মেৰিলিন দত্তৰ কবিতা

দুখৰ সন্ধানত

মই তেওঁক ভালপাওঁ বুলি ক'লো
তেওঁ এটি কবিতা আওৰালে— সুখৰ

মই উভতনিৰ বাটত খোজ থ'লো !
«

সম্বোধন

মহাশয়, আপুনি মুক্ত অর্থনীতিৰ কথা কৈ ভাল পায়
অথচ আপোনাৰ জেপত খুচুৰা নাথাকে
জালুকবাৰীৰ ফুটপাথত
জন্মগত বিকলাংগ কিম্বা দুর্ঘটনাত ভৰি ছিগা জনক দিবলে’
আপোনাৰ জেপত সদায় খুচুৰা নাথাকে
আপুনি নুশুনে আর্তজনৰ চিত্কাৰ
বানাক্ৰান্তৰ বাবে নোলায় এষাৰি সহানুভূতিৰ মাত।

আপুনি সহৃদয়তাৰ কবিতা লিখে
সেইদিনা কৃষ্ণচুড়াৰ শীতল ছাঁত সিহঁত লঘোণে থাকে
বনকৰা ছোৱালীৰ ওপৰত উত্পীড়ন আপোনাৰ ঘৰত
কৰফাঁকি আপোনাৰ দৈনন্দিন ৰুটিন
হাজাৰ টকাত বিক্ৰী কৰে শিক্ষার্থীক আপোনাৰ মেধা।

নিশাৰ অন্ধকাৰত নিষিদ্ধ গলিলৈ আপোনাৰ সঘন আহ-যাহ
লেপটপত কঢ়িয়াই ফুৰে এঘাৰ বছৰীয়া কিশোৰী ধর্ষণৰ ছায়াছবি

আপুনি মানৱতাৰ কথা কয়
সঁচাকৈয়ে কওঁকচোন মহাশয়,
বিবেকে কেতিয়াও নিদিয়েনে বাধা?
তিনিশটকীয়া বিস্কুত আপোনাৰ নোমাল কুকুৰটোলৈ কিনে
চৰকাৰী কাগজ চুৰি কৰি আপুনি সন্তানক শিক্ষা দিয়ে— সমাজ গঢ়াৰ।

বিদ্যুত বিভাগক আপুনি ক্ষুৰধাৰ সমালোচনা কৰে
ব্যয় কৰে সকলো আভিধানিক শব্দ
কিন্তু আপোনাৰ মিটাৰত নুঘূৰে ৰাজহ

মনত ৰাখিব মহাশয়
ঘৰৰ ভতুৱা কুকুৰটোৱেও আপোনাক ভাল নাপায়!

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz