হিমাংশু প্ৰসাদ দাসৰ কবিতা

প্ৰেমিক-প্ৰেমিকা

কোনো বিশেষ প্ৰত্যাশা ৰখা নাই তোমাৰ পৰা
তুমি চুলিখিনি চুটিকৈ কাটি দিলা
মই দীঘল চুলিহে ভাল পাওঁ
মুখ তোমাৰ বন্ধ হ'বই নোখোজে
মই কম কথা কোৱা মানুহহে ভাল পাওঁ
ইত্যাদি ইত্যাদি
কিমান যে আপত্তি… কিমান যে…
মই বিচৰা ধৰণে তোমাক পোৱাৰ আকাঙ্ক্ষা।

আচলতে এই ইচ্ছাবোৰৰ কাহানিও অন্ত নাথাকে
দুখী হ'ব পৰাকৈ এনে তুলনাৰ অভাৱ নহয়
তুমি অমুকৰ নিচিনা কিয় নহ'লা

আচলতে ভালপোৱাৰ সংজ্ঞা ভীষণ সৰল
তুমি উজুটি খালা
মই বুকুত বিষ এটা অনুভৱ কৰিলো।

কোনো বিশেষ প্ৰত্যাশা ৰখা নাই তোমাৰ পৰা
কেৱল ভালকৈ ভাল পাব বিচাৰিছোঁ ভাল লাগি যোৱাকৈ।

«

 

যন্ত্ৰণাৰ বাহিৰেনো তোমাক আৰু কি দিছোঁ

কোনোবা ঋষিৰ জয়াল অভিশাপৰ দৰেই
কৰুণ আৰু ৰক্তাক্ত এই ভালপোৱা।

প্ৰতিপল মই নিজক বিচাৰিলো
সুখৰ অটলত
অথচ দেখিও নেদেখিলো
গহন দুখত তোমাৰ অৱস্থান।

যন্ত্ৰণাৰ বাহিৰেনো তোমাক আৰু কি দিছোঁ…

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz