মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ কবিতা

অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ স্মৃতিত ৰচনা কৰা মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ ‘অস্থি-বজ্ৰ’ কাব্য সংকলনৰ পৰা এটি কবিতাৰ পাঠ আগবঢ়াইেছাঁ।

পাঠ: পৰীক্ষিৎ বেজবৰুৱা


| মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ বিষয়ে জানিবলৈ পঢ়ক: ডঃ মহেশ্বৰ নেওগৰ প্ৰবন্ধ


মানৱ সমাজ ধ্বংস কৰিছে
বৃত্ৰাসুৰহঁতে সুবিধা পাই।
ভণ্ডহঁতক দণ্ড বিহোঁতা
বীৰ ভাৰতত ওলোৱা নাই।।

চিন্তাৰ ঢৌ মাৰ নিনিয়াবি
পাপীক ধুৱাই নমাবি ঢল।
ভূ-ভাৰত জুৰি ডঙ্কা বজাই
হৰি ভকতৰ বঢ়াবি বল।।

কঃ পন্থাৰে দেখুৱালো বাট
চিন্তানলেৰে পোহৰ কৈ।
অষ্টাবক্ৰ, টুপীৰ-দোকান
কত কামায়ণ আহিলো থৈ।।

এইবোৰ মোৰে ৰাজ কামিহাড়
তেজ-মঙহৰে আবৰি থোৱা।
সত্যযুগৰে শুদ্ধ অস্থি
তিলে তিলে বাঢ়ি পুৰঠ হোৱা।।

এই অস্থিৰে সাজিলো বজ্ৰ
ধৰিবি: মুঠিতে লুকাই ল’বি।
কৰ্ম্মবিহীন ধৰ্ম্মদ্ৰোহীৰ
বৰ্ম্মভেদ কৰি মৰ্ম্ম ল’বি।।

যাক য’তে দেখ ধৰ্ম্মৰ নামে
স্বাৰ্থ সাধনে কৰিছে সাৰ।
যাবি আগুৱাই সোধ-পোছ নাই
ত্যাগ অস্ত্ৰেৰে শোধাবি মাৰ।।

মহা ব্যভিচাৰী নিষ্ঠানন্দ
ভণ্ডহঁতৰ শিখাত ধৰি।
ভাই ভকতৰ সাধিবি ইষ্ট
পাণ্ডাবৃত্তি পণ্ড কৰি।।

শগুণৰ জ্ঞাতি অগুণৰ দাস
লগুণধাৰীৰ মচিবি ফোঁট।
হোমবাৰি কাঢ়ি গোমসাপ ধৰি
অন্তৰ ভেদি মৰাবি খোঁট।।

মাহদিনীয়াক দহদিনীয়াৰে
তিনিদিনীয়াতে আনিবি ধৰি।
নোৱাই ধুৱাই গোবৰ খুৱাই
লবি এদিনতে মানুহ কৰি।।

বাপুদেউটিক প্রভুটিৰে স’তে
লগুণে শিখাই সাঙুৰি লৈ।
পিণ্ড খুৱাই দিবি গতিয়াই
বৈতৰণীৰ সিপাৰ কৈ।।

কৰ-পচা লোৱা ফালেঙীহঁতক
ধৰাবি জালত শালত বান্ধি।
ম্লেছৰ হাতে মঙহ ৰন্ধাই
খুৱাবি, নেৰিবি, মৰক কান্দি।।

জাত জাত বুলি জাতিক যিবোৰে
পচা পিতনিত নিয়ালে তল।
সিহঁতৰ বুকু ঐক্যাঘাতেৰে
ফালি আৰ্জ্জিবি কৰ্ম্মফল।।

কাৰ কিটো কুল কোনে চিনি পায়
বুকু ভুকুৱাই বজাই চাবি।
যাৰ যিটো ভুল ভাঙি গুৰি কৈ
বুকুৱে বুকুৱে মিলাই যাবি।৷

মানুহ পালেহে মাতষাৰ দিবি
বামুণ শূদিৰ বোলালে ধৰি।
বিদ্ৰোহী বুলি বজ্ৰ হানিবি
সত্য যুগৰ ধৰণ ধৰি।।

সত্রে সত্ৰে সত্যক যেনে
হত্যা কৰিলে শাস্ত্ৰ ৰচি।
ব্ৰহ্ম শাপেৰে বধি সিহঁতক
পদাঘাত কৰি পেলাবি মচি।।

মন্দিৰ ভাঙি মুক্ত কৰিবি
অবাঙ মনসোগচৰ জন।
লুটি মণিকূট দিবি মেলি ‘প্ৰেম-
অমৃত’ ধাৰা পৰম ধন।।

মেধি পাচনিকো খেদি খেদি আনি
ৰাম টাঙোনেৰে ভাঙিবি মূৰ।
জগন্নাথকো জাপি অগনিত
তাপিত আত্মা পেলাবি জুৰ।।

হিন্দু ধৰ্ম্ম কিটোনো আছিল
গুৰুকো শিকাবি কাণত ধৰি।
জ্ঞানাঞ্জন শলাকা লগাবি
অন্ধ চকুত কৰুণা কৰি।।

বুদ্ধ খ্ৰীষ্ট মহম্মদক
কৃষ্ণৰে স’তে আসন দিবি।
যিজনে যিকণি অমৃত দিয়ে
তাকে চাকি চাই শিৰত থবি।।

ভণ্ডাচাৰ্য্যৰ ফক্কৰী উৰাই
শ্ৰীমন্ত শ্ৰীকণ্ঠ শ্ৰীগ্ৰন্থ লৈ।
অস্ত্ৰ বলেৰে শাস্ত্ৰ জিনিবি
বুদ্ধ-শুদ্ধ-বাহন হৈ।।

পেৰেতৰ পৰা পূজা লুটি ল’ই
কিম্ভুতৰ পৰা ভজন কাঢ়ি।
যুথে যুথে গঢ়ি ভকত বাহিনী
ভণ্ডক দলি আহিবি বাঢ়ি।।

আৰু কি কৰিবি কিয়নো কৰিবি
কিম্বা নকৰিলে কি হ’ব ফল।
সকলো খিনিকে আহিছোঁ জনা
শিকাই বুজাই বঢ়াই বল।।

সত্য-তত্ত্ব কৰিবি প্ৰচাৰ
জীর্ণ পুৰাণত জ্বলাবি জুই৷
পূজাৰীৰ বিধি থবি চুৱনিত
জড়ৰ পূজাত পেলাবি থুই৷।

হাতে হাতে কাম মনে মুখে নাম
শিকাবি পৰম তত্ত্ব বুলি৷
চকু দুটা মুদি নেতা হওঁতাৰ
নয়ন যুগল পেলাবি তুলি।।

উচ্চ-নীচ নকৰি বিচাৰ
মানুহে মানুহে মিলাই লবি৷
গঢ়ি সমদল কঁপাই ভূ-তল
কাৰাগাৰ ভাঙি মুক্ত হবি৷৷

মই ক’লোঁ তই নকৰিবি ভয়
বজ্ৰবাহন কৰ্ম্মবীৰ।
ধৰ্ম্মৰ বাবে ৰাৱণকো বধি
মুণ্ডমালাৰে সজাবি শিৰ।৷

কোনে দিয়ে হাৰ ? আগবাঢ়ি থাক
জিনিবি সমৰ ধুৰূপ ক’লো।
কলিৰ দধীচি কমলাকান্ত
অশৰীৰী হৈ লগতে ৰলোঁ।।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ কবিতা"

avatar
Sort by:   newest | oldest | most voted
trackback

[…] | মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ এটি কবিতা শুনক: পৰিক্ষীৎ বেজবৰুৱাৰ কণ্ঠত […]

wpDiscuz