কিয় চাব ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’

প্ৰকাশ: ৭ ডিচেম্বৰ, ২০১৬ | অন্তিম সম্পাদনা: ২২ জুন, ২০১৮

ছাকিৰা আহিব বকুলতলৰ বিহুলৈ। কিন্তু কিয়? কি চখত আহিব ছাকিৰা? আৰু এই আবতৰত বকুলতলত কিহৰ আয়োজন?

এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ অহা বৰ্ষ (২০১৭)ৰ ২০ জানুৱাৰী তাৰিখে অসমৰ ছবিগৃহত পাব। হয়, আমি ক’ব বিচাৰিছোঁ এখন চিনেমাৰ কথা। নাম— ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’। ৰচনা আৰু পৰিচালনা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক, নৱ প্ৰজন্মৰ জনপ্ৰিয় সাংস্কৃতিক কৰ্মী হিমাংশু প্ৰসাদ দাসৰ। বিন্দাছ পৃথিৱীৰ ঠিকনা কঢ়িয়াই ফুৰা হিমাংশু প্ৰসাদৰ এই চিনেমাত দিনে-নিশাই পৰিশ্ৰম কৰিছে বহুজন অপেছাদাৰী নাট্যকৰ্মীয়ে। গুৱেৰ্ণিকা ক্ৰিয়েটোভিষ্টা, আৰ্টিষ্ট ফেক্টৰী মিৰ্জাৰ নিবেদন এই চিনেমাৰ লক্ষ্য-উদ্দেশ্য আনতকৈ পৃথক।

কিন্তু কিয় আমি চাম ‘ছাকিৰা…’? ইয়াত নো এনে কি আছে, যিয়ে ‘ছাকিৰা…’ক পৃথক কৰিছে আন চিনেমাতকৈ? প্ৰথমতেই আমি জনাব বিচাৰিম ছবিখনৰ কিছু আঁৰৰ কথা। এই ছবিৰ কোনো প্ৰযোজক নাই! অসমৰ ৰাইজৰ পৰা সংগৃহীত টকাৰে (crowd funding) এই ছবিৰ নিৰ্মাণ কাৰ্য চলি আছে। এই ছবিত নাই কোনো গ্লেমাৰ আৰ্টিষ্ট। নাই বলিউডী জাকজমকতা। নতুনক সুযোগ দিয়েই চিনেমাখন আগবঢ়াই নিয়া হৈছে। অভিনেতাসকলৰ মুখ অপৰিচিত। তথাপি ক’ব পৰা যায় যে চিনেমাখন চোৱাৰ পাছত আপুনি তেওঁলোকক মনত নাৰাখি নোৱাৰিব।

অভিনেতাসকলৰ লগতে সংগীত বিভাগতো নাই কোনো জাকজমকতা। বহু দিনৰ বিৰতিৰ মূৰত আপুনি এই ছবিত শুনিবলৈ পাব কুমাৰ ভৱেশৰ কন্ঠ। আন গীতত শুনিবলৈ পাব বহু ন ন প্ৰতিভাৰ কন্ঠ। ইতিমধ্যে ইণ্টাৰনেট যোগে মুকলি হৈছে ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ ছবিখনৰ দুটাকৈ গীত। তাৰে এটাত কুমাৰ ভৱেশে আৰু আনটো গীতত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ২০১৫ বৰ্ষৰ শ্ৰেষ্ঠা গায়িকা অমৃতপ্ৰভা মহন্তই কণ্ঠ নিগৰাইছে। প্ৰায় ৩০০০জন শিল্পী-কলাকুশলীয়ে এই ছবিখনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশ লৈছে।

কিন্তু সেয়াই মাথোঁ ছবিখনৰ সৰ্বস্ব নহয়। ছবিখনৰ শক্তিশালী সম্পদ হ’ল ইয়াৰ বক্তব্য। ‘এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি’ৰ দৰে কবিতা; ‘ৰান’, ‘এখন গাঁৱত এটা টিভি আছিল’, ‘মই শ্বাহৰুখ খান হ’ব খোজোঁ’, ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ৰ দৰে নাটক, লগতে দুটাকৈ ‘থিয়েটাৰী চং’ নিৰ্মাণেৰে হিমাংশু প্ৰসাদে ইতিমধ্যে তেওঁৰ ব্যতিক্ৰমী চিন্তাৰ খোৰাক যোগাবলৈ আৰু কলাত্মক নিৰ্দেশনাৰে দৰ্শকৰ মনত আদৰৰ স্থান ল’বলৈ সক্ষম হৈছে। এই ছবিত নাই কোনো ধৰণৰ নকল বা বলীউডী প্ৰভাৱ। পৰিচালকৰ আশা, এদিন অসমীয়া চিনেমাৰ পৰা বলিউডে নকল কৰিব। গতিকে অসমীয়া চিনেমাৰ দুৰ্যোগৰ সময়ত এই ছবিখনৰ যোগেদি হিমাংশুৱে যে কিবা এটা কৰিব ই নিশ্চিত।

এই চিনেমাৰ পৰা হোৱা লাভৰ টকাৰে কোনো ব্যক্তি বিশেষৰ পকেট গৰম নহয়। যিহেতু ইয়াৰ কোনো প্ৰযোজক নাই, লাভ যদি হয়, তেন্তে সেই টকা এক মহৎ উদ্দেশ্য আগত ৰাখি খৰছ কৰা হ’ব। তদুপৰি যিহেতু এইখন ৰাইজৰ টকাৰে নিৰ্মীয়মান ছবি, গতিকে পৰিচালক আৰু শিল্পীসকল ৰাইজৰ ওচৰত দায়ৱদ্ধ।

আৰু পঢ়ক:  শ্ৰী ৰঘুপতি: ৰুচিসম্পন্ন বাণিজ্যিক ছবি

সততা, সদিচ্ছা আৰু সাহসক সাৰোগত কৰি হিমাংশু প্ৰসাদৰ জাতিটোৰ বাবে কিবা এটা কৰাৰ হেঁপাহক সফল কৰি তুলিবলৈ আহক নতুন বছৰৰ ২০ জানুৱাৰীত আপোনাৰ ওচৰৰ চিত্ৰগৃহলৈ, আপোনাৰ বাবে অপেক্ষাত থাকিব ‘ছাকিৰা…’।

শ্বাহৰুখৰ আকাশ চোৱাৰ ভংগীমা, চলমানৰ চিক্স পেক, ৰণবীৰ-অনুষ্কাৰ প্ৰেম-কাহিনীৰ বাবে বহুত টকা খেদিলে। আহকচোন, এইবাৰ গাঁৱৰে সোণটি, কুশল, ৰবীন, হিমাংশুহঁতৰ নামত দুটকামান খৰছ কৰোঁ।

ঝুনাকংকণ ভূঞা (টিম ছাকিৰা)

এদিন বলিউডে আমাক নকল কৰিব

himangshu-prasad-dasআমি গান, নাটক, চিনেমা, কবিতা ভাল পোৱা মানুহ। সমান্তৰালভাৱে আমি ভাল পাওঁ নিজৰ জন্মভূমিক। ভাল পাওঁ বাবেই আমি দায়ৱদ্ধ ইয়াৰ ভাষা-কৃষ্টি তথা সুস্থ পৰম্পৰাৰ প্ৰতি। এতিয়া বৰ দুঃসময়। আমাৰ শিপা উভালিবলৈ বহুজাতিক বিষাক্ত বতাহৰ প্ৰতিনিয়ত সুতীব্ৰ আক্ৰমণ। তথাপিতো আমি হাউলি পৰিব নোখোজোঁ। প্ৰচণ্ড হীনমন্যতাত ভূগি থকা অসমীয়াৰ এই সংকটৰ সময়ত আমি কেৱল গান-নাটকেৰে মানুহক খন্তেকৰ মনোৰঞ্জন দিব নোখোজোঁ। মেৰুদণ্ড পোন কৰি পৃথিৱীৰ সমুখত আমাৰ জাতীয় পৰিচয় দিব খোজোঁ। সেই হেঁপাহেৰে আমি এজাক তৰুণ-তৰুণী লগ হৈছোঁ ‘গুৱেৰ্ণিকা’ নামৰ এখন চোতালত। আমি এখন চিনেমা নিৰ্মাণ কৰি আছোঁ। নাম ৰাখিছোঁ— ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’। অসমীয়া ভাষাত হিন্দী চিনেমা বনোৱাৰ বৃথা চেষ্টা কৰিবলৈ আমি যোৱা নাই। অসমীয়া ভাষাত এখন অসমীয়া চিনেমা নিৰ্মাণ কৰি সুস্থ মনোৰঞ্জনৰ মাধ্যমেৰে আমি আমাৰ মনৰ কথা ক’ব বিচাৰিছোঁ। চূড়ান্ত সাধনাৰে এদিন আমি আমাৰ সৃষ্টিৰে অসম মাতৃক গৌৰৱান্বিত কৰিব খোজোঁ। হয়, আমি নিশ্চিত, এদিন আমাক বলিউডে নকল কৰিবলৈ বাধ্য হ’ব।

আমি আমাৰ চিনেমাখনৰ কোনো নিৰ্দিষ্ট প্ৰযোজক ৰাখিব বিচৰা নাই। উদ্দেশ্য এটাই, যাতে আমি বিচৰা ধৰণেই আমাৰ চিন্তা প্ৰকাশ কৰিব পাৰোঁ। এতিয়া আমি আহি আহি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। চিনেমাখন আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ বাবে এতিয়া আমাক আৰ্থিক সহযোগিতাৰ প্ৰয়োজন। আমি কথা দিছোঁ, ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’ চিনেমাখনেই হ’ব আপুনি ইমান দিনে চাবলৈ ৰৈ থকা চিনেমাখন। আপোনাৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিম।


shakira aahibo 03‘নীলা চৰাই’ৰ তৰফৰ পৰা ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’ৰ সমূহ শিল্পী-কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰিয় পাঠক, আপুনি যদি ভাবে এই আশাশুধীয়া প্ৰকল্পটোত আপুনিও হাত উজান দিয়া উচিত, তেনেহ’লে আপুনি আপোনাৰ দিহা-পৰামৰ্শ আৰু আৰ্থিক সহযোগিতা আগবঢ়াব পাৰে। —সম্পাদক, নীলা চৰাই

Guernica Creatovista society
United Bank Of India, Noonmati Refinery Road Brach, Bamunimaidam, (Guwahati)
A/c No: 0005010177139, IFSC: UTBION00315
Contact no. +91-97070-15496/ +91-88768-61601

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts