মাতৃভাষা আৰু আদৰ-অনাদৰ ইত্যাদি

আক্ষেপ সদায়েই কৰোঁ, কৰিমেই। সুৰেন চাৰৰ এচাৰিৰ কোব খাই বৃত্তি লৈছিলো। শুদ্ধকৈ বানান লিখিব নোৱাৰিলে আয়ে ঘৰৰ বাহিৰত উলিয়াই থৈ কৈছিল—"তোক শিয়ালে আহি লৈ যাওক"। বেতৰ আগত বিদ্যা নে ভয় আৰু শ্ৰদ্ধাৰ মাজত বিদ্যা আয়ত্ত কৰিছিলো, নাজানো; কিন্তু জানো, মোৰ দৰে এনেকুৱা বহুতো লোক আছে, যাৰ অন্তৰত নিজৰ মাতৃভাষাৰ প্ৰতি স্নেহ উপচি কপিলীৰ বান সদৃশ হৈ আছে। সেয়েহে কিজানি কোনোবাই অসমীয়া ভাষাটোৰ লগত বেছি ‘পণ্ডিতালি’ কৰিলে গাটো পিৰপিৰায়। আমি হৈছোঁ ‘খাৰখোৱা’, ‘গঞা’ অসমীয়া। বিশেষকৈ নিজৰ মানুহে যেতিয়া বিপৰ্যয়ৰ পথটি আৰু সহজসাধ্য কৰি তোলে, তেতিয়া দুঃখ লাগে। পুৰণি বিতৰ্ক: "ইংৰাজী মাধ্যম জগৰীয়া নেকি?" কোনোবাই হয়তো ক’ব, অভিভাৱকৰ গুৰুত্বহীনতাৰ ফলশ্ৰুতিতেই শিখণ্ডী সদৃশ আধাফুটা অসমীয়াৰে গৰ্ব কৰিব জনা লোকৰ আৱিৰ্ভাৱ। ই সত্য জানো? কেৱল ঘৰখনেই জগৰীয়া নে? চহৰীয়া ধুন-পেচেৰে আভিজাত্যৰ কৃত্ৰিম পৰশ দেহত বিয়পাই ৰাখিলেও পাগলাদিয়াৰ পাৰৰ বোকাৰ গোন্ধ জানো তেওঁলোকৰ নাকৰ পৰা আঁতৰিছে? মাধ্যম জগৰীয়া নে? ওপৰৰ চিৰি বগাবলৈ আপুনি তলৰ চিৰিটোত ভৰিখন থ’বইঁ লাগিব। শিশুৰ চৰিত্ৰ গনত বিদ্যালয়ৰ ভূমিকা অপৰিসীম। বিদ্যালয়ে যি দিছে, শিশুৱে তাকেই গ্ৰহণ কৰি আহিছে। চাৰিওপিনে অসমখনক নোহোৱা কৰি পেলোৱা হৈছে। মোৰ আয়ে আক্ষেপ কৰে— "আজিকালিৰ চামে ‘বুঢ়ী আইৰ সাধু’ খোৱা বস্তু নে পিন্ধা বস্তু তাক নাজানে"। জনালেহে জানিব; বিদ্যালয়ত জনাব নোৱাৰে নেকি? অভিভাৱকসকলক বাদ দিয়া নাই, তেওঁলোকৰ কথাও আমি আলোচনা কৰিম, এই গুৰুত্ত্বপূৰ্ণ বিষয়টো আমি এখোজ দুখোজকৈ ভালকৈ আলোচনা কৰি এটা ভাল সিদ্ধান্তলৈ অহাৰ উপায় চিন্তিবৰ হ’ল।

পাঠদান যি মাধ্যমতেই নহওক কিয়, আমাৰ ক’বলৈ একো নাই। কিন্তু সমান্তৰালভাৱে অসম আৰু অসমীয়াৰ জনজীৱন, জাতীয় জীৱন, কৃষ্টি-সংস্কৃতি, ভৌগোলিক-ঐতিহাসিক, সমাজ বিষয়ক সকলো তথ্য আৰু জ্ঞানেৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক চহকী কৰি তোলক। তেওঁলোকে দেশ-বিদেশৰ খবৰ ৰাখক, কিন্তু নিজৰ ওপজা ঠাইখনৰ বিষয়ে জানিবলৈও আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু এই অধিকাৰৰ পৰা বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰাটো অনুচিত। ইংৰাজী মাধ্যমত পঢ়িলেও আমাৰ ছাত্ৰ-ছাত্ৰীসকল যে অসমীয়া,— এইটো ভাব তেওঁলোকৰ মগজুত সুমুৱাই দিব পৰাটোহে আচল কথা। চৰকাৰী অথবা বেচৰকাৰী সংস্থাসমূহ আগবাঢ়ি আহক আৰু আমাৰ আপুৰুগীয়া অসমীয়া লেখা-মেলাসমূহ ইংৰাজীলৈ অনুবাদ কৰক আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত সেইবোৰৰ প্ৰচলন ঘটাওক। যদিহে তৃণমূল পৰ্যায়ৰ পৰা আমি পদক্ষেপ ল’ব নোৱাৰোঁ, তেনেহ’লে পিছত আক্ষেপ কৰি একো ফল নধৰিব।

কিছু দূৰলৈ ময়ো ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিম। এই ক্ষেত্ৰত বিদ্যালয় বুলি কওঁতে, বিদ্যালয় এখনৰ লগত সংশ্লিষ্ট সকলো দিশকে সামৰি লোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে Red Riding Hood-অৰ কথা জানে, কিন্তু তেজীমলাৰ কথা নাজানে। আচলতে নজনা নহয়, জানিবলৈ দিয়া হোৱা নাই। বিদ্যালয়ৰ পাঠ্যপুথিসমূহ পঢ়ি চাব, তাত অসমৰ খবৰ নাথাকেই। পাঠ্যক্ৰম বহিৰ্ভূত শিক্ষাখিনিয়েও অসমক কেতিয়াও কোনো ক্ষেত্ৰতে প্ৰতিনিধিত্ত্ব কৰিব পৰা নাই। কুমলীয়া বাঁহ যেনেকৈ ভাঁজ দিব, তেনেকৈয়ে ভাঁজ ল’ব| সৰুৰ পৰাই এইচাম ছাত্ৰ-ছাত্ৰীক এটা বেলেগ সাঁচত বেলেগ ধৰণে বেলেগ এখন পৃথিৱীৰ মুখামুখি হ’বলৈ তৈয়াৰ কৰা হৈছে; ফলত ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ হাড়ত ধনুষ্টংকাৰে বাহ লৈছে। যিহেতু নিজৰ সমাজত থাকি এইচাম ছাত্ৰ-ছাত্ৰীক কেৱল বিদ্যালয়ৰ অনুগ্ৰহতেই চকুৰে নেদেখা সমাজ এখনৰ বাসিন্দা হ’বলৈ প্ৰস্তুত কৰা হৈছে, সেয়েহে পাশ্চাত্য সংস্কৃতিৰ সু প্ৰভাৱে এওঁলোকৰ অন্তৰ চুব নোৱাৰিলে। বিদেশী সভ্যতা আৰু সংস্কৃতি এওঁলোকে হৃদয়ংগম কৰিবই নোৱাৰিলে। নিজৰ ঘৰত অভিভাৱকৰ পৃথিৱী আৰু ঘৰৰ বাহিৰত তেওঁলোকক সাঁচত গঢ় দিব খোজা পৃথিৱীৰ এক অন্তহীন যুদ্ধৰ ফলশ্ৰুতিয়েই আজিৰ ছাত্ৰ-ছাত্ৰীসকল, তেওঁলোকৰ নিজস্বতা নোহোৱা হৈছে আৰু লগে লগে সমনীয়াৰ সৈতে এখন নতুন পৃথিৱীৰ সন্ধানত ব্ৰতী হৈছে,— যি পৃথিৱীত উন্মত্ততা, সুৰা, অশ্লীলতা ইত্যাদি প্ৰধান উপাদান। বিদ্যালয়ক জগৰীয়া নুবুলি উপায় কি? ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ ৰূপে বিদেশী ৰূপ দিবও  নোৱাৰিলে আৰু তেওঁলোকে উপায়হীন হৈ বাপতিসাহোন ৰূপটিকো পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল। তেওঁলোক যেন মাজপানীত ৰৈ যোৱা একো একোখন নাও, কোনফালে গতি কৰিব সেই ভাবত বিমোৰ! গতিকে তেওঁলোকৰ মুখত অসমীয়া ভাষাৰ পুতৌ লগা উচ্চাৰণ নতুবা অসম সম্বন্ধে তেওঁলোক অজ্ঞ হোৱা কথাটোত আচৰিত হ’বলগীয়া একো নাই। তেওঁলোকক নিজ সভ্যতা-সংস্কৃতিৰ অমৃতৰ ভাগ দিবলৈ বিদ্যালয় কৰ্তৃপক্ষ অপাৰগ হৈ ৰ’ল। আমি আজিও নুবুজিলো, এই বিদ্যালয়সমূহে প্ৰ্কৃততে কি বিচাৰে? ছাত্ৰ-ছাত্ৰীসকলক অসম্পূৰ্ণ কৰি কিয় ৰখা হ’ল? অসমত থাকিও তেওঁলোক আধৰুৱা জীৱন এটা কিয় যাপন কৰিব লগীয়া হ’ল? ভুল মাথোঁ এইটোৱেই নেকি যে অভিভাৱকে তেওঁলোকক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিলে? কিন্তু তেতিয়াতো তেওঁলোক অবোধ শিশু, তেওঁলোকে ভুল-ভাল একো নাজানে। মাক-দেউতাকে যিখন বিদ্যালয়তেই নাম লগাই দিব, তেওঁলোকে তাতেই পঢ়িব আৰু বিদ্যালয়ত তেওঁলোকক যেনেকৈ গঢ় দিয়া হ’ব তেওঁলোকে তেনেকৈয়ে গঢ় ল’ব। এইক্ষেত্ৰত এইসকল ছাত্ৰ-ছাত্ৰীক অসমীয়া নাজানে বুলি সমালোচনা কৰাতকৈ এই সমস্যাৰ ঘাই শিপাডাল উঘালিবলৈ চেষ্টা কৰাটো ভাল। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ এই অদূৰদৰ্শিতাক আমি বাধা দি নতুন অসম প্ৰতিষ্ঠা কৰাত তেওঁলোকক শুদ্ধ পথ দেখুৱাব পাৰিমনে?

কথাবোৰ ইমানতে শেষ হোৱা নাই। আমি সদায় অসমীয়া-অনা অসমীয়া, অসমীয়া মাধ্যম-ইংৰাজী মাধ্যম ইত্যাদি কথাবোৰক লৈ তৰ্ক-বিতৰ্ক কৰি আহিছোঁ। আজি অভিভাৱকসকল কিছু দূৰদৰ্শী; ল’ৰা-ছোৱালীক অসমত ইংৰাজী মাধ্যমত পঢ়ায়, তাৰ যুক্তি নথকা নহয়,— সকলোৱে বিচাৰে নিজৰ সন্তানে বিজ্ঞান পঢ়ক, পাছলৈ AIEEE, JET আদি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হওক আৰু দেশৰ যিকোনো এখন ভাল কলেজত ভাল চাকৰি এটা লওক, সমাজত নিজৰ স্থিতি সবল কৰক। কাৰণ আজিৰ সমাজ ভোগসৰ্বস্ব। যিটো মোৰ আই-বোপায়েও বিচাৰিছিল, সকলোৱে বিচাৰে। এই বিচৰাখিনিত একো ভুল নাই। সন্তানৰ মঙ্গল সকলো পিতৃ-মাতৃয়ে কামনা কৰে| কোনোৱে প্ৰশ্ন উত্থাপন কৰে,— "আগৰ দিনত অসমীয়া মানুহে সৰ্বোচ্চ মাধ্যমত একো কাম কৰা নাছিল নেকি? অসমৰ প্ৰায়ভাগ মূধাফুটা ব্যক্তি অসমীয়া মাধ্যমত পঢ়িয়েই আজিৰ অৱস্থা পাইছে। যদি আগতে হ’ব পাৰিছিল, আজি কিয় নোৱাৰে?" উত্তৰ: তেহিনো দিৱসা গতাঃ। এইটোৱেই মূল সমস্যা, যাৰ কাৰণে ভাষাৰ আদৰ মষিমূৰ হ’বলৈ ধৰিছে। প্ৰশ্ন হ’ল, আমি যদি সকলোৱে ভোগবাদৰ পিনেই ধাৱমান হওঁ, ভাষাটোক কোনে জীয়াই ৰাখিব? কেৱল মাধ্যমে? নহয় চাগে’। মোৰ বোধেৰে ‘গ্ৰহে’। আপোনাৰ গ্ৰহ আছে, আপুনি কাম কৰি দেখুৱাওক| গুৱাহাটীৰ অধিকাংশ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ অসমীয়া ছাত্ৰই ‘অসমীয়া’ বিষয়টোৰ সলনি ‘হিন্দী’ নিৰ্বাচন কৰে; এটাই যুক্তি— "অসমীয়াত কম নম্বৰ পায়"। মিছা নেকি? স্কুলীয়া ছাত্ৰক নম্বৰ আৰু পাৰ্চেণ্টেজ (percentage)ৰ কথা নকৈ ভাষা জীয়াই ৰখাৰ কথা ক’লে ‘গৰুৰ আগত টোকাৰী বায়’ হ’ব। কি কৰা উচিত? কোনোৱে ঘৰতে নিজৰ সন্তানক অসমীয়া ভাষাৰ শিক্ষা দিছে, শলাগিছোঁ; কিন্তু সকলো মানুহৰে মানসিকতা তেনেকুৱা নহয়| মোৰ চিনাকি দুঘৰমান গুৱাহাটীৰ বৰপেটীয়া মানুহে নিজৰ ল’ৰা-ছোৱালীয়ে বৰপেটীয়া কথিত ভাষাত কথা ক’লে গালি পাৰে, কিন্তু বিদেশী গান গাই থাকিলে বৰ ভাল পায়, আনকি তেওঁলোকৰ কাৰোবাৰ বিয়াত নিজৰ ছোৱালীক প্ৰচলিত ধাৰা অনুসৰি বিদেশী গান গোৱাইছে; কিন্তু বৰগীত এটা শিকাবলৈ মাক-দেউতাকে লাজ পায়| এ‍ইবোৰ হেনো ‘আউটডেটেড’। হাস্যকৰ। এইবোৰ একো একোটা উদাহৰণ, এয়াই শেষ কথা নহয়। যদি অধিকাংশ অসমীয়া মানুহৰে এই অৱস্থা, তেনেহ’লে কোনে সমাজখন শুধৰাব? ভাষাৰ পিনে, সংস্কৃতিৰ পিনে কোনে চকু দিব? "কবিতা লিখি খাব পাৰিবি জানোঁ? ভালকৈ পঢ়, ডাক্টৰ হ’ব লাগিব”— মিছা নেকি? ষোল্ল অনাই সত্য। তেনেহ’লে ইংৰাজী মাধ্যমৰ বিকল্প কি?

বিকল্প আছে| মহাৰাষ্ট্ৰলৈ চাওক, কিছু কথা গম পাব। অসমত যদি শিক্ষাৰ মাধ্যম সম্পূৰ্ণ ৰূপে ইংৰাজী কৰি দিয়া হয় আৰু সকলো অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে MIL অসমীয়া বিষয়টো বাধ্যতামূলক কৰি দিয়া হয়, তেনেহ’লে ল’ৰা-ছোৱালীয়ে অসমীয়া পঢ়িবলৈ বাধ্য হ’ব আৰু যিজনৰ উচ্চ কাৰিকৰী শিক্ষা লোৱাৰ ইচ্ছা, তেওঁৰো লাভ হ’ব। বেলেগ কোনো জাতীয়তাবাদী চিন্তা-চৰ্চা কৰাৰ এইক্ষেত্ৰত দৰকাৰ নাই। ভাষাটো গ’ল গ’ল বুলি আক্ষেপ কৰাৰো কোনো দৰকাৰ নাই। মোৰ বোধেৰে এইটোৱেই একমাত্ৰ সমাধান, যিটো মাহাৰাষ্ট্ৰত লাহে লাহে গঢ়ি উঠিছে আৰু পাহৰণিৰ গৰ্ভত জাহ যাব খোজা মাৰাঠী ভাষাটোক নতুন চামে আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে।

আমাৰ জাতিটোৰ হকে, ভাষাটোৰ হকে নিজৰ সন্তানক উচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে মাধ্যম জগৰীয়া হ’ব নোৱাৰে। জগৰীয়া যদি হয় তেনেকুৱা মাধ্যম চলাই নিয়া বিদ্যালয় আৰু প্ৰশাসকসকল, যিসকলৰ প্ৰৰোচনাত আমাৰ ল’ৰা-ছোৱালীহঁতৰ অন্তৰৰ পৰা ভাষাটোৰ আদৰ লাহে লাহে নিঃশেষ হ’বৰ উপক্ৰম হৈছে। অসমীয়া লিখিব আৰু পঢ়িব জনাৰ অৰ্থ এয়াই নহয় যে আপোনাৰ সন্তানে ৰঘুনাথ চৌধাৰীৰ লেখীয়াকৈ কবিতা ৰচনা কৰিব বা লক্ষ্মীনাথৰ নিচিনাকৈ সাধুকথা লিখিব লাগিব। শুদ্ধকৈ নিজৰ ভাষাটো সন্তোষজনকভাৱে লিখিব, পঢ়িব আৰু ক’ব পাৰিলেই যথেষ্ট। আমি আমাৰ ঘৰত নিজৰ সন্তানক এইকণ জ্ঞান দিব নোৱাৰিমনে?

এটা কথা স্পষ্টভাৱে ক’ব পাৰোঁ যে সমাজখনৰ এতিয়া যি হাৰত পৰিৱৰ্তন হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আবেগিক হৈ লিখা-মেলা কৰি ফুৰিলে বিশেষ একো লাভ নহ’ব। বাস্তৱ ক্ষেত্ৰত আমি কাম হাতত ল’ব লাগিব| আমাৰ অসমীয়া ভাষাটোক বিশ্বমুখী কৰাটো প্ৰধান কাম। আমাৰ নিজৰ গুৰুত্বহীনতাৰ ফলতেই আজিলৈ লাচিত, বিষ্ণু ৰাভা, শ্ৰীমন্ত শঙ্কৰদেৱৰ নাম অসমৰ চাৰিসীমা পাৰ নহ’ল। আমাৰ অসমীয়া ভাষাৰ শিশু-সাহিত্য, লোক-সাহিত্য, নতুন-পুৰণি সকলো মূল্যবান লেখা-মেলাকেই আমি অনুবাদ সাহিত্যৰ বিশাল জগতখনলৈ আগবঢ়াই লৈ যাব লাগিব। শিক্ষা বিভাগে এইবোৰৰ প্ৰচলন স্কুলীয়া পাঠ্যপুথিত কৰোৱাটো নিত্যান্তই প্ৰয়োজনীয়। মাধ্যম বিচাৰ নকৰিব, এখন অসমত একেই পাঠ্যক্ৰম হোৱাটো উচিত, কেৱল মাধ্যম সাপেক্ষে তাৰ তৰ্জমা হওক। শিক্ষা বিভাগে উচ্চ মহলত তাৰ সঠিক আলোচনা কৰি কেনেকৈ কাৰ্যকৰী কৰিব পাৰে, তাৰ উপায় চিন্তক। MIL অসমীয়া বিষয়ৰ বাহিৰে বাকী বিষয়সমূহৰ পাঠদান সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানতেই সম্পূৰ্ণৰূপে ইংৰাজীত হওক। MIL অসমীয়া বিষয়টো বিশেষকৈ অসমীয়া লোকৰ বাবে বাধ্যতামূলক হোৱাটো অতি প্ৰয়োজনীয়। তাৰ বাবে অভিভাৱকৰ সচেতনতা দৰকাৰ। নিজৰ সন্তানক MIL অসমীয়াহে পঢ়াওক, অৱশ্যে যেতিয়া ১০০ নম্বৰৰ MIL পঢ়িব লাগিব, তেতিয়া হিন্দী বিষয়টো নিৰ্বাচন কৰাৰ সলনি অসমীয়াকেই নিৰ্বাচন কৰিব; কিন্তু তথাপি অভিভাৱকে হাত টানি ধৰিলে ভাল। আৰু অসমীয়া মাধ্যম-ইংৰাজী মাধ্যম বুলি চলি অহা এই কাজিয়াখনৰ ওৰ পৰক, শিক্ষাৰ মাজত মাধ্যমৰ ব্যৱধান নোহোৱা হওক। এবাৰ সকলোৱে এডাল সৰলৰেখাত গতি কৰিবলৈ আৰম্ভ কৰিলে অসমৰ সামাজিক পৰিৱেশ সলনি হ’ব আৰু এবাৰ সামাজিক পৰিৱেশ সলনি হ’লে সমাজখন সন্তুলিত অৱস্থালৈ ঘূৰি আহিব। ফলত এখন সুস্থিৰ অসমীয়া সমাজ প্ৰতিষ্ঠা কৰাত ই সহায়ক হ’ব আৰু আগতে যিসকলে নিজকে ব্যতিক্ৰমী বৃটিছ চাহাব বুলি অভিহিত কৰি ৰং পাইছিল, তেওঁলোক পলমকৈ হ’লেও লজ্জিত হ’ব। কিন্তু আচল কথাটো হ’ল— ঘৰখনেই শিশুৰ আচল শিক্ষাৰ ঠাই আৰু মাতৃ হ’ল প্ৰকৃত শিক্ষক। আপোনাৰ নিজৰ ঘৰত আপুনি আপোনাৰ সন্তানক এই দুৰ্দশাৰ অমানিশাৰ পৰা আঁতৰত ৰাখিবলৈ কি পদক্ষেপ হাতত ল’ব, সেইটো আপোনাৰ একান্ত ব্যক্তিগত কথা; কিন্তু আপোনাৰ পদক্ষেপৰ পৰা যদি সমাজৰ আন কাৰোবাৰ কিবা উপকাৰ হোৱাৰ সম্ভাৱনা থাকে, তেনেহ’লে আপুনি আপোনাৰ পদক্ষেপক ৰাজহুৱা কৰা উচিত, অন্ততঃ নিজৰ ভাষাটোৰ হকে। চিন্তা কৰক, যিকোনো সহায়ৰ বাবে আমাৰ দৰে বহুতো মানুহ সকলো সময়তে হাতত পাব। কিন্তু নিজৰ ঘৰৰ পৰা এই অভিযান আৰম্ভ কৰাটো ইমান সহজ নহয়, যিমান আমি মুখৰ কথাৰে ভাবি আছোঁ। অমাৰ আচল প্ৰমান কৰ্ম-ক্ষেত্ৰতহে পোৱা যাব। আমাৰ এই আলোচনাটিৰ উদ্দেশ্য জনমত গঠন আৰু ক্ৰমে বিশৃংখল অসমীয়া সমাজত অসমীয়া মানুহৰ দ্বাৰাই ঘটি অহা ভাষা আৰু সংস্কৃতিৰ অনাদৰৰ বিৰুদ্ধে জন সজাগতা সৃষ্টি কৰা।

অংগীকাৰবদ্ধ হওঁ আহক, আগত প্ৰজন্মৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এইটো কথা সুমুৱাই দিওঁ যে ‘আমি জন্মেৰে ভাৰতীয়, হৃদয়েৰে অসমীয়া’!«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "মাতৃভাষা আৰু আদৰ-অনাদৰ ইত্যাদি"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Anamika baruah
Guest

হয় হৃষীৰাজ, তোমাৰ সৈতে ময়ো একমত| আমি অভিভাবকসকলেই যদি আমাৰ সন্তানসকলক আমাৰ ভাষাটোক আদৰ কৰিবলৈ সন্মান কৰিবলৈ নিশিকাও কেনেকৈ হ’ব| ভৱিষ্যতৰ কথা ভাবি মোৰ সন্তান দুটাক ইংৰাজী মাধ্যমৰ স্কুলত দিছোঁ যদিও মোৰ সীমিত জ্ঞানেৰে মই সিহঁত দুটাক মোৰ অসম আৰু মোৰ অসমীয়া ভাষাটোৰ বিষয়েও জ্ঞান দিয়াৰ চেষ্টা কৰিছোঁ| মোৰ সাত বছৰীয়া ছোৱালীজনীয়ে কাৰো সহায় নোলোৱাকৈ তাইৰ ৰংমনখন নিজেই পঢ়িব পাৰে|

Mahendra Kakati
Guest

প্ৰবন্ধটোৰ আঁত ধৰি আগবাঢ়িলে এক নতুন দিগন্তৰ সূচনা হ’ব। বিষয়বস্তু বহল ভাবে আলোচিত হ’ব লাগে। আমাৰ ফালৰ পৰাও হয়তো দুই এটা কৰণীয় সংযোজন কৰিব পৰা যাব।

wpDiscuz