মৃদুল মজিন্দাৰ বৰুৱাৰ কবিতা

পৃথিৱীৰ সকলোতকৈ ধুনীয়া ছোৱালীজনীলৈ

আজি তোমাক একেবাৰে কাষত পাবলৈ মন গৈছে
এই বৰষুণ এই বতাহ
সকলোৱে মোৰ স্পৃহা জগাই তুলিছে
তীব্রতৰ কৰি তুলিছে মোৰ মনটোক
তোমাক কাষত পাবলৈ

আহাঁ
বৰষুণত তিতি জুৰুলি হোৱা দূবৰি বনেদি
তোমাৰ কোমল দুভৰিৰ পৰশ পেলাই
সোমাই আহাঁ মোৰ দুজনীয়া কুঠৰীটোলৈ
মই ৰৈ আছোঁ দুবাহু প্রসাৰিত কৰি
তোমাৰ বাবে

ব'লা
বহোঁগৈ দুয়ো মোৰ সৰু বেলকনিটোতে গাতে গা লাগি
আৰু দৃষ্টি ৰাখোঁ দুয়ো সেই দূৰৈৰ পাহাৰখনত মৌনতাৰে
কুচি মুচি তুমি মোৰ দুবাহুত সোমাই পৰিবা
কান্ধত মূৰ থ'বা
আমাৰ উশাহে কথা পাতিব

আলফুলে তোমাৰ এখন হাত তুলি ল'ম মোৰ দুহাতৰ মাজত
তুমি চকু তুলি চাবা মোৰ দুচকুলৈ প্রথমবাৰৰ বাবে
চাৰিচকুৰ মিলন
দুটি দেহা দুটি মন দুটি প্রাণ
এক হ'বলৈ কিমান পৰ

লাহে লাহে সুদৃঢ় হ'ব আমাৰ দুবাহুৰ বান্ধোন
অজানিতে আগবাঢ়ি যাব মোৰ ওঁঠ
তোমাৰ ওঁঠৰ কম্পনতাৰ দিশে
আৰু শিয়ঁৰি উঠিব দূৰৰ পাহাৰখনো

পশ্চিমৰ আকাশখন গোমা হৈ উঠিব
হয়তো এজাক বৰষুণ আহিব!

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz