যাত্ৰা

[ ৰিপুঞ্জিত হাজৰিকা ]

—পঢ়া-শুনা শেষ কৰি মোকে তোৰ ড্ৰাইভাৰ ৰাখিবি।
সুধিবলৈ কথাটো সহজতো নহয়েই বৰঞ্চ অসহজ কৰি দিব পৰাকৈ টান যদিহে কওঁতাৰ কথাষাৰত সেইটো প্ৰশ্ন, অনুৰোধ নে আদেশ ধৰিব পৰা নাযায়। গতিকেই নাৰায়ণৰ কথাষাৰৰ উত্তৰ নিদি সীমান্তই ভাবি থাকিল লিখিম বুলি ভাবি থকা নতুন গল্পটোৰ কথা, কালি পঢ়া,— তাক অবাক কৰি দিয়া কবিতাটোৰ কথা (মাজে মাজে ‘তাই’ৰ কথা ভাবিছিল যেনো লাগে)। আৰু নাৰায়ণে হয়তো ভাবিলে, কালিৰ এক্সিডেণ্টটোৰ পৰা কেনেকৈ সি কৌশলেৰে বাচিছিল সেই কথা, ৰাজু ড্ৰাইভাৰৰ ভনীয়েক নীলিমাৰ কথা, শৈশৱৰ বন্ধু সীমান্তক বহুদিনৰ মূৰত লগ পোৱাৰ কথা আৰু এই সময়ত সীমান্তহঁতৰ গাড়ীত টাউনলৈ বুলি ওলাই অহাৰ কথা।

গল্পটো লিখিম বুলি সীমান্তই বহুদিনৰ পৰা ভাবিছে, কিন্তু লিখিব পৰা নাই। লিখিম বুলি ভাবোঁতেই মোবাইলত কাৰোবাৰ মেছেজ আহে, ফেচবুকৰ নটিফিকেশ্যন আহে, কেতিয়াবা এছাইনমেন্ট থাকে আৰু বেছিভাগ সময়তে গল্প লিখিব পৰাকৈ একো সমল নাথাকে। গতিকেই জগজিৎ সিঙৰ গজল বাজে, ‘তাই’ৰ কথা মনলৈ আহে আৰু অৱশেষত টোপনি আহে।

দুবছৰৰ অভিজ্ঞতাৰ পৰা নাৰায়ণে কৈ গ’ল, আজিকালি মেইন ৰোডত গাড়ী চলাবলৈ কিমান ভাল, কাষৰ গাঁওখনৰ মূৰ্গীবোৰ ৰাস্তাত চৰে বাবে গাড়ী চলাবলৈ কিমান কষ্ট, আজিকালি গাঁৱৰ মাজৰ সিটো ৰাস্তাও ভাল হ’ল আদি কথা। সীমান্তই কথাবোৰ শুনি আছে যদিও ভাবি আছে গল্প লিখাৰ কথা, তাৰ গল্পটো মানুহে আদৰি ল’বনে, সেই কথা (যিহেতু কি লিখিছেতকৈ কোনে লিখিছেৰ গুৰুত্ব বেছি), নাৰায়ণ এটা গল্পৰ চৰিত্ৰ হ’ব পাৰেনে সেই কথা, যদি চৰিত্ৰ হয়, কেনেদৰে আগবঢ়াই নিব লাগিব সেই কথা।

—আজিকালি তাইলৈ ফোন কৰনে?
—হাঃ? আজিকালি…, ফোন—, কৰোঁ মাজে মাজে।
কি কথাবোৰ মনত পেলাই দিয়ে ই নাৰায়ণে! সীমান্তই ভাবিলে, কেনেদৰে ‘তাই’ক লগ পাইছিল, কলেজৰ সম্মুখত তাইক লগ ধৰিছিল, ফোনত কথা পাতিছিল, এদিন “এয়া সম্ভৱ নহয়” বুলি কৈছিল, সিদিনা দেখোঁতে কেনেদৰে নতুন চিনাকিৰ দৰে কথা পাতিছিল। তায়ো হয়তো কেতিয়াবা গল্পৰ চৰিত্ৰ হ’ব, কিন্তু এইবাৰ নহয়।

—নীলিমাৰ কেনে?
প্ৰশ্নটো সুধি সীমান্তই দেখিলে দিনে দুবাৰকৈ তেজপুৰলৈ আপ-ডাউন কৰা নাৰায়ণে লাজ কৰিছে, কথাবোৰ ক’বলৈ সংকোচ কৰিছে, কথাবোৰ ক’বলৈ আগ্ৰহ কৰিছে, কথাবোৰ কৈ গৈছে, কৈ গৈছে আৰু কৈ গৈছে।

সীমান্তই ভাবিলে, গল্প এটা লিখাটো সহজ হ’লহেতেন যদিহে নাৰায়ণৰ জীৱনটো গল্পৰ দৰে হ’লহেতেন। আচলতে সৰুতেই তাৰ মাক-দেউতাক ঢুকোৱা নাই, টকাৰ অভাৱত স্কুল এৰা নাই(অভাৱ আছিল যদিও অভাৱেই কাৰণ নহয় বুলি সীমান্তই জানে), ধনী ঘৰৰ একমাত্ৰ জীয়েক তাৰ প্ৰেমত পৰা নাই আৰ…। আৰু কি কি হ’লহেতেন গল্প হোৱা হ’লে! সীমান্তই ভাবিলে, আচলতে ড্ৰাইভাৰ হোৱাৰ আগ্ৰহেহে নাৰায়ণক ড্ৰাইভাৰ কৰি তুলিলে(অবশ্যে আগ্ৰহে সীমান্তক গল্পকাৰ কৰি তোলা নাই)। আৰু আগ্ৰহ নাই বাবেই নাৰায়ণে গল্প নপঢ়ে, সীমান্তই গাড়ী নচলায়।

সিহঁতৰ গাড়ী চহৰত সোমাওঁ সোমাওঁ। চহৰখন কিবা বিখ্যাত গল্পৰ দৰে লাগে এইখিনিৰ পৰা। সকলোৱে যেন প্ৰতিটো সন্ধিয়া সেই গল্প পঢ়িবলৈ আহে। পথৰ দাঁতিৰ লাইটবোৰ, বজাৰৰ ভিৰখিনি, কাৰোবালৈ অপেক্ষা কৰি থকা গাভৰুজনী, ফাৰ্মাচীখনৰ সম্মুখত ডাক্তৰৰ বাবে ৰৈ থকা দীঘলীয়া শাৰীটো আৰু ইমানবোৰ মানুহক জীয়াই ৰখা চহৰখন; কিমান গল্প লিখিব লগা আছে সীমান্তৰ এই চহৰখনক লৈ, কিমান বাৰ এই চহৰৰ ভিৰ পাৰ হৈ যাব লগা আছে নাৰায়ণৰ।

—এইটোৱে আমাৰ ষ্টেণ্ড।
কথাষাৰত যেন সোমাই আছে চহৰখনৰ প্ৰতি আৰু অলপ কৃতজ্ঞতা। সীমান্তই বুজিলে নিজৰ ভৰিৰ ওপৰত নাৰায়ণে নিজকে চম্ভালি লৈছে। চহৰখন এতিয়া তাৰ বাবে সীমান্ততকৈ বেছি আপোন। ভিৰ বাঢ়ি আহিছে, পুৰণি চহৰখনে দুয়োকে আকৌ এবাৰ নিজৰ প্ৰেমিক কৰি তুলিছে। নাৰায়ণে ভাবিলে, কওঁ নেকি আকৌ এবাৰ “তই মোক ড্ৰাইভাৰ ৰাখিবিনে?” বুলি। আৰু সীমান্তই কি ভাবিলে?

সীমান্তই ভাবিলে, “প্লট নোহোৱাকৈ কি গল্প লিখিব নোৱাৰি!”«
ছবি: ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্বন ৩.০ আনপৰ্টেড লাইচেন্সৰ আধাৰত উপলব্ধ
উৎস: ছিগমাস্কেপ


লেখকৰ ঠিকনা:
এছ জে ছি আই টি বয়জ হোষ্টেল, চিকবালাপুৰ, কৰ্ণাটকা
ফোন: ০৯৫৯০৩৬৯৯৮৮, ই-মেইল: pampu1989@gmail.com

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

3 Comments on "যাত্ৰা"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Mahendra Kakati
Guest

গল্পটো পঢ়ি ভাল পালো।

Rann
Guest

ভাল লাগিল পঢ়ি ।

Jitumoni Hazarika
Guest

Bor val lagil tumio mane …

wpDiscuz