ঝন ঝন ঝন ঝন…

প্ৰকাশ: ২৬ ডিচেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ২৪ ফেব্ৰুৱাৰী, ২০১৮

ৰোমন্থন:
১৯৯৯ চনৰ জানুৱাৰী মাহ। হঠাতে হিয়াত বান্ধি লৈ ফুৰা জুনুকাবোৰ ঝনঝনাই উঠিল এক ৰোমাঞ্চকৰ পৰিবেশত। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈয়েই আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত ভাগ ল’বলৈ পালো। মোৰ জীৱনৰ অন্যতম সমবেত সংগীত— নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ ‘ঝন ঝন ঝন, ঝন ঝন’। আপোনাৰ বাৰু ঝন ঝন ঝন শুনিলে কেনে হয়?

আহক অকনমান গল্প কৰো:
এখন দেশত এজন ৰজা আছিল। তেওঁ ভাস্কৰ্য বিদ্যা শিকাৰ হেঁপাহত এজন নিপুণ গুৰুৰ ওচৰলৈ ঢাপলি মেলিলে আৰু মনৰ ভাব ব্যক্ত কৰিলে। তাৰপাছত—
গুৰু: ভাস্কৰ্য বিদ্যা কেনেকৈ শিকিব, যদি আপুনি ছবি আঁকিব নাজানে?
ৰজা: ছবি অঁকা কলাটো শিকাই দিয়ক।
গুৰু: আপুনি ছবি আঁকিব কেনেকৈ, যদিহে নাচৰ জ্ঞান নাথাকে?
ৰজা: তেনেহলে নাচৰ বিষয়ে অকণমান…।
গুৰু: বাদ্য সংগীত নাজানিলে নাচ জনাটো সম্ভৱ নহয়।
ৰজা: অনুগ্ৰহ কৰি…।
গুৰু: বাদ্য সংগীত তেতিয়াহে জানিব, যেতিয়া আপুনি গান গোৱা কলাটো গভীৰভাৱে চৰ্চা কৰিব।
ৰজা: গান গোৱাটোৱেই যদি সকলো কলাৰ মুল উত্স, তেনেহলে হে মহাশয়, অনুৰোধ কৰিছো, এই গুৰু সংগীতৰ অকণমান প্ৰকাশ মোৰ ওপৰত পেলাওক।

আহক অকণমান ভিতৰলৈ যাওঁ:
ময়ে‌ই আপোনাৰ লগত কথা পাতোঁ বা আপুনিয়ে‌ই মোৰ লগত কথা পাতক, কথা একেটা‌ই। এ‌ই কথা কোৱা আৰু শুনাবোৰ একো একোটা শব্দৰ প্ৰবাহ মাথোন। বিশাল শূন্যতাত এক বিশাল শব্দইক অনবৰতে এঙামুৰি দি থাকে যদি‌ও মানুহে যেতিয়াৰ পৰা মুখেৰে শব্দ কৰিব ধৰিলে তেতিয়া‌ই সংগীতৰ সৃষ্টি হ’ল। ই মাথোঁ বিকাশ লাভ কৰি আহি আছে। এ‌ই শব্দবোৰৰ পৰা‌ই ভাষা‌ই স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ আদি বিভিন্ন উচ্ছাৰণৰ সমাহাৰ ঘটা‌ই আগুৱা‌ই আহিছে আৰু সংগীতে বিভিন্ন লয়ত শব্দৰ প্ৰবাহক উঠা-নমা কৰি নিজক প্ৰতিষ্ঠা কৰিছে। সংগীত আৰু আমাৰ কথাৰ মাজত অভিন্নতাৰ স্বাক্ষৰ ৰূপে কালিদাসৰ কথা চাব পাৰি। সৰোবৰৰ পাৰত গাভৰুৰ হাতৰ পৰা খহি পৰা কলহটো খটখটিৰে বাগৰি পানীত পৰালৈকে কৈ গ’ল— ঠং ঠং ঠঠং ঠং ঠঠঠং ঠঠং ছঃ…।

আৰু পঢ়ক:  বিহু

সংগীতৰ এই যাত্ৰাক তিনিটা ভাগত ভগোৱা হ’ল—
আদিম কাল: ইন্দো-ইউৰোপীয়ান পৰিয়ালটোৱেই পৃথিৱীৰ ভাষাৰ ক্ষেত্ৰত আটাইতকৈ পুৰণি পৰিয়াল। অ’ল্ড ইন্দো-এৰিয়ান (সংস্কৃত) সেই পৰিয়ালৰে এক সদস্য। ইয়াৰে স্বাক্ষৰ বহন কৰি সৃষ্টি হোৱা বেদসমূহত তিনি ধৰণৰ স্বৰ সাধিত হৈছিল— উদাত্ত, অনুদাত্ত আৰু স্বৰিত। তাৰ ছাঁতেই সপ্তস্বৰৰ সৃষ্টি হ’ল খ্ৰীষ্ট পূৰ্ব প্ৰথম শতাব্দীৰ আগভাগতে। ইয়াৰ প্ৰমাণ ভৰতমুনিৰ নাট্যশাস্ত্ৰ।

মধ্যকাল: গান্ধৰ্ব আৰু মাৰ্গী সংগীতে প্ৰাণ পাই উঠিছে এই কালছোৱাত। ৰামায়ণ, মহাভাৰতৰ গাথা-মালিতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ গীত-সংগীতৰ সৃষ্টি হ’ল। পঞ্চম শতিকাত মাতঙ্গদেৱে বৃহদ্দেশীত ৰাগৰ কিছু ধাৰণা আগবঢ়ালে। তাৰপাছত তেৰ শতিকাত শাৰঙ্গদেৱৰ সংগীত ৰত্নাকৰত স্বৰগ্ৰাম, ৰাগ, তাল আদিৰ বিস্তৃত বিৱৰণ পোৱা গ’ল। তেতিয়াৰ পৰা সংগীত আহি আছে কোনোবা ৰজাৰ সাৰে থকা অথবা শুই থকা মুহূৰ্তৰ উপহাৰ হৈ, কাৰোবাৰ হাঁহি-কান্দোনৰ সাক্ষী হৈ।

আধুনিক কাল: শব্দৰ তীব্ৰতা, তীক্ষ্নতা, প্ৰাবল্য, মন্দ্ৰসপ্তক, মধ্যসপ্তক, তাঁৰসপ্তকৰ স্বৰ সমষ্টি কেনেদৰে প্ৰয়োগ কৰিলে নৰমক গৰম আৰু গৰমক নৰম কৰিব পাৰি তাৰ চৰ্চা আৰম্ভ হৈছে আধুনিক কালছোৱাত। যেনে ক’ব পাৰি মিউজিক থেৰাপি। ৰুচ বিজ্ঞানী ড. ডোজিয়েলে শৰীৰত সংগীতৰ প্ৰভাৱৰ বিষয়ে গৱেষণা কৰি কিছু সিদ্ধান্ত দাঙি ধৰিছে—
১. ৰক্ত সঞ্চালনত সংগীতে প্ৰভাৱ পেলায়।
২. সংগীতৰ প্ৰভাৱৰ ফলত ৰক্তচাপ বাঢ়িব অথবা কমিব পাৰে।
৩. সাংগীতিক স্বৰৰ প্ৰয়োগৰ ফলত হৃৎপিণ্ডৰ গতিবেগ বাঢ়ে।
৪. কোনো নিৰ্দিষ্ট সংগীতৰ তৰঙ্গ, তীব্ৰতা আৰু স্বৰ প্ৰয়োগ বিধিয়ে ৰক্তচাপ তথা দৈহিক কম্পনৰ ওপৰত প্ৰভাৱ পেলায়।

আহক কথাৰ সামৰণি মাৰোঁ:
অন্ধই শব্দক অনুসৰণ কৰি আগবঢ়াৰ দৰে আমাৰ আগে আগে ঝন ঝন কৰি যোৱা সময়ৰ সংগীত অনুসৰণ কৰি পিছে পিছে আমি গৈ আছোঁ। কাণত বাজিছে মাথোঁ ঝন ঝন ঝন, ঝন ঝন…।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts