হায়, অসমৰ ভাষাপ্ৰেমী!

[ অশোক শৰ্মা ]

ভাষাৰ প্ৰসঙ্গত উত্থাপিত হয় ভাষাবিদৰ প্ৰয়োজনীয়তা, ভাষাপ্ৰেমীৰ অস্তিত্বৰ কথা। পৃথিৱীৰ অসংখ্য ভাষাৰ বহুতো ভাষাৰ ইতিমধ্যে মৃত্যু হৈছে। বাচি থকা ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাও এটা। গতিকে পৃথিৱীৰ বাকী ভাষাবোৰৰ যিদৰে ভাষাবিদ আৰু ভাষাপ্ৰেমী আছে, একেদৰে অসমীয়া ভাষাৰো আছে। কিন্তু অসমীয়া ভাষাপ্ৰেমী, ভাষাবিদৰ প্ৰকৃতি লক্ষ্য কৰিলে, কেৱল আমাৰ দৰে সাধাৰণ লোকেই নহয়, পৃথিৱীৰ অন্যান্য প্ৰান্তৰ ভাষাপ্ৰেমীকো স্তম্ভিত কৰি তুলিব যে সেয়া খাতাং।

অসমীয়া ভাষাপ্ৰেমী, ভাষাবিদৰ এনে পুতৌজনক অৱস্থাৰ বিষয়ে গৱেষণাৰ থল থাকিলেও, এই লেখাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হয়তো বহু পাঠকৰ মনত জাগিব পাৰে। এনে প্ৰতিক্ৰিয়া নিৰসনৰ বাবে এটা মাত্ৰ উদাহৰণ দিলেই যথেষ্ট হ’ব। উদাহৰণটো এনেকুৱা,— অসমীয়া লিপিক বাংলা লিপিৰ অন্তৰ্ভুক্ত বুলি ‘ইউনিকোড কনছৰ্টিয়াম’ৰ ইউনিকোড তালিকাত লিখা হৈ আছিল যোৱা প্ৰায় বিশটা বছৰে। ভাৰত চৰকাৰেও ‘ইউনিকোড’ৰ এনে মতামতকে সমৰ্থন কৰি ২০০১ চনৰ পাছৰ পৰা অসমীয়া ভাষা বাংলা লিপি ব্যৱহাৰ কৰি লিখা হয় বুলি কৈ আহিলে। চিকাগো ইউনিভাৰচিটিস্থ South Asian Language Resource Centre-ত লিখা আছিল একেখিনি মন্তব্য। য’ত ইউনিকোডে কৈছে, ভাৰত চৰকাৰে কৈছে আৰু South Asian Language Resource Centre-এ কৈছে, তেনেস্থলত আমাৰ অসম মুলুকৰ গুৱাহাটীস্থ আই আই টি-ৰ RCILTS কেন্দ্ৰটোৱেনো না কৰে কেনেকৈ? গতিকে গুৱাহাটীস্থ RCILTS কেন্দ্ৰটোৱেও অসম চৰকাৰ আৰু ভাষাবিদৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন পঠিয়ালে। গুৱাহাটীস্থ RCILTS-এ কি প্ৰতিবেদন পঠিয়ালে, তাক ৰাজহুৱা নকৰিলে। কিন্তু সম্প্ৰতি সেই RCILTS-ত অসমীয়া লিপিক কিবা নাভূত-নাশ্ৰুত ‘পূব-নাগৰী’ লিপি বুলিহে লিখা দেখা গ’ল। তাতোকৈ আমোদজনক কথা, বিশিষ্ট সাহিত্যিক, পণ্ডিত আৰু লেখকৰ মঞ্চ তথা অসমীয়া ভাষাৰ উন্নতি, প্ৰসাৰৰ অৰ্থে জন্ম লাভ কৰা ‘অসম সাহিত্য সভা’ নামৰ অনুষ্ঠানটিয়েও অসমীয়া লিপিৰ প্ৰকৃত পৰিচয় নোহোৱা কৰিবলৈ ‘পূব-নাগৰী’ৰ ধাৰণাকে গ্ৰহণ কৰিবলৈ যোৰহাটত অনুষ্ঠিত কৰা কৰ্মশালাত প্ৰস্তাৱ লৈছিল। গতিকে অসমৰ ভাষাবিদ, ভাষাপ্ৰেমীয়ে অসমীয়া ভাষা প্ৰেমৰ নামত লিপিৰ অস্তিত্ব নাইকিয়া কৰিবলৈ যি আঁচনি গ্ৰহণ কৰিছিল,— সেয়া ইতিহাসৰ পাতত আৱদ্ধ হৈ থাকিব। কিন্তু তেওঁলোকৰ এনে আঁচনি পানীত পৰিল যোৱা ছেপ্তেম্বৰ মাহত ইউনিকোড কনছৰ্টিয়ামৰ ৱেবচাইটত অসমীয়া লিপি বুলি নামটো উল্লেখ কৰাৰ পাছত। এতিয়া প্ৰশ্ন উঠিব পাৰে, অসমৰ বুদ্ধিজীৱী, ভাষাবিদ, ভাষাপ্ৰেমীসকল নিমাতে থকাৰ কাৰণ কি, অজ্ঞতা নে সচেতনতাৰ অভাৱ? আমি নিশ্চিত যে এয়া সচেতনতাৰ অভাৱ। আমি নিশ্চিত কিয় হ’লো? কাৰণ অসমীয়া লিপিক উপৰিউক্ত ধৰণে কৰা অপমানৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত একাধিকবাৰ লেখা ওলাইছিল। এনে লিখা কেৱল এখন কাকততে সীমাবদ্ধ নাছিল, প্ৰায়ভাগ বাতৰি কাকত আৰু দুটা বৈদ্যুতিন মাধ্যমতো সবিস্তাৰে প্ৰকাশ পাইছিল। এনে ক্ষেত্ৰত অসমৰ বুদ্ধিজীৱী, সাহিত্যিক, ভাষাবিদ অথবা ভাষাপ্ৰেমীয়ে নজনাৰ প্ৰশ্নই নুঠে। অৱশ্যে কথাটো এনেকুৱাও হ’ব পাৰে যে যিবোৰ লোকে এনেবোৰ অপমানৰ কথা বাতৰি কাকতত লিখিছিল, তেওঁলোকৰ বেছিভাগেই সাধাৰণ লোকহে। হয়তো সেইবাবেই ডাঙৰসকলে নপঢ়িব পাৰে। যদি সেইটোৱে কাৰণ হয়, তেন্তে সমান্তৰালভাৱে ক’ব লাগিব যে এই সাধাৰণ লেখকখিনিৰ তথাকথিত ভব্য-গব্য ভাষাপ্ৰেমী, সাহিত্যিকতকৈ নিজৰ লিপিৰ প্ৰতি বেছি মৰম, ভক্তি আছে। তদুপৰি নিজৰ লিপিৰ অপমানত ক্ষুণ্ন হ’ব পৰাকৈ এইচাম সাধাৰণ লোকৰ আত্মসন্মান বহুগুণে বেছি। কাৰণ এওঁলোকে নিজে প্ৰতিবাদ কৰিছিল। উল্লেখ্য যে আমি ব্যক্তিগতভাৱেও কেইবাগৰাকী সাহিত্যিক, বুদ্ধিজীৱীক এই বিষয়টো সম্পৰ্কত জনাইছিলো, তেখেতসকলক এনে অন্যায়ৰ বিৰুদ্ধে লিখিবলৈও অনুৰোধ কৰিছিলো। কিন্তু অতি আশ্চৰ্যজনক কথা এয়ে যে সকলোৰে উত্তৰ আছিল,— কথাটো বেয়া হৈছে, তুমিয়ে লিখাচোন! অৰ্থাৎ তেওঁলোকে নিলিখে, মই লিখিম, তেওঁলোকে ছপা কৰি দিব। কি অদ্ভুত আচৰণ! আৰু এনে অদ্ভুত আচৰণ আজিলৈকে অসমৰ বুদ্ধিজীৱী, সাহিত্যিক, ভাষাবিদ, ভাষাপ্ৰেমীয়ে বৰ্তাই ৰাখিছে। তেওঁলোকে নিজকে যি বুলিয়ে নাভাবক, কিন্তু অসমৰ অন্যান্য ৰাজ্যৰ বন্ধুসকলৰ আগত যেতিয়াই অসমীয়া লিপিৰ কথা ওলায়, তেতিয়া লাজ পাব লগা হয়। হাতত উত্তৰ নাই এই সকল ডাঙৰ মানুহৰ। হায়, অসমৰ ভাষাপ্ৰেমী!«


লেখকৰ ঠিকনা: গুৱাহাটী

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "হায়, অসমৰ ভাষাপ্ৰেমী!"

avatar
Sort by:   newest | oldest | most voted
দ্বিজেন মহন্ত
Guest

ভাল লাগিল পঢ়ি।আপুনি অপ্ৰিয় সত্য কোৱা বাবে ধন্যবাদ।

wpDiscuz