মৃণাল আকাশ মেধিৰ কবিতা

বৰ টান জী জী বাচি থকা

মোৰ এই যাত্ৰাত এৰি অহা
অত দূৰ পথ
পথৰ দাঁতিত সেই ভগ্নমূৰ্তিবোৰ
যি জহি গৈছে এতিয়া
পূজা কৰি এৰি থৈ যোৱাৰ পিছত
এই ভগা মূৰ্তিৰ দৰে
জহি গৈ আছোঁ ময়ো

আত্মাৰ হেনো মৰণ নাই
জীয়াই থকাৰ হেঁপাহ এটাৰ বাবে
জী আছে
নে মৰি আছে

বৰ টান
বৰ টান
জী জী মৰি থকা
অথবা
মৰি মৰি জী থকা

মৃত্যুৰ দৰে বাচি থাকিব নোৱাৰোঁ
এই জীৰ্ণ পথৰ দাঁতিত

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz