লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত লোক জীৱন আৰু জাতীয় চেতনা

অসমীয়া কাব্য কাননত ৰমন্যাসিক আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা কবি লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ ৰচিত দুখন কবিতা পুথিৰ প্ৰথমখন ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি নিজে লিখা পাতনিৰে সমৃদ্ধ ৪৮টা কবিতাৰ সমষ্টি ‘কদমকলি’ প্ৰকাশ হয় ১৯১৩ খ্ৰীষ্টাব্দত; দ্বিতীয়খন ২৮টা কবিতাৰ সমষ্টি ‘পদুমকলি’। এইখন ১৯৬৮ খ্ৰীষ্টাব্দত তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰকাশিত হয়।

বেজবৰুৱাৰ কবিতাসমূহৰ প্ৰধান ভাববস্তু দেশাত্মবোধ, প্ৰেম, সৌন্দৰ্য চেতনা আৰু আধ্যাত্মবোধ। পাশ্চাত্যৰ কবিসকলৰ ৰমন্যাসিক ভাবাদৰ্শই বেজবৰুৱাৰ মন মগজু আলোড়িত কৰিলেও অসমীয়া চহা কবিৰ কথা-সুৰে আৰু গুৰু দুজনাৰ বৈষ্ণৱ দৰ্শনেও তেওঁৰ কবিতাত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। অসমীয়া জাতীয় জীৱনৰ লৌকিক ৰূপটো বেজবৰুৱা অৱচেতনত কিমান দূৰ সক্ৰিয় আছিল তাৰ উমান তেওঁৰ কবিতাসমূহত পোৱা যায়। তেওঁৰ কবিতাৰ ভাবশক্তি গঠনত অসমৰ লোকমনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তাৰ সাৰ্থক উদাহৰণ তেওঁৰ ‘বীণ ব’ৰাগী’ নামৰ কবিতাটো। কবিতাটোৰ মূল বিষয়বস্তু স্বদেশপ্ৰেম; কিন্তু মূল ভাবশক্তি আধ্যাত্মিকতা আৰু ই লোকমনৰ দ্বাৰা প্ৰভাৱিত। তেওঁৰ ‘ধনবৰ আৰু ৰতনী’, ‘ৰতনীৰ বেজাৰ’ কবিতাত অসমৰ লোকজীৱনৰ স্বৰূপটোৱেই উদ্ভাসিত হৈ উঠিছে। এই দুয়োটি কবিতাৰ প্ৰেম আৰু বিৰহৰ চিত্ৰত অসমৰ লোকমনটো সক্ৰিয় হৈ আছে। কবিতা দুটিত সৰল মনৰ ডেকা-গাভৰুহালে পৰজনমত যি মিলনৰ আকাংক্ষা ব্যক্ত কৰিছে তেনে দৃষ্টিভংগী নিঃসন্দেহে লোকমনৰ প্ৰভাৱসম্ভূত।

জাতীয় চেতনা বেজবৰুৱাৰ কবিতা সৃষ্টিৰ অন্যতম প্ৰেৰণা। তেওঁৰ জাতীয় চেতনা ভাবৰঞ্জিত কবিতাসমূহত প্ৰকাশ পাইছে অকৃত্ৰিম স্বদেশানুৰাগ আৰু মাতৃভাষাৰ প্ৰতি সুগভীৰ প্ৰেম। তেওঁৰ ব্যক্তিগত জীৱনৰ ঘটনাক্ৰম আৰু সাহিত্য অধ্যয়ন কৰিলে এনেকুৱা লাগে যেন বংগীয় ৰমন্যাস চেতনা তথা পাশ্চাত্য শিক্ষাৰে জাগ্ৰত হোৱা সুশিক্ষিত সংস্কৃতিবান বাঙালীসকলৰ সান্নিধ্যত বেজবৰুৱাই পৰাধীনতাৰ শোষণ নিৰ্যাতনৰ গ্লানিৰে নিঃস্ব হৈ পৰা অসমীয়া জাতিক জাতীয়তাবোধেৰে উদ্বুদ্ধ কৰি তুলিবৰ বাবেই সাহিত্য সাধনাত ব্ৰতী হৈছিল।

বিখ্যাত ঠাকুৰ পৰিয়ালৰ ছোৱালী বিয়া কৰাই বংগদেশতে আৰু বাঙালীৰ সামাজিক সাংস্কৃতিক পৰিবেশতে জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰিবলগীয়া হৈছিল বেজবৰুৱাই। নিজৰ পত্নী বা সন্তানৰ মুখত আপোন আইৰ মুখৰ মাত-কথা শুনাৰ পৰিৱেশ সৃষ্টি কৰাৰ সুযোগ তাত তেওঁ পোৱা নাছিল। তথাপিও আনে নেদেখাকৈ চকুপানী টুকি হ’লেও উচ্চস্বৰে ইংৰাজসুৰীয়া অহংকাৰেৰে গাইছিল অসমৰ সুৰীয়া সুৱদি মাতৰ উল্লেখেৰে ৰচনা কৰা ‘মোৰ দেশ’ নামৰ বিখ্যাত গীতি কবিতাটো—

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা
এনেখন সুফলা
এনেখন মৰমৰ দেশ।

অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদী মাত
পৃথিৱীৰ কতো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমীয়া আই
চাই লওঁ তোমাৰ
মুখনি এবাৰ,
হেঁপাহ মোৰ পলোৱা নাই।
(উৎস: কদমকলি, সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৬৪)

প্ৰবাসী হৈ বংগেদশ, উৰিষ্যাত জীৱনৰ সৰহভাগ সময় অতিবাহিত কৰিলেও অসমহে আছিল বেজবৰুৱাৰ ‘আপোনাৰ দেশ’, ‘চিকুনী দেশ’, ‘মৰমৰ দেশ’। অসমী আই তেওঁৰ বাবে কিমান আপোনৰ বা কিমান মৰমৰ তাৰ নিদৰ্শন বেজবৰুৱাৰ ‘মোৰ দেশ’ (অ’ মোৰ আপোনাৰ দেশ) শীৰ্ষক কবিতটো।

বেজবৰুৱাৰ ‘আমাৰ জন্মভূমি’ নামৰ কবিতাটোত অসমৰ মনোমুগ্ধকৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক পৰম্পৰাৰ কথা উল্লেখ কৰিছে। ঐশ্বৰ্যশালী অসমৰ অসামান্যতা ঘোষণা কৰি কবিতাটোত কবিয়ে কৈছে—

ক’ত এনে ধানৰ পথাৰ, তামোল-পাণৰ বাৰী?
ভলুকা মকাল আদি আছে বাঁহৰ বাৰী?
লুইতৰ দৰে বৰনৈ ক’ত আছে কোৱা?
ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা।
হেৰা আমাৰ জন্মভূমি।
ক’ত এনে মিৰি-নাচ, ক’ত এনে বিহু?”

জাতীয় ঐতিহ্য সোঁৱৰাই জাতিৰ প্ৰাণত নৱচেতনাৰ সঞ্চাৰ কৰিব বিচৰা বেজবৰুৱাৰ এটি অন্যতম শ্ৰেষ্ঠ কবিতা হ’ল ‘বীণ ব’ৰাগী’। কবিতাটিত মানুহৰ মাজত বীণ বজাই ফুৰা সংসাৰ ত্যাগী ব’ৰাগীৰ কণ্ঠত অসমৰ অতীত ইতিহাস মূৰ্ত হৈ উঠিছে। ব’ৰাগীৰ বীণত দেশদ্ৰোহী বদন বৰফুকনৰ দেশদ্ৰোহিতাৰ কাহিনী কবিয়ে শুনিবলৈ বিচৰা নাই। বিচাৰিছে অতীত অসমৰ গৌৰৱ বান-ভগদত্ত-ভীষ্মক শংকলাদিবৰ বীৰগাথা; অসমীয়াৰ প্ৰাণত ভক্তিৰসৰ প্লাৱন বোৱাই দিয়া শংকৰ-মাধৱৰ কথা; আকুল হেঁপাহেৰে শুনিবলৈ বিচাৰে ৰুদ্ৰ সিংহ-চিলাৰায়-নৰনাৰায়ণৰ যুগমীয়া কাহিনী—

“বদন ফুকনে
কেনেকৈ আনিলে মান?
কেনেকৈ মৰাণে
আসাম ধ্বংসিলে,
যদিহে গাইছ গান?
…. …. ….

মানা কৰ তাক
ব’ৰাগী ককাই ঐ
শোক মোৰ উথলায়।
…. …. ….

বাণ ভগদত্ত,
নৰকাসুৰৰ
ভীষ্মকৰ গুণ গা।
ভাস্কৰ বৰ্ম্মাৰ
কিৰীতি সুন্দৰ
শুনো হেৰ’ বীণ বা।
…. …. ….

শংকৰ-মাধৱ
কন্দলি সকলে
কি কৰিলে বীণ ক!
ৰুদ্ৰসিংহ স্বৰ্গদেৱে
কি কৰিলে
ক বীণ! কিয় ক?”

সহজ-সৰল ভাষাৰে লিখাৰ বাবে আন্তৰিক আৰু সুখপাঠ্য হৈ উঠা কবিতাটি কবিৰ জাতীয়তাবোধৰ অনুপম উদাহৰণ। ‘অসম সংগীত’ বেজবৰুৱাৰ আন এটি উল্লেখযোগ্য কবিতা। কবিতাটিত অসমীয়া জাতিৰ নিজৰ অতীত ঐতিহ্য-গৰিমাৰ প্ৰতি আওকণীয়া মনোভাবক ‘আছে সকলো, তোমালোকে নাজানা আৰু জানিবলৈ মন নকৰা’ —সেই ভাবৰ দ্বাৰা উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছে—

“আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম?
সকলো আছিল, সকলো আছে
নুবুজোঁ নলওঁ গম।”

কবিতাটিত প্ৰতিধ্বনিত হয় স্পন্দনময় আশাবাদ আৰু ইয়াৰ উৎসও অসমৰ অতীতৰ ঐতিহ্য বীৰগাঁথাবোৰ লৈ গৌৰৱবোধ আৰু সমকালৰ অসমীয়া জাতিৰ প্ৰতি গভীৰ প্ৰেম।

‘অসম সংগীত’ৰ ভাববস্তুৰ লগত কিছু সাদৃশ্য থকা বেজবৰুৱাৰ আন এটি কবিতা হ’ল ‘ব্ৰহ্মপুত্ৰ সংগীত’। ব্ৰহ্মপুত্ৰ নৈখনক সম্বোধন কৰি লিখা কবিতাটিত প্ৰাচীন গৌৰৱ বৰ্ণনাৰ মাজত জাতীয়তাবাদৰ সুৰ ধ্বনিত হৈছে। তেওঁৰ অনেক কবিতাত অসমীয়াৰ লোকবিশ্বাস, অসমীয়া লোকগীত আৰু বৈষ্ণৱ কবিসকলৰ দৰ্শনৰ ভাবৰ প্ৰভাৱ পৰিলক্ষিত হয়। ‘বৰদৈচিলা’ আৰু ‘বিহুৱান’ জাতীয় চেতনাৰে সমৃদ্ধ তেওঁৰ আন দুটি কবিতা। ‘বৰদৈচিলা’ত ব’হাগ বিহুৰ আগমন বাৰ্তা কঢ়িয়াই অনাৰ কথা আৰু ‘বিহুৱান’ত অসমীয়া জাতীয় উৎসৱ বিহুত আপোনজনক নতুন কাপোৰ উপহাৰ দি মৰম-শ্ৰদ্ধা জনোৱাৰ চানেকি দেখা পাওঁ।

মুঠতে জীৱন পৰিক্ৰমাৰ সুদীৰ্ঘ সময় অসমৰ বাহিৰত অতিবাহিত কৰিলেও পাৰিবাৰিক, সামাজিক আৰু সাংস্কৃতিকভাৱে নানা প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ’লেও বেজবৰুৱাই চিৰদিনেই কঢ়িয়াই ফুৰিছিল এটি নিভাঁজ অসমীয়া মন, অসমীয়া প্ৰাণ। ‘বেজবৰুৱা সমিতিত সমিধান’ শীৰ্ষক লেখাত তেওঁ নিজেই কৈছে— “মোৰ মাতৃভূমিয়েই মোৰ গংগা, গয়া, কাশী, প্ৰয়াগ।…. মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহা সত্যৰূপে মই উপাসা কৰি আছোঁ; …. মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য।” বেজবৰুৱাৰ সাহিত্যৰাজিৰ আন ভাগবোৰৰ লগতে কবিতাবিলাকৰ মাজেৰেও সেই সত্যই সদম্ভে ঘোষিত হৈছে। আলোচনাৰ সামৰণিত ডঃ নগেন শইকীয়াৰ এষাৰি মূল্যবান কথা তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ— “পাৰিবাৰিক আৰু সামাজিকভাৱে বাঙালী পৰিবেশতে প্ৰায় সমগ্ৰ জীৱন কটায়ো অসমীয়া মানুহক কেনেভাৱে বৌদ্ধিক নেতৃত্ব দি গ’ল, সেই কথাহে বিস্ময়কৰভাৱে আনন্দদায়ক।”

সহায়ক গ্ৰন্থপঞ্জী:
১. কৰ্মকাৰ, সন্তোষ কুমাৰ— ‘লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু সাহিত্যত জাতীয়তাবাদ’, গুৱাহাটী, ২০১১
২. বৰা, প্ৰফুল্ল (মুখ্য সম্পাদক)— ‘ঐতিহ্য অসমীয়া সাহিত্য’, যোৰহাট, ২০০৭
৩. বেজবৰুৱা, লক্ষ্মীনাথ— ‘কদমকলি’, গুৱাহাটী, ১৯৬৪
৪. ভূঞা, যোগেন্দ্ৰ নাৰায়ণ— ‘বেজবৰুৱা-কবিতাৰ বাস্তৱিকতা’, গুৱাহাটী, ২০০৫
৫. শইকীয়া, নগেন— ‘বেজবৰুৱাৰ নিৰ্বাচিত ৰচনা’ (সংকলন), নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৯৭
৬. গৰীয়সী, মে’, ২০০৫

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

দেৱৰাজ মিলি

সহকাৰী অধ্যাপক (অসমীয়া বিভাগ), হোজাই মহাবিদ্যালয়

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz