কোচ-ৰাজবংশী লোকগীতত নাৰী-প্ৰসংগ

মানুহৰ মুখে মুখে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা সাহিত্য-গুণ সম্পন্ন কথা-বতৰা তথা অশিক্ষিত মানুহৰ মনোভাব, চিন্তাধাৰা ইত্যাদি বিষয়বোৰক লোক সাহিত্য বা মৌখিক সাহিত্য বুলি কোৱা হয়। যদিও এনেবোৰ সাহিত্য আদিম মানুহৰ কৰ্মময় জীৱনৰ অৱসৰৰ সময়ছোৱাত আনন্দ-বিনোদনৰ কাৰণে ৰচিত হৈছিল, তথাপি এনে সাহিত্যৰ যোগেদি কোনো এটা জাতিৰ চিন্তাধাৰা, সেই জাতিৰ মানুহৰ দুখ-সুখ, হাঁহি-কান্দোন, উৎসৱ-পাৰ্ৱণ, ৰং-ৰহইচ, ৰীতি-নীতি, পৰিৱেশ্য কলা, সংস্কৃতিৰ গতিধাৰা ইত্যাদি বিষয়বোৰ প্ৰতিফলিত হৈ পৰে। লোকসাহিত্যৰ এক অন্যতম ভাগ হ’ল লোকগীত। লোকগীত মূলতঃ বিয়া-সবাহ আদিৰ আনুষ্ঠানিকতাত গোৱা হয়। কিছুমান লোকগীতত বিৰহী নাৰীৰ অন্তৰৰ পৰা নিগৰি অহা কৰুণ সুৰ গুঞ্জৰিত হোৱা পৰিলক্ষিত হয়। এনে বিৰহৰ গীতবোৰ বেলাড শ্ৰেণীৰ অন্তৰ্ভুক্ত। পূৰ্বৰে পৰা আমাৰ সমাজ ব্যৱস্থা হ’ল মুখ্যতঃ পুৰুষপ্ৰধান। এই সামাজিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কথা নুই কৰিব নোৱাৰোঁ যে আদিম কালৰ পৰা প্ৰচলিত হৈ অহা লোকসাহিত্যবোৰৰো বেছিভাগেই পুৰুষৰ দ্বাৰাই ৰচিত নতুবা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ আবেষ্টনীৰ মাজৰে কোনোবা নাৰীৰ দ্বাৰা ৰচিত। পুৰুষৰ নিয়ন্ত্ৰণত থকা এনে পাঠ একোটাত নাৰীৰ সামাজিক স্থিতি, মূল্যবোধ, মানসিক অৱস্থা আৰু প্ৰতিক্ৰিয়া ইত্যাদি বিষয়বোৰক কেনে ধৰণৰ উপস্থাপন ৰীতিৰ দ্বাৰা দাঙি ধৰা হৈছে তথা সঠিক ৰূপত বিভিন্ন দৃষ্টিভংগীৰ দিশৰ পৰা উচিত পঠন, পাঠন আৰু বিশ্লেষণ হৈছে নে নাই তাক ফঁহিয়াই চোৱাই হ’ব এই প্ৰবন্ধৰ মূল উদ্দেশ্য।

আদিম অৱস্থাৰ পৰা মানৱ জাতিয়ে যেতিয়াই সময়ৰ সোঁতত এক পাৰিপাৰ্শ্বিক সংঘাতময়তাৰে নিজকে সভ্য তথা স্বতন্ত্ৰ চিন্তাধাৰাৰ সৈতে সমাজ পাতি বসবাস কৰাৰ পৰ্যায়লৈ উত্তীৰ্ণ কৰালে; তেতিয়াৰ পৰাই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীয়ে এক অনন্য ভূমিকা পালন কৰি আহিছে;— সেয়া খেতি-বাতিয়ে হওক নাইবা ঘৰুৱা সমস্যাৱলীয়ে হওক। আনহাতে কাৰোবাৰ মা, কাৰোবাৰ ভগ্নী আৰু কাৰোবাৰ পত্নী ৰূপেও সমাজত নাৰীৰ আছে এক শক্তিশালী ভেটি। কিন্তু ইয়াৰ পিছতো পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত জ্ঞানৰ প্ৰতিটো দিশতে নাৰীসকলক কৰি অহা হৈছে লাঞ্চনা, বঞ্চনা আৰু অবহেলা। দৰাচলতে জন্মৰ পৰাই মানুহ এজনক (ল’ৰা, ছোৱালী উভয়) কৰ্ম ভেদতাৰ মাজেৰে এনেদৰে গঢ় দিয়া হয় যে সমাজৰ উচ্চ স্তৰৰ কামবোৰ পুৰুষৰ দ্বাৰা চালিত কৰাৰ বিপৰীতে তুলনামূলকভাৱে কম কষ্টকৰ লঘু কামবোৰ নাৰীলৈ ঠেলি দিয়া হৈছে। ইয়াৰ দ্বাৰা এইটো বুজোৱাৰ চেষ্টা কৰা হৈছে যে নাৰীসকল পুৰুষতকৈ কম সক্ৰিয় তথা দুৰ্বল। মূলতঃ পুৰুষ শাসিত সমাজ ব্যৱস্থাত নাৰীক পুৰুষৰ ওপৰত তথা সমানে সমানে স্থাপন নকৰি এক পক্ষপাতিত্বমূলক অৱস্থান গ্ৰহণ কৰা দেখা যায়। গতিকে এনেধৰণৰ দমনমূলক বা পক্ষপাতিত্বমূলক দৃষ্টিভংগীৰ ফলস্বৰূপে নাৰীসকল হৈ পৰিছে অবহেলিত, লাঞ্চিত আৰু বঞ্চিত। আনহাতে গোটেই প্ৰক্ৰিয়াটোৰ পৰাই নাৰীৰ সহনশীলতাৰ ধাৰণাটো তুলি ধৰিব পাৰি। কিয়নো পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষে নিজৰ সুবিধাৰ বাবে গঢ় দিয়া ৰীতি-নীতিৰ গোটেই প্ৰক্ৰিয়াটোৰ প্ৰতি নাৰীৰ যি এক সহনশীল দৃষ্টিভংগী, সেয়া পাৰস্পৰিক সহৱস্থান আৰু ভবিষ্যতৰ চিন্তা নতুবা সামাজিক দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধাশীলতাই হওক নাৰীসকলক গঢ়ি তুলিছে সহনশীলা ৰূপত; যাৰ পৰিপ্ৰেক্ষিতত মাথোঁ পুৰুষৰ জৈৱিক ক্ষুধা পূৰণ, সন্তান জন্ম দিয়া তথা লালন-পালন কৰা ইত্যাদি কথাবোৰৰ মাজতে নাৰীসকল হৈ পৰিছে আবদ্ধ।

পৃথিৱীৰ আন আন জাতিৰ লোকসাহিত্যৰ দৰে ৰাজবংশী লোকসাহিত্যও চহকী তথা বিভিন্ন বৈচিত্ৰ্যময় বৈশিষ্ট্যৰে টনকিয়াল। লোকসাহিত্যৰ অন্তৰ্গত লোকগীতসমূহ বহুলভাবে প্ৰচলিত। ৰাজবংশী লোকগীতৰ ভিতৰত নামাতি গান, বাঁশ পূজাৰ গান, সোণাৰায় ঠাকুৰেৰ গান, ঠাকুৰাণীৰ গান, হুদুম পূজাৰ গান, কাতি পূজাৰ গান তথা মাহুত, মাইসাল, বাইসাল, গাড়ীয়ালৰ গান আদি অন্যতম। এই সকলোবোৰ লোকগীতৰ বিষয়ে একে সময়তে আলোচনা কৰা সম্ভৱপৰ নহয়; সেয়েহে আলোচনাৰ সুবিধাৰ্থে জনমানসত বহুল জনপ্ৰিয় মাহুত, মইষাল, বাইসাল আৰু গাড়ীয়াল গানসমূহত দৃষ্টি নিক্ষেপ কৰা হ’ব।

koch-rajbongshi-lokageetnari-02

এনে লোকগীতবোৰত বিয়াৰ পাছতে কামলৈ ওলাই যোৱা স্বামীৰ অপেক্ষাত নৱ বিবাহিতা স্ত্ৰীয়ে কিদৰে কাতৰতাৰে দিনবোৰ পাৰ কৰিবলগীয়া হয়, তাৰ বিৱৰণ পোৱা যায়। ইয়াৰ উপৰি এনে লোকগীতবোৰত পৰকীয়া প্ৰেমৰ এক ক্ষীণ সুৰ গুঞ্জৰিত হোৱা পৰিলক্ষিত হয়। লোক-কবিসকলে সাধাৰণতে চহা গাঁৱলীয়া মানুহৰ জীৱনক আধাৰ কৰিয়ে লোকগীতবোৰ ৰচনা কৰিছে। গতিকে অৱধাৰিতভাবে এনে গীতত গাঁৱলীয়া সহজ-সৰল স্ত্ৰী-পুৰুষৰ প্ৰেম, বিবাহ, আনন্দ, বেদনা, দৈনন্দিন জীৱনৰ প্ৰতিচ্ছবিৰ সমান্তৰালভাৱে লোক-জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ ইত্যাদি কিছু সাংস্কৃতিক দিশো প্ৰতিফলিত হোৱাটো স্বাভাৱিক কথা। মাহুত, মইষাল, বাইসাল আৰু গাড়ীয়াল হ’ল এনে লোকগীতৰ অন্যতম পুৰুষ চৰিত্ৰ; এই পুৰুষ চৰিত্ৰসমূহকে কেন্দ্ৰ কৰি ৰূপায়িত হৈছে নাৰী জীৱনৰ কৰুণ গাথা। আনহাতে গীতসমূহৰ নামকৰণৰ ক্ষেত্ৰত দেখা যায় যে নাৰীৰ প্ৰিয়জনৰ সৈতে বিচ্ছেদৰ বিৰহ বেদনাৰে সিক্ত এনেবোৰ গীতৰ পৰিৱেশনা বা উপস্থাপনে কিন্তু পুৰুষকহে প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীক উপস্থাপনৰ ৰাজনীতি (Politics of Representation)ৰ ক্ষেত্ৰত কৰা হৈছে প্ৰতাৰিত। পুৰুষ চৰিত্ৰসমূহৰ নামৰ পৰা এইটো স্পষ্ট যে এই চৰিত্ৰসমূহ হৈছে সাধাৰণ খাটি খোৱা লোক, যিসকল হয়তো কোনোবা মহাজনৰ হাতীৰ মাউত, কোনোবা ম’হৰখীয়া, কোনোবা নাৱৰীয়া আৰু কোনোবা গাড়ী চালক। গতিকে বিবাহৰ পাছতে অহা মহাজনৰ হাতী ধৰাৰ নিৰ্দেশে মাহুত এজনক দোধোৰ-মোধোৰ অৱস্থাত পেলায়। এফালে নৱ বিবাহিতা পত্নী, আনফালে মহাজনৰ নিৰ্দেশ। কিন্তু কৰ্তব্যত গাফিলতি নকৰা কৰ্মঠ মাহুতে নৱ বিবাহিতা পত্নীৰ অনুনয়-বিনয়কো আওকাণ কৰি অটব্য অৰণ্যত হাতী ধৰিবলৈ যায়। ফলত স্বামীৰ সৈতে হোৱা আকস্মিক বিচ্ছেদত মাহুতৰ পত্নীৰ মন বিগলিত হৈ পৰে, স্বামীক কাষত বিচাৰি তাইৰ নাৰী মনে হাহাকাৰ কৰি উঠে—

অ’ মোৰ দান্তাল হাতীৰ মাহুত ৰে
যেদিন মাহুত চিকাৰ যায়
নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে।

তাই মৰ্মে মৰ্মে এইটো অনুভৱ কৰে যে পুৰুষ অবিহনে নাৰীৰ জীৱন-যৌৱন অৰ্থহীন—

পুখুৰীতে নাইৰে পানী নৌকা কেমন চলে
যে নাৰীৰ পুৰুষ নাই ও
তাৰে ৰূপে কি কাম কৰে সখী ও।

গতিকে এনে ধৰণৰ গীতৰ পংক্তিৰ মাজেদি মাহুত লোকগীতৰ নাৰীয়ে যে শাশ্বত নাৰীৰ ধাৰণাকে প্ৰতিনিধিত্ব কৰিছে, সেইটো ধুৰূপ। কিয়নো কৰ্তব্যলৈ ওলাই যোৱা স্বামীৰ কথা ভাবি নিজক বিমৰ্ষ কৰাৰ বাহিৰে এনে লোকগীতৰ নাৰীয়ে একো কৰিব পৰা নাই। আনকি পুৰুষ অবিহনে নাৰীৰ জীৱন আৰু যৌৱনৰ মূল্য নাই,— এই কথাৰ মাজেদি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দমনমূলক নীতিকে মানি লোৱা দেখা যায়। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই সদায় বিবাহত হে যে নাৰী জীৱনৰ সাৰ্থকতা, সেই দিশটো দেখুৱায়। তাৰ বিপৰীতে পুৰুষ শাসিত সমাজৰ এনে অমূলক চিন্তাধাৰাৰ প্ৰতি এনে লোকগীতৰ নাৰীৰ মাজত একো প্ৰতিৰোধ গঢ় লৈ উঠা দেখা নাযায়, বৰং তেনে চিন্তাধাৰাৰ ওচৰত স্ব-ইচ্ছাই আত্মসমৰ্পণ কৰাহে পৰিলক্ষিত হয়—

পতিধন প্ৰাণ বাচেনা যৈৱন জ্বালায় মৰি।
খোপাতে নাই ৰে কইতৰ
কি কৰে সেই খোপে।
আৰ যেনা নাৰীৰ স্বামী নাই,
কি কৰে তাৰ ৰূপে।।

মাহুতৰ দৰে মইষাল গীতত প্ৰকাশিত হৈছে মইষালৰ অভাৱগ্ৰস্ততা, অৰ্থনৈতিক দীনতা; যাৰ পৰিপ্ৰেক্ষিততে ঘৰ-বাৰী, পত্নীক এৰি থাকিবলগীয়া হৈছে দূৰ-দূৰণিত বাথান ৰখীয়া হিচাপে। নিজৰ দুখ-কষ্ট ইত্যাদিবোৰক আওকাণ কৰি মাথোঁ বৈবাহিক জীৱনৰ কথা চিন্তা কৰিয়ে মইষালে একান্তমনে কামত মনোনিৱেশ কৰে। কিন্তু স্বামী সংগৰ অভাৱে আউল-বাউল কৰি তোলা মইষাল গীতৰ নায়িকাই মইষালক উভতি আহিবলৈ আহ্বান জনায়—

বাথান ছাৰো, বাথান ছাৰো ৰে
মইষাল ঘুৰীয়া আইসো বাৰী
গলাৰ হাৰ বেচেয়া দিম মই
ঐ চাকিৰিৰ কড়ি মইষাল ৰে।।

নায়িকাৰ এনে আহ্বানৰ মাজত আছে এক ধৰণৰ প্ৰলোভন, যি প্ৰলোভনৰ অন্তৰালত নিহিত হৈ আছে ভাৰতীয় নাৰীৰ মহৎ আদৰ্শ। ভাৰতীয় সমাজ ব্যৱস্থাত আদৰ্শগত দিশৰ পৰা সৰুৰে পৰা এজনী ছোৱালীক এনে মানসিকতাৰে গঢ় দিয়া হয় যে বৈবাহিক জীৱনত সেই ছোৱালীজনীয়ে নিজ স্বামীক দেৱতাৰ দৰে জ্ঞান কৰে। নিজ স্বামীৰ সুখ আৰু দুখৰ মাজতে নিজক নিমজ্জিত কৰি দিয়ে। মইষাল গীতৰ উপৰিউক্ত পক্তিটোত নায়িকাই নিজ স্বামীৰ কষ্ট আৰু দুখ সহিব নোৱাৰি নিজৰ আপুৰগীয়া সম্পদ গলৰ হাৰডালকে বিক্ৰী কৰি মইষালক দুখ আৰু কষ্টৰ পৰা পৰিত্ৰাণ কৰাব বিচাৰিছে। গতিকে তথাকথিত পুৰুষ নিয়ন্ত্ৰণাধীন এনে পাঠ একোটাই এইটোৱেই প্ৰতিপন্ন কৰে যে ‘পতি ধৰ্ম’ আৰু ‘পতি ধন’ এই দুয়োটাই যেন হৈ পৰিছে মইষাল লোকগীতৰ নাৰী জীৱনৰ প্ৰধান সম্বল। আনহাতে মাইষাল গীতবোৰত নাৰীৰ হৃদয়ৰ গভীৰতম প্ৰদেশত অনুৰণিত হোৱা কামনা-বাসনা পৰিস্ফুৰণৰ সমান্তৰালভাৱে নাৰী এগৰাকীৰ নিৰাপত্তাৰ দৰে আনুষংগিক দিশসমূহো প্ৰতিফলিত হোৱা দেখা যায়—

বাথান বুলিয়া যাইবেন ছাৰি।
কেমনে থাকিম মই একেলা নাৰীৰে।।

দৰাচলতে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ নিয়ন্ত্ৰণাধীন এনে লোকগীতসমূহত নাৰীক অবলা আৰু দুৰ্বলভাবে গঢ় দিয়া দেখা যায়। যাৰ ফলশ্ৰুতিতে তুলনামূলকভাৱে দেশ শাসনৰ দৰে কাৰ্য তথা যুদ্ধ-বিগ্ৰহ ইত্যাদিৰ পৰা নাৰীক আঁতৰাই ৰখাৰ লগতে নাৰীৰ নিৰাপত্তাজনিত দিশটো আবদ্ধ হ’ব লগা হৈছে পুৰুষৰ হাতত।

koch-rajbongshi-lokageetnari-03

ৰাজবংশী লোকগীতবোৰত নাৰীক এনে এক পক্ষপাতিত্বমূলক দৃষ্টিৰে অংকন কৰাৰ বিপৰীতে বাইসাল আৰু গাড়ীয়াল গীতৰ মাজেদি পুৰুষ চৰিত্ৰসমূক চিত্ৰিত কৰা হৈছে গাঁৱলীয়া সহজ-সৰল, হোজা, পৰোপকাৰী, শ্ৰমজীৱী ৰূপত। বাইসাল হৈছে নাৱৰীয়া, ঋতুৰ পৰিৰ্ৱতনৰ সৈতে যৌৱন ভৰা গাভৰুৰ দেহলৈ নামি আহা ঢৌৱে নৈপৰীয়া নিৰ্জনতাত সংগ লাভৰ বাসনা জগালেও তেনে ঢৌত বাইসাল উটি যোৱা গৈ নাই। এনে গীতবোৰত সাধাৰণতে বাইসালৰ মানৱীয় দুৰ্বল দিশসমূহ প্ৰকাশিত হলেও বিচলিত হোৱা পৰিলক্ষিত নহয়। অৰ্থাৎ চাৰিও দিশৰ পৰা পুৰুষ চৰিত্ৰটোক দোষমুক্ত কৰি জনমানসত শক্তিশালী ৰূপত উপস্থাপন কৰাৰ সমান্তৰালভাৱে এনে লোকগীতসমূহৰ নাৰী চৰিত্ৰৰ প্ৰতিহে উঠোৱা হৈছে সন্দেহৰ আঙুলি। অকল পতিধনৰ লগত বিচ্ছেদেই এনে লোকগীতৰ নাৰী জীৱনৰ একমাত্ৰ বিষাদ নহয়। ইয়াৰ বাহিৰেও অতি কম বয়সতে নিজ পিতৃগৃহ এৰি আহিবলগীয়া হোৱাৰ দুখত বাৰুকৈ দুখী। নাৰী মনৰ এনে দুখৰ লগতে হ’ব লগা নতুন ঘৰখনৰ বিষয়ত হোৱা উগুল-থগুল মানসিক অৱস্থাৰ সুন্দৰ প্ৰকাশ গাড়ীয়াল লোকগীতসমূহত দেখা যায়—

আৰ কত দূৰ শশুৰ বাৰী, গাড়ীয়াল
আৰ কত দূৰ বাৰীৰে।
কেমন ভাশুৰ শশুৰ
শাশুৰী মায়েৰ কেমন দয়া।
কেমন ননন্দ, দেওৰাৰে গাড়ীয়াল
আৰ কত দূৰ শশুৰ বাৰী।।

অবধাৰিতভাৱে এনে গীতত গাড়ীয়ালক বিবাহিতা নাৰীৰ মানসিক স্থিতিৰ সংবাহক ৰূপে কাম কৰা দেখা যায়। বাইসাল আৰু গাড়ীয়াল লোকগীতত নাৰী মনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰ কিন্তু পুৰুষক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠা। আনহাতে এনে ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা নাৰী জীৱনৰ অসহায় অৱস্থা ব্যক্ত কৰিছে একোটা পুৰুষ চৰিত্ৰৰ আগতে। সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে এইটো ওলাই পৰে যে বাইসাল গীতত নাৰী মনত সুপ্ত হৈ থকা কামনা-বাসনা আৰু গাড়ীয়াল গীতত নাৰী মনৰ যি দোদুল্যমান অৱস্থা তাকো ব্যক্ত কৰা হৈছে পুৰুষ চৰিত্ৰৰ সন্মুখত। স্বাভাবিকতে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ আবেষ্টনীত ৰচিত এনে লোকগীতৰ নাৰী চৰিত্ৰসমূহ হৈ পৰিছে পুৰুষ নিৰ্ভৰশীল।

পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ আবেষ্টনীত ৰচিত এনেধৰণৰ লোকগীতসমূহক বিচাৰ্যৰ আওতালৈ আনি নাৰীৰ প্ৰসঙ্গটো সূক্ষ্মভাবে বিশ্লেষণ কৰিলে দেখা যায়— পক্ষপাতিত্বৰ ধাৰণাৰে পুৰুষ চৰিত্ৰটো জনমানসত এক সুবিধাজনক স্থানত অৱস্থান কৰোৱাৰ বিপৰীতে নাৰী চৰিত্ৰটোক উপস্থাপন কৰা হৈছে অবলা, অসক্ৰিয়, সহনশীল, কষ্টসহিষ্ণু ৰূপত। আনহাতে মাহুত, মইষাল, বাইসাল, গাড়ীয়াল ইত্যাদি কৰ্মমুখী চৰিত্ৰবোৰৰ উল্লেখনে এইটোকে সূচায় যে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত জ্ঞানৰ প্ৰতিটো দিশতে নাৰীসকল অবহেলিত আৰু অৰ্থনৈতিক দিশটো পুৰুষসকলৰ দ্বাৰা নিয়ন্ত্ৰিত।

ছবি ১: Rupam’s Photography
ছবি ২, ৩: Spandan Anuraag Photography
(ছবি লেখকৰ সৌজন্যত)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

চক্ৰধৰ ৰায়

অধ্যাপক, গুৰুদেৱ কালিচৰণ বহ্ম কলেজ, টিপকাই, কোকৰাঝাৰ | মোবাইল: ৯৪৩৫২২০৫৩১

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz