জ্যোতি প্ৰকাশ নাথৰ কবিতা

আপোন কোন?

পাটকাইৰ সিপাৰৰ পৰা যে আহিছিলা
আপত্তি কৰিছিলো জানো মই ?
কনৌজৰ পৰা যেতিয়া আহিছিলা
আপত্তি কৰিছিলো জানো মই ?
ৰামসিংহৰ লগত যে আহিছিলা,
আপত্তি কৰিছিলো জানো মই ?
আৰু ব্ৰহ্মদেশৰ পৰা…
তেতিয়াওতো কৰা নাছিলো!
আজিনো তেনেহলে কিয় দৌৰাদৌৰি?
বতাহত হতাশাৰ ধুমুহা
আৰু নিশাহত জ্বলে হিংসাৰ দাবানল!
নিজকে চিনি পোৱাৰ আগতেইতো
তোমাৰ অস্তিত্বক বিশ্বাস কৰিছিলো!
আপত্তি কৰিছিলো জানো মই?
জীৱন মানেইতো এৰাধৰাৰ গণিত
সেইবাবেই আপত্তি নকৰোঁ
হাস্যকৰ আবেগৰ যুক্তিত।
তোমাৰো হৃদয় তিতি আছে,
যন্ত্ৰণাৰ বৰষুণত দগ্ধ হৈছে,
তথাপিও কৈছোঁ আৰু কৈ থাকিম।
শতছিন্ন আশাৰ বাহিৰে, অতিথি আপ্যায়নৰ
আন একো ব্যঞ্জন ৰান্ধিব নাজানো!

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz