কবিতা-অস্ত্ৰ

[ দিগন্ত কুমাৰ গোস্বামী ]

কবিসকল হ’ব লাগে দুৰ্দান্ত, নিৰ্ভীক আৰু স্পষ্টবাদী। শুদ্ধ কথাৰে সমাজ শুধৰোৱাৰ গুৰুদায়িত্ব কেৱল প্ৰবন্ধকাৰ আৰু সমালোচকসকলে অকলে লৈ থোৱা নাই; বৰং কবিতাৰ মাজেৰে সমাজৰ ব্যাধিসমূহ দূৰ কৰি নিকা আৰু স্বচ্চ সমাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কবিতাৰ প্ৰয়োজন অপৰিসীম। কেতিয়াও পাহৰা উচিত নহয় যে সাহিত্যৰ আদিমতম সৃষ্টিয়েই হৈছে কবিতা। বেদৰ মন্ত্ৰ, গীতা, ভাগৱত, গ্ৰীচ দেশীয় দিথিৰাম্ব, ৰামায়ণ-মহাভাৰত ইত্যাদি সকলো কাব্য সাহিত্যৰে অংশবিশেষ। কিন্তু লাহে লাহে এনেকুৱা ভাব হৈছে যেন কবিতা বিপন্ন হৈছে। ক'ৰবাত কিবা আহুকালে দেখা দিছে।

অন্য দেশৰ কথা আলোচনা নকৰি নিজৰ ভাষাৰ কথাকে ক’বলৈ গ’লে দেখা পাওঁ, কবিতা স্বাৰ্থপৰ হৈছে। কবিসকলে যেন নিজৰ নোপোৱাৰ তিক্ততাখিনিহে কবিতাৰ জৰিয়তে উপস্থাপন কৰি ৰাইজৰ পুতৌ ভিক্ষা কৰিছে! এনে কৰ্মৰ ফলত হয়তো কবিৰ সুনাম হৈছে, তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে; কিন্তু কবিতা কিমান লাভান্বিত হৈছে তাক সঠিককৈ নিৰ্ণয় কৰাটো কঠিন হৈছে।

আজিৰ সমাজে কালসন্ধ্যাত উদ্ধাৰৰ পথ বিচাৰি ককবকাইছে। খেনোৱে ৰাজনৈতিক, খেনোৱে অসামাজিক উপসৰ্গৰে সমাজক হানিছে, খুচিছে। এই সময়ত আমাৰ কবিসকলে যদি ব্যক্তিগত জীৱনৰ অসাৰ্থক বেদনাবোৰকে কবিতাৰ সম্বলৰূপে বিবেচনা কৰি কবিতা ৰচি নিজৰ নাম-যশ আদায় কৰিবলৈ উঠি-পৰি লাগে, তেনেহ’লে সি কবিতাৰ প্ৰতি অৱজ্ঞা, অসন্মান আৰু সমাজৰ প্ৰতি দায়িত্বহীনতাক সূচাব। তেনে গতিত আগবাঢ়িলে অচিৰেই অসমীয়া কবিতাই আঁত হেৰুৱাব আৰু সি জাতিটোৰ বাবে, ভাষাটোৰ বাবে মহামাৰীৰূপে বিবেচিত হ’ব।

নতুন কবিসকলে নিজৰ মাটিৰ বাবে চিন্তক, ভাষাৰ বাবে চিন্তক, সমাজৰ হিতৰ বাবে চিন্তক। হিয়া উজাৰি দেশৰ কথা কওক, এই মাটিৰ অপৰূপ সৌন্দৰ্যৰ কথা কওক, এই দেশৰ মানুহৰ গান গাওক।

কবিতাক অস্ত্ৰ হিচাপে কঁকালত ওলোমাই আগবাঢ়িবলৈ আজিৰ অসমীয়া কবিসকলক কোনে শিকাব?«

লেখকৰ ঠিকনা: 34/A , Maratha Maharaja Marg, Navi Mumbai
ই-মে‍ইল: diganta.goswami34@gmail.com

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz