জলকুঁৱৰীৰ সপোন

প্ৰকাশ: ১১ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ২৭ মে, ২০২১

পানী ভাঙি উঠি আহে তাই মাজৰাতি

প্রতিজোপা গছে দলিয়াই পেলায়
এঙেৰুৱা আন্ধাৰৰ টোপনি
মোৰ শৰীৰত বনৰীয়া সুৰ এটা গজে
তাই মেৰিয়াই লোৱা মাছৰ গোন্ধত
এলান্ধু আকাশখনেএঙামুৰি দি উঠে

ডাৱৰ ফালি নামি আহে সোণালী কালপুৰুষ
ক’ৰবাত ফুলৰ চুবুৰি এটাই সাৰ পায়

নৈপৰীয়া বালিত ভিজি সেউজীয়া হয় মোৰ যৌৱন
প্রত্যেক ৰাতি তাইৰ চকুত চকু থওঁ এনেকৈয়ে
একাবেঁকা সাপ এডাল হৈ পৰাৰ স্পষ্ট বাসনাত।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “জলকুঁৱৰীৰ সপোন”

  1. Abid Azad Avatar
    Abid Azad

    Shree Fukono,r saanketik o artho ghan kabita ti pohi khantekor babe mon hindolito hoi poril… Parabarti sankhya,t akou ketiaba apunar kabita pohiba pam buli asha rakhilu.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts