মহাত্মা গান্ধীৰ প্ৰতি কবিগুৰু ৰবীন্দ্ৰনাথ

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১৩ | অন্তিম সম্পাদনা: ৯ মে, ২০২২

……………………
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক মহাত্মা গান্ধীয়ে সম্বোধন কৰিছিল ‘গুৰুদেৱ’ আৰু গান্ধীজীক কবিগুৰুৱে সম্বোধন কৰিছিল ‘মহাত্মাজী’ বুলি।
……..

শব্দময় বিশ্ব। কৰ্মময় জগৎ। এজন বন্দিত বিশ্বকবি আনজন শ্ৰদ্ধাবৎ অহিংসা দূত। দুয়ো মহাজীৱন। ভাৰতবৰ্ষৰ অন্তৰাত্মা বিচৰা দুজন মানুহ। পূবৰ পৰা পশ্চিম প্ৰান্তলৈ, সুউচ্চ হিমালয়ৰ পৰা কন্যাকুমাৰীৰ চৰণ বিধৌত কৰা সমুদ্ৰৰ পাৰলৈ— এই ভাৰত। এক ভৌগোলিক মূৰ্তি। এক হাজাৰ হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিৰে মন্থন হোৱা বহু বৰণীয়া বিচিত্ৰ সমাজ। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ পাটকাই পাৰৰ সেউজ শীতল অৰণ্যৰ পৰা শুকান ৰুক্ষ বালিৰে ভৰা তপ্ত থৰ মৰুভূমি, লাডাখৰ বৰফ আবৃত গিৰিৰাজৰ পৰা আন্দামানৰ লৱণসিক্ত জলময় উপকূললৈ— সকলোতে আছে মানুহ। ধৰ্ম পৰিচয় বহুতৰ বেলেগ বেলেগ।

বৌদ্ধ ভিক্ষুৰ পালি ভাষাত উচ্চাৰিত সেই বাণী— ‘সুত্তে মণি গবা ইব’— সুতাৰে গঁঠা মণিধাৰ। এই সুতাডাল কি, যি ভাৰতবৰ্ষক ধৰি ৰাখিছে? সেয়ে ভাৰতীয় সংস্কৃতি। কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে— ‘মহাভাৰতেৰ মাজখানে গীতা প্ৰাচীনেৰ সেই সমন্বয় তত্ত্বকে উজ্জ্বল কৰে।’ আৰু কৈছে— ‘মহাভাৰত পাঠ যে আমাদেৰ দেশে ধৰ্ম-কৰ্মেৰ মধ্য গম্য হয়েছিল তা কেৱল তত্ত্বেৰ দিক থেকে নয়, দেশকে উপলব্ধি কৰাৰ জন্যও এৰ কৰ্তব্যতা আছে।’ এয়া মাথোঁ এটি উদ্ধৃতি, দেশক উপলব্ধি আৰু বুজাৰ কাৰণে।

যোৱা শতিকাত ভাৰতবৰ্ষৰ ৰাজনৈতিক, সামাজিক, বৌদ্ধিক জাগৰণৰ এক জোঁৱাৰ উঠিছিল। ৰাজনৈতিক স্বাধীনতাৰ জাগৰণৰ লগে লগে আন দিশসমূহতো বিপুল পৰিৱৰ্তনৰ সূচনা হৈছিল। এনে সময়ৰে এই দুজন শালপ্ৰাংশু ব্যক্তিৰ মাজত গঢ়ি উঠা সম্পৰ্ক আৰু ইজনে সিজনক দেখুওৱা শ্ৰদ্ধা কিহৰ ভিত্তিত হৈছিল, সেই বিষয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ বাবে অৰ্থপূৰ্ণ হ’ব বুলি বিবেচনা কৰি দুই-এটা মাত্ৰ উদাহৰণ দিব খোজা হৈছে।

ৰবীন্দ্ৰনাথ ঠাকুৰক মহাত্মা গান্ধীয়ে সম্বোধন কৰিছিল ‘গুৰুদেৱ’ আৰু গান্ধীজীক কবিগুৰুৱে সম্বোধন কৰিছিল ‘মহাত্মাজী’ বুলি। ৰবীন্দ্ৰনাথে ১৯৩১ চনত ‘মহাত্মা গান্ধী’ নামৰ প্ৰৱন্ধ এটাত লিখিছিল— ‘ভাৰতবৰ্ষক মাতৃভূমি বুলি স্বীকাৰ কৰাৰ অৱকাশ হোৱা নাছিল। প্ৰাদেশিকতাৰ জালত যেতিয়া দুৰ্বলতা অনুভূত হৈছিল, তেতিয়া ৰাণাডে, সুৰেন্দ্ৰনাথ গোখলে আদি মহান লোকসকল আহিছিল— জনসাধাৰণক গৌৰৱ দান কৰিবলৈ। তেওঁলোকৰ আৰদ্ধ সাধনা যিজনে প্ৰৱল শক্তিৰে, দ্ৰত বেগেৰে আশ্চৰ্য সিদ্ধিৰ পথেৰে লৈ গৈছিল, সেই মহাত্মাৰ কথা স্মৰণ কৰিবলৈ আজি ইয়াত সমৱেত হৈছোঁ— তেওঁৱেই হৈছে মহাত্মা গান্ধী।’

আগৰ যিসকল কংগ্ৰেছৰ নেতা আছিল, তেওঁলোকৰ সাহস আছিল কম, ক্ষীণ আছিল তেওঁলোকৰ কণ্ঠধ্বনি। গান্ধীক তেওঁ সমৰ্থন কৰাৰ মূলতে আছিল— সবৰ্সাধাৰণৰ বক্তব্য তেওঁ সজোৰে দাঙি ধৰিছিল। ১৯১৩ চনত নোবেল বঁটা লাভ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰে বৃটিছ চৰকাৰৰ পৰা ‘নাইট’ উপাধি পাইছিল। কিন্তু জালিৱনাৱলাবাগ হত্যাকাণ্ডৰ পাছত তেওঁ এই উপাধি ঘূৰাই দি জাতীয়তাবাদী আন্দোলনৰ প্ৰতি, স্বদেশৰ মুক্তিৰ প্ৰতি সমৰ্থন আগবঢাইছিল।

গান্ধীক সমৰ্থন কৰা সন্দৰ্ভত তেখেতৰ বক্তব্য আছিল স্পষ্ট— ‘পলিটিশ্যানৰা কেজো লোক’। তেওঁলোকক প্ৰশংসা কৰিব পাৰি, কিন্তু ভক্তি কৰিব নোৱাৰি বুলি তেওঁ কৈছিল— ‘ভক্তি কৰতে পাৰি মহাত্মাকে, যাৰ সত্যেৰ সাধনা আছে’। ৰাজনীতিত প্ৰয়োজন সাপেক্ষে লগা মিথ্যাবাদৰ মাজতো ‘সাৰ্বভৌমিক ধমৰ্নীতি’ক অস্বীকাৰ কৰা নাছিল। তেওঁ আৰু উল্লেখ কৰিছে— ‘গান্ধী যদি যোদ্ধা-বীৰ-সেনাপতি হ’লহেঁতেন, তেনেহ’লে তেওঁক স্মৰণ কৰাৰ প্ৰয়োজনবোধ নকৰিলোহেঁতেন, কাৰণ, পৃথিৱীত বহুত ডাঙৰ বীৰৰ জন্ম হৈছে। ‘মানুহৰ যুদ্ধ ধৰ্মযুদ্ধ নৈতিক যুদ্ধ’। এই ধৰ্মযুদ্ধৰ মহানায়ক আছিল গান্ধীজী। মহাত্মাৰ নম্ৰ, অহিংস নীতিয়ে চৌদিশে জয়ৰ বিস্তীৰ্ণ পথ মুকলি কৰিছে।

আত্মশ্ৰদ্ধাৰ মাজেৰে স্বদেশ-স্বজাতিৰ গৌৰৱ কৰ্মক্ষেত্ৰত এই আদৰ্শক বিপুলভাৱে প্ৰয়োগ কৰিলে মহাত্মা গান্ধীয়ে। ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছে— ‘তাৰ জীবনেৰ দুঃখেৰ ইতিহাস। দুঃখ-অপমান ভোগ কৰেছেন কেবল ভাৰতবৰ্ষে নয়, দক্ষিণ আফ্ৰিকায় কত মাৰ তাঁকে মৃত্যুৰ ধাৰে এনে ফেলেছে। তাৰ দুঃখ নিজ বিষয় সুখেৰ জন্যে নয়, স্বাৰ্থেৰ জন্যে নয়, সকলেৰ ভালোৰ জন্যে। এই-যে এ মাৰ খেয়েছেন উলটে কিছু বলেন নি কখনো, ৰাগ কৰেন নি। সমস্ত আঘাত মাথা পেতে নিয়েছেন। শত্ৰুৰা আশ্বৰ্য হয়ে গেছে ধৈৰ্য দেখে, মহত্ব দেখে। তাৰ সংকল্প সিদ্ধ হল, কিন্তু জোৰ জবৰদস্তিয়ে নয়। ত্যাগেৰ দ্বাৰা, দুঃখেৰ দ্বাৰা, তপস্যাৰ দ্বাৰা তিনি জয়ী হয়েছেন।’

স্বাধীনতা আন্দোলন তেতিয়া শেষ হোৱা নাছিল। আন্দোলনৰ ফলপ্ৰাপ্তিও সুদূৰপৰাহত। এনে সময়তে গান্ধীজীৰ নীতিৰ জয় কবিগুৰুৱে ঘোষণা কৰিছিল। ১৯৩২ চনত পুনাৰ য়াৰবেদা জেলত মহাত্মা গান্ধীয়ে অনশন আৰম্ভ কৰিছিল। কবিগুৰু উদ্বিগ্ন হৈছিল। গান্ধীজীয়ে অনশনৰ অনুমোদন বিচাৰিছিল কবিগুৰুৰ পৰা। গান্ধীজীৰ স্বাস্থ্যৰ অবনতিয়ে তেওঁক অতিশয় ভাৰাক্ৰান্ত কৰিছিল। টেলিগ্ৰাম কৰিলে বিলাতৰ প্ৰধানমন্ত্ৰীলৈ। তেওঁ নিজে পুনালৈ যাত্ৰা কৰিলে। মহাদেৱ দেশাই, বল্লভভাই পেটেল, ৰাজা গোপালাচাৰী, ৰাজেন্দ্ৰপ্ৰসাদৰ উপৰি কস্তুৰীবাই, সৰোজিনী নাইডু, জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰু তাতে আছিল।

আৰু পঢ়ক:  গান্ধীৰ বাবে গান্ধী

কবিন্দ্ৰ ৰবীন্দ্ৰই মহাত্মা গান্ধীক জেলৰ ভিতৰত সাক্ষাতৰ বিৱৰণত লিখিছে— শয্যাত থকা গান্ধীৰ শীৰ্ণ শৰীৰৰ শীৰ্ণতম ৰূপ। কিন্তু চিন্তা শক্তিৰ হ্ৰাস হোৱা নাছিল। তেওঁৰ চিন্তাধাৰা আছিল প্ৰবহমান, চৈতন্য আছিল অপৰিশ্ৰান্ত। চৰকাৰৰ প্ৰতিশ্ৰুতিত সেই মুহূৰ্তত অনশন ভংগ কৰাৰ বাবে কমলা নেহৰুৱে চৰবত প্ৰস্তুত কৰিছিল। মহাদেৱ দেশায়ে কবিগুৰুক গান্ধীজীৰ ‘গীতাঞ্জলি’ৰ প্ৰিয় গীতটি গাবলৈ অনুৰোধ কৰিছিল। কবিগুৰুৱে লিখিছে— সুৰ পাহৰি গৈছিল যদিও গালে—

‘জীৱন যখন শুকায়ে যায়
কৰণাধাৰায় এসো।
সকল মাধুৰী লুকায় আছে
গীত সুধাৰসে এসো।’

তাৰ পাছত পুনাৰ ৰাজহুৱা সভাত তেখেতে যোগদান কৰিছিল। তেওঁ গান্ধীজীৰ লগত হোৱা এই সাক্ষাৎ সম্পৰ্কত পাছত লিখিছে— মহাত্মাৰ জীৱন মোৰ ওচৰত এক বিৰাট ভূমিকাৰে উজ্জ্বলি উঠিল। তাত ‘সৰ্ব মানুষেৰ মধ্য মহামানুষকে প্ৰত্যক্ষ কৰবাৰ প্ৰেৰণা আছে।’

এই বিশ্বাস আবেগিক নাছিল। প্ৰগাঢ আৰু যুক্তিপূৰ্ণ। ১৯৩৪ চনত সুভাষচন্দ্ৰ বসুয়ে তেওঁৰ The In Struggle-ৰ পাতনি লিখিবলৈ জৰ্জ বাৰ্নাডশ্ব’ক অনুৰোধ কৰিবলৈ কবিগুৰুলৈ লিখা পত্ৰত ‘তদ্ব্যাতীত আপনি নিজে সম্প্ৰতি মহাত্মাজীৰ অন্ধভক্ত হুইয়া পড়িয়াচেন— আপনাৰ লেখা পাঠ কৰলে সেৰূপ ধাৰণা মানুষ স্বভাৱত— পোষণ কৰিতে পাৰে। মহাত্মাজীৰ সমালোচনা আপনি কি বৰদাস্ত কৰিতে পাৰিবেন কিনা আমি জানিনা।’

ৰবীন্দ্ৰনাথ ঠাকুৰক ইমান কঠোৰ আৰু স্পষ্ট ভাষাত সুভাষ বসুৰ দৰে নিৰ্ভীক এজনেহে লিখাটো সম্ভৱ আছিল। কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে সেই পত্ৰৰ উত্তৰ এনেদৰে লিখিছিল— ‘এই উপলক্ষে একটা কথা তোমাকে বলা আৱশ্যক বোধ কৰি। মহাত্মা গান্ধী অতি অল্প কালেৰ মধ্যে সমস্ত ভাৰতবৰ্ষেৰ মনকে এক যুগ থেকে আৰ এক যুগে নিয়ে যেতে পেৰেছেন। কেৱল একদল ৰাষ্ট্ৰনৈতিকেৰ নয়, সমস্ত জনসাধাৰণেৰ মনকে তিনি বিচলিত কৰতে পেৰেচেন— আজ পৰ্যন্ত তা কেউ পাৰেনি। এৰ পূৰ্বে ভাৰতবৰ্ষেৰ এখানে ওখানে ইংৰেজি শিক্ষিতদেৰ মধ্যে দুৰ্বল ৰকমেৰ ৰাষ্ট্ৰনৈতিক সুড়সুড়ি লেগেছিল মাত্ৰ। মহাত্মাজীৰ চৰিত্ৰেৰ মধ্যে এই একটা প্ৰবল নৈতিক শক্তিকে ভক্তি যদি না কৰতে পাৰি তবে সেইটাকেই বলব অন্ধতা। অথচ তাৰ সংগে আমাৰ স্বভাৱ বুদ্ধি ও সংকল্পেৰ বৈপৰীত্য অত্যন্ত প্ৰবল। মনেৰ দিকে, কল্পনাৰ দিকে, ব্যৱহাৰৰ দিকে তিনি আৰু আমি সম্পূৰ্ণ বিভিন্ন শ্ৰেণীৰ জীব।’ (‘ৰবীন্দ্ৰনাথ আৰ সুভাষচন্দ্ৰ’: নেপাল মজুমদাৰ)

সুভাষচন্দ্ৰ তেওঁৰ স্নেহভাজন আছিল। গান্ধীজীৰ আশীৰ্বাদ অবিহনেও কংগ্ৰেছ সভাপতি পদত জয়ী হৈছিল। তাৰ পাছত কংগ্ৰেছ সভাপতি পদ ইস্তফা দিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনলৈ সুভাষ বসুক মাতি ‘দেশনায়ক’ উপাধিৰে সন্মান জনাইছিল। শান্তিনিকেতনৰ আৰ্থিক অৱস্থা নিশকতীয়া হৈ পৰাত কবিগুৰুৱে নিজে অৰ্থ সংগ্ৰহৰ বাবে দেশৰ বিভিন্ন ঠাইত অভিযান আৰম্ভ কৰিব বিচাৰিছিল। গান্ধীজীয়ে এই কথা গম পাই প্ৰায় ষাঠী হাজাৰ টকা দান সংগ্ৰহ কৰি দিছিল। ১৯৪১ চনৰ ১৭ ফেব্ৰুৱাৰীত গান্ধীজী শান্তিনিকেতনলৈ গৈ গুৰুদেৱক সাক্ষাৎ কৰিছিল। সেই বছৰৰ ৭ আগষ্টত কবিগুৰুৰ মহাপ্ৰয়াণ হয়।

যি প্ৰমূল্যৰ ওপৰত বিশ্বাস ৰাখি গান্ধীজীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ ৰাজনৈতিক যুদ্ধত নামিছিল, সিয়ে কবিগুৰুৰ অন্তৰত ভক্তিৰ ভাব জগাই তুলিছিল। আধুনিক যন্ত্ৰপাতি সম্পৰ্কত কোনো দিশত গান্ধীজীৰ চিন্তাধাৰাৰ লগত মৌলিক পাৰ্থক্য থাকিলেও তেওঁ গান্ধীজীৰ মহত্ব মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। এতিয়া মূল্যবোধৰ ক্ষয় হোৱা দিনত এনে প্ৰগাঢ় বিশ্বাসৰ ভিত্তিত দুজন মহামানৱৰ সম্পৰ্কই ভাৰতীয় মনক দিয়া শক্তি আজিৰ নৱ প্ৰজন্মই উপলব্ধি কৰক— আশাৰ ৰেঙনি ইয়াৰ মাজতেই আছে।

📚 | আৰু পঢ়ক:

মহাত্মা গান্ধীৰ প্ৰতি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ | গুণীন হাজৰিকা

📚| Follow Nilacharai on Instagram

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts