কবিতা, অকবিতা আৰু…

খণ্ডচিত্ৰ : ১

: ঐ আজিৰ ‘দৈনিক বতৰা’খনত মোৰ এটা কবিতা প্ৰকাশ হৈছে, দেখিছ নে?
: তই আকৌ কেতিয়াৰ পৰা ‘কবি’ হ’লি?
: ধেই, কবিতা লিখিবলৈ কবি হ’বই
লাগিব বুলি কথা নাই নহয়।  প্ৰথমতে তই পঢ়ি চা বাৰু।

…..

: কবিতাটো পঢ়িলো, কিন্তু একোৱে বুজি নাপালো দেখোন!
: শুন, আজি-কালিৰ কবিতা বুজি পাব নালাগে। শুনিবলৈ কবিতা কবিতা যেন হ’লেই হ’ল। কিছুমান শুনিবলৈ ভাল লগা শব্দ অলপ ইফাল-সিফাল কৰি বাক্যকেইটামান লিখি অকণমান কবিতাৰ ষ্টাইলত সজাই পেলা আৰু তাৰ লগত দুই-এটা সাধাৰণতে ব্যৱহাৰ নোহোৱা শব্দ মাজে মাজে মিলাই দে, হৈ যাব তোৰ আধুনিক কবিতা। সকলোৱে পঢ়ি নিজৰ মতে বুজি ল’ব কিবা এটা। অসমীয়াৰ শৰ্মা চাৰে যে ক্লাছত প্ৰায়ে কৈছিল, কবিয়ে কি ভাবি কবিতা এটা লিখে সেয়া বুজি ব্যাখ্যা কৰা সহজ নহয়, কিয়নো কবিতা এটা পঢ়ি প্ৰত্যেকে নিজৰ মতে তাৰ অৰ্থ বিচাৰি পায়,— তই পাহৰিলি নেকি ? পুৰণা কবিতা কিছুমান পঢ়ি মইতো ভাবিয়ে নাপাওঁ, কবিয়ে কবিতাটো প্ৰকৃততে ভগৱানক উদ্দেশ্যি লিখিছিল নে প্ৰেয়সীক উদ্দেশ্যি!
: কিন্তু তই ধেমালি কৰি কোৱাৰ দৰেই জানো কবিতা এটা লিখিব পাৰি? কবিতা লিখিবলৈ অনুভূতি, সাধনা এইবোৰৰ কি একো প্ৰয়োজনেই নাই নেকি?
: মই সেইবোৰ ইমান গভীৰভাৱে ভাবিব নিবিচাৰোঁ। মুঠৰ ওপৰত, মই মোৰ মতে কবিতা লিখোঁ, বাতৰি-কাকত, আলোচনীত প্ৰকাশ পালে দেখি ভাল লাগে, বচ মোৰ সিমানতে সন্তুষ্টি…, বুজিলি?

 খণ্ডচিত্ৰ : ২

: বনানী, তুমি ইমান ধুনীয়া কবিতা লিখা, অথচ আমি আজিলৈ  নাজানিলো! শব্দৰ ইমান সুন্দৰ ব্যৱহাৰ, অনুভূতিৰ ইমান তীব্ৰ প্ৰকাশ! সঁচাকৈ তোমাৰ কবিতাবোৰ খুব সুন্দৰ হৈছে।
: নাজানো বাইদেউ, এইবোৰ কবিতা হৈছে নে নাই। ভাব কিছুমানে আহি মনত অগা-দেৱা কৰি থাকে, তাকে কেতিয়াবা লিখি পেলাওঁ। এই ৰশ্মিয়ে কেতিয়া যে মোৰ টোকাবহীখন মনে মনে নি আপোনাক দেখুৱালে, মই গ’মেই নাপালো। এতিয়া আপুনি পঢ়া দেখি আৰু লাজ লাগিছে।
: লাজ লাগিছে, কি যে কথা কোৱা! লাজ আচলতে মইহে পাব লাগে, ইমান দিনৰ পৰা তোমালোকক সাহিত্যৰ ক্লাছ লৈ আহিছোঁ, অথচ ৰশ্মিয়ে আনি তোমাৰ বহীখন নেদেখুৱালে মই তোমাৰ এই প্ৰতিভাৰ কথা নজনাকৈয়ে থাকিলোহেঁতেন! তোমালোকক আমি পাঠ্যক্ৰমৰ শিক্ষা দিয়াতে আমাৰ দায়িত্ব শেষ বুলি ভাবোঁ, কিন্তু তোমালোকৰ প্ৰতিভাবোৰ বিকাশ ঘটোৱাত সহায় কৰাৰো দায়িত্ব যে আমাৰ আছে, সেয়া কেতিয়াও ভাবি নাচাওঁ। যি হওক, তুমি কবিতাবোৰ কোনোবা বাতৰি-কাকত বা আলোচনীলৈ পঠিয়াইছা নে?
: নাই বাইদেউ, মাজতে বাতৰি-কাকত এখনত কাম কৰা ককাইদেউ এজনে কেইটামান কবিতা পঢ়ি ভাল লগা বাবে লৈ গৈছিল তেওঁলোকৰ কাকতত প্ৰকাশৰ বাবে; পিছে সম্পাদকজনে হেনো আগতে মোৰ নাম নুশুনা বাবে কবিতাকেইটা প্ৰকাশৰ বাবে সন্মত নহ’ল। তেখেতে অৱশ্যে কবিতাকেইটা ভাল হৈছে বুলি কৈছে।

খণ্ডচিত্ৰ : ৩

: বন্ধু কথা এটা কছোন, আগৰ কবিৰ কবিতাবোৰৰ তুলনাত এতিয়াৰ কবিতাবোৰৰ মান কিয় কমি গৈ আছে?
: মান কমিছে বুলি তই কিহৰ ভিত্তিত কৈছ বাৰু? মানে, তোৰ মতে, কবিতা এটাৰ মান কি কি কাৰকে নিৰূপণ কৰে?
: মই আচলতে সুধিব বিচৰা কথাটো অলপ বেলেগ ধৰণৰ। মানে ধৰ, আগৰ কবিসকলৰ কবিতাত অতীন্দ্ৰিয়বাদৰ প্ৰভাৱ আছিল, একেদৰে জাতীয় চেতনা, প্ৰকৃতিৰ আৰাধনা বা ৰমন্যাসবাদৰো ছবি এখন ফুটি উঠিছিল, কিন্তু আজি-কালিৰ কবিতাবোৰ কেৱল যেন প্ৰেম, প্ৰত্যাখ্যান, হা-হুমুনিয়াহৰ হে একো একোখন দলিল। নবীন কবিসকল ইমান বেছি বিষাদগ্ৰস্ত কিয়? নে হতাশা তেওঁলোকৰ বাবে কেৱল এক কাব্যিক বিলাসিতাহে মাথোন?
: মই কিন্তু কথাবোৰ তেনেকৈ নাভাবোঁ। আচলতে কবিতাৰ বীজ সকলো মানুহৰে অন্তৰত লুকাই থাকে।এই বীজক অংকুৰিত কৰি তাক প্ৰকাশ কৰাৰ ধাৰণাও মানুহ মাত্ৰেই ভিন ভিন; তদুপৰি তাক সময়, পৰিৱেশ আৰু অনুভূতিপ্ৰৱণতাইও বহু পৰিমাণে প্ৰভাৱান্বিত কৰে। এটা সময়ত প্ৰশস্তিমূলক কবিতাসমূহকে শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল। অনুশীলনো আগবাঢ়িছিল তেনেদৰে। একঘেয়ামিয়ে মানুহক এটা সময়ত আমুৱায় বাবে হয়তো পিছলৈ সৃষ্টি হ’ল ৰোমাণ্টিক ভাববিলাসী কবিতাৰ। ৰোমাণ্টিক কবিসকলে কল্পনাৰ জৰিয়তে এখন অপাৰ্থিৱ, ৰহস্যঘন জগতৰ আৱিষ্কাৰ কৰিলে, য’ত ঠাই পালে প্ৰেয়সীৰ শাৰীৰিক সৌন্দৰ্যৰ পৰা অতীন্দ্ৰিয় প্ৰেমলৈ, প্ৰকৃতিৰ বনৰীয়া ফুলৰ পৰা গোলাপৰ বাগিচালৈ, ব্যক্তিগত বিষাদগাথাৰ পৰা বিশাল মানৱ প্ৰেমলৈ।
: মই ইমানবোৰ কথা বুজি নাপাওঁ। আগৰ কবিতাবোৰ পঢ়িলে বাৰে বাৰে আওঁৰাবলৈ মন যোৱা ধৰণৰ আছিল, কিন্তু আজি-কালিৰ কবিতা এটা পঢ়াৰ অলপ পিছতেই চেষ্টা কৰিলেও মনত পেলাব নোৱাৰোঁ কি নো পঢ়িছিলো। নতুন কবিসকলৰ কবিতাত কেৱল হতাশাগ্ৰস্ত ৰূপ এটাৰহে প্ৰতিফলন ঘটা দেখা পাওঁ দেখোন!
: ইয়াৰ মাজত আৰু এটা সত্য লুকাই আছে; আজিৰ তীব্ৰ প্ৰতিযোগিতামূলক জীৱনত নতুন প্ৰজন্মই মাথোন পাইছে যান্ত্ৰিক সভ্যতাই আনি দিয়া দুখ, সমস্যা আৰু তাৰ পৰা সৃষ্ট হতাশা, ক্ষোভ তথা বিদ্ৰোহ। এই নতুন চামে জীৱন-যুঁজত নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰত হেৰুৱাই পেলাইছে মানৱ হৃদয়ৰ সুকোমল অনুভূতিবোৰ। কিন্তু সুখৰ কথা কি জান? এই সকলোবোৰৰ মাজতো কবিতা থমকি ৰোৱা নাই। আজিৰ কবিয়ে কল্পনাৰ ভাব বিলাসত উটি-ভাহি নগৈ নিৰ্মম বাস্তৱৰ পৰাই আহৰণ কৰে কবিতাৰ সমল। পৰীক্ষা-নীৰিক্ষা কৰে নতুন নতুন আংগিকেৰে। সলনি হয় কবিতাৰ ধাৰণা, সৃষ্টি হৈছে নতুন ছন্দৰ। এয়া হয়তো কবিতাৰ নতুন যুগৰ আৰম্ভণিৰে ইংগিত।

উপৰিউক্ত ছবিকেইটা উদাহৰণ মাত্ৰ। আমি সকলোৱে হয়তো কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা ধৰণৰ কথোপকথনৰ শ্ৰোতা হৈছোঁ নতুবা অভিজ্ঞতা লাভ কৰিছোঁ। কিন্তু কেতিয়াও হয়তো গভীৰভাৱে চিন্তা কৰি চোৱা নাই যে আচলতে আজিৰ কবিতা কোন দিশলৈ গতি কৰিছে। কিয় বাৰু আজি-কালিৰ কবিতাবোৰৰ লগত আমি একাত্ম হ’ব নোৱৰা হৈ পৰিছোঁ? কিয় মন নাযায় গুণগুণাবলৈ নতুন কবিৰ কবিতাৰ কোনো পংক্তি? কবিতাৰ সংখ্যা বহুত বাঢ়িছে, মানুহৰ কাষ চাপিবলৈ মাধ্যমো এতিয়া বহুত, তথাপিও কিয় কবিতাৰ প্ৰতি মানুহৰ এই অনীহা?

গাওঁ বুলিলেই জানো গান এটা গাই গায়ক হ’ব পাৰি? একেদৰে লিখোঁ বুলিয়েই জানো পাৰি কবিতা এটা লিখি উলিয়াব? মানৱ হৃদয়ৰ কোমল অনুভৱবোৰেই কবিতা, হৃদয়ানুভূতিৰ বহিঃপ্ৰকাশ কবিতা, কবিতা জীৱনৰ সুৰীয়া গান। মানুহৰ হৃদয়ত সংগোপনে লুকাই থকা অনুভৱবোৰক মগজে কৰ্ষণ কৰি সজাই-পৰাই অংকুৰণ ঘটায় একোটি কবিতাৰ। তাৰ বাবে প্ৰয়োজন হয় সাধনাৰ; প্ৰয়োজন হয় কবিতা-ৰীতিৰ অধ্যয়ন, অনুশীলন আৰু স্বত:স্ফূৰ্ত অনুভৱৰ। কবিতাত যিমানে ভাবৰ সৰল প্ৰকাশ ঘটে, সিমানে পঢ়ুৱৈৰ ওচৰ চাপি মানসিকভাৱে একাত্ম হ’ব পাৰে। কবিৰ স্বীকৃতিও হয়তো সেইখিনিতে। কবিতা কেৱল কিছুমান শব্দৰ ছন্দোৱদ্ধ সমষ্টি নহয়; যেতিয়া কবিৰ অন্তৰৰ সূক্ষ্মতম অনুভূতিক পাঠকৰ হৃদয়লৈ বোৱাই নিব পাৰে, তেতিয়াই জন্ম হয় একোটা কবিতাৰ।

আহক, আমি সকলোৱে আৱাহন কৰোঁ কবিতাক আমাৰ জীৱনলৈ, অনুভূতিবোৰক অনুভৱ কৰিবলৈ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

6 Comments on "কবিতা, অকবিতা আৰু…"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
navajit bhagabati
Guest

বৰ ধুনীয়া লিখিছা। বহু পাঠকৰ বহু প্ৰশ্নৰ উত্তৰ দিয়া যেন বোধ হৈছে। নিজৰ মনৰ কবিতাকেন্দ্ৰিক যুদ্ধখনৰ জৰিয়তে বহু কথাই কোৱাৰ যত্ন কৰা নাই জানো?

মালিনী গোস্বামী
Guest
মালিনী গোস্বামী

অশেষ ধন্যবাদ । মই মাথোন মনলৈ অহা কথাখিনি লিখিছিলোঁ । আগলৈও আপোনাৰ পৰা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ ।

অঞ্জল বৰা
Guest
অঞ্জল বৰা
সাধাৰণতে সাহিত্যৰ লগত জড়িত বা অনুভূতিশীল কোনো মানুহেই হয়টো জীৱনত এটা কবিতা নিলিখাকৈ থকা নাই৷ কবিতাক কোনো সজ্ঞাৰে বান্ধি ৰখাৰ যুক্তিও নাই… আনহাতে সকলো কবিতাই যে প্ৰকাশ কৰিবই লাগিব বা পাবই লাগিব তাৰো কোনো যুক্তি নাই… কেতিয়াবা মনৰ কথাবোৰ ক'ৰবাত… কাৰোবাৰ আগত প্ৰকাশ কৰাৰ ইচ্ছা জাগে.. কিন্তু খোলাভাৱে কথাবোৰ ক'বলৈ মনৰ মাজত সংকোচ জাগে.. তেতিয়াই আমি কিছুমান শব্দৰ আশ্ৰয় লওঁ… এটা এটা শব্দত এটা এটা প্ৰতিক থাকে… চিত্ৰকল্প থাকে… বহু হাজাৰটা বাক্য সোমাই থাকে… সেয়ে তেনে অমিল শব্দবোৰ লগ হৈ এটা কবিতা হয়… আনে বুজি নাপালেও কিন্তু কবিয়ে অনুভৱ কৰিব পাৰে আৰু তাতেই কবিৰ সন্তুষ্টি সোমাই থাকে৷ মন গ'ল এনেই… Read more »
মালিনী গোস্বামী
Guest
মালিনী গোস্বামী

ধন্যবাদ বৰা ডাঙৰীয়া । আপুনি উল্লেখ কৰা কথাখিনিৰ লগত মইও একমত । কবিতা ভালপাওঁ বাবেই হয়তো নতুন প্ৰজন্মৰ কবি সকলৰ পৰা মনপৰশা কবিতা আশা কৰোঁ । মই আশাবাদী…. কবিতা লিখিব জনাসকলৰ পৰা আমি আৰু বহুতো ভাল লগা কবিতা উপহাৰ পাম অনাগত সময়ত….

প্ৰদ্যুত জ্যোতি শ‍ইকীয়া
Guest
প্ৰদ্যুত জ্যোতি শ‍ইকীয়া

ভাল লাগিল পঢ়ি|

মালিনী গোস্বামী
Guest
মালিনী গোস্বামী

ধন্যবাদ শইকীয়া ডাঙৰীয়া…

wpDiscuz