কুঁহিশিখা ভূঞাৰ কবিতা

কবিতা

এক
ভালপোৱাই হৃদয় উজাৰি কথা কয় সুখৰ
নিৰ্ভাৰ পোখা মেলে বুকুত
নতুবা চকুত আঁকি দিয়ে অশ্ৰুৰ ভৰা বাৰিষা

দুই
আশাতীত অনাকাঙ্ক্ষিত আৰু অনাদৃত
মোৰ সপোনবোৰ আহে আৰু যায়
শুকান পাত হৈ সৰে সৰে আৰু সৰে

«

নিসংগতা

যেতিয়া মই মোৰ হিয়াত
প্ৰেমৰ আল্পনা আঁকো
মই নিসংগ অনুভৱ কৰোঁ।

যেতিয়া তোমাৰ হাতত ধৰি
এমুঠি সপোন ৰচোঁ
মই নিসংগ অনুভৱ কৰোঁ।

তুমি যেতিয়া মোৰ কাষত বহা
মোৰ হাতত সজোৰে খামুচি ধৰা
মই নিসংগ অনুভৱ কৰোঁ।

তোমাৰ বুকুত মুখ গুজি
মই যেতিয়া উচুপি উঠোঁ
তুমি বাৰু কেনে অনুভৱ কৰা?
মোক তোমাৰ কাষতে পোৱাৰ সুখ
অপূৰ্ণতাৰ অসুখ
নে নিসংগতা?

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar