লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়াত লিখিলেও সাধুকথাবোৰ সমগ্ৰ বিশ্ববাসীৰে উপযোগী

img[ অধ্যাপক শশী শৰ্মা ]

আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠা কৰা সাহিত্যিক হ’ল লক্ষ্মীনাথ বেজবৰুৱা। জগত বিখ্যাত প্ৰাচ্যবিদ পণ্ডিত ড. সুনীতি কুমাৰ চোট্টোপাধ্যায়ৰ ভাষাত— ‘‘সাহিত্যৰ এনে এটা দিশ নাই, য’ত বেজবৰুৱাই হাত দিয়া নাছিল আৰু এনে এটা দিশ নাই, য’ত হাত দি তেওঁ সফলতা লাভ কৰা নাছিল।’’ (Dr. S.K. Chetterjee, Lakhminath Bezbaruah, The Sahittyarathi of Assam, Gauhati University, P. 1) ড. চট্টোপাধ্যায়ৰ এই কথা আখৰে আখৰে সত্য। সঁচা কথা যে আধুনিক সাহিত্যৰ প্ৰতিটো দিশতে বেজবৰুৱাই হাত দিছিল আৰু সফলতাও লাভ কৰিছিল। তেওঁ কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, সমালোচক; তেওঁ হাস্য-ব্যঙ্গ সাহিত্যিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, কাৰ্টুনিষ্ট, সাংবাদিক; তেওঁ আধুনিক যুগত শঙ্কৰ-মাধৱৰ পুনঃ প্ৰতিষ্ঠাতা আৰু তেওঁ শিশু সাহিত্যিক তথা সাধুকথাৰো পোন প্ৰথম সংগ্ৰাহক-সম্পাদক। গতিকে একেআষাৰে ক’ব পাৰি যে তেওঁ আধুনিক অসমীয়া সাহিত্যত কি নহয় বা কি কৰা নাই!

imgতেওঁৰ এই বিপুল পৰিমাণৰ ৰচনাৱলী এফলীয়াকৈ এৰি মাথোঁ শিশু-সাহিত্য— সাধুকথাসমূহৰ বিষয়েহে দু-আষাৰ আলচিব বিচাৰিছোঁ। তেওঁ সংগ্ৰহ কৰি সম্পাদনা আৰু প্ৰকাশ কৰা সাধুকথাৰ সঙ্কলন মুঠ তিনিটা— ১। বুঢ়ী আইৰ সাধু ২। ককাদেউতা আৰু নাতি ল’ৰা আৰু ৩। জুনুকা। এই সংকলন তিনিটাত প্ৰকাশ পাইছে মুঠ ৭১টা সাধু। ‘জুনুকা’ত ১০টা, ‘বুঢ়ী আইৰ সাধু’ত ৩১টা আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’ত ৩০টা। এই সাধুবোৰ বেজবৰুৱাৰ মৌলিক বা স্বৰচিত নহয়, পৰম্পৰা আৰু মুখে মুখে প্ৰৱাশিত লোক-সাধুহে। আনকি সাধুবোৰ তেওঁ নিজে সংগ্ৰহ কৰাও নাই। তেওঁ নিজে মুকলি মনে স্বীকাৰ কৰি গৈছে যে সাধুবোৰ তেওঁৰ বন্ধু ৰোষেশ্বৰ শৰ্মা, মহীচন্দ্ৰ বৰা, ৰুদ্ৰকান্ত গোস্বামী, যদুনাথ শৰ্মা, ৰাধাকান্ত মহন্ত, হলধৰ ভূঞা, হৰিনাৰায়ণ বৰুৱা, লোকনাথ দাস, মেঘনাথ ডেকা, কৃষ্ণানন্দ শৰ্মা, সীতানাথ শৰ্মা, মহীধৰ শৰ্মা, ভোগৰাম দত্ত আৰু উপেন্দ্ৰনাথ বৰুৱা প্ৰমুখ্যে নানাজনে সংগ্ৰহ কৰি দিছিল। বেজবৰুৱাই ‘জুনুকা’ আৰু ‘বুঢ়ী আইৰ সাধু’ৰ পাতনিত নিজে উল্লেখ কৰি গৈছে যে একো একোটা সাধু কেবাজনৰো পৰা ভিন ভিন ৰূপত পাইছিল। আৰু সাধুকথাবোৰ তেওঁ নিজে যুকিয়াই নতুনকৈ লিপিবদ্ধ কৰিছিল। সেই কাৰণে ক’ব পাৰি যে সাধুবোৰৰ বক্তা যেন বেজবৰুৱা নিজেই হৈ পৰিছে।

সাধাৰণতে সাধুৰ বক্তাৰ স্থান-কাল অজ্ঞেয়। সাধু বিশেষৰ পোন প্ৰথম বক্তা কোনো এজন বিশেষ বক্তাই। হয়তো সেই বক্তাগৰাকীয়ে তেওঁৰ নিজৰ জনগোষ্ঠীটোৰ আগত সাধুটো কৈছিল। হয়তো সাধুটোৰ শ্ৰোতাসকলেও নিজৰ নিজৰ ৰুচি অনুসৰি সাধুটো আনৰ আগত ক’বলৈ লৈছিল। তাৰ ফলতে একো একোটা সাধুক ভিন ভিন ৰূপত পোৱা সম্ভৱপৰ হৈছে। তেতিয়াৰ দিনত ছপাশাল দূৰৰ কথা, আনকি লিপিৰেই উদ্ভৱ হোৱা নাছিল। কেৱল সাধুকথাই নহয়, ৰামায়ণ-মহাভাৰত আদি কাব্য বা মহাপুৰাণ আদিও বহু কালব্যাপী মুখে মুখেই পুৰুষৰ পিছত পুৰুষজুৰি প্ৰবাহিত হৈ আহি আছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ পণ্ডিতসকলৰ অনুমান যে এই সকলোবোৰ মহাগ্ৰন্থ খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ পৰা খ্ৰীষ্টিয় ২য় শতিকামানৰ ভিতৰত লিপিবদ্ধ হৈছিল। আন এটা বিশেষ উল্লেখেযাগ্য কথা এয়ে যে সাধুকথাকে যে ভিন ভিন ৰূপত পোৱা যায় অকল তেনে নহয়, বক্তাভেদে আৰু স্থানভেদে ৰামায়ণ আদিৰো ভিন ভিন ৰূপ। উত্তৰ-পূব ভাৰতৰ ৰামায়ণক গৌড়ীয় বোলা হয়। তেনেকৈ দাক্ষিণাত্যৰ ৰামায়ণ, মহাৰাষ্ট্ৰ অঞ্চল আৰু পঞ্জাৱ অঞ্চলৰ ৰামায়ণৰ ৰূপ ভিন ভিন। মৌখিক সাহিত্যৰ ক্ষেত্ৰত ইয়ে স্বাভাৱিক। সাধুকথাৰ বিচৰণভূমি অতি ব্যাপক, অতি বিশাল। সেয়ে সাধুকথাক আন্তৰ্জাতিক বুলি কোৱা হয়। আমাৰ অসমৰ জনপ্ৰিয় সাধু ‘তেজীমলা’লৈয়ে আঙুলিয়াব পাৰি। তেজীমলাৰ দৰে সাধু অসমৰ ভিতৰে-বাহিৰে অসংখ্য। ‘তেজীমলা’ত প্ৰকাশ পাইছে মাহীআইৰ লেৰেলা সাদৰৰ স্বৰূপ। ‘তেজীমলা’ৰ সদৃশ ভাব-চিন্তা সম্পন্ন সাধু অসমৰ ভিতৰে-বাহিৰে সমগ্ৰ বিশ্বব্যাপী বহু। অসমৰ ‘তুলা আৰু তেজা’, ‘চম্পাৱতী’; ‘নগা সাধু ‘হান্সবিলি’ আদি তেজীমলাৰ সদৃশ। অৱশ্যে ‘হান্সবিলি’ত মাহী আইৰ লেৰেলা সাদৰৰ সলনি পোৱা যায় প্ৰেমৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা উদ্ভৱ হোৱা হিংসা-ঘৃণাৰ বিষাক্ত ৰূপ। কিন্তু ‘হান্সবিলি’ৰ পৰিণতি হয় অবিকল তেজীমলাৰ মাহীমাকৰ দৰে। ফৰাচী দেশৰ সাধু ‘চিণ্ডেৰেলা’ৰ তেজীমলাৰ কাহিনীৰ লগত বৰ মিল। চিণ্ডেৰেলাও মাউৰী, মাহীআইৰ লেৰেলা সাদৰৰ উপৰি মাহীমাকৰ জীয়েক কেইলীয়েই চিণ্ডেৰেলাক চাকৰণীৰ দৰে ব্যৱহাৰ কৰে। তাইক মৰম কৰিছিল মাথোঁ ‘দেৱী মাকে’হে (God Mother)। এই দেৱী মাকৰ অনুগ্ৰহত তাই ৰাজকোঁৱৰে আয়োজন কৰা বল নাচত যোগ দিয়াৰ সুযোগ লভিলে। তাই ইমান ভাল নাচিলে আৰু যাদুৰ বলত ইমান ৰূপহী হ’ল যে ৰাজকোঁৱৰ তাইৰ প্ৰতি মুগ্ধ হ’ল আৰু তাইক বিয়া কৰালে। সিফালে মাহীমাকহঁত হিংসাত দেই-পুৰি মৰিল মাথোঁ। ‘তেজীমলা’ৰ লগত ভাব-চিন্তাৰ সাদৃশ্য থকা সাধু সমগ্ৰ পৃথিৱীব্যাপী অসংখ্য।

কিন্তু ই কেনেকৈ সম্ভৱপৰ হ’ল? তেতিয়াৰ দিনত প্ৰচাৰ বা প্ৰকাশ মাধ্যম নাছিল; তথাপি সাধুকথা আন্তঃৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয়, আনকি আন্তৰ্জাতিক হ’ল কেনেকৈ? কৃষিজাত পণ্যৰ ৰাহি উৎপাদন হোৱাৰ লগে লগে ব্যৱসায়-বাণিজ্যৰ উদ্ভৱ হৈছিল। আমাৰ দেশৰ ৰাহি উৎপাদন নাৱত ভৰাই আন ঠাইলৈ বা আন দেশলৈ বেহাবলৈ নিছিল। মাথোঁ এখন নাও বা ডিঙাৰে বাণিজ্যলৈ নগৈছিল। চান্দ সদাগৰেই চৈধ্যখন ডিঙাৰে বণিজ বেহোৱা কথা মনসা কাব্যত উল্লেখ আছে। সেই সামগ্ৰীবোৰ বেহোৱাত হয়তো বহুত দিন লাগিছিল। বণিকসকলে বেহাবলৈ যোৱা ঠাই বা দেশৰ ভাষা-সংস্কৃতিৰ লগত পৰিচিত হোৱাৰ সুযোগ পাইছিল। তেতিয়াৰ দিনত সাধুকথা আছিল অতি জনপ্ৰিয় সাংস্কৃতিক সম্পদ। আনকি সাধুকথাৰ আন্তৰ্জাতিক মঞ্চও গঢ় লৈ উঠিছিল বুলি জনা যায়। তেতিয়াৰ দিনত দোকান-পোহাৰ আদি নাছিল। কিন্তু খৰালি কালত দেশৰ সীমান্তত অনুষ্ঠিত হৈছিল মেলা। সেই মেলা গোটেই খৰালি কাল ব্যাপী বহিছিল। মেলাত সন্ধিয়াৰ পৰা আনন্দ-বিনোদনৰ অনুষ্ঠান আয়োজিত হৈছিল। সেই মঞ্চত সাধুকথা কোৱা আছিল স্বাভাৱিক ৰীতি আৰু তেনেকৈয়ে সাধুকথাই লাভ কৰিছিল বিৰাট ব্যাপ্তি।

এই প্ৰসংগতে সেই কাহিনীবোৰক সাধুকথা বোলা হ’ল কিয়, সেই কথাও স্বাভাৱিকতে উত্থাপন হ’বই। অসমীয়া লিখিত বা প্ৰকাশিত সাধুকথা পুথিৰ পোন প্ৰথম প্ৰৱৰ্তক পুৰুষ বেজবৰুৱাই ‘বুঢ়ী আইৰ সাধু’ৰ পাতনিত জানিবলৈ দিছে যে প্ৰতিটো সাধুতে কিবা নহয় কিবা শিক্ষণীয় সৎ কথা থাকেই আৰু সেই কাৰণেই বোলা হ’ল সাধুকথা। ই যুক্তিযুক্ত কথাই। ইয়াৰ উপৰি অসমত তেতিয়াৰ দিনত বণিক-সদাগৰসকলক বোলা হৈছিল সাধু। মনসা কাব্যৰ চান্দ সদাগৰলৈ লক্ষ্য কৰিলেই দেখা যায়, চান্দক বুলিছিল সাধু। চান্দ সদাগৰ কিন্তু সৎ বা সাধু নাছিল। চান্দৰ চাৰিত্ৰিক দুৰ্বলতা বহু। তথাপি চান্দক বোলা হৈছে সাধু। আনকি পত্নী সোনেকাক বোলা হৈছিল সাধুবৃথী। এই সাউদ-সদাগৰসকলৰ সম্পৰ্ক আছিল আন্তৰ্জাতিক। এই আন্তৰ্জাতিক সম্পৰ্কই সাধুকথাত আৰোপ কৰিছিল আন্তৰ্জাতিকতা। এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য দেশৰ সীমান্তত অনুষ্ঠিত পণ্যদ্ৰব্যৰ মেলাসমূহ। সেই মেলাসমূহ প্ৰকৃত অৰ্থতে আছিল আন্তৰ্জাতিক সাংস্কৃতিক মেলা। সেই মেলাত সকলো লোকৰে যোগদান কৰাৰ সুবিধা আছিল সঁচা, কিন্তু যোগদান কৰিছিল ঘাইকৈ বণিক-সদাগৰসকলেহে। সজ কথাৰ ভঁৰাল কাৰণে কাহিনী সাহিত্যিক সাধুকথা ৰূপে অভিহিত কৰা বুলি অনুমান কৰা কথা যুক্তিযুক্তই, কিন্তু বণিক-সদাগৰ অৰ্থাৎ সাধুৰ মুখে শুনা কথাকে সাধুকথা ৰূপে অভিহিত কৰা কথাও সমানে বিশ্বাসযোগ্য।

সাধুকথাবোৰৰ মাজেদি গ’লে স্পষ্ট উপলব্ধি হয় যে সাধুবোৰ প্ৰকৃতাৰ্থতে সজ কথা বা সত্য কথা। কিন্তু বহু সাধুৰ সামৰণিত সাধু কওঁতাই ‘নলৰ আগ চিচা, আমাৰ সাধুকথা মিছা’ বুলি সামৰে। ইয়াৰ কাৰণ কি? ইও কিন্তু অৰ্থহীন নহয়। অনুমান কৰিব পাৰি যে ইয়াৰ অন্তৰালত গূঢ়াৰ্থ নিহিত আছে। সাধুৰ বক্তাই সাধুটোৰ মাজেদি প্ৰায়েই সমাজ-প্ৰভুসকলক উলংগ কৰি দেখুৱাইছিল। অথচ সেয়া আছিল সামন্ত যুগ। সামন্ত প্ৰভুৰ দৌৰাত্ম্যৰ কাৰণে শ্ৰমকাৰী প্ৰজা জনগণে মুখৰ মাত হেৰুৱাব লগাত পৰিছিল। কিন্তু সাধুৰ বক্তাই পৰম হৰিষেৰে সাধুৰ মাজেদি প্ৰভু শ্ৰেণীক উলংগ কৰি দেখুৱাইছিল। সাধুৰ বক্তাই নজনা নহয় যে শ্ৰোতাসকলৰ মাজত হয়তো প্ৰভুসকলৰ দ্বাৰা নিয়োজিত চোৰাংচোৱাও আছিল। সেয়ে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰাৰ অৰ্থেই ‘সাধুৰ সকলো কথাই মিছা’ বুলি ঘোষণা দিব লগাত পৰিছিল। কিন্তু শ্ৰোতাসকলৰ অনেকেই হয়তো সেই ঘোষণাৰ তাৎপৰ্য অনুভৱ কৰিব পাৰিছিল। গতিকে সাধুৰ বক্তাৰ শ্ৰম অথলে যোৱা নাছিল। কিন্তু এই পৰিস্থিতিয়ে অনুভৱ কৰিবলৈ দিয়ে যে তাহানিৰ সেই কদৰ্যপূৰ্ণ পৰিৱেশতেই সাধুৰ বক্তাসকলে সাধু ক’ব লগাত পৰিছিল। বিপদৰ পৰা ৰক্ষা পোৱাৰ অৰ্থে সাধুৰ বক্তাসকলে কল্পনাময় ৰূপকৰ আশ্ৰয়ো লৈছিল। প্ৰাচ্য-পাশ্চাত্য উভয় জগতৰে সাহিত্য সমালোচকসকল একমত যে ৰূপকধৰ্মী সাহিত্য মানেই সুগভীৰ তাৎপৰ্যপূৰ্ণ বা প্ৰভাৱশালী। ভাৰতৰ ৰামায়ণ-মহাভাৰত, পুৰাণ-উপনিষদ প্ৰভৃতি আটাইবোৰ মহাগ্ৰন্থই ৰূপকধৰ্মী আৰু সেই কাৰণেই সিবোৰ অতি তাৎপৰ্যপূৰ্ণও,— ই বিশ্ববৰেণ্য সাহিত্যিক-সমালোচকসকলৰ দৃঢ় অভিমত। সাধুকথাৰ আন এটা বিশেষ মন কৰিব লগা দিশ হ’ল যাদু। প্ৰায় আটাইবোৰ সাধুকথাতেই যাদু মিশ্ৰিত থাকে। যাদুৰ এটা বিশেষ দিশ হ’ল ইচ্ছাশক্তি। প্ৰবল ইচ্ছাশক্তিৰ আগত সকলো অসম্ভৱেই সম্ভৱ হয় বুলি যাদুকৰসকলৰ দৃঢ় বিশ্বাস। যাদুয়ে সৃষ্টি কৰিছে বিজ্ঞানৰ। আজিৰ দিনৰ বিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে পদাৰ্থৰ বিনাশ নাই, ৰূপান্তৰহে আছে। এই সাধুবোৰৰ ভিতৰৰ কেবাটাও সাধু যাদুকেন্দ্ৰীক। এই ক্ষেত্ৰত ‘নিমাতী কন্যা’ সাধুটোলৈ আঙুলিয়াব পাৰি। পুত্ৰহীন ৰজাৰ সন্ন্যাসীৰ আশীৰ্বাদৰ বলত এজন এজনকৈ দুজনো পুত্ৰ জন্মিল। সন্ন্যাসীয়ে ৰজাক চৰ্ত দিছিল যে পুত্ৰ জন্মিলে এজন তেওঁক দিব লাগিব। পুত্ৰ জন্মিল যাদুৰ বলত অৰ্থাৎ প্ৰবল ইচ্ছাশক্তিৰ বলত আৰু এসময়ত সন্ন্যাসী আহি ৰজাৰ পৰা বৰ ল’ৰাক লৈ গ’ল। ৰাজকোঁৱৰক নি দেৱীৰ আগত সেৱা কৰোৱাৰ ছলেৰে বলি দিলে আৰু দেহৰ মঙহ কাটি-কুটি ভগাই-বটাই খালে। বৰকোঁৱৰ যোৱাৰ সময়ত এজোপা তুলসী ৰুই থৈ গৈছিল আৰু তুলসীজোপা লেৰেলিলে কোঁৱৰ বিপদত পৰা বুলি জানিব। সঁচাকৈয়ে তুলসীজোপা লেৰেলিল। সৰুকোঁৱৰ অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিত হৈ দাদাকৰ সন্ধানত ওলাল। এসময়ত সন্ন্যাসীৰ সন্ধান পালে। সন্ন্যাসীয়ে সৰুকোঁৱৰকো হত্যা কৰাৰ পাং পাতিছিল। কিন্তু চালাক-চতুৰ সৰুকোঁৱৰে সন্ন্যাসীক বধ কৰি অমৃতৰ কলহৰ পৰা অমৃত ছটিয়াই দি দাদাক আৰু অন্যান্য যুৱকসকলক জীয়াই তুলিলে। এই কাহিনীয়ে সঁচাকৈয়ে অনুভৱ কৰিবলৈ দিয়ে যে জীৱ-পদাৰ্থৰ বিনাশ নাই, ৰূপান্তৰহে আছে। সাধুটোত যাদুও নিহিত আছে। তুলসীজোপাৰ ক্ষেত্ৰতেই তাক অনুভৱ কৰিব পাৰি। তুলসীজোপা প্ৰকৃততে জীৱনৰ ৰূপক। জীৱন বিপদাপন্ন কাৰণে তুলসীজোপাও লেৰেলি গৈছিল, জীৱন বিপদামুক্ত হোৱাত তুলসীজোপাও সজীৱ হৈ উঠিল। তাতোকৈও ডাঙৰ কথা এয়ে যে আমাৰ জনগণৰ মানত তুলসী বৰ পৱিত্ৰ বস্তু। জীৱনো যেন বৰ পৱিত্ৰ আৰু মূল্যবান সম্পদ। এইবোৰ যাদুমিশ্ৰিত ৰূপকৰ উপৰি আৰু এটা মহৎ সত্য সাধুটোত নিহিত আছে। বিজ্ঞানীৰ স্পষ্ট ঘোষণা যে মানুহৰ দেহটোৰ ভিতৰত মূৰটো অতি মূল্যবান সম্পদ। কাৰণ মূৰত আছে মিস্তস্ক কোষ। সৰুকোঁৱৰে ভণ্ড সন্ন্যাসীক নিহত কৰাৰ পিছত তাত ওলমি থকা মূৰবোৰেহে অমৃতৰ কলহৰ সম্ভেদ দিছিল। ইয়াৰ মাজেদিও অনুভৱ কৰা যায় যে পদাৰ্থৰ বিনাশ নাই, ৰূপান্তৰহে ঘটে।

ভণ্ড সন্ন্যাসীৰ কাহিনী ‘নিমাতী কন্যা’ বোলা সাধুটোৰ এটা ভাগহে, নিমাতী এতিয়াও মঞ্চপটত ওলোৱাই নাই। নিমাতী অতি ৰূপহী, কিন্তু নাই মাত। নিমাতীক ঘেৰি আছে কিছুমান দানৱে। দানৱীয় পৰিৱেশত মানুহৰ মানৱীয় প্ৰবৃত্তিৰ বিকাশ ঘটিব নোৱাৰে। সৰুকোঁৱৰে সেই ৰাক্ষস-দানৱবোৰক নিধন কৰাৰ পিছত নিমাতীৰ মাত ওলাল। সৰুকোঁৱৰক নিমাতীয়ে স্বামী বৰণ কৰিলে। এই পৰম হৰ্ষেৰে সাধুটো সামৰা হৈছে।

যিসকল সাহিত্য-সমালোচকে সাধুকথাক মাথোঁ ব্যংগধৰ্মী আখ্যা দি অৱহেলা কৰে বা অৱহেলা  কৰি আহিছে, তেওঁলোকে যাদু আৰু ৰূপকৰ স্বৰূপ উপলব্ধি কৰিবলৈ সমৰ্থ হোৱাহেঁতেন এনে টুলুঙা মন্তব্য কেতিয়াও নিদিলেহেঁতেন। তেওঁলোকে সম্ভৱতঃ নজনা নহয় যে সাধুকথাৰ নিৰ্মাতাসকল আছিল অতি সাধাৰণ শ্ৰমকাৰী মানুহ, তেওঁলোক অনাখৰীতো আছিলেই, আনকি তেতিয়া আখৰ বা লিপিৰ উদ্ভৱেই হোৱা নাছিল। তেনে পৰিৱেশত তেওঁলোকে কোৱা সাধুৰ মাজেদি যি তাৎপৰ্যপূৰ্ণ ৰূপক আৰু যাদুৰ বিকাশ ঘটিছে, আজি জ্ঞান-গৰিমাৰ চূড়ান্ত বিকাশ ঘটা কালত সিবোৰ মাথোঁ গভীৰ চৰ্চা তথা গৱেষণাৰ বিষয়হে। সাধুকথাত টুলুঙা কথাইতো ঠাই পোৱা নায়েই, বৰং ঠাই পাইছে মানৱ আৰু মানৱতা বিষয়ক সুগভীৰ তাত্ত্বিক বিষয়েহে। বিশ্ববিদ্যালয়ৰ বৰ বৰ পণ্ডিতসকলে গভীৰ শ্ৰদ্ধাৰে এই কথা বিচাৰ কৰিবলৈ অভ্যস্ত নহয় মানে, শিক্ষা-সংস্কৃতিৰ সুবিকাশ ঘটিছে বুলিব নোৱাৰি।

এই সাধুবোৰ কোনে আৰু কেতিয়া ৰচনা কৰিছিল তাক আজি আৰু কোনেও সঠিকভাৱে ক’ব নোৱাৰে, মুখে মুখে বাগৰি কতকাল প্ৰবাহিত হৈ আহি আছিল আৰু সময়ৰ হাত বুলনিত কিমান ৰূপান্তৰ ঘটিছে তাকো সঠিকভাৱে কোনেও ক’ব নোৱাৰে, কিন্তু অনুভৱ হয় যেন এই সাধুবোৰ ব্যক্তি বিশেষৰ ৰচনা হৈও সি সমূহ জনগণৰ সৃষ্টিত পৰিণত হৈছে। এই জনগণ বিৰাট বিপুল বিশ্বৰ জনগণ আৰু সেই কাৰণেই ইবোৰ হ’ব পাৰিছে অনুপম সৌন্দৰ্য আৰু জ্ঞানৰ ভাণ্ডাৰ ৰূপে পৰিগণিত। আৰু সেই কাৰণেই জগত বৰেণ্য বাস্তৱবাদী সাহিত্যিক মেক্মিম গৰ্কীৰ সুৰত সুৰ মিলাই ক’ব পাৰি— ‘ব্যক্তিগত সৃজনী শক্তিৰ ফলত যদি অপূৰ্ব ৰূপে খোদিত মসৃণ ৰত্নৰাজি পাওহঁক, তেনেহ’লে সমষ্টিৰ পৰা জনগণৰ মাজত সৃষ্টি হৈছিল অমসৃণ হীৰাৰহে। শিল্পকৰ্ম ব্যক্তিৰেই, কিন্তু সৃজনশীলতাৰ জনক সমষ্টিহে।’ অৱশ্যে আমাৰ দেশত এই সমগ্ৰ লোক-কৃষ্টি-সংস্কৃতিৰ আধাৰ স্বৰূপ মূক জনগণক বিশিষ্ট ৰূপে সন্মানিত সকলে মানৱীয় স্বীকৃতি বা সন্মান জনাবলৈ অভ্যস্ত হৈছে বুলিব নোৱাৰি।

সাধুকথাৰ আন এটা বিচাৰ্য দিশ হ’ল অতি-প্ৰাকৃত সত্তা— ভূত-প্ৰেত আদিৰ উপস্থিতি। সেইবোৰৰ বিষয়ে আজিৰ দিনত বিজ্ঞানসন্মত বিচাৰৰ প্ৰয়োজন। আজিও পিতনি-দবাবোৰ আছে। সিবোৰৰ পৰা উদ্ভৱ হয় বিষাক্ত গেছ। সেই গেছৰ পৰা উদ্ভৱ হয় উকা বা ধনগুলৈ। আগৰ দিনত শ্মশানবিলাক ভূত-প্ৰেতৰ বাসস্থান ৰূপে জনাজাত আছিল। ব্যাপক জনগণৰ নাছিল আনুষ্ঠানিক শিক্ষা। অন্ধবিশ্বাস আৰু ভূত-প্ৰেতৰ ভয়ত সন্ত্ৰাসিত হৈ থাকিছিল। শ্মশানত মৃতদেহবোৰ গোটা গোটেই দলিয়াই পেলাই থৈছিল। পুৰিলেও আধাপোৰা হৈ থাকিছিল। আনকি কোনো কোনো কবৰখানাতো ভালকৈ কবৰ দিয়া হোৱা নাছিল। শিয়াল-কুকুৰে কবৰ খান্দি মৃতদেহ উলিয়াই খাইছিল। তেনে অৱস্থাত শ্মশান বা কবৰখানাত বিষাক্ত গেছৰ সৃষ্টি হৈছিল আৰু সেই বিষাক্ত গেছৰ কবলত পৰিলে মানুহৰ মৃত্যু ঘটা আছিল স্বাভাৱিক। সি ভূত নাছিল, সি আছিল বিষাক্ত গেছহে। সম্প্ৰতি মহা শ্মশানৰ ওপৰত নিৰ্মাণ হৈছে বিদ্যালয়, মহাবিদ্যালয় আনকি বিশ্ববিদ্যালয়ো। গতিকে ভূতৰ নাম-গোন্ধ নোহোৱা হ’ল। আজিৰ ল’ৰা-ছোৱালীক ভূত কি তাক জানিব দিয়া এক কঠিন বিষয়ত পৰিণত হৈছে। কিন্তু মন কৰিবলগা কথা এয়ে যে আজি নগৰ-চহৰ বা চহৰৰ উপপ্ৰান্তত ঘন পিতনিৰ সৃষ্টি হৈছে। সিবোৰত বিষাক্ত গেছৰ সৃষ্টি হয়। তদুপৰি যিবোৰ নিৰ্মাণ কাৰ্য চলি আছে, সিবোৰত অজ্ঞানতাবশতঃ অতিপাত ধোঁৱাৰ সৃষ্টি হয়। ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছোঁ পিতনিৰ গেছ আৰু অতিপাত ধোঁৱাৰ ফলত প্ৰচুৰ পৰিমাণে এঙাৰ গেছ সৃষ্টি হয় আৰু সিয়ে সৃষ্টি কৰে উকা বা ধনগুলৈৰ। সম্প্ৰতি পৃথিৱী ধ্বংসৰ মূল যি চাৰিটা উপাদানৰ কথা উল্লেখ কৰা হৈছে, সেইবোৰৰ প্ৰধান হ’ল ধোঁৱা, ধূলি, শব্দ আৰু উত্তাপ। আজিৰ শিশু বা কিশোৰৰ মানসিকতাত এনেবোৰ বিজ্ঞানসন্মত বিচাৰৰ উদ্ৰেক কৰা অতিশয় প্ৰয়োজনীয়। অৱশ্যে আধুনিক শিক্ষাৰ লগত অপৰিচিত বহু লোকৰ মনৰ পৰা ভূত-প্ৰেতৰ ভয় আঁতৰি নোযোৱা অস্বাভাৱিক নহয়।

সাধুকথাৰ বিষয়ে ক’ব লগা কথা বহুতেই আছে। তাৰ এটা হ’ল, বহু সাধুকথা আজিও ছন্দ বা পদ্যতেই আছে। যেনে— ফুলকোঁৱৰৰ সাধু, মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, মইনামতীৰ গীত, কমলা কুঁৱৰীৰ গীত ইত্যাদি আজিও পদ্য বা ছন্দতেই আছে। অৱশ্যে নিমাতী কন্যা আদি সাধু গদ্য মিশ্ৰিত পদ্যতহে পোৱা যায়। চিন্তাবিদসকলে জানে যে আদিম মানুহৰ মুখত মাত নাছিল। কিন্তু তেওঁলোকৰ চিত্তত কল্পনা-ভাবনা, চিন্তা আছিল। মাত ফুটাৰ লগে লগে সিবোৰ ছন্দত প্ৰকাশ পাবলৈ ল’লে। কালক্ৰমত বৈজ্ঞানিক চিন্তাৰ উদ্ৰেক হোৱাৰ পিছত পদ্যৰ ঠাই ল’লে গদ্যই। কিছুমান সাধুকথা কিন্তু পদ্যৰ ৰূপতেই আৱদ্ধ থাকিল বা পদ্য-গদ্য মিশ্ৰিত ৰূপ ল’লে। বেছি ভাবপ্ৰৱণ সাধুবোৰ থাকিল হয় সম্পূৰ্ণৰূপে পদ্যত বা পদ্য-গদ্যৰ মিশ্ৰিত ৰূপত। পদ্যত থকা বা পদ্য-গদ্য মিশ্ৰিত ৰূপত পোৱা সাধুবোৰ সমাজ অধ্যয়নৰ একো একোটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ অধ্যায়। কমলাকুঁৱৰীৰ সাধুত নাৰী জীৱনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ-নিৰ্যাতনৰ স্বৰূপ প্ৰকাশ পাইছে। ৰজাই পানীৰ কাৰণে পুখুৰী খন্দালে, কিন্তু পানী নাই। সৰুকুঁৱৰীক পুখুৰীত দান দিলে আৰু পানী ওলাল। সৰুকুঁৱৰীৰ ইননি-বিননি তেনেই হৃদয় বিদাৰক আৰু ৰজাৰ আচৰণ অমানৱীয়। আনহাতে জনা গাভৰুৰ গীতত আৰ্য-অনাৰ্যৰ সংঘাত বা বিৰোধৰ স্বৰূপ কিছু পৰিমাণে অনুভৱ কৰিব পাৰি। জনা গাভৰু ৰাণী। আৰ্য কোঁৱৰ গোপীচনৰ মানত ‘তিৰি হৈ ৰাজপাট খোৱা’ তাইৰ অপৰাধ। সি জনাক বিয়া কৰাবলৈ মন বান্ধিলে। কিন্তু মাকে প্ৰবল বাধাৰ সৃষ্টি কৰিছে। গোপীচনে তাৰ মিত্ৰ যাদুকৰ এজনৰ লগত গৈ জনাৰ সকলো চৰ্ত পূৰণ কৰি তাইক বিয়া কৰাই লৈ আহিল। অৰ্থাৎ জনাৰ আৰ্যীকৰণ হ’ল। আৰু তেতিয়া একেজনী গোপীচনৰ মাকৰ প্ৰশংসা— ‘অতিকৈ জিলিকে/ বালিত বালিচন্দা/ অতিকৈ জিলিকে সোণ,/ তাতোকৈ জিলিকে/ জনা যে গাভৰু/ যেন পূৰ্ণিমাৰ জোন’— ই আৰ্য-অনাৰ্যৰ সংঘৰ্ষৰ কালত ৰচিত গীত বুলি সহজেই অনুভৱ কৰিব পাৰি। আৰ্যৰ দৃষ্টিত অনাৰ্যবিলাক আছিল ৰাক্ষস-ৰাক্ষসিনী। ৰামায়ণৰ কাহিনীয়ে ইয়াৰ জ্বলন্ত স্বাক্ষৰ বহন কৰি আছে। গতিকে জনা গাভৰুৰ গীত ৰামায়ণৰ দৰে অতি পুৰণিয়ে হ’ব লাগে আৰু ৰামায়ণ যদি সত্য, জনা গাভৰুৰ কাহিনী অসত্য হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।

এনেদৰে বিচাৰ কৰিলে দেখা যায় যে সাধুকথাৰ মাজেদি গ’লে বৃহৎ সমাজ জীৱনৰ প্ৰায় সকলো দিশৰে সম্ভেদ পোৱা যায়। সমাজ অধ্যয়নৰ কাৰণে সাধুকথা এক বিশিষ্ট উপাদান। বিচাৰিব জানিলে সাধুকথাত নোপোৱা বস্তু একোৱেই নাই। আনকি ‘মেকুৰী জীয়েকৰ সাধু’ আদিৰ দৰে সাধুয়ে মনস্তত্বৰ ওপৰতো পোহৰ বিকিৰণ নকৰা নহয়। সৃষ্টিৰ কালত সাধুকথাৰ ৰচকসকল হয়তো শিশুৰ সদৃশ কল্পনাপ্ৰৱণেই আছিল। কিন্তু বহুকাল মুখ বাগৰি প্ৰবাহিত হৈ থকাৰ ফলত একো একোটা সাধুতেই সময়ৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। গতিকে সাধুকথাৰ নিৰ্দিষ্ট স্থান আৰু কাল নাই। সাধু বণিক-সদাগৰসকলে বিদেশৰ পৰা কঢ়িয়াই অনা বুলি অনুমান কৰাৰ যেনেকৈ থল আছে, সীমান্ত অঞ্চলত আয়োজিত মেলায়ো তেনেকৈ ন ন সাধু লাভ কৰাত সহায় কৰিছিল বুলি অনুমান কৰাৰো তেনেকৈ থল আছে। সাধুবোৰক আন্তৰ্জাতিক বুলি অনুমান কৰাৰ যেনেকৈ থল আছে, তেনেকৈ সাধুবোৰক সাৰ্বজনীন বুলি অনুভৱ কৰাৰো যথেষ্ট থল আছে। ইবোৰে শিশুৰ কল্পনাপ্ৰৱণ মনক আকৃষ্ট কৰাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ দৰে চিন্তাবিদ-সমাজতাত্ত্বিক পণ্ডিতৰ কাৰণে চিন্তা-চৰ্চা কৰাৰো যথেষ্ট থল আছে।

আন এটা বিশেষ মন কৰিবলগীয়া কথা এয়ে যে বেজবৰুৱা সম্পাদিত এই সাধুকথাৰ পুথিকেইখন প্ৰকাশৰ আগতে আধুনিক অসমীয়া সাহিত্যত প্ৰকৃত অৰ্থত শিশু সাহিত্য বুলিবলৈ আন একো পুথিয়েই প্ৰকাশ হৈ ওলোৱা নাছিল। হেমচন্দ্ৰ বৰুৱাৰ ‘আদিপাঠ’, পানীন্দ্ৰ নাথ গগৈৰ ‘ল’ৰাপাঠ’ আদিকহে তেতিয়া শিশু সাহিত্য বোলা হৈছিল। তেনেবোৰ পুথি শিশুৰ উপযোগী আছিল সঁচা, কিন্তু তাত কোনো ৰসাল কাহিনী নাছিল। বেজবৰুৱাই প্ৰকাশ কৰি উলিওৱা সাধুকথাৰ পুথিকেইখন শিশুৰো উপযোগী, আনহাতে চিন্তাশীল বয়সস্থসকলৰ কাৰণেও তাত আছে চিন্তা-গৱেষণাৰ সমল। অথচ ইবোৰৰ প্ৰকৃত ৰচক কোনো অজ্ঞাতনামা, হয়তো অনাখৰী ব্যক্তি বা ব্যক্তিৰ সমষ্টি। আমাৰ দৃষ্টিত সিয়ে হ’ল সাধুকথাৰ অন্যতম প্ৰধান আকৰ্ষণ। অনাখৰী বা অখ্যাতনামা লোকৰ বৈশিষ্ট্যপূৰ্ণ জীৱন বীক্ষাৰ চানেকি হ’ল সাধুকথাবোৰ। সাধুকথাত এনে ৰূপকৰ সমাবেশ ঘটিছে যে তাৰ তাৎপৰ্য অনুধাৱন কৰা হয়তো আধুনিক উচ্চ শিক্ষাৰে শিক্ষিত কোনো কোনো ব্যক্তিৰ কাৰণে অসম্ভৱ হ’লেও আচৰিত হ’ব লগা একো নাই।

বেজবৰুৱা ঊনবিংশ শতিকাৰ ভাৰতীয় নৱজাগৰণৰ অন্যতম মহান সৃষ্টি। নৱজাগৰণৰ স্বৰূপ বা তাৎপৰ্য উপলব্ধি কৰিবলৈ অসমৰ্থ লেখক, সমালোচকে বেজবৰুৱাৰো স্বৰূপ উপলব্ধি কৰাত ব্যৰ্থ। লেখক-সমালোচকে বেজবৰুৱাৰ গল্প, উপন্যাস, নাটক, কবিতা আদিৰ বিষয়ে বিভ্ৰান্তিকৰ মন্তব্য দাঙি ধৰি থকাৰ দৰে সাধুকথাক বাষ্পধৰ্মী বুলি কৈ অপৰাধ কৰি আছে। বঙালী প্ৰগতিবাদী লেখক ক্ষীৰেণ ৰয়ে বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকীৰ সময়ত ‘ভাৰতপন্থী বেজবৰুৱা’ বোলা আলোচনাত মুকলি মনে কৈছিল— ‘ৰবীন্দ্ৰনাথ বঙালী আৰু বঙালীত লিখিছিল সমগ্ৰ ভাৰতৰ কাৰণে, ঠিক তেনেদৰে বেজবৰুৱা অসমীয়া, অসমীয়াত ৰচনা কৰিছিল সমগ্ৰ ভাৰতৰ কাৰণে।’ এই মহান অভিধাৰ প্ৰতি শ্ৰদ্ধা জনাই, সাধুকথাৰ ক্ষেত্ৰত আৰু এখোপ আগবাঢ়ি গৈ ক’ব পাৰি যে অসমীয়াত লিখিলেও সাধুকথাবোৰ সমগ্ৰ বিশ্ববাসীৰ উপযোগী। ভাৰতীয় নৱজাগৰণৰ প্ৰভাৱে আলোড়িত যিকোনো লেখক-সমালোচকে স্বীকাৰ কৰিব যে বেজবৰুৱাই অসমীয়াত প্ৰকাশ কৰা বা কৰোৱা সাধুকথাবোৰ সমগ্ৰ বিশ্বৰ সাধুকথাপ্ৰেমী লেখক-সমালোচকসকলৰ কাৰণেও সমানে উপযোগী। নৱজাগৰণৰ চেতনাৰে আলোড়িত বেজবৰুৱাই সামান্য, সাধাৰণ, অনাখৰী আৰু অখ্যাতনামা লোকৰ সৃষ্টি সাধুকথা সোণ-ৰূপৰ পানী ছটিয়াই পঢ়ুৱৈ সমাজৰ হাতে হাতে তুলি দিছিল আজিৰ পৰা এশবছৰ আগতেই।«

অংকনঃ সুজিত দাস

নীলা চৰাই . ফেব্ৰুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

3 Comments on "লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়াত লিখিলেও সাধুকথাবোৰ সমগ্ৰ বিশ্ববাসীৰে উপযোগী"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Dr. Bhupendra Kumar Saikia
Guest
Dr. Bhupendra Kumar Saikia

সাধুকথাৰ ওপৰত  মনোগ্ৰাহী বিশ্লেষণ – পঢ়ি সুখানুভূতি হ'ল৷

trackback

[…] ভঁৰাল স্বৰূপ। আমাৰ অতি মৰমৰ ‘বুঢ়ী আইৰ সাধু’ৰ দৰে আন আন ভাষাতো প্ৰচলিত […]

trackback

[…] ভঁৰাল স্বৰূপ। আমাৰ অতি মৰমৰ ‘বুঢ়ী আইৰ সাধু’ৰ দৰে আন আন ভাষাতো প্ৰচলিত […]

wpDiscuz