লিখন নীল কোঁৱৰৰ কবিতা

অনুভৱী হিয়াৰ ডুখৰীয়া টোকা

১.
বতাহ হোৱা হ’লে উৰি গৈ পৰিলোহেঁতেন
তোমাৰ হিয়াৰ বহল পুখুৰীত
(ঢৌ খেলা তোমাৰ হিয়া, ইমান ধুনীয়া!)
আউল-বাউল কৰি তোমাৰ মেঘালী চুলি
জিৰ জিৰ কৈ কঁপি থাকিলোহেঁতেন
তোমাৰ কোঠাৰ নীলা পৰ্দাত

২.
এদিন জুখি চাম
তোমাৰ পৰা মোলে’ কিমানদূৰ বাট
এহাত নে দুহাত
চকুৰ সুৰংগেৰে জুমি চাম
তোমাৰ আলফুল হিয়াৰ ৰ’দালি
এচামুচ মৰম বিচাৰি ৰৈ থাকিম,
ৰৈ থাকিম তোমালোকৰ পাকঘৰত মেকুৰী হৈ
(তুমি গমকে নেপাবা আৰু খেদি পঠাবা মোক!)

৩.
বৰষুণে ভায়’লিন বজায়
মোৰ ঘৰৰ টিনৰ ছালিত— কিন কিন
মোৰ হিয়াতো বাজি থাকে
তোমাৰ হাঁহিৰ ভায়’লিন— খিল খিল
খিল খিলনিয়ে হুৰাই দিয়ে
বিষণ্ণ চৰাইজাক— তোমাৰ ভায়’লিনীয়া হাঁহিক ধন্যবাদ !

৪.
ক’ত বাৰু পায় মৰমৰ সঁহাৰি
ৰ’দ জলমল নিষ্পাপ ধেমালি
জীৱনৰ দিকচৌ বাট
মোৰ দুহাতত তোমাৰ দুহাত
যুটীয়া হিয়াত আমাৰ
সান্ধ্য পৃথিৱীক ভালপোৱাৰ এজাক নিবিড় জোনাক

৫.
মোৰ ৰাতিপুৱালে’
কিচিৰ মিচিৰ কৈ সোমাই আহে
কোমল ৰ’দালিজাক,
বহলাই বহি সিঁচি দিয়ে
ৰাশি ৰাশি ভালপোৱাৰ জ্যোতি
চৌদিশে এতিয়া পোহৰৰ উত্‍সৱ
অনুভৱৰ উমাল কোঁহত
সঁজাল ধৰে এডৰা সেউজীয়া শইচৰ জীপাল সপোন।

«

নৈপৰীয়া ছোৱালীজনী

নৈপৰীয়া ছোৱালীজনী,
ক’ত লুকুৱালি তোৰ ৰঙাচিঙা লাজ!
তোৰ আশাৰ উজনি পানচৈ মেলি দে,
মেলি দে তোৰ আঁচলত লুকাই থোৱা
সপোনৰ চৰাই নৈৰ শুকুলা বালিচাপৰিত।
তোৰ নিখুঁত জ্যামিতিক কঁকালৰ উপবৃত্তত
মোৰ উতলা মনটো লিপিত খাই থাকে
পানীকলহ হৈ
(আঁকৰী তই গম নাপাৱ)।

নৈপৰীয়া ছোৱালীজনী,
মোৰ বোকা-পথাৰতো
তোৰ লখিমী হাতৰ ন-ভূঁই বাঢ়িছে
লহপহকৈ ভালপোৱা হৈ
তই জনা-নজনাকৈ!

নৈপৰীয়া ছোৱালীজনী,
আশী সূতাৰ এযোৰ মেখেলা-চাদৰৰ ভাঁজত
তই নজনাকৈ, তই গম নোপোৱা কৈ
শুই আছে আই-পিতাইৰ বোৱাৰী আশা

নৈপৰীয়া ছোৱালীজনী,
শুনিছ নে তই, শুনিছ নে?
পিতায়ে পথাৰক ভালপোৱাৰ দৰে
আৰু নদীয়ে পানীক
ভাল পাওঁ তোৰ ৰিহাৰ আঁচলত
আঁটি আঁটি বান্ধি থোৱা ৰঙা-চিঙা লাজক
জাননে, আইৰ বুকুৰ বিষটোৱে কেঁকাই থাকে
ওৰেৰাতি মোৰ অসহায় কলিজাত;
শুশ্ৰূষাৰ ’মুভ’ ঘঁহি-পিহি মমতাময়ী মালিচ দিবলে’
নৈপৰীয়া ছোৱালীজনী,
তোকে কৈছোঁ— অঁ, তোকে কৈছোঁ,
আহিবি নেকি? গুচি আহ!
নৈপৰীয়া মোৰ মাটি তাকৰীয়া
ইকৰা-খাগৰিৰ পঁজালে’
একেবাৰে।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

লিখন নীল কোঁৱৰ

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰী চাবুৱা

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz