লিপিবদ্ধ ‘অসম-অসমীয়া’ শব্দৰ উদ্ভৱৰ সন্ধানত

প্ৰকাশ: ১৫ মাৰ্চ, ২০১২ | অন্তিম সম্পাদনা: ৫ জানুৱাৰী, ২০১৮

bixex nibandha1“মহাপুৰুষ শঙ্কৰদেৱক বা ৰুদ্ৰসিংহ স্বৰ্গদেৱক অসমীয়া ভাষা কোনটো বুলি প্ৰশ্ন কৰা হ’লে সিসকল বিমোৰত পৰিলেহেঁতেন।”— এয়া ড. মহেশ্বৰ নেওগদেৱে ‘অৰুণোদই ১৮৪৬-১৮৫৪’ সংকলনৰ ভূমিকাত লিখা কথা। শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হয় ১৫৬৮ চনত আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকাল আছিল ১৬৯৬ চনৰ পৰা ১৭১৪ চনলৈকে। সেয়ে হয়তো ৰত্নেশ্বৰ বসুমতাৰীদেৱে লিখিছে— “আজিৰ পৰা তিনিশ ষাঠি বছৰৰ আগলৈকে প্ৰাচীন কামৰূপত অসম আৰু অসমীয়া জাতি বুলি কোনো বুৰঞ্জীপ্ৰসিদ্ধ জাতি আৰু ঠাই নাছিল।” (অসমীয়া জাতি আৰু সংস্কৃতি— সমন্বয়, সংমিশ্ৰণৰ জাতি আৰু সংস্কৃতি: ‘অসম সমস্যাৰ ৰূপৰেখা’, ২০০৭)।

আনহাতে ড. প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ কথাত— “বহুতৰেই ধাৰণা, আহোমসকলে ইয়াত পদাৰ্পণ কৰাৰ লগে লগেই ঠাইখনৰ নাম অসম হ’ল।… অসমৰ থলুৱা বাসিন্দাই টাই ভাষা-ভাষীসকলক বহিৰাগত হেতুকে তেওঁলোকক বুজাবলৈ আহোম [ন+স (সো) ম] নামৰ প্ৰচলন কৰাটোহে নিশ্চিত।” (ভৌগোলিক অৱস্থান: ৰাজনৈতিক ভূগোল, ‘অসমীয়া জাতিৰ ইতিবৃত্ত’, ১৯৭৪)। অৱশ্যে ‘অসম’ শব্দৰ উদ্ভৱৰ অন্য এটা ব্যাখ্যাও পোৱা হয়। অসমৰ আধুনিক ৰাজনৈতিক বুৰঞ্জীৰ গৱেষক, বিশিষ্ট প্ৰবন্ধকাৰ ড. নিৰোদ কুমাৰ বৰুৱাৰ কথাত— “১৩শ শতিকাৰ আগভাগত যেতিয়া পূবৰ পাটকাই পৰ্বত পাৰ হৈ গৈ শান আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ-পূব দিশত থিতাপি ল’লে, তেতিয়া সেই সময়ৰ (আৰু এতিয়াৰো) উপত্যকাৰ সংখ্যাবহুল আৰু বহু প্ৰভাৱী জনগোষ্ঠী বড়োসকলে আহোম বসতিৰ অঞ্চলটোক তেওঁলোকৰ ভাষাৰে ‘হা শ্যাম’, অৰ্থাৎ শ্যাম বা শানসকলৰ বসতি ভূমি বুলিলে।… সেই ‘হা শ্যামে’ই যে আসাম হ’লগৈ তাক সহজে অনুমান কৰিব পাৰি।” (প্ৰান্তিক, ১৬ আগষ্ট, ২০০৭)।

মন কৰিবলগীয়া যে কেইবাটাও শতাব্দী ধৰি অসম/ আসম শব্দটো প্ৰান্তক বুজাবলৈ নহয়, বিশেষ জনগোষ্ঠীক বুজাবৰ কাৰণেহে ব্যৱহাৰ কৰা হৈছিল। সেই অৰ্থতে লিপিবদ্ধ হৈছিল শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাত— “কিৰাত কছাৰী=খাচি গাৰো মিৰি=যৱন কঙ্ক গোৱাল। আসম/ অসম মলুক=ধোবা যে তুৰুক=কুমাৰ ম্লেছ চাণ্ডাল।।৫৩।।” [শ্ৰীমদ্ভাগৱত, দ্বিতীয় স্কন্ধ, ৰচনা কাল ১৫৪৩-১৫৬৮ (Maheswar Neog, Literary Works of Sankardeva, Essays on Sankardeva, Ed. 1996)] মন কৰিবলগীয়া যে হৰিনাৰায়ণ দত্তবৰুৱা আৰ ড. নবীন চন্দ্ৰ শৰ্মাৰ দ্বাৰা সম্পাদিত পুথি দুভাগত ‘অসম’ আৰু ড. কেশৱানন্দ দেৱ গোস্বামীৰ দ্বাৰা সম্পাদিত ভাগৱতত ‘আসম’ শব্দৰ ব্যৱহাৰ হৈছিল। সেই একে অৰ্থতে ‘আসম/ অসম’ শব্দ লিপিবদ্ধ হৈছিল মহাপুৰুষ মাধৱদেৱ (১৪৮৯-১৫৯৬)ৰ নামঘোষাত— “হৰি নামে নাহিকে নিয়ম অধিকাৰি। ৰাম বুলি তৰে মিৰি আসম/ অসম কছাৰি।।৫০১।।” (ৰচনা কাল ১৫৪০-১৫৯৬)। ইয়াতো হৰিনাৰায়ণ দত্তবৰুৱাৰ দ্বাৰা সম্পাদিত নামঘোষাৰ নিচিনাকৈয়ে মেদিনী চৌধুৰীৰ পাতনি সম্বলিত বদন চন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত পুথিভাগত ‘অসম’ ব্যৱহাৰ হৈছে। আনহাতে ড. কেশৱানন্দ দেৱ গোস্বামী আৰু নাৰায়ণ চন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত পুথি দুভাগত ‘আসম’ ব্যৱহাৰ হৈছে।

দৈত্যাৰি ঠাকুৰৰ দ্বাৰা ৰচিত ‘গুৰু চৰিত’ত [ৰচনা কাল প্ৰায় ১৬২০ (S N Sarma, Sankardeva: An Introduction, Essays on Sankardeva, Ed. 1996)] ‘অসম ৰাজ্য’ শব্দৰ ব্যৱহাৰ হয়— “কতো আছে হাজো=দক্ষিণ কূলত=কতো বৰ নগৰত। কতো বৰপেটা=অসম ৰাজ্যত=কতোহো কালজাৰত।।১৫৭৫।।” গুৰু দুজনাৰ সৰ্বপ্ৰথম চৰিতকাৰ ৰূপে স্বীকৃত দৈত্যাৰি ঠাকুৰ নিঃসন্দেহে গুৰু দুজনাৰ দৰেই ‘আহোম ৰাজ্য’ৰ অৰ্থতে ‘অসম ৰাজ্য’ৰ প্ৰয়োগ কৰিছিল।

ড. সূৰ্যকুমাৰ ভূঞাদেৱে তেখেতৰ গৱেষণা গ্ৰন্থ ‘Anglo-Assamese Relation 1721-1826’-অত গ্লেনিয়াছ (Glanius)-অৰ ১৬৮২ চনত প্ৰকাশিত ‘A Description of an Unfortunate Voyage to the Kingdom of Bengala’ নামৰ পুথিত ‘Assam’ নামটো লিপিবদ্ধ হৈছে বুলি উল্লেখ কৰিছে। পিছে ৱাহিদ চালেহে ২৭ ছেপ্তেম্বৰ ২০০৮ সংখ্যা The Assam Tribune-অত প্ৰকাশ হোৱা তেখেতৰ ‘Whats in a Name’ নামৰ প্ৰবন্ধটোত বিভন্ন তথ্যপাতিৰে প্ৰতিপন্ন কৰিছে যে গ্লেনিয়াছৰ কিতাপখন প্ৰকৃততে Erans Van der Heiden নামৰ এজন নেডাৰলেণ্ডবাসী লোকৰ ডাটছ ভাষাত লিখা দিনলিপিৰ (১৬৭৫ চনত প্ৰকাশিত) অনুবাদহে। গ্লেনিয়াছে হিডেনৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ (হিডেনৰ) দিনলিপিখন ‘প্ৰথম পুৰুষ’ত অনুবাদ কৰি প্ৰকাশ কৰিছিল। বঙ্গোপসাগৰত জাহাজ বুৰাৰ পাছত মিৰজুমলাৰ ফৌজত ভৰ্তি হৈ ১৬৬২ চনত অসমত যুদ্ধ কৰিবলৈ অহা সৈনিকজন গ্লেনিয়াছ নাছিল, হিডেনহে আছিল। মূল দিনলিপিখনৰ কেইবাঠাইতো ‘Assam’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। বিশেষকৈ তাৰ লগতে যোগ কৰা ১৬৬১ চনত অঁকা বেংগলৰ মেপখনত Assam নামৰ ভূখণ্ডকো নিৰ্দিষ্ট কৰা হৈছিল। ১৭৯২ চনত কেপ্তেইন ৱেলছৰ লগত অহা জনৈক চিকিৎসক জন পিটাৰ ৱেডে Geographical Sketch of Assam প্ৰস্তুত কৰি ১৭৯৬ চনত প্ৰকাশৰ কাৰণে ইংলেণ্ডলৈ পঠাইছিল। সেইখনেই সম্ভৱতঃ ব্ৰহ্মপুত্ৰৰ গতিপথ তথা অসমৰ প্ৰথম নিৰ্ভৰযোগ্য ভূগোল আছিল (Dr Arun C Bhuyan, Facets of Assam History, 2003)।

ঊনবিংশ শতাব্দীৰ প্ৰথম ভাগত আমাৰ প্ৰান্ত, জাতি আৰু ভাষাৰ নাম বিভিন্ন ৰূপে লিপিবদ্ধ হৈছিল। ১৮১০ চনত ৰুচিনাথে (কামৰূপী?) প্ৰস্তুত কৰা প্ৰথম সংস্কৃত-অসমীয়া-কামৰূপী ভাষাৰ শব্দকোষখনৰ পাণ্ডুলিপিত অসমীয়া নহয়, আসামী ভাষা বুলিহে উল্লেখ কৰা হৈছে (ড. দেৱব্ৰত শৰ্মা, প্ৰান্তিক, ১ আগষ্ট ২০০৮)। ১৮১৩ চনত প্ৰকাশ হোৱা প্ৰথম অসমীয়া ছপা কিতাপ শ্ৰীৰামপুৰীয়া বাইবেলৰ ‘নতুন নিয়ম’ (‘ধৰ্মপুস্তক’ অন্তভাগ)ত ভাষাটোক ‘অহমীয়া মাত’ বোলা হৈছিল। হলিৰাম ঢেকিয়াল ফুকনে (১৮০২-১৮৩২) ১৮২৯ চনত বাংলা ভাষাত ‘আসাম বুৰঞ্জী’ প্ৰণয়ন কৰে। ১৮৩৩ চনত প্ৰকাশ হোৱা অসমীয়া অল্ড টেষ্টামেণ্টৰ শীৰ্ষ পত্ৰত ছপা হৈছিল— “The holy Bible translated from the original tongues into the Assamese language by Serampore missionaries. ধৰ্মপুস্তক আদিৎ যি যি মাতেৰে লিখিত আচিল তাৰ পৰা অহমীয়া মাতেৰে তৰ্জমা কৰা হ’ল। শ্ৰীৰামপুৰৎ ছাপ দিলে। ১৮৩৩।” কাশীনাথ তামুলী ফুকনে (১৮১০-১৮৭০) পুৰন্দৰ সিংহ স্বৰ্গদেৱৰ নিৰ্দেশত ‘আসাম বুৰনজি’ পুথি প্ৰণয়ন কৰি ১৮৪৪ চনত সম্পূৰ্ণ কৰে। হৰকান্ত মজিন্দাৰ বৰুৱাই তামুলী ফুকনৰ বুৰঞ্জীখনকে আধাৰ কৰি অলপ বাহুল্যৰে ‘আসাম বুৰঞ্জী’ প্ৰণয়ন কৰিছিল।

মন কৰিবলগীয়া যে উপৰ্যুক্ত তিনিওখন বুৰঞ্জী পুথিতে ‘আসাম’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। আনহাতে মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱাই (১৮০৬-১৮৫৮) ১৮৩৮ চনত সম্পূৰ্ণ কৰা বুৰঞ্জীখনৰ নাম হ’ল ‘বুৰঞ্জি বিবেকৰত্ন’ (২য় খণ্ড)। ২৩০ পৃষ্ঠাৰ ‘বুৰঞ্জি’খনত (ড. নগেন শইকীয়াৰ দ্বাৰা সম্পাদিত, মাৰ্চ ২০০২) মাত্ৰ শেষৰ ফালেহে ‘আসাম’ (পৃ. ২১৮), ‘আসাম মলুক’ (পৃ. ২১৯), ‘আসাম দেশ’ (পৃ. ২২৪) আৰু ‘আসামিয়া’ (পৃ. ২১৮) শব্দকেইটাৰ ব্যৱহাৰ কৰা হৈছিল। পুথিখনৰ প্ৰথম ভাগত ৰাজ্যখনক বুজাবলৈ ‘এতদ্দেশ’, ‘আমাৰ দেশ’, ‘এদেশে’ জাতীয় শব্দহে ব্যৱহাৰ হৈছিল। অৱশ্যে ‘আহোম’ অৰ্থত ‘দেওধাই বাইলুঙ্গেৰ প্ৰমাণ আসাম শাস্ত্ৰ’ তথা ‘আসাম ৰাজা’ শব্দৰো ব্যৱহাৰ হৈছিল। দেৱান ডাঙৰীয়াই ‘জাতি নিৰ্ণয়’ত ‘‘পাৰ্বতিক নগা ও ডফলা ও মিকিৰ ও মিৰি, মিচিমি ও আবৰ ও চিংফ ও ভোট ও অকা ও গাৰো এসকলকে’’ ধৰি ৩৯টা জাতিৰ হিচাপ দিছে। ১৮ নম্বৰত ‘আহোম’ৰ উল্লেখ আছে যদিও সামগ্ৰিক হিচাপে অসমীয়া বা আসামিয়াৰো নাম উল্লেখ হোৱা নাই।

আনহাতে ‘বুৰঞ্জি বিবেকৰত্ন’ প্ৰণয়ন হোৱাৰ আগতেই কলিকতীয়া বাংলা কাকতত ‘আসাম’ শব্দটো ব্যৱহাৰ হৈছিল। ১৮৩১ চনৰ জুলাই সংখ্যা ‘সমাচাৰ দৰ্পণ’ত ‘‘আসাম দেশে জ্ঞান বৃদ্ধি’’ নামৰ বাতৰি প্ৰকাশ হৈছিল। সেই চনৰে ১৫ অক্টোবৰৰ ‘সমাচাৰ চন্দ্ৰিকা’ত হলিৰাম ঢেকিয়াল ফুকনৰ ঠিকনাত ‘মুলুক আসাম’ বুলি প্ৰকাশ হৈছিল। ‘বুৰঞ্জি বিবেকৰত্ন’ প্ৰস্তুত হোৱাৰ পাছৰ বছৰতে (১৮৩৯) উইলিয়াম ৰবিনছনৰ ‘A Grammar of the Assamese Language’ প্ৰকাশ হৈছিল। সেই একে বছৰতে যাদুৰাম ডেকা বৰুৱাই (১৮০৯-১৮৭৭) তেওঁৰ হাতে লিখা ‘অসমীয়া-বাংলা’ (কোনো কোনোৰ মতে ‘বাংলা-অসমীয়া’) অভিধানখন জেনকিনছ চাহাবক দিছিল। জেনকিনছে তাকে শিৱসাগৰৰ আমেৰিকান বেপ্টিষ্ট মিছনক দিছিল। তাৰ আধাৰতে ড. মাইলছ ব্ৰনছনে তেওঁৰ অসমীয়া আৰু ইংৰাজী অভিধান (১৮৬৭) প্ৰস্তুত কৰিছিল। কিন্তু ডেকাবৰুৱাৰ মূল অভিধানখন কি হ’ল জনা নাযায়। সদৰামীনৰ দায়িত্বত থকা কালত ডেকাবৰুৱাই ব্যৱহাৰ কৰা মোহৰটো আছিল— ‘মোহৰ আদালত পঞ্জাৱতি মোকাম বিশ্বনাথ মলুক য়াচাম (দেৱকমল বৰুৱা, প্ৰান্তিক, ১ জুলাই ’০৬, পৃ. ৩৪)। তেওঁ ‘আশাম’ শব্দও ব্যৱহাৰ কৰিছিল বুলি জনা হয় (ধূৰ্জটি বৰুৱা, প্ৰান্তিক, ১৬ জুন ’০৮)। গতিকে ডেকাবৰুৱাৰ অভিধানত অসমিয়া/ অসমীয়া শব্দৰ প্ৰয়োগ নোহোৱাটোৱেই স্বাভাৱিক। আনহাতে ইতিমধ্যে ইংৰাজীত Assamese শব্দটোৱে খোপনি পুতি লৈছিল। ১৮৪১ চনত Harriet B L Cutter-অৰ ‘Brief Vocabulary in English and Assamese’ আৰু ১৮৪৮ চনত নাথান ব্ৰাউনৰ ‘Grammatical Notes of the Assamese Language’ প্ৰকাশ হৈছিল।

১৮৪৬ চনত নাথান ব্ৰাউনে আৰম্ভ কৰা প্ৰথম অসমীয়া আলোচনী ‘অৰুনোদই’ক আমাৰ প্ৰান্ত, জাতি তথা ভাষাৰ কাৰণে ব্যৱহৃত নামৰ (শব্দ) ক্ৰম পৰিৱৰ্তনৰ ইতিহাস বুলি ক’ব পাৰি। ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈকে অৰুনোদইৰ সম্পাদনাৰ দায়িত্ব অসমলৈ আহি অসমীয়া শিকা সাতগৰাকী ইংৰাজী ভাষী লোকে পালন কৰিছিল আৰু সেই কালছোৱাতে ভাষাৰো ক্ৰম পৰিৱৰ্তন ঘটিছিল। অৰুনোদইৰ সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধত (১৮৬০ চনলৈকে) ৰাজ্যখনক বুজাবলৈ ব্যৱহাৰ হৈছিল— অসম/ অসম দেস (নৱেম্বৰ ’৪৮, আগষ্ট ’৪৯, আগষ্ট ’৫০, মাৰ্চ ’৫৮ সংখ্যাত), অচম/ আচম দেস (ছেপ্টেম্বৰ ’৫১, আগষ্ট ’৫৩, নৱেম্বৰ ’৫৬), অচমিয়া দেশ (জানুৱাৰি ’৫৬), অসম দেশ (মাৰ্চ ’৫৮, মে’ ৬০)। জাতিটোক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল অসমিয়া/ অসমিয়া মানুহ/ লোক (জুন ’৪৭, নৱেম্বৰ ’৪৮, আগষ্ট ’৪৯, ছেপ্টেম্বৰ ’৫৭), আহোম (জানুৱাৰি ’৫৩), অসম মানুহ (আগষ্ট ’৪৯), অচমিয়া (এপ্ৰিল ’৫৪), অসমীয়া লোক (মে’ ’৬০)। তেনেকৈয়ে ভাষাটোক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল অসম কথা (আগষ্ট ’৪৯), অচমিয়া ভাসা/ কথা (ডিছেম্বৰ ’৫৬, মে’ ’৫৮), অসমিয়া ভাসা (জানুৱাৰি ’৫৮), অশমীয়া ভাষা (জানুৱাৰী ’৬০), অসমীয়া ভাষা (মে’ ’৬০)। মন কৰিবলগীয়া যে অৰুনোদয়ে ১৮৬০ চনৰ মে’ সংখ্যাত প্ৰথমবাৰৰ কাৰণে অসম, অসমীয়া লোক আৰু অসমীয়া ভাষা এই তিনিওটা শব্দৰে ব্যৱহাৰ কৰে।

আৰু পঢ়ক:  সমাজ জাতি আৰু মানুহ: বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিজ্ঞতাৰ প্ৰজ্ঞা

সম্পাদকৰ দৰেই অৰুনোদইৰ লেখকসকলেও ৰাজ্য, জাতি আৰু ভাষাটোক বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰিছিল। ইয়াত লেখকসকলৰ মাত্ৰ দুগৰাকী বিশেষ ব্যক্তিৰ কথাহে উল্লেখ কৰা হৈছে। তেখেতসকল হ’ল আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯) আৰু গুণাভিৰাম বৰুৱা (১৮৩৪-৯৪)।

ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ (২য়/ ৩য় ভাগ) ১৮৪৯ চনত মুদ্ৰিত হয় আৰু সেই চনৰে অক্টোবৰ সংখ্যা অৰুনোদইত পুথিখনৰ সমালোচনা প্ৰকাশ হয়। কিন্তু সেয়া ‘অসমীয়া’ নে ‘অসমিয়া ল’ৰা’ আছিল এটি বিতৰ্কিত বিষয়। ড. মহেশ্বৰ নেওগৰ কথাত কিতাপখনৰ ‘নামটোতেই লেঠা’। অৰুনোদইৰ সমালোচনাটোত ‘অসমিয়া’ বুলি প্ৰকাশ হৈছিল। সেয়ে হয়তো ড. নেওগে তেখেতৰ অৰুনোদইৰ ভূমিকাত লিখিছে ‘‘১৮৪৯ত ঢেকিয়াল ফুকনৰ ‘অচমিয়া/ অসমিয়া লৰাৰ মিত্ৰ’ ওলাইছিল। ১৮৫৬ চনৰ ডিছেম্বৰ সংখ্যা অৰুনোদইত ঢেকিয়াল ফুকনদেৱে প্ৰস্তুত কৰা অভিধানখনৰ কেইপৃষ্ঠামানৰ আৰ্হি কাকত প্ৰকাশ হৈছিল। তাৰ শিৰোনাম আছিল— ‘‘Specimen of forthcoming English and Assamese Dictionary. ইংৰাজি আৰু অসমিয়া যি অভিধান অলপতে চপোৱা হ’ব, তাৰে আৰ্হি।’’ আৰ্হি কাকতৰ লগৰ সম্পাদকীয় টোকাত ‘অচমিয়া’ বুলি উল্লেখ কৰা হৈছে। গতিকে ‘অসমিয়া’ ঢেকিয়াল ফুকনৰ নিজৰ শব্দ। সেয়ে হ’লে তেখেতে ১৮৪৯ চনত ‘অসমীয়া’ ব্যৱহাৰ কৰাটো সন্দেহাতীত নহয়।

গুণাভিৰাম বৰুৱাই ১৮৬০ চনৰ মে’ সংখ্যা অৰুনোদইত ‘বাবু আনন্দৰাম ফুকনৰ জীৱন বৃত্তান্ত’ত ফুকনদেৱৰ পুথিখনক ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ বুলিয়েই লিখিছে। উল্লেখনীয় যে বৰুৱাদেৱে ‘অসমীয়া’ বুলি লিখিবলৈ লয় মাত্ৰ তাৰ আগৰ বছৰ প্ৰকাশ হোৱা তেখেতৰ ‘অসমীয়া ল’ৰাৰ ভূগোল’ৰ পৰাহে। প্ৰশ্ন হয়— বৰুৱাদেৱে নিজে ‘অসমীয়া’ আৰম্ভ কৰি ফুকন ডাঙৰীয়াৰ ‘অসমিয়া’ক ‘অসমীয়া’ কৰা নাইতো? নিজৰ আদৰ্শ পুৰুষ ঢেকিয়াল ফুকনে ১৮৪৯ চনতে ‘অসমীয়া’ শব্দ প্ৰয়োগ কৰা সত্ত্বেও বৰুৱাদেৱে ‘অসমীয়া’ক গ্ৰহণ কৰিবলৈ কিয় দহ বছৰ (১৮৪৯-১৮৫৯) অপেক্ষা কৰিবলগীয়া হ’ল— সিয়ো নিশ্চয় এটা প্ৰশ্ন। তাৰ উত্তৰ যিয়েই নহওক, —ঊনবিংশ শতাব্দীৰ অসমৰ জাতীয় জীৱন আৰু ভাষা-সাহিত্যৰ অক্লান্ত গৱেষক ড. যোগেন্দ্ৰ নাৰায়ণ ভূঞাই তেখেতৰ ‘ঊনবিংশ শতিকাঃ সৃষ্টি আৰু চেতনা’ত (১৯৯৮) ঢেকিয়াল ফুকনৰ মূল পুথিখনৰ ২১৯ সংখ্যক পৃষ্ঠাত ‘‘যিসকল লোকে ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ প্ৰচাৰ কৰিবলৈ ধন দিচে সিবিলাকৰ নাম আৰু ধনৰ সংখ্যা তলত লিখা গ’ল’’ বুলি লিখা বাক্যটো উদ্ধৃত কৰিছে। সেয়ে হ’লে ১৮৪৯ চনতে ‘অসমীয়া’ শব্দটো ঢেকিয়াল ফুকন ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে লিপিবদ্ধ কৰিলে বুলি আমি গ্ৰহণ কৰিব লাগিব। কিন্তু তাৰ পাছতো গুণাভিৰাম বৰুৱাই তৎকালীন অন্যান্য বহুতৰ দৰেই ‘অচমিয়া লোক’ (অৰুনোদই, মে’ ’৫৩, অক্টোবৰ ’৫৬), অশমীয়া (অৰুনোদই ফেব্ৰুৱাৰি, ’৬০), অসমিয়া ভাষা (অৰুনোদই, মাৰ্চ ’৫৮, এপ্ৰিল ’৫৮), অচমিয়া ভাসা (অৰুনোদই, মাৰ্চ ’৫৭) শব্দৰ প্ৰয়োগ কৰিছিল।

মন কৰিবলগীয়া যে হেম চন্দ্ৰ বৰুৱাৰ (১৮৩৫-৯৭) ‘অসমীয়া ভাষাৰ ব্যাকৰণ’খনো প্ৰকাশ হয় ১৮৫৯ চনতে। সম্ভৱতঃ এই ব্যাকৰণখনৰ প্ৰভাৱতে পাছৰ বছৰৰ পৰা অৰুনোদয়ে অসম আৰু অসমীয়া শব্দ ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু তেতিয়াও আচাম, আসাম, অচমিয়া আদি সম্পূৰ্ণভাৱে আঁতৰি যোৱা নাছিল। বলৰাম ফুকনে (১৮৩১-৮৪) ১৮৬৮ চনৰ মাৰ্চ সংখ্যা অৰুনোদইত ‘গুআহাটি চহৰত হৈ জোআ মেলা’ নামৰ প্ৰবন্ধত ‘আচামবাসি লোক’ আৰু ১৮৬৯ চনত প্ৰকাশিত ‘হৰ্স বিসাদ বিষয়ক ৰচনা’ত ‘অচমিয়া ভাষা’ বুলি লিখিছিল। ১৮৭১ চনত ‘আসাম বিলাসিনী’ প্ৰকাশ হৈছিল। গুণাভিৰামৰ ‘আসাম বুৰঞ্জী’ প্ৰকাশ হয় ১৮৭৫ চনত। তেখেতৰ দ্বাৰা সম্পাদিত ১৮৮৫ চনৰ পৰা প্ৰকাশিত আলোচনীখনৰো নাম আছিল ‘আসাম বন্ধু’হে। অৱশ্যে ঊনবিংশ শতিকাৰ শেষৰ দশকত ‘বিজুলী’ কাকতত (১৮৯০-১৮৯৩) তেখেতে ‘অসম’ ব্যৱহাৰ কৰিছিল। আনহাতে ব্ৰনছনৰ ১৮৬৭ চনত প্ৰকাশ হোৱা অভিধানখনৰ নাম আছিল ‘অচমিয়া-ইংৰাজী অভিধান’হে। মন কৰিবলগীয়া যে ‘অসম’ৰ লগতে ‘আসাম’ৰ ব্যৱহাৰো বিংশ শতাব্দীৰ প্ৰথম ভাগলৈকে চলি আছিল। ‘বাঁহী’ত (১৯০৯-১৯৩৩) অসম আৰু আসাম দুয়োটাই স্থান লাভ কৰিছিল। স্বয়ং সম্পাদক বেজবৰুৱা ডাঙৰীয়াই লিখিছিল— ‘‘আসামত এক ধনিষ্ঠামানো অনিষ্ট হ’লেও, অসম আইৰ গাত এতিলমানো দাগ পৰিলেও….’’ (বাঁহী, দশম বছৰ, দশম সংখ্যা)। ‘‘নোৱাৰোঁ কথাটি বোপা বেয়া কথা বৰ’’ৰ ৰচয়িতা মোহম্মদ সোলাইমান খাঁৰ ১৯২৯ চনত প্ৰকাশিত ‘কবিতা-পুথি’ৰ বেটুপাতত ‘ডিব্ৰুগড়, আসাম’ বুলি ছপা হৈছিল।

শেষত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত সংৰক্ষিত এখন সাঁচিপতীয়া পুথিৰ কথাৰে আলোচনাটোৰ মোখনি মাৰিব খোজা হৈছে। পুথিখন হ’ল শ্ৰীৰঙাচৰণকৃত ‘ভাটী আতাৰ চৰিত্ৰ’। ভৱানীপুৰীয়া শ্ৰীশ্ৰীগোপাল আতাৰ আজ্ঞাপৰ ছগৰাকী ব্ৰাহ্মণ ধৰ্মাচাৰ্যৰ অন্যতম শ্ৰীৰাম আতা (১৫৬৫-১৬৬৬) ভাটী আতা অভিধাৰেও খ্যাত। পুথিখনৰ ৰচয়িতা ৰঙাচৰণ শ্ৰীৰাম আতাৰ নাতি যদুনন্দন দেৱৰ এগৰাকী কাব্য প্ৰতিভাসম্পন্ন জ্ঞানী-গুণী শিষ্য আছিল— ‘‘যদুদেৱ দুই পাৱে কৰিছো প্ৰণতি। কহে ৰঙাচৰণ পৰম মূঢ়মতি।। ৩৭১।।’’ পুথিখনৰ শেষৰ ফালে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ (১৭১৪-১৭৪৪) কথা উল্লেখ কৰা হৈছে। ‘‘সিৱসিংহ নৃপতিত সেৱাত প্ৰপন্ন।… দুই হাজাৰ মানুস দিয়া গৃহ সজাই দিলা।। ৩৬৫।।’’ ইয়াৰ পৰাই অনুমেয় যে পুথিখন অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ৰচিত।

আলোচ্য পুথিখনত সেই কালত মোগলৰ আৰু আহোমৰ অধীনত থকা ৰাজ্য দুখণ্ড যথাক্ৰমে ‘বঙ্গাল ৰাজ্য’ আৰু ‘আসম ৰাজ্য’ বোলা হৈছে— ‘‘আসম ৰাজ্যত জত মহন্ত আচিল।।৯৪।।… আসম বঙ্গাল ৰাজ্য দুই দল চাড়ি।৯৮।’’ পুথিখনৰ সবাতোকৈ আকৰ্ষণীয় কথাটো হ’ল— প্ৰথমবাৰৰ কাৰণে ‘আসম ৰাজ্য’ৰ সকলো জনগোষ্ঠীকে সমূহীয়া হিচাপে ‘অসমিয়া’ বুলি চিনাক্ত কৰা হৈছে— ‘‘অসমিয়ালোকে এহি কথা সুনিলন্ত।৯২।… অসমিয়া ভক্ত সব মহা বুঁধিমন্ত।১০৮।’’ আনহাতে আহোম জনগোষ্ঠীক তেতিয়াও ‘আসম’ বুলিয়েই কোৱা হৈছিল— ‘‘আসম কলিয়াবৰে থানা কৰিলন্ত।১৫৭।’’ আন এটা মন কৰিবলগীয়া কথা যে উজনিৰ ৰাজ্যখণ্ডক (আসম ৰাজ্যক) তেতিয়াও সৌমাৰ পুৰ (পীঠ) বুলিয়েই জনা হৈছিল— ‘‘সৌমাৰ পুৰৰ গদাধৰ সিংহ ৰাজা।।২২৮।।’’

অষ্টাদশ শতাব্দীৰ প্ৰথমভাগত ৰচিত ‘ভাটী আতাৰ চৰিত্ৰ’ত আহোমসকলক বুজাবৰ কাৰণে ‘আসম’ শব্দটো একাধিকবাৰ ব্যৱহৃত হোৱাৰ পৰাই বুজিব পৰা হয় যে মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱেও যথাক্ৰমে ভাগৱত আৰু নামঘোষাত ‘আসম’ শব্দটোকে ব্যৱহাৰ কৰিছিল। মন কৰিবলগীয়া যে ‘হা-শ্যাম’ৰ পৰা ‘অসম’তকৈ ‘আসম’ শব্দটোৰ উদ্ভৱ হোৱাহে বেছি সম্ভৱ। তেনেকৈয়ে আহোম শব্দটোও ‘অসম’ৰ পৰা নহয়, ‘আসম’ শব্দৰ পৰা উদ্ভৱ হোৱাটোহে অধিক যুক্তিপূৰ্ণ কথা (আসম -> আহম -> আহোম)। তেনেকৈয়ে হিডেনৰ দিনলিপিত (১৬৭৫ চনত প্ৰকাশিত) আৰু সেই কালীন বেংগলৰ মেপত অন্তৰ্ভুক্ত হোৱা Assam শব্দটোও ‘অসম’ নহয়, ‘আসাম’ৰ পৰাহে উদ্ভৱ হোৱাৰ অধিক সম্ভাৱনা।

সংক্ষিপ্ততেঃ ত্ৰয়োদশ শতিকাৰ আগভাগতে শ্যাম দেশৰ পৰা অহা লোকসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ-পূব অঞ্চলত থিতাপি লোৱাৰ সময়তেই সৃষ্ট ‘হা-শ্যাম’ শব্দৰ পৰা উৎপত্তি হোৱা আসম/ অসম অন্ততঃ সপ্তদশ শতিকাৰ শেষ ভাগলৈকে ব্যৱহাৰ হৈছিল সেই জনগোষ্ঠীক বুজাবৰ কাৰণেহে, ৰাজ্যখন বা ৰাজ্যখনৰ সমূহ জনগোষ্ঠীক বুজাবলৈ নহয়। ৰাজ্যখনক বুজাবলৈ সেই জনগোষ্ঠীৰ শাসনাধীন ৰাজ্যৰ অৰ্থত অসম-আসম ৰাজ্য ব্যৱহাৰ হৈছিল। হয়তো সেই কালতো সৌমাৰপীঠ/ সৌমাৰপুৰ নাম প্ৰচলিত হৈ আছিল। আনহাতে ১৬৬১ চনতে প্ৰস্তুত কৰা বেংগলৰ মেপ এখনত সম্ভৱতঃ ‘আসম’ শব্দৰ ভিত্তিতে ৰাজ্যখনক Assam নামেৰে নিৰ্দিষ্ট কৰা হৈছিল। অষ্টাদশ শতিকাৰ প্ৰথমভাগতে আসম/ অসম ৰাজ্যৰ সমূহ জনগোষ্ঠীক বুজাবলৈ ‘অসমিয়া’ শব্দটোৰ প্ৰচলন হয় বুলি জনা যায়। ঊনবিংশ শতিকাৰ প্ৰথমভাগতে সম্ভৱতঃ ‘আসম’ শব্দৰ ভিত্তিতে ৰাজ্যখনৰ নাম য়াচাম, আসাম, আশাম, আছাম (‘য়াচাম’ শব্দটো ‘হা-শ্যাম’ আৰু ‘আছাম’ৰ যোগসূত্ৰ বুলি ক’ব পাৰি) হৈছিল আৰু জাতিটোক আসামিয়া আৰু জাতিটোৰ ভাষাক আসামী ভাষা, অহমীয়া মাত, Assamese Language বুলি চিনাক্ত কৰা হৈছিল। সেই সুৰতে আহোম শব্দৰ বিকল্পে ‘আসাম’ শব্দও (যথা আসাম ৰজা) ব্যৱহাৰ হৈছিল। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত, বিশেষকৈ অৰুনোদইৰ (১৮৪৬-১৮৮০) সম্পাদকীয়ত আমাৰ ৰাজ্য, জাতি আৰু ভাষাৰ নামৰ ক্ৰমপৰিৱৰ্তন পৰিলক্ষিত হয়। সম্ভৱতঃ নৱেম্বৰ, ১৮৪৮ সংখ্যা অৰুনোদইতে ৰাজ্যখনক বুজাবলৈ প্ৰথম ‘অসম’ শব্দটো লিপিবদ্ধ হৈয়ো পাছৰ দহ বছৰত ‘অসম’ৰ বাহিৰেও অসম দেস/ অচম/ অচম দেস/ অচমিয়া দেশ শব্দৰ প্ৰয়োগ হৈছিল। সেই কালছোৱাতে (১৮৪৬-৫৮) জাতিটোক বুজাবলৈ ব্যৱহাৰ হৈছিল— অসমিয়া/ অসম মানুহ/ অচমিয়া আৰু ভাষাটোক বুজাবলৈ ব্যৱহাৰ হৈছিল অসম কথা, অচমিয়া, অসমিয়া, অশমীয়া ভাষা। ১৮৬০ চনৰ মে’ সংখ্যা অৰুনোদইৰ সম্পাদকীয়ত প্ৰথমবাৰৰ কাৰণে অসম, অসমীয়া লোক আৰু অসমীয়া ভাষা— এই তিনিওটা শব্দ লিপিবদ্ধ হয়। আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪৯ চনতে মুদ্ৰিত হয় যদিও পুথিখনৰ নামত ‘অসমিয়া’ নে ‘অসমীয়া’ আছিল, সেয়া এটি বিতৰ্কিত বিষয়। যদিও ঢেকিয়াল ফুকনদেৱে ‘অসমীয়া’ শব্দটো ১৮৪৯ চনতে প্ৰচলন কৰিছিল, প্ৰকৃততে ১৮৫৯ চনত হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ প্ৰকাশ হোৱাৰ পাছতহে ‘অসমীয়া’ শব্দটোৱে সকলোৰে স্বীকৃতি লাভ কৰে। তথাপিও ঊনবিংশ শতিকাৰ বাকী কালছোৱাত অসমীয়া লেখকৰ কাপত ‘আসাম’, ‘অচমিয়া’, ‘আচাম বাসি’ শব্দৰো অ’ত-ত’ত ব্যৱহাৰ হৈছিল। অসমৰ লগতে আসাম শব্দটোও অন্ততঃ কুৰি শতিকাৰ প্ৰথমভাগত বাৰুকৈয়ে প্ৰচলিত হৈ আছিল।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “লিপিবদ্ধ ‘অসম-অসমীয়া’ শব্দৰ উদ্ভৱৰ সন্ধানত”

  1. Dr. Masih Saikia Avatar
    Dr. Masih Saikia

    Thanks a lot for your Valuable work and Contribution to our Assamese Community and ultimately to the Mankind, particularly to the "Student-Teacher" Community, the Academia.
    I have got PhD in 2010, Thesis regarding the Automatic (Computer) Analysis & Recognition of  Assamese Script(s).
    I Hope to carry on my Further Research and/or Implementtion Work in this Field (Domain), if someone will help me as a Team-Work ! Also I want to get Large Project in this Field.
    Anyhow Wish You Best of Luck !           <= 3-Nov-2012 (8:20 PM)

  2. Atul Tamuli Avatar
    Atul Tamuli

    এই প্ৰচেষ্টা শলাগিব লগীয়া । বহুত নজনা কথাৰ সম্ভেদ পোৱা যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts