যতীন্দ্ৰনাথ দুৱৰাৰ একুকি কথা-কবিতা

অসমীয়া সাহিত্যত ‘কথা-কবিতা’ৰ বাটকটীয়া কবি যতীন্দ্ৰনাথ দুৱৰা (৪ মাৰ্চ, ১৮৯২-৫ জুলাই, ১৯৬৪)ৰ একুকি কথা-কবিতা নীলা চৰাইৰ পাঠকসকললৈ আগবঢ়োৱা হ’ল।

দেৱী

ৰাতি পুৱাওঁ পুৱাওঁ হৈছে, ভালকৈ পোহৰ হ’বলৈ এতিয়াও বাকী আছে, এতিয়াও পুৱাৰ সুৰুযৰ কণক কিৰণে ধৰণীৰ গছ-লতাৰ গাত সোণোৱালী ৰহণ সনা নাই, এই মাথোন পুৱাৰ শীতল সমীৰ ধীৰে ধীৰে ব’বলৈ ধৰিছে।

মই মোৰ খোটালীৰ মেলি থোৱা খিৰিকিৰ ফালে মুখ কৰি বহি আছোঁ,— ফাগুন মাহ, বতৰ ফৰকাল, ক’তো অকণো ডাৱৰৰ ৰেখ নাই।

ওচৰৰ ফুলনিখনিৰ পৰা পুৱাৰ বতাহে ফুলৰ গোন্ধ চুৰ কৰি মোৰ চাৰিওফালে বিলাই দিছে, গোন্ধতেই প্ৰাণ ভৰপূৰ— কি সুন্দৰ! মই যেন মৰতৰ পৰা বহুত দূৰৰ এখন বর্ণাব নোৱৰা সৌন্দৰ্য ৰাজ্যতহে আছোঁ, কি যেন এটি মধুৰ স্বৰ্গীয় ভাবে মোৰ মন-প্ৰাণ আবৰি থৈছে!

হঠাৎ মোৰ খিৰিকিয়েদি এটি ধুনীয়া চৰাই উৰি আহি মোৰ খোটালীত সোমোৱাৰ শব্দ শুনিলে। মই চকু মেলি চালো। দেখিলো, চৰাই নহয়— এজনী পাখি থকা মাইকী মানুহ— দেৱী নে মানৱী ক’ব নোৱাৰোঁ।

তেওঁৰ গাটো এটা বগা ঢপঢপীয়া সাজেৰে ঢকা আছে— মাথোন বুকুৰ ওচৰত অলপমান ৰঙা, যেন এপাহি পোলাপ ফুলহে ফুলিছে। এধাৰি পদুমৰ মালাই তেওঁৰ কেঁকোৰা কেঁকোৰা চুলিখিনিক সাৱটি ধৰিছে, আৰু তেওঁৰ মূৰত এটা ম’ৰা-পাখিৰ মুকুট। তেওঁ মোৰ খোটালীৰ চাৰিওফালে উৰিবলৈ ধৰিলে, তেওঁৰ মুখত মধুৰ মন-প্রাণ হৰা হাঁহি, তেওঁৰ চকুজুৰি হীৰাৰ দৰে উজ্জ্বল আৰু তাতো হাঁহিৰেখা জিলিকি পৰিছে।

তেওঁৰ হাতত নানা তৰহৰ ধুনীয়া ধুনীয়া কিছুমান সুগন্ধি ফুল, তেওঁ উৰি উৰি তাৰে এবাৰ মোৰ কপালত ছুই গ’ল। মই উঠি তেওঁৰ ফালে আগবাঢ়ি গ’লো— কিন্তু তাৰ আগেয়ে তেওঁ খিৰিকিয়েদি বাহিৰলৈ উৰি গ’ল। ফুলনিত থকা এহালি কপৌৱে সিহঁতৰ পুৱাৰ প্ৰথম কুৰুলিৰে তেওঁক সম্ভাষণ কৰিলে, আৰু যিখিনিতে তেওঁ নাইকিয়া হ’ল, সেই খিনিতে আকাশে অলপ হেঙ্গুলী ৰহণ সানি ল’লে।

হে দেৱী, কল্পনা সুন্দৰী! মই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে মোক এই দৰে দেখা দি যোৱাহি— মোৰ নিৰাশ দুর্বল হৃদয়ক আশাৰ কিৰণ ঢালি সবল কৰা। কবিৰ কোমল প্ৰাণে সদায় তোমালৈ বাট চাই থাকে।

আহাঁ তেন্তে কবিতাৰ ৰাণী, হে যৌৱনৰ লাৱণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা, তোমাকে সাদৰেৰে অভ্যর্থনা কৰোঁ ।

এই মুকলি হৃদয়ে তোমালৈকে বাট চাই আছে— এই মুকলি পৰাণে মুক্তকণ্ঠে তোমাৰেই স্তৱগান কৰিছে।

✽✽✽

 

চহকী মানুহ

ধনকুবেৰ ৰথচাইল্ডৰ কথা মই বহুত দিনৰ পৰা শুনি আহিছোঁ, তেওঁৰ সেই অগাধ সম্পত্তি দুখীয়াৰ উপকাৰ, দেশত শিক্ষা বিস্তাৰ, জাতীয় উন্নতি ইত্যাদি নানা সৎ কাৰ্যত তেওঁ অকাতৰে ব্যয় কৰিছে। তেওঁৰ যেতিয়া এইবিলাক পৰহিতকৰ কাৰ্যলৈ মন কৰোঁ, সঁচাসঁচিকৈয়ে তেতিয়া তেওঁলৈ মনত অসীম শ্রদ্ধা আৰু ভক্তিৰ উদ্রেক হয়।

কিন্তু সেই বুলিয়েই সেই দিনাখন সেই দুখীয়া পৰিয়ালৰ কথমপি দুসাজ খাবলৈ পোৱা দুখীয়া খেতিয়কটোৰ মাউৰা ভাগিনীয়েকক নিজৰ ভগা পঁজাত আশ্রয় দিয়া কথাটো মই পাহৰিব নোৱাৰোঁ।

খেতিয়কৰ ঘৈণীয়েকে ৰং মনেৰে আহি মাক-বাপেক নোহোৱা ছোৱালীটিক কোলাত তুলি আথেবেথে দুৱাৰমুখৰ পৰা নি ঘৰত থ’লেগৈ আৰু গিৰিয়েকক ক’লে, “এই বাৰৰ পৰা আমি আৰু আধাপেটীকৈও দুসাজ খাব নোৱাৰোঁ।”

খেতিয়কে হাঁহি মুখেৰে মাত লগালে, “ একো কথা নাই, আমি এসাজ খায়েই থাকিম।” ৰথচাইল্ড্ এতিয়াও এই মুখীয়াল পৰিয়ালৰ বহুত পাছ-পৰা।

✽✽✽

 

এজনী বুঢ়ী

এখন মুকলি পথাৰৰ মাজেদি মই অকলে গৈ আছিলো, হঠাৎ মোৰ পাছত লাহে লাহে পৰা ভৰিৰ খোজ শুনিবলৈ পালো— কোনোবা যেন মোৰ পাছে পাছে আহিছে ।

মই চাৰিওফালে চাই পঠিয়ালো। পুৰণি চিৰলি চিৰলি ফটা কাপোৰেৰে গোটেই গাটো ঢাকি অহা এজনী কুঁজী বুঢ়ীক দেখিবলৈ পালো— তাইৰ গাল সোতোৰা-সোতোৰ, নাক দীঘল, মুখখন শেতা আৰু দাঁত এটিও নাই।

মই তাইৰ কাষলৈ আগবাঢ়ি গ’লো— তাই থিয় হৈ ৰ’ল। “তই কোন? তোক কি লাগে? তই মগনিয়াৰ নেকি?” বুঢ়ীজনীয়ে একোকে নামাতিলে। মই তাইৰ চকুলৈ চাই পঠিয়ালত দেখিলো যে পোহৰত চকু ঢাকিবলৈ যেনেকৈ কিছুমান চৰাইৰ এখন ছাল থাকে, ঠিক তেনেকুৱা এখন ছালেৰে তাইৰ চকু দুটা ঢকা, কিন্তু এই বুঢ়ীজনীৰ চকুৰ ছালখন অলপো লৰা নাই— একেবাৰে থিৰ হৈ আছে। ভাবিলো, মানুহজনী কাণী।

মই আকৌ সুধিলো, “তোক কি লাগে? তই কিয় মোৰ পাছে পাছে আহিছ?” তাই আগৰ দৰেই মনে মনে থাকিল, মাথোঁ মোৰ ওচৰৰ পৰা অলপ আঁতৰি গ’ল।

মই তাইৰ কাষৰ পৰা আহি আকৌ আগৰ দৰেই বাট বুলিবলৈ ধৰিলো, আকৌ মই সেই ভৰিৰ খোজবোৰ পাছে পাছে শুনিবলৈ পালো— কোনোবা যেন চোৰৰ দৰে মোৰ পাছে পাছে আহিছে। নিশ্চয় সেই বুঢ়ীজনীয়েই,— কিয় তাই মোৰ পাছে পাছে আহিছে? মোৰ মনেৰে তাই বাট হেৰুৱালে, আৰু সেই কাৰণে খোজৰ মাত শুনি শুনি কোনোবা গাঁৱৰ মাজত ওলাবলৈ আহিছে।

কিন্তু মোৰ মনত অলপ ভয় লাগিবলৈ ধৰিলে,— মই ভাবিলো যে মানুহজনী যে অকল মোৰ পাছে পাছে আহিছে, এনে নহয়, তাইহে দেখোন মোক বাট দেখুৱাই দিছে, আৰু মই আপোনা আপুনি তাই দেখুৱাই দিয়া বাটেদি আগবাঢ়িবলৈ ধৰিছোঁ।

যি হ’ক, মই এখোজ দুখোজ কৰি আহিবলৈ ধৰিলো, মোৰ আগত সৌখন নৈ আৰু তাৰ পাৰত সৌডোখৰ আন্ধাৰ, ভয় লগা ঠাই, সেইখন কি ঠাই— সৰ্বনাশ! এইখন মৰিশালি, অ’ মই বুজিলো এতিয়া, তাই মোক ইয়ালৈকে আনিছিল। মই লৰালৰিকৈ উভতিলো, এইবাৰ ঠিক তাইৰ মুখে মুখে পৰিলো। …ই কি! তাই চকুৰে দেখে। তাই দেখোন মোলৈ খঙেৰে বাঘে চোৱাৰ দৰে একেথৰে চাই আছে— দেখিলেই ভয় লাগে।

মই কেৰাহিকৈ তাইৰ চকুলৈ চালো, তাই আকৌ ছালখনেৰে চকু দুটা ঢাকি পেলালে আৰু আগৰ দৰেই কাণী-বুঢ়ী হ’ল।

মই এতিয়া বুজিলো, এই বুঢ়ীজনীয়েই মোৰ নিয়তি। এই নিয়তিৰ হাতৰ পৰা সাৰিবলৈ মানুহৰ কোনো উপায় নাই।

সাৰিবলৈ কোনো উপায় নাই! পৰিত্ৰাণ নাই!

বলিয়াৰ দৰে এবাৰ চেষ্টা কৰা যাওক।

মই অইন ফালে লৰ মাৰিলো। মই বেগেৰে যাবলৈ ধৰিলো— কিন্তু আকৌ আগৰ দৰে মোৰ পাছে পাছে ভৰিৰ খোজ আৰু সমুখত সেই আন্ধাৰ ভয় লগা মৰিশালি।

আৰু এবাৰ অইন ফালে পলালো— কি হ’ব!

পাছত সেই ভৰিৰ খোজ, আগত মৰিশালি।

কি হ’ল, মই য’লৈকে পলাবলৈ যাওঁ ত’তে এনে অৱস্থা, সকলো ঠাইতে একে দশা।

বাৰু, এইবাৰ মই ফাঁকি দিম, আৰু ইয়াকে ভাবি তাতে বহি পৰিলো— সেই বুঢ়ীজনীও মোৰ পৰা ঠিক দুহাতমানৰ আঁতৰতে থিয় হ’ল। মই যদিও তাইৰ ভৰিৰ খোজ শুনা নাই, তত্ৰাচ মই বুজিছোঁ, তাই মোৰ পাছত থিয় হৈ আছে।

আগত আকৌ সেই আন্ধাৰ ভয় লগা মৰিশালি,— ভীষণ মূৰ্তিৰে মোক গ্ৰাসিবলৈ খেদি আহিছে।

হৰি! হৰি! মই কি কৰোঁ, ক’লৈ যাওঁ! ভয়ত চাৰিওফালে চাবলৈ ধৰিলো।

সেই বুঢ়ীজনীয়ে চকুদুটা তেজ যেন ৰঙা কৰি গোঙোৰা মুখেৰে মোৰ ফালে একেথৰে চাই আছে, তাইৰ চকু দুটাৰ পৰা যেন জুইৰ ফিৰিঙতিহে ওলাবলৈ ধৰিছে। সৰ্বনাশ! পলাবৰ ঠাই নাই। সাৰিবৰ উপায় নাই! নাই, ৰক্ষা নাই!

✽✽✽

 

মগনিয়াৰ

মই বাটেদি গৈ আছিলো— এটা বুঢ়া, বেমাৰী, হাড়-ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ’লহি।

তাৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ…, হৰি হৰি! সি দুখত পৰি কেনেকুৱা হৈছে— চকুৰ আগতে দৰিদ্রতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য! সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সুমাই একোকে নাপালো— টকা নাই, ঘড়ী নাই, অইন কি এখন উর্মালো নাই, মই মোৰ লগত একোকে অনা নাছিলো। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে— আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে।

মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাবটি ধৰিলো আৰু ক’লো—“ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।” মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে— শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে— আৰু সিও মোৰ হাত দুখন ধৰি অতি কষ্টেৰে মাত লগালে— “কি হ’ল, একো কথা নাই— ইয়াৰ কাৰণেও অশেষ ধন্যবাদ— ইও যে এটা দান।”

ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো।

✽✽✽

 

শেষ দেখা

আমি এসময়ত দুয়ো নলে-গলে লগা বন্ধু আছিলো, কিন্তু কি কুক্ষণত আমাৰ দুয়োৰো মাজত দন্দ লাগিল— শেহত লগ এৰা-এৰি হ’ল। বহুত বছৰ পাৰ হৈ গ’ল, এদিন তেওঁ থকা ঠাইখনলৈ আহি শুনিলো যে তেওঁৰ বৰ টান নৰিয়া, মোক চাব খুজিছে। মই একেবাৰে তেওঁৰ খোটালীত থিয় হলোগৈ,— আমাৰ চকুৱে চকুৱে দেখাদেখি হ’ল। মই তেওঁক কথমপিহে চিনিব পাৰিলো। হৰি হৰি! তেওঁক বেমাৰে কেনে কৰিলে! তেওঁৰ গাত এটুপিও তেজ নাই, বৰণ শেতা, গাৰ হাড়-ছাল ওলাল আৰু মূৰৰ চুলি প্ৰায়খিনিয়েই সৰি গ’ল। তেওঁৰ গাত মাথোন এখন চেলেং আছে— তেওঁ তেতিয়া এখন সামান্য চেলেং কাপোৰৰে ভৰ সহিব নোৱৰা হ’ল।

তেওঁ কোনোমতে হাড়-ছাল লগা শুকান হাতখন মোৰ ফালে আগবঢ়াই দিলে আৰু মুখৰ ভিতৰতে কিবা দুআষাৰমান কথা ক’লে— ভালেই নে বেয়াই, মই বুজিব নোৱাৰিলো।… তেওঁৰ সোমোৱা চকুৰ পৰা দুধাৰি চকুলো গালেদি বৈ গ’ল আৰু তেওঁ ঘনে ঘনে উশাহ ল’বলৈ ধৰিলে। মই এনে শোক-লগা দৃশ্য দেখি থিয় হৈ থাকিব নোৱাৰিলো— তাতে বহি পৰিলো, মোৰ হাত-ভৰি কঁপিবলৈ ধৰিলে। এনে বেজাৰৰ ছবিৰ আগত দুনাই চকু মেলিব নোৱাৰি মই তেওঁৰ ফালে মোৰ হাতখন আগবঢ়াই দিলো, কিন্তু মোৰ মনত হ’ল যেন সেইখন তেওঁৰ হাত নহয়, অইন এখন হাতেহে মোৰ হাতখন ধৰিলে।

আমাৰ দুয়োৰো মাজত বগা সাজ পিন্ধি যেন কোনোবা এজনী মাইকী মানুহ থিয় হৈ আছে। সাজটোৱে তাইক মূৰৰ পৰা ভৰিলৈকে ঢাকি থৈছে।… তাই এটা কঠোৰ উদাস দৃষ্টি শূন্যৰ ফালে এৰি দিছে— মুখৰ পৰা এটাও মাত ওলোৱা নাই— অইন কি ওঁঠ দুটাও লৰা নাই।

এই মাইকী মানুহজনীয়েই আমাৰ দুয়োখন হাত একেলগ কৰি দিলে— তায়েই আমাৰ ভিতৰত চিৰকাললৈ মিলন ঘটালে। সঁচা কথা— মৃত্যুৱেই আমাৰ মিলন ঘটালে।

✽✽✽

 

কথা-বাৰ্তা

ওখ ওখ পৰ্বতশাৰী পৃথিৱীৰ বুকু ফালি গগন ভেদিবলৈ উঠিছে, যেনিয়েই চোৱা, তেনিয়েই শিলাময় পৰ্বত— মানুহৰ ভৰিৰ চিন এতিয়াও ইহঁতৰ বুকুত পৰাহি নাই।

পৰ্বতবোৰ হিমেৰে ঢকা, সদায় কণ্‌কণীয়া শীতল বতাহ বৈ আছে, ওপৰত অনন্ত নীৰৱ নীল আকাশ, তলত এখন বিস্তীর্ণ শুভ্ৰ বৰফৰ ৰাজ্য।

দুফালে দুটা প্রশস্ত পৰ্বতৰ টিং ৰাক্ষসৰ দৰে থিয় হৈ আছে, এটাই আনটোক সুধিলে— “ককাই, নতুন বাতৰি কি আছে? তুমি মোতকৈ ভালকৈ দেখিবলৈ পোৱা, কোৱাচোন তলত নো কি হৈছে?” কত হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল এক মিনিট,— আনটোৱে তেতিয়া উত্তৰ দিলে— “গোটেইখন পৃথিবী ডাৱৰে ঢকা— অলপমান ৰ’বা।” হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল, এক মিনিট । আকৌ আগৰটোৱে সুধিলে— “এতিয়া কেনে?” “এতিয়াও আগৰ দৰেই আছে, তাৰ মাজত অকণ অকণ দুঠেঙীয়া পোক কিছুমানে ছটফটাই লৰি ফুৰিছে,— ইফালে গৈছে এবাৰ, সিফালে গৈছে এবাৰ, সিহঁত এতিয়াও আমাৰ কাষ চাপিব পৰা নাই।”

“মানুহৰ কথা কৈছা নেকি?”
“এৰা, মানুহৰ কথাকে কৈছোঁ।”

হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল, এক মিনিট। ইটোৱে আকৌ সুধিলে— “তাৰ পাছত এতিয়া?” আনটোৱে উত্তৰ দিলে— “সেই পোকবোৰ অলপ কমিছে, তলখন অলপ মুকলি হৈছে, পানীও শুকাইছে, আৰু হাবিও লাহে লাহে নাইকিয়া হৈ গৈছে।” আকৌ হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল, এক মিনিট। “এতিয়া কি দেখিছাঁ?”

আনটোৱে উত্তৰ দিলে— “আমাৰ তলৰ ঠাই গোটেইখন মুকলি, কিন্তু দূৰৈত এতিয়াও অলপ ক’লা ক’লা চিন আছে আৰু দেখোন কিবাকিবি কিছুমান লৰি ফুৰিছে।” হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ’ল, এক মিনিট । “এতিয়া কেনে দেখিছা” বুলি আনটোৱে মাত লগালে। সিটোৱে উত্তৰ দিলে— “এতিয়া গোটেইখন মুকলি, ক’তো একোৰেই চিন নাই, চাৰিও ফালে বৰফৰ ৰাজ্য— সকলো নিমাত, নিস্তব্ধ!”

ইটোৱে তেতিয়া মাত লগালে— “ভাল কথা, কিন্তু ককাই, আমি দুয়ো বহুত বেলি কথা পাতিলো, আহাঁ, এতিয়া অলপ শোওঁ।” “এৰা, এতিয়া শোৱা য’ক৷” ওখ ওখ পৰ্বত শুলে— অনস্ত নীল আকাশ শুলে— অসীম বিশ্ব নিতাল মাৰি শুলে, জগত নিস্তব্ধ— প্ৰকৃতি নীৰৱ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz