লখিমপুৰৰ মাঘনোৱা দ’ল আৰু বৰকালিকা থান

প্ৰবন্ধঅসম ভাৰতৰ ভিতৰতে এখন পৱিত্ৰ ভূমি। ইয়াৰ ইয়াৰ প্ৰতিটো অঞ্চল দৌল-দেৱালয়, মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ আদি সৰ্বধৰ্মৰে পৰিবেষ্টিত। এই পৱিত্ৰ ভূমিৰে বিশাল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অসমৰ উত্তৰ-পূব সীমাত অৱস্থিত লখিমপুৰ জিলাখনি অতি পৱিত্ৰ ভূমি। প্ৰত্নতত্ত্ববিদ প্ৰয়াত ৰাজমোহন নাথৰ মতে, এই ঠাইত হাবুং ৰাজ্য নামে বড়ো শাসক গোষ্ঠীৰ এখন ৰাজ্য প্ৰতিষ্ঠিত আছিল। এই ঠাই অতি প্ৰাচীন কালত স্বৰ্ণপীঠ নামে জনাজাত। ‘কালিকা পুৰাণ’ আৰু ‘যোগিনী তন্ত্ৰ’ৰ মতে, প্ৰাচীন কামৰূপৰ পূবসীমা দিক্কৰবাসিনীয়ে এই স্থানকে বুজাইছিল। এই দিক্কৰবাসিনী বৰ্তমান শদিয়াৰ সমীপস্থ দিক্ৰং নৈ বুলি বহুতে বিশ্বাস কৰে। লখিমপুৰ জিলাৰ পূব সীমা আৰু শোণিতপুৰ জিলাৰ পশ্চিম সীমাৰ পৰা নাৰায়ণপুৰ মহকুমা আৰম্ভ হৈছে। কোনো কোনো পণ্ডিতৰ মতে এই অঞ্চলটি পুৰণি ‘যোগিনীতন্ত্ৰ’ত উল্লিখিত ‘মায়াপুৰ’ নামে খ্যাত। বৰ্তমান ইটানগৰৰ পৰা খাৰৈ নৈলৈকে এই অঞ্চলটিত পোৱা ভগ্নাৱশেষ, শিলৰ দুৱাৰ, তাত খোদিত হাতী-ঘোঁৰা আদি জন্তুৰ ছবি আৰু গণেশ আদি মূৰ্তিবোৰলৈ লক্ষ্য কৰি ভূতপূৰ্ব এছিটেন্ট পলিটিকেল অফিচাৰ দ্বাৰিকানাথ দাসে এইখনেই ‘মায়াপুৰী’ নামেৰে অভিহিত কৰিছে। অৱশ্যে এসময়ত এই অঞ্চলটি যে এক উন্নত সভ্যতাৰ কেন্দ্ৰ আছিল ই সত্য। কিন্তু প্ৰয়াত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ মতে, পুৰণি প্ৰাগজ্যোতিষপুৰেই মায়াপুৰ আছিল। ‘বৃহৎ শিৱপুৰাণ’ (প্ৰথম খণ্ড, ১৬শ অধ্যায়)ৰ পৰাও জনা যায় যে দক্ষৰ মায়াপুৰ কামৰূপ-কামাখ্যাত আছিল, য’ত তেওঁ যজ্ঞ পাতিছিল। তদপুৰি খাৰৈ নদীৰ পৰা বুৰৈলৈকে এই অঞ্চলটি কল্যাণপুৰ নামে পৰিচিত। ঐতিহ্যমণ্ডিত কল্যাণী দেৱালয় থকা বাবেই ইয়াৰ নাম কল্যাণপুৰ আৰু কল্যাণপুৰৰ পৰাই বৰ্তমান কলংপুৰ হৈছে। নাৰায়ণপুৰ অঞ্চলটি ইতিহাসৰ দিনৰ পৰাই মিশ্ৰিত জনগোষ্ঠীৰে অধ্যুষিত অঞ্চল। চুতীয়া, বাৰভূঞা, আহোম, খামটি, দেউৰী, চুতীয়া, মিছিং আদিৰ বাসভূমি নাৰায়ণপুৰ অঞ্চলটিত বিভিন্ন দৌল-দেৱালয় স্থাপন কৰা হৈছিল। ভূঞা আৰু চুতীয়াসকল ঘোৰ শাক্ত হোৱা বাবে ইয়াত শাক্তধৰ্মৰ প্ৰভাৱো মন কৰিবলগীয়া বিষয়। ইয়াতে অৱস্থিত মাঘনোৱা দ’ল, বৰকালিকা, হাৰ্হি, পেটুৱা গোঁসাই থান আদি আজিও জাগ্ৰত। শাক্তধৰ্মৰ লগতে শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱো বিদ্যমান।

এই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ খেৰাজখাট মৌজাত অৱস্থিত মাঘনোৱা দ’ল আৰু সেই ঠাইৰ পৰা নি মানৰ আক্ৰমণৰ পৰা পৰিত্ৰাণৰ বাবে কলাবাৰীত পুনঃ প্ৰতিষ্ঠা কৰা বৰকালিকা থান বা ফুলবাৰী দেৱালয়ে অসমৰ শাক্তধৰ্মৰ ইতিহাসত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। পিচলা নদীৰ পাৰত এই দুই মন্দিৰ অৱস্থিত— ‘‘Narayanpur is remarkable for two temples, romantically situated on the banks of Pisola; which river those of Dhinggoan and Colabari, in Jakai Chook”। ইয়াৰে দিক্ৰং নৈ পূবে স্বৰ্ণদী (সোৱণশিৰী) নৈ বৈ গৈছে। ইয়াৰ পশ্চিমে ‘গৌতমস্য মহাফলা’ পিচলা নৈ, যি নৈৰ পাৰত এসময়ত গৌতম ঋষিয়ে তপস্যা কৰি মহাফল লাভ কৰিছিল। যোগিনীতন্ত্ৰৰ উত্তৰ খণ্ডৰ চতুৰ্থ পটলত দেৱী পাৰ্ৱতীয়ে স্বামী শিৱক তেওঁ কোন কোন স্থানত কি কি নামৰে প্ৰখ্যাত বুলি প্ৰশ্ন কৰোঁতে শিৱই কৈছিল— ”ধবলায়াং পিনাকী চ পিচ্ছিলায়াং ত্ৰিবিক্ৰমঃ”। সেইফালৰ পৰা পিচলা নদীৰ পাৰত ত্ৰিবিক্ৰম শিৱৰ মন্দিৰ বিদ্যমান, যিটো পৰৱৰ্তী যুগত ‘মাঘনোৱা দৌল’ নামেৰে জনাজাত হ’ল। তাৰ কাষতে ফুলবাৰী নামৰ দেৱীৰ মন্দিৰ আছিল, যিটো কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত আৰু মানৰ আক্ৰমণৰ সময়ত ধবংস হ’ল। প্ৰয়াত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ মতে— ”সম্ভৱতঃ পিচলাৰ পাৰৰ ফুলবাৰী দেওঘৰত গৌতম ঋষিয়ে কোনো সময়ত আশ্ৰম পাতি বাস কৰিছিল। তেওঁ বোধকৰোঁ তাত থাকি ত্ৰিবিক্ৰম শিৱক তপস্যা কৰিছিল।” এই প্ৰসঙ্গতে তেখেতে উল্লেখ কৰিছে, দক্ষ-জীয়ৰী শিৱ-পত্নী সতীৰ মূৰটো দিক্কৰবাসিনী বা দিক্ৰং নৈত পৰা বুলি কালিকা পুৰাণত লিখা আছে। সেই নিমিত্তে দিক্কৰবাসিনীক ললিতাকান্তা বা চণ্ডী বা বৰকালিকা বুলি কোৱা হয়। অতি পূৰ্বে দিক্ৰৰঙৰ পশ্চিমফালে দেৱীৰ মন্দিৰ আছিল আৰু তাৰ কিছু পশ্চিমে মাঘনোৱা বিলৰ দাঁতিত চণ্ডীশ্বৰ শিৱৰ মন্দিৰ আছিল। মন্দিৰ ভাগি যোৱাত কলাবাৰীলৈ শিৱৰ মূৰ্তিভাগ আনি স্থাপন কৰা হৈছে আৰু কলাবাৰীৰে দেউৰী গাঁৱত বৰকালিকা দেৱালয় পতা হৈছে। গৌতমাৰণ্যৰ কাষতে আছিল অহল্যা হ্ৰদ, বৰ্তমান ইয়াৰ নাম মাঘনোৱা বিল। পিছে এই বিলৰ পানীয়ে ৰাইজৰ খেতি-পথাৰ নষ্ট কৰা গুণে বৰ্তমান ই পোত গৈ পথাৰলৈ পৰিৱৰ্তিত হৈছে। মাঘনোৱা বিলৰ পূবে ধলপুৰৰ উত্তৰ ফালে কৌহিকৰ দলনি নামৰ যি বিল আছে. তাৰ নাম পূৰ্বতে কৌশিক মুনিৰ হ্ৰদ আছিল। পিচলাৰ কাষতে মাঘনোৱা বিলৰ ওচৰত ফুলবাৰী দেওঘৰ। মাঘনোৱা দ’লক কোনোৱে ফুলবাৰী দেৱালয় বুলি কয়। আহোম ভাষাত, মাক মানে গছৰ গুটি, নোৱা মানে মুকলি কৰা বা বৃদ্ধি কৰা। অৰ্থাৎ গছ-গছনিৰ উৎপাদন বৃদ্ধি কৰা। বৰ্তমান আমাৰ সমাজত মাঘ বিহুৰ দিনা পুৱা নৰ-মনিষ শোৱাৰ পৰা উঠাৰ আগতেই মূল গৃহস্থই নিজৰ বাৰীত থকা গছ-গছনিৰ উৎপাদন বৃদ্ধিৰ বাবে ধান খেৰৰে গছত একোটা গাঠি দিয়ে। এই প্ৰথাটোক আহোম ভাষাত ‘মাকনোৱা’ বুলি কয়। মাঘনোৱাৰ দ’লকো আহোম-চুতীয়া-বৰাহীসকলে তেনে অৰ্থতে বিশ্বাস কৰি পূজা-সেৱা আগবঢাইছিল বাবে ইয়াৰ নাম মাকনোৱা বা মাঘনোৱা হ’ল। ঐশ্বৰ্য-বিভূতিৰ গৰাকী হিচাপে লোৱা এই মাঘনোৱা দ’লৰ নামকৰণত আৰু এক বিশ্বাস প্ৰচলিত আছিল। মাঘ মাহত অতি পূবৰ্কালত দ’লৰ মূৰ্তিভাগ ৰাইজে অতি উলাহ-মালহৰে নোৱাই-ধুৱাই নি পুনৰ দ’লত স্থাপন কৰিছিল। মাঘত নোওৱা হৈছিল বাবেহে মাঘনোৱা দ’ল নামৰ উৎপত্তি হ’ল বুলি বিশ্বাস হয়।

মূল মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল, তাৰ কোনো লিখিত প্ৰমাণ নাই। আহোম ৰাজত্বত কেবাজনো স্বৰ্গদেৱে ইয়াতে আহি বাহৰ পাতি থকাৰ কথা বুৰঞ্জীত উল্লেখ আছে। কোনোৱে এই দেৱালয়ৰ উত্তৰলৈ থকা তাঁতী বাহৰ নামৰ ঠাইখণ্ড তাঁতী ৰজাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰে। প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথদেৱে এই অঞ্চলত ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কলিতা আদিৰ ৰজাসকলে মাঘনোৱা, বাসুদেৱ আদি দ’ল-দেৱালয় নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰিছে— ‘‘The Vasudeva temple at Kolabari and the ruins of temples at Magnua and Laluk were originally the works of these reigns’’। দৰং জিলাৰ গেজেটিয়াৰৰ মতে ফুলবাৰী দেৱালয় স্বৰ্গদেৱ ৰুদ্ৰসিংহই প্ৰায় ১৭০৫ খৃঃ (১৬২৭ শক)ত নিৰ্মাণ কৰে। ৱেড চাহাবৰ ‘A History of Assam’-অৰ মতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৬৭৩-১৬৯১ শক) পিচলা নৈত স্নান কৰি ফুলবাৰী দেৱালয়ত গোসাঁনী সেৱা কৰি ১৪,০০০ তিৰোতা আৰু ল’ৰা-ছোৱালীক কাপোৰ, টকা আৰু সোণ দান কৰে। দেৱালয়ৰ নামত আহোম ৰজাই দান দিয়া ৩১৮ বিঘা নিষ্পিখেৰাজ মাটি গহপুৰ মৌজাত আছে। সেইফালৰ পৰা দেৱালয়খনি আহোম ৰাজত্বত স্থাপিত হৈছে বুলি ক’ব পাৰি। তদুপৰি দেৱালয়ৰ গঠনশৈলী আৰু ইটাৰ গঠন আকৃতিয়ে এই মন্দিৰ আহোম যুগৰ বুলি দৃঢ সিদ্ধান্তত উপনীত কৰায়। অৱশ্যে আহোম যুগৰ অন্যান্য দ’ল-দেৱালয়তকৈ মাঘনোৱা দ’লৰ আকৃতি-প্ৰকৃতি কিছু বেলেগ। বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰৰ ভাষাৰে— “ধলপুৰ মৌজাৰ মাঘনোৱা গাঁৱত এই দ’ল অৱস্থিত। ই পিচলা নদীৰ পূব পাৰে আৰু মাঘনোৱা বিলৰ উত্তৰ পাৰে। দ’লটোৰ চাওিফালে প্ৰায় ৫ ফুট ওখ ইটাৰ বেৰ। দ’লত লাগি থকা বুলনি ঘৰৰ পৰা প্ৰায় ১২৫ হাত দূৰত ইটাৰ বেৰত লাগি থকা বাটচ’ৰাসহ মন্দিৰ প্ৰাঙ্গণত সোমাবলৈ এখন মাত্ৰ দুৱাৰ আছে। ইটাৰ গড়ৰ চাৰিওফালে এটি মাটিৰ গড়। মাটিৰ গড়ৰ ভিতৰত কালি ৩৩/১৫ লোচা। গড়ৰ দক্ষিণ-পূব চুকটো মাঘনোৱা বিলত লাগিছে। মাঘনোৱা বিলৰ কালি ৮৯/১৮ লোচা। দ’লটো আঠকোণীয়া আৰু সন্মুখৰ গাত লাগি থকা বুলনি ঘৰ। দ’লটো মাটিৰ কিমান তললৈ সোমাই গৈছে কোৱা টান। বৰ্তমান ই ৩০ হাত মান ওখ হ’ব। আঠকোণীয়া দ’লটোৰ প্ৰত্যেক বাহুৰ বাহিৰ ফালৰ দীঘ ৯ হাত। দ’লটোৰ বেৰৰ সাত হাতমান ওখত এটা ‘কাৰ্নিচ’ আছে আৰু এই কাৰ্নিচৰ এফুটমান ওপৰত আৰু এটা ‘কাৰ্নিচ’ আছে। দুই কাৰ্নিচৰ মাজত ১০ ফুট x ১০ ফুট x ১/৪ ঘন ইঞ্চিৰ চটা চটা ইটা ফুল লগোৱা আছিল। ইটাৰ ভিতৰত এটা বৃত্তৰ মাজত আঠপহীয়া আৰু ছপহীয়াকৈ ফুলবিলাক কটা। দৌলটোত বৰ্তমান ফুলবিলাক লগাই থোৱা অৱস্থাত নাই। কাৰ্নিচৰ তলত প্ৰত্যেক বেৰতে শাৰীত পাঁচখনকৈ দুশাৰী মূৰ্তি লগোৱা আছিল। বৰ্তমান বেৰত লগাই থোৱা অৱস্থাত এখনো মূৰ্তি নাই আৰু কলচীও নাই। বেৰবিলাক প্ৰায় সাত ফুটমান ডাঠ হ’ব।

মাঘনোৱা দ’লৰ বৰ্তমান অৱস্থা অতি দুখলগা। ডফলা আৰু মানৰ আক্ৰমণত মাঘনোৱা দ’ল আৰু ফুলবাৰী দেওঘৰত থকা সা-সম্পতি লুটপাত কৰি, শিবিৰ পাতি থাকি গো-হত্যাকে আদি কৰি অপৱিত্ৰ কাম কৰা বাবে পৰৱৰ্তী কালত এই দ’ল আৰু দেওঘৰৰ ইতিহাস স্তব্ধ হৈ পৰিল। ইংৰাজ ৰাজত্বকালৰ পৰা সৌ-সিদিনালৈকে মন্দিৰ আৰু দ’লৰ সবিশেষ কোনো লোকেই দিব নোৱাৰিলে। দ’লৰ ভিতৰভাগ বাদুলীৰ বাসস্থান হ’ল। অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ এটি গৱেষকৰ দলে মন্দিৰ পৰিষ্কাৰ কৰোঁতে ভিতৰত কোনো মূৰ্তি পাইছিল নে নাই সি আমাৰ অজ্ঞাত। স্থানীয় লোকৰ মতে, মন্দিৰৰ ভিতৰত এটি লোহাৰ বাকচ উদ্ধাৰ কৰি উক্ত বিভাগে লৈ যায়। উক্ত বাকচত কি আছিল আজিও অজ্ঞাত। আন এটি লোহাৰ বাকচ কাষতে থকা পুখুৰীটোত এতিয়াও আছে বুলি স্থানীয় যুৱক এজনে উল্লেখ কৰিছিল। এনে প্ৰাচীন সম্পদসমূহ উদ্ধাৰ কৰি প্ৰত্নতাত্ত্বিক সমল যোগোৱাত সহায় কৰিলে মহৎ উপকাৰ হ’ব বুলি আমাৰ বিশ্বাস। এক সূত্ৰই কয়— “দেৱালয়ৰ ভিতৰত মানে গো-হত্যা কৰি অশুচি কৰাত পূজাৰী-ঠাকুৰসকলে সেই বিগ্ৰহ ৰক্ষা কৰাৰ উদ্দেশ্যে মূল বিগ্ৰহজনা খেৰাজখাট মৌজাৰ ১নং বৰপথাৰ গাঁৱৰ গাভৰু বিলত নিক্ষেপ কৰে। বৃটিছ আমোলত পূজাৰীসকলে সেই বিগ্ৰহ বিচাৰি নাপাই দ’লত থকা অন্য এটি বিগ্ৰহ গহপুৰ মৌজাৰ কলাবাৰীত প্ৰতিষ্ঠা কৰে। এনে সময়তে মাছমৰীয়াসকলে সেই বিলৰ পৰা গুহ্যকালীৰ বিগ্ৰহ উদ্ধাৰ কৰা বাবে ঠাইখনে দেৱ বা দেওতোলা নামেৰে প্ৰসিদ্ধি লাভ কৰে আৰু বিগ্ৰহজনাৰ অপৱিত্ৰতাৰ বাবে পুনৰ দ’ললৈ নানি কলাবাৰীৰ বৰকালিকা থানত স্থাপন কৰা হয়।”

১৯৯০ চনলৈকে বৰকালিকা থানত উপযুক্তভাৱে ঘৰ-দুৱাৰ সাজি যাত্ৰীৰ বাবে আকৰ্ষণস্থলী কৰিব পৰা নাছিল। বৰ্তমান থানখন চৰকাৰে অতি সুন্দৰকৈ সজাই দিয়াত যাত্ৰীৰ সমাগম বৃদ্ধি পাইছে। ইয়াত বৰ্তমান গুহ্যকালী হিচাপে পূজা কৰা মূৰ্তিভাগ প্ৰত্নতত্ত্ববিদ ড. নিশিপদ চৌধুৰীৰ মতে মনসাৰ মূৰ্তিহে। একে ধৰণৰ ক্ষুদ্ৰ মনসাৰ মূৰ্তি (২২/১২ চে.মি.) শোণিতপুৰ জিলাৰ গহপুৰৰ ওচৰৰ কল্যাণী থান, ফুলবাৰী থান (বৰকালিকা থান) আৰু নগাঁও জিলাৰ বিষ্ণুথান, লক্ষ্মীথানত পোৱা যায়। বৰকালিকা থানৰ মূৰ্তিটো কষটি (বেছাল্ট) শিলত কটা। “এই মূৰ্তিটোত দেৱী দ্বিদল পদ্মপীঠত ললিতাসন ভংগীত উপৱিষ্টা। সোঁহাতত বৰদমুদ্ৰাত এটা ফল আৰু বাওঁহাতত এটা সৰ্প। পৰিধানত আছে জঁটা মুকুট, কুণ্ডল, হাৰ, মালা, বলয়, কংকণ আৰু নূপুৰ, কটিমেখলা আৰু কটিবস্ত্ৰ। উত্তৰীয়ৰ দুই মূৰ তেওঁৰ দুইফালে পৰি থকা দেখা যায়। সৰ্পৰ সপ্তফণা দেৱীৰ মূৰৰ ওপৰত ছত্ৰ হিচাপে আছে। তেওঁৰ সোঁফালে দাড়ি থকা বৃদ্ধ এজন আৰু বাওঁফালে মুকুট পৰিধান কৰা পুৰুষ এজনৰ প্ৰতিমূৰ্তি আসনস্থ ভংগীত উপৱিষ্ট। সোঁফালৰ মূৰ্তিটো ঋষি জৰুৎকাৰুৰ বুলি চিনাক্ত কৰা হৈছে। বাওঁকাষৰ মূৰ্তিটো দেৱীৰ পুত্ৰ আস্তিক বুলি ধৰিব পাৰি যদিও মূৰৰ মুকুটৰ পৰা তেওঁক দেৱীৰ ভ্ৰাতৃ নাগৰাজ বাসুকী যেনো লাগে। পদ্মপীঠৰ তলত আছে পূৰ্ণ ঘট-পল্লৱ আৰু ইয়াৰ দুয়োফালে দুজনী সেৱিকাৰ মূৰ্তি আছে।… মনসা মূৰ্তিটোৰ শিলাপট্টৰ শীৰ্ষত পৰম্পৰাগত কীৰ্তিমুখৰ সৈতে দুইফালে থকা উৰন্ত বিদ্যাধৰ মূৰ্তি আছে।” মূৰ্তিটোৰ জোখ ৫২/২২ চে.মি.। বৰ্তমান এই মূৰ্তিভাগৰ পূজা-সেৱা যম, যজা, গৰক পৰিয়ালকেইটিয়ে সলনা-সলনিকৈ চলাই আহিছে। পূজাৰ ধ্যানমন্ত্ৰ গুহ্যকালীৰ— “ওঁ মহামেঘ প্ৰভাং দেৱী কৃষ্ণবস্ত্ৰ পিধায়িনীম। লোহলজিহবাং ঘোৰদ্ৰষ্ট্ৰাং কোটৰাক্ষীং হংসন্মুখীম” ইত্যাদি। দেৱালয়ৰ পূবে ন-পমুৱা গাঁও, পশ্চিমে দেউৰী চুক, উত্তৰে খুটিকটীয়া আৰু দক্ষিণে খাৰৈগুৰি। গাঁওখনত কোঁচ, কলিতা, কেওঁট, ব্ৰাহ্মণ আদি পৰিয়ালে বাস কৰে। দেৱালয়ত থকা আন এক উল্লেখযোগ্য মূৰ্তি হ’ল বৰুণ দেৱতা। এটি মগৰৰ ওপৰত উপৱিষ্ট মূৰত কিৰিটি, সোঁহাতে সৰ্প, বাওঁহাতত দণ্ড, কাণত কুণ্ডল, ডিঙিত ছডাল মণিযুক্ত অলংকাৰ। দেৱালয়ত পাঁচখন ডাঙৰ বলিকটা দা আছে। তাৰে এখন দাৰ ওপৰ অংশ সমান আৰু ধাৰ থকাৰ বিপৰীত দিশত তিনিটা টুপ আছে। উক্ত দাখন মানৰ আক্ৰমণত মানে এৰি থৈ যোৱা বুলি মন্দিৰৰ পূজাৰীসকলে কয়। যাত্ৰীসকলে দেৱালয়ৰ মাহাত্ম্য থকা বুলি বিশ্বাস কৰি হাঁহ, পাৰ আৰু ছাগলী বলি দিয়ে। দেৱালয়ত দুৰ্গা আৰু কালী পূজাৰ দুখন পুথি আছে। বামুণীয়া আখৰেৰে লিখিত ৫৬ পৃষ্ঠাৰ সাঁচিপতীয়া পুথিখন শ্ৰীশ্ৰীদুগোৰ্ৎসৱৰ বিধি আৰু ৪৫ পৃষ্ঠাৰ তুলাপতীয়া পুথিখন ‘শ্ৰীশ্ৰীদক্ষিণা কালীৰ বিধি’। “ওঁ দক্ষিণা কালীকায়ৈ নমঃ” বাক্যৰে আৰম্ভ কৰা বিধিখনৰ শেষ বাক্য আছিল “ইতি শ্যামা প্ৰয়োগ সমাপ্ত”।

দেৱালয়ৰ আন এক উল্লেখযোগ্য সম্পদ হ’ল এডাল বৃহৎ শিকলিৰে বান্ধি থোৱা এটি লোৰ ঘন্টা। ঘন্টাৰ গাত খোদিত কথাখিনি এনে ধৰণৰ— “শ্ৰীমদ্বৃহৎকালিকায়ৈ ঘণ্টাং প্ৰাদাৎ শুভখনাং সেনাপতি বৃহন্মন্ত্ৰিসূত শ্ৰীবৰফুকনং।। ১৭৩৭ শাকে মাঘ ৫”। ঘণ্টাত উল্লেখিত ১৭৩৭ শকলৈ লক্ষ্য কৰি ক’ব পাৰি যে এই ঘণ্টা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত (১৭৩২-১৭৩৯ শক) সেই সময়ৰ বৰফুকনৰ দ্বাৰা বৰকালিকা থানলৈ দিয়া হৈছিল। তেওঁৰ ৰাজত্বকালত চাৰিজন বৰফুকনৰ নাম উল্লেখ আছে হৰকান্ত সদৰামিনৰ ‘অসম বুৰঞ্জী’ত। তেওঁলোক হ’ল প্ৰতাপবল্লভ, বল্লভ, বদনচন্দ্ৰ আৰু ঘনশ্যাম। ইয়াৰে কোনজন বৰফুকনে দান কৰিছিল ই অজ্ঞাত।

মূল মাঘনোৱা দ’লৰ বৰ্তমান ভিতৰভাগ সমপূৰ্ণ পৰিষ্কাৰ কৰা হৈছে। ১৯৯৫ চনত আমি নিজে গৈ চাওঁতে ভিতৰত এখন থাপনা পাইছিলো। থাপনাখনত মগৰ আকৃতিৰ ফুল কটা আছে। কাষতে দুটা শিলাখণ্ড লিঙ্গাকৃতিৰ বাবে মানুহে শিৱৰূপে কল্পনা কৰি চাকি-বন্তি লগায়। লগতে এটি পিতলৰ দ্বিহস্ত (তলৰ দুটা হাত ভগা) মুকুট পৰিহিত নাৰী মূৰ্তি দেখা পাওঁ। ভিতৰত বৰ্তমানেও বহু সংখ্যক বাদুলী থকা বাবে সিহঁতৰ পাখিৰ আঘাতত মন্দিৰৰ ইটাৰ টুকুৰা, কড়াল আদি খহি পৰা লক্ষ্য কৰিছিলো। ৰাজ্য চৰকাৰৰ অমনোযোগিতা, প্ৰত্নতত্ত্ব বিভাগৰ হেমাহিৰ বাবেই অসমৰ এই প্ৰাচীন স্থাপত্য-ভাস্কৰ্যই ধবংসৰ ফালে গতি কৰিছে। বিভিন্ন গছ-গছনিৰে পৰিবেষ্টিত আশ্ৰমৰ শান্ত পৰিৱেশ আজি মানৱৰ হাতত পৰি ধবংস হ’ব ধৰিছে। স্থানীয় ৰাইজে কাষতে এটি নামঘৰ সাজি নাম-প্ৰসঙ্গ কৰিবলৈ লৈছে। মন্দিৰৰ সন্মুখত এটি নামঘৰ প্ৰতিষ্ঠাৰ বাবেও খুঁটা পুতি থোৱা আছে। অসম প্ৰত্নতত্ত্ব বিভাগ, অসম চৰকাৰ আৰু স্থানীয় লোকৰ চেষ্টাত এই স্থাপত্য-ভাস্কৰ্যশৈলী সযত্নে ৰক্ষা কৰিব পাৰিলে পৰ্যটকৰ আকৰ্ষণৰ স্থলী হৈ পৰিব। অন্যথা এই প্ৰাচীন মন্দিৰটি ধবংসৰ গৰাহত পৰিবলৈ বেছি দিন নাই। আমাৰ আশা এই কাম অতি শীঘ্ৰে কাৰ্যকৰী হ’ব।«

(সহৃদয় কোনো পাঠকে মাঘনোৱা দ’ল আৰু বৰকালিকা থানৰ আলোকচিত্ৰ আমালৈ প্ৰেৰণ কৰিলে প্ৰেৰকৰ নাম উল্লেখেৰে সেই চিত্ৰ এই প্ৰবন্ধৰ সৈতে সংযোগ কৰা হ’ব। আমালৈ আলোকচিত্ৰ প্ৰেৰণৰ ঠিকনা- photos@nilacharai.com — সম্পাদক, নীলা চৰাই)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz