লক্ষ্মণ কুমাৰৰ কবিতা

অনুভৱ

সেমেকা ৰ’দ, শীতল ছাঁ
বুকুত বলিছে
ভালপোৱাৰ এজাক মলয়া
সমাধিৰ ভিতৰত
নোৱাৰি থাকিব আৰু শুই!
সাৰ পাই দেখোঁ—
সেউজীয়া হেৰুওৱাৰ বেদনা
বুকুত লৈ
বতাহত ওপঙিছে
অসংখ্য সৰাপাত।

শিমলু তুলাৰ দৰে
এই মন
নামানে একোৱেই বুজনি
মাথোঁ উৰিব খোজে
ধূলিত সপোন আঁকি
ভালপোৱাৰ মৰিচীকা
খেদি ফুৰি।

সময়ে কয়—
দুখৰ নৈত উটি
হেৰাই নাযাবি
জীৱন মৰুভুমিত
সুখৰ মৰিচীকা
খেদি ফুৰাতেই
আছে জীয়াই থকাৰ আমেজ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz