ইণ্ডিয়া-পাকিস্তান

প্ৰকাশ: ১৪ মাৰ্চ, ২০১২ | অন্তিম সম্পাদনা: ২ নৱেম্বৰ, ২০১৭

আপুনি আমাৰ আলহী
কেনেকুৱা আলহী? এনেকুৱা আলহী—
‘অতিথি কব জাঅ’গে’ ধৰণৰ;
তেতিয়া আপোনাৰ আগত
আমি মানুহহাল— এখন খোলা দৈনিক বাতৰি।
কেনেকৈ জানেনে?
প্ৰতিবেশীৰ ঘৰত বিয়া—
উপহাৰৰ বেলিকা মই ক’ম, নগদ টকা, এওঁ ক’ব, হটকেচ
মই ক’ম, পূজাত বাহিৰলৈ যাম
তেওঁ— পূজাত, বাহিৰলৈ?
মোৰ নতুন শাৰী নতুন গহনা কোনে চাব? তুমি?
মোৰ মতে— ঠাণ্ডা দিন, তাতে বতৰটো সেমেকা,
ভালকৈ জ্বলা-মচলা দি মাংস অকণ খোৱাৰ বতৰ
তেওঁৰ মতে— ন`হব, ঘিঁউ দি খিচিৰি খোৱাৰহে বতৰ।

ৰ`ব, আপুনি চাগে ভাবিছে, আমি হাল কি
স্বামী-স্ত্ৰী নে ইণ্ডিয়া-পাকিস্তান?

নহয়, আপুনি নেদেখাকৈ কিছু ৰৈ যাব
আপুনি নেদেখিব, কিদৰে মই পাওঁ
পঢ়া টেবুলত ইকাপৰ পিছত সিকাপ বিনা চেনিৰ চাহ
আবেলিৰ চাহকাপৰ কাষত বেছিকৈ মৰম দি অনা পকৰি ভজা
নেদেখিব সন্ধিয়া কিদৰে তেওঁলৈ বুলি লৈ আনো মই
সেই প্ৰথমৰ দিনবোৰৰ দৰেই
ৰামনাথৰ স্পেচিয়েল চানাৰ ত্ৰিশঙ্কু ঠোঙা।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts