মাতৃভাষা স্বাভিমান হওক

i2

i1‘মই অসমীয়া ভালদৰে পঢ়িবও নোৱাৰোঁ, লিখিবও নোৱাৰোঁ, কিন্তু মইতো একো অসুবিধা নোহোৱাকৈয়ে ইমান দিন চলি আছোঁ। গতিকে মই কিয় মানি ল’ম অসমীয়া লিখিব-পঢ়িব জনাটো জৰুৰী বুলি?’ অলপতে আমাৰ বন্ধুমহলৰ মাজত অসমীয়া ভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোচনা চলি থাকোঁতে মোৰ বন্ধু এজনে দিয়া মন্তব্য এয়া। বন্ধুগৰাকীয়ে কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি বৰ্তমান বহুজাতিক প্ৰতিষ্ঠান এটাৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ আত্মপক্ষ সমৰ্থনত আকৌ ক’লে যে তেওঁ সৰুৰে পৰা ইংৰাজী আৰু হিন্দী মাধ্যমত পঢ়িয়েই আজি এই স্থান পাইছে আৰু এই গোটেই সময়ছোৱাত কেতিয়াও অসমীয়া ভাষাত একো লিখাৰ প্ৰয়োজন হোৱা নাই। প্ৰয়োজন হ’লে হয়তো তেৱোঁ বাধ্য হ’লহেঁতেন অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ। কোৱা বাহুল্য মাথোঁ যে তেওঁ অসমতে বাস কৰা এজন অসমীয়া। (মোৰ সুধিবলৈ মন গৈছিল, তেওঁ কি ভাষাত ভাবে?)

কথাখিনিয়ে অলপ সময় মোক ভবাই তুলিছিল। সঁচাকৈ অসমত জীৱন নিৰ্বাহ কৰিলে অসমীয়া ভাষা লিখিব অথবা পঢ়িবলৈ জনাৰ কোনো প্ৰয়োজন নহয় নেকি? যিসকলে ভাষাটোৰ অস্তিত্ব ৰক্ষাৰ বাবে আপ্রাণ চেষ্টা চলাই আহিছে, সেয়া কেৱল আবেগিক কচৰৎ নেকি? এই ক্ষেত্ৰত আমাৰ দৰে সাধাৰণ মানুহবোৰৰ একো দায়িত্ব নাই নেকি? নে আমি সদায় অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কেৱল সাহিত্য সভা, সাহিত্যিক-বুদ্ধিজীৱী নতুবা চৰকাৰৰ হাতত গতাই দি নীৰৱ দৰ্শক হৈয়ে থাকিম?

একোটা জাতিৰ উত্থান-পতনত ভাষাই অতীজৰে পৰা উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ভাষা এটাৰ অস্তিত্ব নিৰ্ভৰ কৰে ভাষাটোৰ ব্যৱহাৰ, প্ৰসাৰ আৰু প্ৰয়োজনীয়তাৰ ওপৰত। তাৰ লগতে আৰু এটা কাৰকে অনুঘটকৰ দৰে কাম কৰে; সেয়া হৈছে ভাষাটোৰ প্ৰতি থকা সেই ভাষা-ভাষীৰ প্ৰেম তথা সন্মানবোধ। মনৰ ভাব বিনিময় তথা প্ৰকাশ কৰাৰ সময়তহে ভাষাৰ প্ৰয়োজন হয়। মনৰ ভাব প্ৰকাশ কৰিবলৈ কেৱল যদি আকাৰ-ইঙ্গিতেই যথেষ্ট হ’লহেঁতেন তেনেহ’লে হয়তো ভাষাৰ সৃষ্টিয়েই নহ’লহেঁতেন।

অসমীয়া ভাষাৰ আজিৰ এই দুৰৱস্থা দেখিলে কেতিয়াবা ভাব হয় যে ভাষা আন্দোলনৰ নামত প্ৰাণ বিসৰ্জন দিয়া অসম-সন্তানসকলৰ জীৱনৰ কোনো মূল্যই নাছিল নেকি? অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ হকে যুঁজি একো একোটা সুন্দৰ জীৱন আহুতি দিবলৈ তেওঁলোকৰ কি প্ৰয়োজন আছিল? ভাষা আন্দোলন কেৱল এক আবেগ আছিল নেকি? ভাষা জননীৰ বাবে আত্ম-বলিদান দিয়া শ্বহীদসকলৰ আত্মত্যাগৰ মূল্যায়ন নতুন প্ৰজন্মই কৰিব পাৰিছেনে? অসম পৰাধীন হোৱাৰ লগে লগে অসমী আইৰ ভাষাও একপ্ৰকাৰে স্তব্ধ হৈ পৰিছিল। কেইগৰাকীমান মহান পুৰুষৰ অহোপুৰুষাৰ্থত অসমীয়া ভাষাই পুনৰ ন্যায্য সন্মান লাভ কৰিব পাৰিছিল। পুনৰজনম পোৱা অসমীয়া ভাষাক টনকিয়াল কৰিবলৈ সেই সময়ৰ স্বনামধন্য ব্যক্তিসকলে কম কষ্ট কৰা নাছিল। তেওঁলোকৰ প্ৰাণপাত চেষ্টাতে অসমীয়া ভাষাই ঠন ধৰি উঠিছিল আৰু সময়ৰ বিৱৰ্তনত বৰ্তমান ৰূপে-ৰঙে জাতিষ্কাৰ হৈ পৰিছে। বিশ্ব দৰবাৰতো সন্মান লভিবলৈ সক্ষম হৈছে। এনেকুৱা বিকশিত ভাষা এটাক যদি নতুন প্ৰজন্মই অনাদৰ কৰিবলৈ ধৰে, ভাষাৰ যদি বিপৰ্যয় ঘটে, তেনেহ’লে সেই মহান পুৰুষ, শ্বহীদসকলৰ আত্মাই ভৱিষ্যৎ প্ৰজন্মক কেতিয়াও ক্ষমা নকৰিব।

"আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু ক’তনো বাচিব
মোৰ আইক ভাল পাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব…" (ড. ভূপেন হাজৰিকা)

চৰকাৰে অসমীয়া ভাষাক ৰাজ্যভাষাৰ মৰ্যাদা দিলে যদিও বিভাগীয় কাম-কাজত বিষয়া-কৰ্মচাৰীসকলে অসমীয়া ভাষা ব্যৱহাৰ নকৰে বুলি ক’লে হয়তো বঢ়াই কোৱা নহ’ব। সৰ্বসাধাৰণে বুজিব পৰাকৈ ৰাজ্যভাষা অসমীয়া ব্যৱহাৰ কৰিলে তেওঁলোকৰ পদমৰ্যাদাৰ যেন হানিহে হয়! যিবোৰ কামত ইংৰাজী ব্যৱহাৰ নকৰিলে নহয়, সেইবোৰৰ কথা ক’ব খোজা নাই, কিন্তু য’ত অসুবিধা নহয়, তাত জানো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ? কাৰ্যালয়, প্ৰতিষ্ঠানত অসমীয়া ভাষাত আবেদনখন লিখিবলৈও আমাৰ সংকোচবোধ হয়, কিজানিবা আমাক ইংৰাজী নাজানো বুলিয়েই ভাবে! সেয়ে আমি ইংৰাজীতহে ‘এপ্লিকেচন’খন লিখিম, লাগিলে তাত বাৰ পাচি ভুলেই থাকক।

অসমৰ বাহিৰলৈ গ’লে প্ৰায়বোৰ ঠাইতে শিক্ষানুষ্ঠান, কাৰ্যালয়, প্ৰতিষ্ঠান আদিৰ নাম ফলকবোৰ স্থানীয় ভাষাৰে লিখা দেখিবলৈ পোৱা যায়। কিন্তু অসমত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে দেখা যায়। অসমীয়াত লিখাটো দূৰৰে কথা, নামবোৰো দিয়া হয় বিদেশী ভাষাৰ পৰা ধাৰ কৰা শব্দৰে, অসমীয়াৰে নামকৰণ কৰিলে মনে বিচৰা অৰ্থটো প্ৰকাশ নাপাবহে যেন!

balraj-sahnirntএইখিনিতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বিশিষ্ট পঞ্জাৱী লেখক তথা অভিনেতা বলৰাজ চাহনীৰ মাজৰ কথোপকথনৰ কিয়দংশ লেখক চাহনীৰ ভাষাৰে উনুকিয়াব বিচাৰিছোঁ—

“সেই সময়ত মই শান্তি নিকেতনত শিক্ষকতা কৰি আছিলো। এদিনাখন মই ৰবীন্দ্ৰনাথ ঠাকুৰক বাৰ্ষিক হিন্দী সন্মিলনৰ বাবে আমন্ত্ৰণ জনাবলৈ গৈ এক আলোচনাত মিলিত হৈছিলো। আলোচনাৰ মাজত তেখেতে শিক্ষকতাৰ বাহিৰেও মই আৰু কি কৰোঁ জানিব বিচাৰিলে। মই ক’লো, ‘মই হিন্দী ভাষাত গল্প লিখোঁ আৰু সেইবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পত্ৰিকাত প্ৰকাশ পাই পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিছে।’
'কিন্তু আপোনাৰতো মাতৃভাষা হিন্দী নহয়, পাঞ্জাৱী হে ! আপুনি পাঞ্জাৱী ভাষাত কিয় লিখা-মেলা নকৰে?’— তেখেতে সুধিলে।
মই ঠাকুৰক এগৰাকী সংকীৰ্ণমনা, আঞ্চলিকতাবাদী ভাবধাৰাৰ ব্যক্তি বুলি ভাবি ল’লো, কিয়নো সেই সময়ত মই বুজিব পৰা নাছিলো যে যিকোনো শিল্পী বা সাহিত্যিক এগৰাকী বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱাৰ আগতে নিজৰ স্থানীয় মানুহবোৰৰ মাজতহে স্বীকৃত হ’ব লাগে। মই তেখেতক যুক্তি দিলো— ‘হিন্দী আমাৰ ৰাষ্ট্ৰভাষা আৰু দেশৰ গৰিষ্ঠ সংখ্যক লোকে হিন্দী ব্যৱহাৰ কৰে। গতিকে মই আঞ্চলিক ভাষা এটাত কিয় লিখিম, য’ত নেকি সমগ্ৰ দেশবাসীৰ বাবে লিখিব পাৰোঁ।’
'মই বাংলা ভাষাত লিখোঁ, যিটো আঞ্চলিক ভাষা, অথচ কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বতে মোৰ লেখাৰ পাঠক আছে।’
‘মই আপোনাৰ দৰে প্ৰখ্যাত লেখক নহয়। মই এজন সাধাৰণ লেখক মাত্ৰ।’
‘ইয়াত সৰু-বৰৰ প্ৰশ্ন নাহে। এজন লেখকৰ নিজৰ মাতৃভূমি, নিজৰ মানুহ আৰু নিজৰ মাতৃভাষাৰ লগত এক ওতপ্ৰোত সম্পৰ্ক থাকে, যাৰ মাজত তেওঁ নিজক বিচাৰি পোৱাৰ আনন্দ লভে।’
‘আপুনি হয়তো আমাৰ পঞ্জাৱ ৰাজ্যত পঞ্জাৱী ভাষাৰ ব্যৱহাৰৰ বিষয়ে জ্ঞাত নহয়। প্ৰায় সংখ্যক পঞ্জাৱী লোকে লেখা-মেলাত হিন্দী আৰু উৰ্দু ভাষাহে ব্যৱহাৰ কৰে। পঞ্জাৱী অতিশয় পিছপৰা ভাষা, যিটো হিন্দীৰ এটা উপভাষা বা দোৱান বোলাটোহে সমীচীন হ’ব।’
‘মই আপোনাৰ সৈতে একমত নহয়। পঞ্জাৱীয়েই কওক বা বাংলাই কওক, এইবোৰ বহুত পুৰণি সাহিত্য। গুৰু নানকৰ দৰে মহান কবিয়ে সাহিত্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰা পঞ্জাৱী ভাষাটোক আপুনি কিহৰ ভিত্তিত অপ্ৰাসংগিক বা পিছপৰা বুলি ক’ব?’
গুৰু নানকৰ সৃষ্টিৰাজিৰ মাজৰ পৰা কেইটামান পংক্তি গুৰুদেৱে মোক আবৃত্তি কৰি শুনালে আৰু ইয়াকো জনালে যে তেখেতে গুৰু নানকৰ লিখনিসমূহ বাংলালৈ অনুবাদ কৰাৰ বাবে চেষ্টা কৰি আছে, কিন্তু এই অনুবাদ যথাযোগ্যভাৱে কৰিব পাৰিব নে নাই সেই লৈ তেওঁ সন্দিহান হৈ আছে।
‘কিন্তু সেয়া শিখ ধৰ্মাৱলম্বী পঞ্জাৱীসকলে ধৰ্মীয় কাৰ্য আৰু অনুষ্ঠানসমূহত ব্যৱহাৰ কৰা এটা ভাষা। পঞ্জাৱী সাহিত্যত ইয়াৰ বিশেষ নিদৰ্শন দেখা পোৱা নাযায়। সেয়েহে পঞ্জাৱী ভাষাটো অপ্ৰাসংগিক হৈ পৰিছে।’ মই তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলো।
‘এটা শতিকাৰ আগতে যেতিয়া শিক্ষিত বঙালী লোকসকলে ইংৰাজী মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল, সেই সময়ত তেওঁলোকেও বাংলা ভাষাৰ প্ৰতি এনে মনোভাবেই পোষণ কৰিছিল। নিজৰ ভাষাটো জনপ্ৰিয় কৰা বৰ দুৰূহ নহয়। বঙ্কিম বাবুৱে (বঙ্কিমচন্দ্র চট্টোপধ্যায়) স্বকীয় প্ৰচেষ্টাৰে বাংলা ভাষাটো হাজাৰটা নতুন শব্দেৰে চহকী কৰি তুলিছে। একে প্ৰচেষ্টাৰে ময়ো শব্দ সৃষ্টিৰ গৌৰৱেৰে গৌৰৱান্বিত। ফলস্বৰূপে বাংলা ভাষাটো আজি বিশ্ব দৰবাৰত স্বকীয় মৰ্যাদাৰে প্ৰতিষ্ঠিত হৈছে, যিটো পৃথিবীৰ আন কোনো উন্নত ভাষাতকৈ কোনো গুণে পিছপৰা নহয়।’
মই তেওঁৰ কথাত সম্পূৰ্ণৰূপে পতিয়ন নগ’লো যদিও মনে মনে থাকিলো। মই জানিছিলো, গৰিষ্ঠ সংখ্যক পঞ্জাৱী লেখকে হিন্দী বা উৰ্দুতহে লিখে, কিয়নো পঞ্জাৱী ভাষাটো শিখসকলে ধৰ্মীয় কাৰ্যত ব্যৱহাৰ কৰা গুৰুমুখী লিপিৰে লিখা এটা ভাষা মাথোন, যিটো ভাষাত পঢ়িবলৈ বা লিখিবলৈ ময়ো অপাৰগ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত উমৈহতীয়া ৰাষ্ট্ৰীয় ভাষা এটাৰ প্ৰয়োজন আহি পৰিছিল। কংগ্ৰেছে হিন্দী ভাষাৰ পোষকতা কৰি ইয়াৰ প্ৰচলনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। এই বিষয়ত যুক্তি-তৰ্কৰ অৱতাৰণা কৰাটো সমীচীন নহ’ব বুলি ভাবিয়েই মই গুৰুদেৱক অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই বিদায় ল’লো। কোঠাৰ পৰা ওলাই আহিবলৈ লওঁতেই গুৰুদেৱে কোৱা কথা কেইষাৰমানে মোৰ মনত আঘাত দিছিল, কিন্তু সেই কথাখিনিৰ মৰ্ম উপলব্ধি কৰিবলৈ আজি মই সক্ষম হৈছোঁ। তেখেতে কৈছিল— ‘বাৰবনিতা এগৰাকীয়ে যেনেদৰে প্ৰচুৰ অৰ্থ-সম্পদ অৰ্জন কৰাৰ পাছতো সমাজত এক সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম নহয়, একেদৰে মাতৃভাষাৰ পৰিৱৰ্তে অন্য ভাষাত গোটেই জীৱনজুৰি লিখিলেও লেখক এজনে আপোন মানুহখিনিৰ মাজতো সমাদৰ নাপায় আৰু যাৰ ভাষাত লিখা হৈছে তেওঁলোকৰ পৰাও যথাযোগ্য স্বীকৃতি লাভ নকৰে। বাহিৰৰ জগতখন জয় কৰাৰ আগতে নিজৰ মানুহৰ অন্তৰ জয় কৰিব পাৰিব লাগে’।”

কথোপকথনৰ সময় পুৰণি যদিও কথাখিনি এতিয়াও প্ৰাসংগিক হৈ আছে।

আমি প্ৰায়ে আপত্তি কৰোঁ— বহিৰাগত, অনা-অসমীয়াৰে অসমখন ভৰি পৰিল আৰু সেইসকলে অসমক কেতিয়াও আপোন কৰি নলয়। কিন্তু আমি কিমান সহায় কৰিছোঁ সেইসকলক, অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লোৱাত? অসমত বাস কৰা অনা-অসমীয়া এজনৰ লগত আমিয়ে উপযাচি তেখেতসকলৰ মাতৃভাষাত কথা পাতিবলৈ যত্ন কৰোঁ, ফলস্বৰূপে তেওঁলোকে অসমীয়া ভাষা জানিলেও ব্যৱহাৰ কৰাৰ প্ৰয়োজনবোধ নকৰা হৈ পৰে। এনে অনা-অসমীয়াসকলে পুৰুষানুক্ৰমে অসমত থকা বাবে অসমীয়া ভাষাটো ভালদৰেই আয়ত্ব কৰি লৈছে। অসমীয়া ক’বলৈ তেওঁলোকৰ অনীহাও নাই, সমস্যাও নাই। কিন্তু এই ক্ষেত্ৰত আমি কি কৰিছোঁ? অনা-অসমীয়া এজনৰ লগত আমিয়েই আৰম্ভণিতে অসমীয়া বাদ দি তেওঁলোকৰ মাতৃভাষাত ভুলে-শুদ্ধই কথা পাতিবলৈ আৰম্ভ কৰোঁ। তেওঁলোকৰো অসমীয়াত কথা পতাৰ সিমানতে ইতি পৰে। আন ঠাইৰ লোকসকলে কিন্তু যিমান পাৰে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। এয়া নিশ্চয় তেওঁলোকৰ মাতৃভাষাৰ প্ৰতি আনুগত্য প্ৰদৰ্শন তথা স্বাভিমান! অনা-অসমীয়াসকলে অসমক গুৰুত্ব নিদিয়ে বুলি চিঞৰ-বাখৰ কৰি থাকোঁ, অথচ অসমৰ বিষয়ে, অসমীয়াৰ বিষয়ে জানিবলৈ পৰিৱেশ সৃষ্টি কৰাত আমিয়েই বাধাস্বৰূপ হৈ পৰোঁ। বোধহয় এনেবোৰ কাৰণতে আমি ভাৰতৰ বাকী অঞ্চলৰ বিষয়ে যিমান জানো, আন ঠাইৰ মানুহে অসমীয়াৰ বিষয়ে সিমান জনাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে।

বৰ্তমান শিক্ষিত অসমীয়াসকলৰ মাজত আন আন ভাষাৰ শব্দ ব্যৱহাৰ কৰি অসমীয়াত (?) কথা কোৱাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে। যিকোনো ভাষা এটাত বিদেশী শব্দৰ ব্যৱহাৰ কোনো আপত্তিজনক কথা নহয়। সময়ে সময়ে এনে আমদানিকৃত শব্দই পৰিশীলিত ৰূপ লৈ ভাষাটোৰ অংগ হৈ পৰি শব্দৰ ভঁৰাল চহকীও কৰে। কিন্তু জধে-মধে বিদেশী ভাষাৰ শব্দৰ ব্যৱহাৰে ভাষা এটাৰ মাধুৰ্য নষ্ট কৰি স্বকীয় পৰিচয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। এয়া মাতৃভাষাৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰে নামান্তৰ স্বৰূপ।

এইখিনিতে আন এটা অভিজ্ঞতাৰ উদাহৰণ দিওঁ। ইন্টাৰনেট ব্যৱহাৰকাৰী এনে বহু লোক দেখা পাইছোঁ, যিসকলে অসমীয়া শব্দবোৰ ইংৰাজী আখৰেৰে (ৰোমান লিপিৰে) লিখি নিজৰ মনৰ ভাব প্ৰকাশ কৰে। তেওঁলোকে অন্য ভাষাত কিবা এষাৰ লিখিব পাৰিলেও নিজকে গৰ্বিত অনুভৱ কৰে, তাৰ বাবে সেইখিনি শিকাৰ চেষ্টা কৰিবলৈও আগ্ৰহী অথচ অসমীয়াত কিবা এটা বাক্য লিখিবলৈ তেওঁলোকৰ অনীহা। অলপতে এজনক সুধিছিলোঁ, তেখেতৰ কেতিয়াও মন নাযায় নেকি নিজৰ মনৰ ভাব নিজৰ মাতৃভাষাত লিখিবলৈ? তেখেতে উত্তৰত ক’লে, ইংৰাজী আখৰ ব্যৱহাৰ কৰি লিখা অসমীয়া শব্দবোৰ যিহেতু বাকীবোৰে বুজিব পাৰেই, তেনেস্থলত অসমীয়াত লিখিবলৈ শিকাৰ প্ৰয়োজন কি? ইন্টাৰনেটত অসমীয়াতে লিখিবলৈ এতিয়া কোনো অসুবিধা নাই, প্ৰযুক্তিৰো অভাৱ নাই, কিন্তু শিকাৰ আগ্ৰহকণ জানো হাতত তুলি দিব পৰা যায়?

i4মনস্তত্ববিদসকলেও শিশুৰ প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমত হোৱাতো বাঞ্ছনীয় বুলি গণ্য কৰে। মাতৃভাষাত প্ৰাথমিক পৰ্যায়ত শিক্ষাগ্ৰহণ কৰা ল’ৰা-ছোৱালীয়ে পিছত যিকোনা ভাষা অনায়াসে আয়ত্ব কৰিব পাৰে বুলি ইতিমধ্যে সমীক্ষাই প্ৰতীয়মান কৰিছে। এনে শিশুৰ মাতৃভাষাৰ প্ৰতি সদায় আনুগত্য থকাৰ উপৰি শিকা বিষয়বোৰো ভালদৰে বুজি ল’বলৈ সক্ষম হয়। সুবিধা-অসুবিধাসমূহো তেওঁলোকে বিনা সংকোচে আলোচনা কৰিব পৰা হয়। কিন্তু প্ৰাথমিক স্তৰত মাতৃভাষাৰ পৰিৱৰ্তে আন ভাষাত শিক্ষা লাভ কৰিলে তেওঁলোকৰ মাতৃভাষা সম্পূৰ্ণকৈ আয়ত্ব কৰাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰে। এইবোৰলৈ লক্ষ্য ৰাখিয়েই পৃথিৱীৰ বহুতো দেশে প্ৰাথমিক শিক্ষাত মাতৃভাষাৰ ব্যৱহাৰ এতিয়া বাধ্যতামূলক কৰিবলৈ ধৰিছে। ইউনেস্ক’ই মাতৃভাষাৰ গুৰুত্ব বুজি বিশ্ববাসীক ইয়াৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ বাবে উৎসাহিত কৰিবলৈ ২১ ফেব্ৰুৱাৰী তাৰিখটো আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে ঘোষণা কৰি উদ্‌যাপন কৰি আহিছে।

অসমত বাস কৰা আমি প্ৰতিজনেই মনে-প্ৰাণে অসমীয়া। ভৱিষ্যৎ প্ৰজন্মক অসমীয়া ভাষাক সন্মান কৰিবলৈ, অসমীয়া শিকিবলৈ আমিয়ে উদ্বুদ্ধ কৰিব লাগিব। এয়া আমাৰ এক নৈতিক দায়িত্ব। কিন্তু আমি নিজেই যদি নিজৰ ভাষাটো ব্যৱহাৰ কৰিবলৈ অপাৰগ হওঁ, তেতিয়া আনক কেনেদৰে সহায় কৰিম? ভিন ভিন কাৰণত অসমৰ বাহিৰত থাকিলেও প্ৰতিজন অসমীয়াৰ শিপাডাল অসমতে থাকে। শিপা সুদৃঢ় নহ’লে গছজোপা যিমানেই ওখ নহওক কিয়, এটা সময়ত বাগৰি পৰাৰ আশংকা থকাৰ দৰে মাতৃভাষাৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি সন্মান জনাবলৈ নিশিকালে নতুন প্ৰজন্ম এটা সময়ত হয়তো অস্তিত্বৰ সংকটত ভুগিব। তেতিয়া আমি তেওঁলোকৰ ওচৰত জবাবদিহি হ’ব লাগিব । ড. ভূপেন হাজৰিকাই গানেৰে কোৱাৰ দৰে— '….নহ’লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰকে হাঁহিব…'। «

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বলৰাজ চাহনীৰ মাজৰ কথোপকথনখিনিৰ মূল অংশ ইয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মুদ্ৰাৰ ছবি ইয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।

আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পষ্টাৰৰ ছবি ইয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

4 Comments on "মাতৃভাষা স্বাভিমান হওক"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
জ্যোতি প্ৰকাশ নাথ
Guest
জ্যোতি প্ৰকাশ নাথ

আন্তৰ্জাতিক মাতৃভাষা দিবসত মালিনী গোস্বামীৰ "মাতৃভাষা স্বাভিমান হওক" এটা অতি সময়পোযোগী আৰু সুন্দৰ লেখা । পঢ়ি বহুত ভাল লাগিল ।

মালিনী গোস্বামী
Guest
মালিনী গোস্বামী

ধন্যবাদ নাথ ডাঙৰীয়া।

Nilotpal
Guest

সুন্দৰ কথা লিখিছে!

মালিনী গোস্বামী
Guest
মালিনী গোস্বামী

অশেষ ধন্যবাদ।

wpDiscuz