কঙ্কণ কলিতাৰ কবিতা

তইযে এতিয়া সঁজাৰ মইনা

তোৰ বুকুত আজি নতুনকৈ ফুলিছে
এপাহ খৰিকাজাঁই
চোতালত জোনাকবোৰো
সৰিছে নতুনকৈ।
তথাপিও তোৰেই সুবাস বিচাৰি
উৰি ফুৰে এটি
মৰম আকলুৱা হালধীয়া পখিলা…
কিদৰে বুজাওঁ তাক
তইযে এতিয়া
আনৰ চ'ৰাঘৰত সজোৱা
সঁজাৰ মইনা!

«

সন্ধিয়াৰ আবেগ

তুমি আহিবা
সন্ধিয়াৰ আকাশখনৰ
এমুঠি জোনাক লৈ
আন্ধাৰ হৃদয়ৰ দুৱাৰ খুলি
ময়ো ৰৈ থাকিম
এজাক ফুটুকী তৰা
বুকুত বান্ধি লৈ
গোপনে লীণ হ’ম
তোমাৰ আলিংগনত
বুকুৰ সমস্ত আবেগ উজাৰি
খলকনি তোলা
শোণিতৰ উত্তাপত
ধৰণী উঠিব কুহুমীয়া হৈ…

সন্ধিয়াৰ আবেগেৰে
চুই যাবহি
সেমেকা বতাহজাকে
লাজ লাজ কৈ…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz