ইন্দুকল্প শইকীয়াৰ কবিতা

তোমাৰ অনুভৱ
 
এটা কেঁচা বাঁহীৰ সুৰ হৈ ভাঁহি থাকে
তোমাৰ অনুভৱবোৰ,
এখন ভায়লিনৰ মিঠা কপঁনি হৈ
কাষ চাপি আহে
তোমাৰ অনুভৱবোৰ,
বিপন্ন কৰি তোলে সময়
তোমাৰ অনুভৱ বোৰে|
 
আৰ্দ্ৰ মন, জীপাল উৎকণ্ঠা
চেপি ধৰাৰ হাবিয়াস কৰোঁ
সময়ৰ এখন কোবাল নদীৰ
বিস্তীৰ্ণতাক,
যাৰ ইপাৰে মই
আৰু সিপাৰে তুমি।
 
তথাপি তোমাৰ ৰূপৰ সুগন্ধিয়ে
উত্তাল কৰি তোলে
মোৰ হৃদয় চুবুৰী,
তোমাৰ সুন্দৰতাৰ পোহৰত
উদ্ভাসিত হৈ পৰে
মোৰ মন পদুলিৰ কেঁচা আলিবাট
 
কেতিয়াবা, তোমাৰ অনুভৱবোৰ
বোৱঁতী নদী এখনৰ দৰে
অহৰ্নিশে বৈ থাকে,
মন গ’লেই য’ত ডুবি থাকিব পাৰি
 
এখন ভায়লিনৰ মিঠা কপঁনি হৈ
কাষ চাপি আহে
তোমাৰ অনুভৱবোৰ
«
 
সাগৰ, সংগীত আৰু এটি সন্ধিয়া
 
ৰ’দে খছি থৈ যোৱা বালিখিনিত
যেতিয়া মই বহিছিলোগৈ,
তেতিয়াও লাগি আছিল তাত বেলিৰ দেহৰ উত্তাপ,
গতানুগতিকতাক অনুসৰণ কৰি
তই বৰ্তমানবোৰ ধুই ধুই পাৰলৈ ঠেলি আছিলি
আৰু উভতি গৈছিলি ভৱিষ্যৎ খান্দিবলৈ…
 
গৈ পোৱাৰ ঠিক লগে লগেই চঞ্চল বতাহজাকে
সম্ভাষণ জনাইছিল
দূৰৈৰ পৰা দৌৰি আহি
তোৰ কাষত এনেদৰে নবহা বহুদিনেই হ’ল,
নিৰ্জনতাবোৰ গাত মেৰিয়াই লৈ
তোৰ গৰ্জনখিনি অনুধাৱন নকৰাকৈয়ো
বহু প্রহৰ পাৰ হৈ গ’ল…,
আজি আকৌ জুৰি দিছোঁ
তোৰ গভীৰতাখিনিৰ লগত মোৰ হৃদয়ৰ অনুভৱবোৰ,
কিজানিবা গভীৰতাৰ কছৰৎ কৰি সবল হৈ উঠেই আকৌ
নপুংসক হৃদয়ৰ অনুভূতি অলপ।
 
কেতিয়াবা জান কেনে লাগে মোৰ,
সাগৰ যেন সময়ৰহে অন্য এক ৰূপ !
তোৰ মাজ বুকুত যেন উৎপাদিত হয় 'বৰ্তমান',
যাক তই ঠেলি ঠেলি লৈ আন 'অতীত'লৈ,
আকৌ উভতি গৈ খান্দ 'ভৱিষ্যৎ'
য’ৰ পৰা উৎপাদিত হয় 'বৰ্তমান'…!
অহ…! তোক ক’বলৈ পাহৰিছিলো,
গভীৰতা অলপ ধাৰলৈ লাগিছিল
হৃদয়খনৰ চিকিৎসা কৰাবলৈ,
অত্যধিক প্রেমহীনতা সেৱনত
দূৰাৰোগ্যত ভূগিছে…।
 
এইদৰে কথা পাতি থাকোঁতেই
কেতিয়া জানো জোনজনী আহি
আমাৰ মূৰৰ ওপৰ পালেহি !
মিচিকিয়াই হাঁহি মাৰি তাই যদিওবা মোক মাতিলে,
তথাপি যেন তৃপ্তি নাছিল তাত;
থাওকতে বতাহ অলপ গাত সানি মই গুচি আহিলো,
এতিয়া সংগীতৰ তৰংগৰে কপাঁই মোৰ শীৰ্ণ পঁজা
পান কৰিব ধৰিছোঁ
সংগীত, সাগৰ আৰু এটি অনুভৱী সন্ধ্যা…!
 
নীলা চৰাই . জুলাই ২০১২
আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz