জেতুকা

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১২ | অন্তিম সম্পাদনা: ৫ মাৰ্চ, ২০১৮

“উস”,— পিঠিখনত বেঁকা ধেনুভিৰীয়া ভাঁজ এটা দি তৰাই অস্ফুট স্বৰেৰে উচ্চাৰিলে। গলধনৰ তলতে তাইৰ পাতল ফ্রকটোৰ ওপৰেৰে কিবা এটাই কামুৰিলে তাইক। সেই কামোৰাখিনিতে পিৰপিৰণি এটা উঠি অথনিৰে পৰা তাইক আমনি কৰি আছে। বাৰান্দাৰ পকিখিনিতে মেলি লোৱা বিহু বিশেষ সংখ্যাৰ আলোচনীখন আগত লৈ তাই উচপিচাই আছে। কামোৰা ঠাইখিনি পিহি বা খজুৱাই দিবলৈ দুপৰীয়াৰ এই সময়খিনিত ঘৰখনত কোনো সাৰে নাই। গৰুবিহুৰ পু‍ৱাৰ সময়খিনিৰ বিশেষ ব্যস্ততাৰ পাছত মাক-দেউতাক আৰু বায়েক এতিয়া নিজ নিজ বিছনাত ভাত-ঘুমটিত লালকাল। কিবা এটা পঢ়াৰ সময়ত তাইৰ গা-মূৰ পিহি খং তোলাই থকা আইতাকজনীও আজি নাই। বিহু বুলি তেওঁ পৰহিয়ে গাঁৱত থকা বৰদেউতাকহঁতৰ ঘৰলৈ গ’ল। মূৰৰ পিছফালে একেলগ কৰি বান্ধি থোৱা চুলিখিনি ইফালে সিফালে জোঁকাৰি তাই পিৰপিৰণিটো আঁতৰাবলৈ চেষ্টা কৰিলে। কিন্তু ওখকৈ বান্ধি থোৱা চুলিখিনিয়ে তাইৰ গলধনৰ সেই বিশেষ আক্রান্ত এলেকাটো ঢুকি নাপাইহে নাপায়। উপায়ন্তৰ হৈ তাই শুই থকা মাকক জগাবলৈ উঠি গ’ল।
—“অ’ই পাগলী! মই অহা দেখি পলাইছ? ৰহ তোক!” পিছফালৰ পৰা চিনাকি মাত শুনি তৰাই মুখ উন্দোলাই ঘূৰি চালে। চোতালত সেয়া কাষৰ ঘৰৰে মহিম। তাইতকৈ তিনি বছৰে ডাঙৰ মহিম তাইৰ বায়েকৰ লগৰ যদিও তৰাই সৰুৰে পৰা বায়েকক মতাৰ দৰেই তাকো নাম কাঢ়িয়ে মাতে।
—“আৰে মুখ ফুলাই আছ কিয়? আৰু হাতত সেইবোৰ কি?” মহিমে কৈ কৈ বাৰান্দাত উঠিল। সি তৰাৰ কাষ চাপি আহি হাত দুখনলৈ ভালকৈ চালে।
—“ৱাহ! তৰাৰ গাত বিহু লাগিছে তেন্তে। মই ভাবিছিলো, তোৰ কেতিয়াও এইবোৰ ভাল কামলৈ আহৰি নোলাবই। পিছে হাতত জেতুকা লগাই ক’ৰ বিহুতলীত নাচিবলৈ যাবি তই?” সি মুখত হাঁহি এটা সানি কৈ উঠিল।
—“জেতুকা লগালে বিহু নাচিব লাগে নেকি? মইচোন প্রত্যেক বছৰেই জেতুকা লগাওঁ দুহাতত।” তৰাই কৈ কৈ বাৰান্দাৰ মজিয়াত মেলি লোৱা আলোচনীখন সামৰাত লাগিল। জেতুকা লগা হাতেৰে সামৰিবলৈ লোৱাত আলোচনীখনৰ কোণ এটাত দাগ এটা লাগিল আৰু ঠিক সেইখিনি সময়তে মহিমৰ আগমনত পাহৰি পেলোৱা তাইৰ গলধনৰ পিৰপিৰণিটোও হঠাৎ সাৰ পাই উঠিল। “অহ!”— তৰাৰ মুখেৰে অজানিতে শব্দটো ওলাই আহিল।
—“দে সেইখন, মই থৈ দিওঁ। তোৰ আঙুলিৰ মূৰৰ জেতুকাখিনি এৰ খাই যাব। এইবোৰ লগালে কাম-বন নকৰি বহি থাকিব লাগে।” মহিমে মজিয়াৰ পৰা আলোচনীখন বুটলি কাষৰে টুলখনত থৈ বিজ্ঞ মানুহৰ দৰে কৈ উঠিল। গৰু বিহুৰ দুপৰীয়াটোত সৰুৰে পৰা দেখি থকা তাৰ ভাললগা এই ছোৱালীজনীক পিহি লোৱা জেতুকাৰে দুহাত বুলাই লোৱা অৱস্থাত দেখি তাৰ মনটো এনেই ভাল লাগি গৈছে। অনবৰতে কিতাপৰ মাজত সোমাই থাকি ভালপোৱা আৰু মানুহৰ আগত মাত নোলোৱা তৰাক অলপ পৰ অকলে লগ পাবলৈকে সি এই অসময়ত সিহঁতৰ ঘৰলৈ আহিছে। শৈশৱৰে পৰা মুকলিকৈ আহ-যাহ কৰা এই ঘৰখন আৰু তৰাৰ দৈনন্দিন ৰুটিনখন মহিমৰ চিনাকি।
—“জেতুকা লগাই এতিয়া মোৰ কি বিপদ হৈছে তই কি জানিবি? মই বীণাক মাতি দিওঁ ৰ। তই বহ”। এইবুলি কৈ পিঠিখনত আকৌ এটা অদ্ভুত ভাঁজ দি তৰাই শুই থকা বায়েকক মাতিবলৈ সিহঁতৰ কোঠালৈ খোজ দিলে।
—“ৰ এতিয়া নালাগে মাতিব। মই আছোঁ অলপ সময়। তাই আমাৰ মাত শুনি উঠিবই অলপ পাছত। তই ক, কি এনে বিশেষ আসুবিধা হৈছে জেতুকা লগাই তোৰ? মই তোৰ অসুবিধা পলকতে নোহোৱা কৰি দিম। তই হাতত ধুনীয়া ৰং নুঠালৈকে অলপ ধৈৰ্য ধৰি ভালকৈ থাক।” তৰাৰ হাতৰ তলুৱাৰ জেতুকাৰ কাল্পনিক ৰংটোৰ কথা ভাবি নিজকে চফল ডেকা বুলি ফিতাহি মৰা ১৯ বছৰীয়া মহিমে ব্যস্ত হৈ কৈ উঠিল।
—“তই নোৱাৰ। মই মাৰ ওচৰৰ পৰা আহোঁ।” এইবুলি কৈ তৰাই আকৌ ঘৰৰ ভিতৰলৈ খোজ ল’লে।

আৰু পঢ়ক:  এখন নদীৰ মৃত্যু

ভিতৰলৈ সোমাবলৈ লোৱা তৰাৰ খৰ খোজকেইটা দেখি মহিমে ক’ব নোৱৰাকৈয়ে এইবাৰ তাইতকৈ খৰকৈ গৈ তাইক দুৱাৰমুখতে আগভেটি ধৰিলে। তৰা ৰৈ গ’ল। বাৰান্দাৰ সিপাৰৰ আমজোপাৰ তলেৰে ফুৰফুৰীয়া বতাহ এজাক বৈ আহিছে। সেই বতাহত সিহঁত দুয়োৰে মাজৰ দুৱাৰডলিৰ আধাকৈ কোঁচাই থোৱা পর্দাখন দুলিব ধৰিছে। তৰাৰ মুখৰ ৰংখিনি পদূলিৰ নাহৰজোপাৰ কুঁহিপাতকেইখিলাৰ ৰঙৰ লগত পলকতে একে হৈ গ’ল।

—“কি কৰিছ? যাব দে মোক।” তৰাই কোনোমতে কৈ উঠিল।এনে পৰিস্থিতি তাইৰ জীৱনত অভাৱনীয়।
বতাহত কঁপি থকা পর্দাখন তৰাৰ জেতুকা লগোৱা হাতখন চুবলৈ এইবাৰ জোৰেৰে কঁপি উঠিল। তাৰ আগেয়েই পর্দাখন ধৰি মহিমে লাহেকৈ কৈ উঠিল— “মই কৈছিলো নহয় ৰ’বলৈ। অলপ ৰ’লে কি যায় তোৰ?”

অদূৰত কুলিজনীয়ে বিনাব লাগিছে। মহিমৰ গাৰ পৰা সি নতুনকৈ লগাবলৈ আৰম্ভ কৰা পাৰফিউমৰ সুগন্ধ এটা ভাহি আহি তৰাৰ নাকত লাগিল। গোন্ধটো এতিয়াও অলপ অচিনাকি তাইৰ। তৰাই কেইটামান মুহূৰ্তৰ বাবে দুচকু জপাই দিলে।পুনৰ চকু মেলোঁতেই তাই দেখিলে, মহিমে তাইৰ আগৰ পৰা আঁতৰি তাইৰ হাতত লাগিব নোৱৰাকৈ পর্দাখন ধৰি একাষে ৰৈ আছে। কেইটামান নীৰৱ মুহূৰ্ত পাৰ হৈ গ’ল আকৌ।

—“বেয়া পাইছ মোক?” মহিমৰ মাতটো যেন সুদূৰৰ পৰা ভাহি আহিছে।
হঠাতে লাজকুৰীয়া তৰাজনীৰ মৃদু খং এটা উঠি আহিল মহিমলৈ। আজিকালি সি তাইৰ লগত কিয় এনে কৰিবলৈ আৰম্ভ কৰিছে, তাই ভাবি নাপায়। এসপ্তাহমান আগতে কিবা কথা এটা লৈ সি খুব জোৰেৰে তাইৰ হাত এখন ধৰি লৈছিল। তাই টনা-আঁজোৰা কৰি থাকোঁতে দেউতাকে দেখা পোৱাত জীৱনত প্রথমবাৰলৈ কিবা এটাত ধৰা পৰি যোৱাৰ অনুভৱত তাই লাজত কোঁচ খাই গৈছিল সেইদিনা।

bihu-dancer
ছবি: দ্বিজেন মহন্ত

—“ভিতৰত তোৰ কিবা দৰকাৰী কাম আছে বোধহয়। মই আছোঁ ইয়াতে। তই গৈ আহ।” মহিমে লাহেকৈ ক’লে।
তৰাই কি কৰিব ভাবি নাপালে। সৰুৰে পৰা দেখি থকা এই চিৰ-চিনাকি ল’ৰাটোৰ আগত এতিয়া তাইৰ নিজকে অচিনাকি যেন লাগিছে। অদূৰৰ কুলি চৰাইজনীৰ মাতটো, ব’হাগ ব’হাগ গোন্ধোৱা নিজান দুপৰীয়াটো, তাইৰ হাতৰ আধা শুকান জেতুকাখিনিৰ পৰা নিগৰি অহা ভাললগা গোন্ধটো আৰু নিচেই কাষতে ৰৈ তাই কিবা এষাৰ কোৱালৈ অধীৰ হৈ পৰা এই ল’ৰাটোৰ ব্যগ্রতাখিনি সকলো যেন নতুন। অভূতপূর্ব…!

—“চাওঁ, তই দ্রয়িংৰুমতে বহহি। মই মাক মাতোঁ চাহ কৰিবলৈ। বাহিৰত বৰ গৰম।” নীৰৱতাখিনি ভাঙি অৱশেষত তৰাই সহজ হাঁহি এটাৰে ক’লে। হাতৰ পর্দাখন একেভাগেই ধৰি মহিমে তাইক বাট এৰি দিলে। তৰাই মাক শুই থকা কোঠাটোলৈ খোজ দিলে। অলপ আগলৈকে তাইক আমনি দি থকা গলধনৰ তলৰ পিৰপিৰণিটো ইতিমধ্যে তাতে মাৰ গৈ ঠাইডোখৰ তাইৰ কেঁচা জেতুকা লগোৱা হাতদুখনৰ দৰেই চেঁচা পৰি যোৱা যেন লাগিল।«

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts