হাতৰ আঙুলিত কবিতা

[ মনোহৰ দত্ত ]image

আজি মনটোৱে
শব্দ বিচাৰি পোৱা নাই
লিখিবলে কবিতা।
ক’ৰবাত যেন হেৰাই গৈছে
শব্দ বুটলি অনাৰ মন।
কিয় এনে হয়?
মনটোক সুধিবলেও
মন যোৱা নাই।
কবিতা এনেকুৱাই
আনন্দ, বিষাদ সকলোতে
কবিতাৰ
একোখন ঘৰ।
তুমি যি বুজা
তুমি যি লিখা
সকলোতে কবিতা।
পথাৰৰ সেউজীয়াত
সাগৰৰ গভীৰতাত
মৰিশালিৰ নিস্তব্ধতাত
সকলোতে কবিতা।
কবিতা, কবিতা, কবিতা
কেৱল কবিতা…
যিফালেই চকু মেলি চোৱা
দেখিবা কবিতা
চকু মুদি যি পোৱা
তাতো আছে কবিতা।
কবিতাৰ স্থিতি
আকাশ, বতাহ, পোহৰ, এন্ধাৰ
সকলোতে।
হাতৰ আঙুলিত কবিতা
কলমত নিগৰে কবিতা
ৰুগীয়া দেহাটিতো দেখিবা
কবিতাৰ উজান
দীপ্তিমান দুচকুত
কবিতাৰ গান।
কবিতা
তোমাৰ আমাৰ সকলোৰে
উশাহে নিশাহে
বিৰাজমান।
মনটো আকৌ জাগিব
বিচাৰি আনিব শব্দ
ৰচিব কবিতা।
তথাপি জানা
আজি মনটোৱে
শব্দ বিচাৰি পোৱা নাই
লিখিবলে কবিতা।

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz