হেৰোৱা সপোন

[ ভাস্কৰজ্যোতি মালী ]

এন্ধাৰৰ সুৰ ভেদি আবেগৰ কোলাহল
জোনাক ব্যস্ত, ব্যৰ্থ শব্দৰ সমদল
স্মৃতিৰ এলান্ধুয়ে আবৰিছে আজি ভাৱনাৰ তল।
 
সোণালী শৈশৱ আৰু
মত্স্যগন্ধা নদীপাৰৰ ধেমালি
আজি মাথোঁ স্মৃতি।
 
ক’ত হেৰাল আকাশৰ তৰা গণি শুনা
আইতাৰ সাধুৰ ৰজা-ৰাণী?
হেৰাল সেই দিকচৌ বাট—
আজিকালি ল’ৰালিৰ দিকচৌ বাটেৰে
খুৰাহঁতলৈ জলপান নিনিওঁ,
পাৰত বহি বৰশীও নাবাওঁ।
 
নতুনক আদৰিবলৈ আজি নাই পাৰিজাত
আছে মাথোঁ তেজাল ৰাতিৰ বিভীষিকা
কুঁৱলিময় দিঠক, কিছু খেলিমেলি সপোন—
এৰা, এতিয়া মই ডাঙৰ হ’লো!
 
গেঞ্জি-হাফপেন্ট এৰি
চুট পিন্ধা অফিচাৰ হ’লো
মৰম এৰি মানুহৰ চেলাম পালো।
 
এতিয়া মই ব্যস্ত
সপোন মচি দিঠক গঢ়াত
তথাপিও মাজে-মাজে
মাতিতে আঁকো সপোনৰ ৰামধেনু
উভতিব খোজোঁ আপোন দেশলৈ
বিচাৰি কিছু হেৰোৱা সপোন।


লেখকৰ ই-মেইল: mjinxed11@gmail.com

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz