লিনাজ্‌নাৰ কবিতা

মনত আছেনে চাৰুলতা ?

আদাবাৰী বাছ আস্থানত
'কৃষ্ণমুখী' নামৰ বাছত উঠাই
তুমি দিছিলা মোক বিদায়
কৈছিলা, আৰু বা কেতিয়াকৈ লগ পাম…

তোমাৰ কথাখিনি .
মোৰ কাণৰ কাষেৰে উৰি গৈছিল
একোডাল গুলপীয়া পাখি লগা কাঁড হৈ
সেই কাঁডৰ মিঠা আঘাত
আজিও আছে মোৰ হৃদয়ত

তোমাক আৰু লগ পোৱা নহ'ল
গুলপীয়া পাখি লগা কাঁড়ৰ
আঘাতটো আজিও সাঁচি থৈছোঁ
সযতনে, আলফুলে…

তোমাক আৰু লগ পোৱা নহ'ল…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz