৈ? দেখা নাছিল নেকি, লদালদে বিছাবোৰে চজিনা গছজোপাক চানি ধৰিছে?
কথা কৈ কৈ শ্ৰীমতীয়ে সাউৎকৈ কলগছৰ চোঁচনি এডাল আনি ডিঙিত পিন্ধালে আৰু কাণত চূণ লগালে। নাই খজুৱতি কমাই নাই। ডাক্তৰখানাৰ পৰাই আহিবগৈ লাগিব।

শ্ৰীমতীৰো সময় নোহোৱা হৈছে। ৰাতিপুৱাৰ পৰা নিশালৈ টাকুৰি ঘূৰাদি ঘুৰি ফুৰিব লাগে। এশ এবুৰি কাম। তাৰ মাজতেই চান কাঢ়ি কাঢ়ি দুই-এপদ বস্তু গোটাইছে। জীয়েকে এইবাৰ মেট্রিক দিব। ছাগলীৰ গাখীৰ টোপা আৰু কুকুৰাৰ কণীবোৰ তাইকে খুৱাই আছে। তাৰ মাজৰে পৰা দুটামান কণীৰে টোপোলা বান্ধিছে। এওঁৰ ককায়েকৰ ল’ৰা বাবুয়ে খাই খুব ভাল পায়। পিঠা, নাৰিকলৰ লাড়ু ভৰাইছে। জলফাই, আমৰ আচাৰৰ বটলকেইটা কাগজেৰে মেৰিয়াই পলিথিনেৰে বান্ধিছে। ক’ৰবাত তেলছিকটি লাগিলে কি হব? মানুহজন গুৱাহাটীলৈ যাব। নিজৰ ককায়েক-বৌয়েকৰ ঘৰলৈ যাব। যোৱাবেলি বৌয়েক আহোতে এওঁৰ তাঁতৰ মেখেলাৰ ফুল দেখি ভূয়সী প্রসংশা কৰিছিল। গুৱাহাটীত আজিকালি বোৱা কাপোৰ পিন্ধাটো ফেশ্যন হৈ পৰিছে। সেইবাবে দুযোৰ মেখেলা-চাদৰ বান্ধিছে। এওঁৰো যাবলৈ হুতাহ আছিল। ছোৱালীৰ পৰীক্ষাৰ বাবে সেও মানিলে।

ৰে’ল ষ্টেচনটো তেনেই সৰু। দুপৰীয়া ভাত খাই ৰেলত উঠিছোঁ। চাৰিওফালে হাই-উৰুমি। জেনেৰেল কম্পাৰ্টমেণ্টত বহি পৰিলো। পিছফালে দুটিমান বঙালী পৰিয়াল। উঠাৰ পৰাই তেওঁলোকৰ সৰু লৰাটোৱে পে-পেকৈ কান্দি আছে। এগাল টালি–টোপোলা লৈ দুজনমান মাৰোৱাৰী মানুহ উঠিছে। লাহে লাহে কম্পাৰ্টমেণ্টটো ভৰি পৰিছে। দুই-এজনকৈ হকাৰ আহিব ধৰিছে। চাহৱালা, বাদামৱালা; বইল কণী, ব্ৰেড ভজাৰ পোহাৰ মেলা বাৰেবৰণীয়া ফেৰীৱালাবোৰ। তৰহ তৰহ বস্তুবোৰ ওলোমাই গ্রাহকক মন মুহিবলৈ লাগি গৈছে। মই ইফালে-সিফালে চালো কথা পাতিবলগীয়া মানুহেই নাইচোন।

ৰেলখন লাহে লাহে চলিবলৈ ধৰিলে। হঠাৎ হুৰমুৰকৈ এজন ডেকা ল’ৰা সোমাই আহিল। ৰক্ষা তেনে। দীঘলীয়া যাত্রাটোত কথা পাতিবলৈ লগ এটা পালো। ল’ৰাটোৰ পিন্ধনত ক’লা জীনচ্ এটা আৰু নীলা ৰঙৰ ছাৰ্ট এটা। বয়স ২৭-২৮ বছৰ মানে হ’ব। শান্ত আৰু গহীন। বহি লৈ ল’ৰাটোৱে কিতাপ এখন মেলি ল’লে।

—বোপা, কলৈনো যাবা?
—অ’ খুৰা! মই গুৱাহাটীলৈ যাম।
মোৰ মনটো ভাল লাগি গ’ল। ল’ৰাটো ভদ্র।
—মোৰ ঘৰ যোৰহাটত। সৰু ব্যৱসায় এটা কৰোঁ। ভনী আৰু মা আছে। পিতা সৰুতে ঢুকাল।

লাহে লাহে লৰাটোৰ লগত আন্তৰিকতা বাঢ়িবলৈ ধৰিলে। এনেহেন মৰমলগা ল’ৰা এটা আমাৰ মাজনীৰ বাবে পোৱাহেঁতেন! মাজতে ষ্টেচনত ৰখাওঁতে চূণ-ধপাতো কিনি আনি খুৱালে। ল’ৰাজনে কৈ গল— সৰুতে পিতা ঢুকাল, সেইবাবে আপোনাৰ বয়সৰ মানুহ দেখিলে পিতা যেন লাগে।

ল’ৰাটো মোহলগা। তাৰ কথাবোৰো মোহলগা। সেউতীৰ মাকেও এনে এটা ল’ৰা পাবলৈ খুব ইচ্ছা কৰিছিল। কিন্তু মোৰ ভেঞ্চাৰ স্কুলৰ চাকৰিটোৰে দ্বিতীয় সন্তান এটা পাবলৈ সাহস গোটাব নোৱৰিলো। খেতিৰ মাটিকেইডৰা আছে বাবেহে ৰক্ষা।

হঠাৎ খুৰা বুলি মতাত চিন্তাৰ আঁত ঘূৰিল। ল’ৰাজনে কবলৈ ধৰিলে— পিতা ঢুকুৱাৰ পিছত আমাৰ যে কি কষ্ট হৈছিল! আমি তেতিয়া তেনেই সৰু। মামাহঁতৰ ঘৰতেই ডাঙৰ হ’লো। আয়ে অইনৰ ঘৰত ধান জাৰি, চাউল খুন্দি ডাঙৰ কৰিছে। মই ব্যৱসায় আৰম্ভ কৰাৰ পৰা ঘৰখনে তৎ পাইছে। ল’ৰাটোৰ অকপটে কোৱা কথাখিনি শুনি বৰ সৰল যেন অনুভৱ হল।

হঠাৎ মোৰ পৰিৱেশটো কিবা অচিনাকি যেন লাগিল। মই যেন শুইহে আছোঁ। এয়া কি! সঁচাকৈ দেখোন মই শুই আছোঁ। ওচৰ-পাজৰৰ মানুহ আৰু পৰিৱেশটো দেখি বুজিছোঁ— এয়া হস্পিতাল। মই হস্পিতালৰ বিছনাত! ডাক্তৰজনে ক’লে— মই কামলৈ আহোঁতে আপোনাক বাৰাণ্ডাত পৰি থকা দেখি ইয়াত ভর্তি কৰাই দিলো। আপোনাৰ মুখেৰে ফেন বাহিৰ হৈ আছিল। এই বয়সতনো কেলেই বিষ খাইছিল?

কি! তাৰমানে ৰে’লৰ পৰা নমাৰ পিছত ল’ৰাজনে যে চাহ আনি খুৱাইছিল, তাতেই আছিল! সকলো লুটি নিলেও হস্পিতালৰ সন্মুখত যে পেলাই গ’ল বোপাটিয়ে!«

নীলা চৰাই . মে’ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

2 Comments on "মোহলগা ল’ৰাটো"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
bb
Guest

spelling mistakes……

সম্পাদক | নীলা চৰাই
Guest

আপোনাৰ সূক্ষ্ম দৃষ্টিৰ বাবে ধন্যবাদ। অশুদ্ধ শব্দকেইটা দেখুৱাই দিলে শুদ্ধ কৰি দিব পৰা যাব; আশা কৰোঁ, সহযোগিতা আগবঢ়াব।

wpDiscuz