ক্ষমা কৰিবা হিৰুদা

[ প্ৰণৱজ্যোতি দাস ]

মৃত্যু মানে কি
অথবা মৃত্যুৰ পাছত কি
নাজানো হিৰুদা!
কিন্তু দেখিছোঁ মৃত্যুৰ বিভীষিকা
আৰু দেখিছোঁ মৃত্যুৱে শেষ কৰা
বহু গৰিমা।

শিল্পৰ শেষ নাই
শিল্পৰ মৃত্যু নাই
কিন্তু মৃত্যু মানেতো শেষ
অন্ততঃ এতিয়া!

তুমি বাৰু ভুলকৈ লিখিলা নেকি
নে আমিয়েই ভুল কৰি পেলালো
হেৰাই যোৱা প্রত্যেকটো তৰাক
কিয় দিব নোৱাৰো মৰ্যাদা?

যান্ত্ৰিকতাই কোবোৱা
আমাৰ মন আৰু চেতনাক,
পঙ্গু হৈ যোৱা মানবীয়তাক—
বুকুত হাত থৈ লিখাব পাৰিবানে
আকৌ এবাৰ
মৃত্যুও এক শিল্প…?

মোক ক্ষমা কৰিবা হিৰুদা।

নীলা চৰাই . মে' ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz