ক্লীৱত্বৰ দেশত

[ প্ৰণৱজ্যোতি দাস ]

এতিয়া মৃত্যু এক বিজ্ঞাপন,
সুযোগ পালেই বটলে বটলে বিক্রী হয় আবেগ,
সত্তা হেৰুৱাই এতিয়া আমি উলঙ্গ,
কঁকাল নাই বুকু নাই
ক'ত পিন্ধিম ৰনাঙ্গণৰ কবচ
আৰু
হম হম কৰিবলে
বিচাৰি পোৱা নাই কলিজা।

এতিয়া ক'তো তেজ ৰঙা গোলাপ নুফুলে,
ধর্ষিতাৰ দেশত
মিছিল হৈ বয় কামনা,
ৰাজপথত গোট মাৰে ভালপোৱা,
অচিনাকি উজাগৰী ৰাতি ককবকাই মৰে
বহু চিনাকি মৌপিয়া।

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz