গিৰীশ কাৰ্ণাড আৰু ‘টুগলক’

সমকালীন ভাৰতীয় নাট্যকাৰসকলৰ ভিতৰত গিৰীশ কাৰ্ণাডৰ অৱদানেই সৰ্বাধিক বৈশিষ্ট্যপূৰ্ণ। তেওঁক এই সময়ৰ শ্ৰেষ্ঠ ভাৰতীয় নাট্যকাৰ বুলি ক’লেও বেছি কোৱা নহয়। গিৰীশ কাৰ্ণাডৰ প্ৰথম নাট ‘যযাতি’ প্ৰকাশ হয় ১৯৬১ চনত। তাৰ পিছত তেওঁ লেখা নাটকবোৰ হ’ল ‘টুগলক’, ‘হয়বদন’, ‘অঞ্জুমালিগে’, ‘নাগমণ্ডল’ আৰু ‘তালদণ্ড’। এই নাট্যকাৰৰ নাটকৰ সংখ্যা তেনেই কম; কিন্তু তেওঁৰ প্ৰতিখন নাটকেই একোটা কীৰ্তিস্তম্ভ। সেইবাবেই গিৰীশ কাৰ্ণাডৰ প্ৰতিখন নাটকেই ভাৰতৰ প্ৰায়বোৰ আঞ্চলিক ভাষালৈ অনূদিত হৈছে আৰু বিপুলভাৱে মঞ্চায়িত হৈছে। এনে সৌভাগ্য সমকালীন ভাৰতৰ কোনো নাট্যকাৰৰেই হোৱা নাই।

গিৰীশ কাৰ্ণাডৰ প্ৰথমখন নাটক ‘যযাতি’ ৰচিত হৈছিল মহাভাৰতৰ কাহিনীৰ আধাৰত। কাহিনীটোৰ বাবে কাৰ্ণাডে মহাভাৰতক অৱলম্বন হিচাপে ল’লেও সেই কাহিনীৰ মাজেৰেই আধুনিক মানুহৰ প্ৰজন্ম ব্যৱধানৰ সমস্যা, দায়িত্ববোধ আৰু মানৱীয়তাৰ অনুভৱ আদি কথা সুন্দৰ ৰূপত প্ৰকাশ কৰিছিল। এই নাটকখনেই তেওঁক নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা প্ৰদান কৰে।

তেওঁৰ দ্বিতীয় নাটকখন হ’ল ‘টুগলক’। জ্ঞানী-মূৰ্খ হিচাপে ইতিহাসৰ পৃষ্ঠা ৰঙীন কৰি ৰখা মহম্মদ বিন টুগলকৰ জীৱন, কাম আৰু কল্পনাৰ আধাৰত গঢ় লৈ উঠিছে এই নাটকখন। বুৰঞ্জীৰ চৰিত্ৰক লৈ ৰচনা কৰা হ’লেও নাটকখন কিন্তু বুৰঞ্জীমূলক নাটক নহয়; কাৰণ বুৰঞ্জীৰ ব্যাখ্যা বা আলোচনা এই নাটকৰ আত্মা নহয়। টুগলকৰ কাহিনীৰ আলমেৰে গিৰীশ কাৰ্ণাডে ৰচনা কৰিছে দেশৰ প্ৰশাসকৰ আদৰ্শ, ষড়যন্ত্ৰ, গাদী ৰখাৰ কৌশল আৰু ৰাইজক প্ৰদান কৰা অলেখ প্ৰতিশ্ৰুতিৰ কৰুণ ৰূপৰ কথা।

‘টুগলক’ ৰচিত হৈছিল ১৯৬৪ চনত। স্বাধীন ভাৰতৰ ইতিহাসত সেয়া আছিল স্বপ্নভঙ্গৰ যুগ। স্বাধীনতাই ভাৰতবাসীৰ সন্মুখত যি আশাবাদৰ অলেখ স্বপ্ন মেলি দিছিল, নেহৰু যুগৰ অলেখ প্ৰতিশ্ৰুতিয়ে যি আশাবাদক জীপাল কৰি ৰাখিছিল, সেইবোৰৰ মৃতপ্ৰায় অৱস্থাৰ সময়তেই কাৰ্ণাডে ৰচনা কৰিছিল ‘টুগলক’। প্ৰখ্যাত সাহিত্যিক ইউ আৰু অনন্তমূৰ্তিয়ে কৈছে— ‘Another reason for Tughlaq’s appeal to Indian audience is that it is a play of the sixties, and reflects as no other play perhaps does the political mood of disillusionment which followed the Nehru era of idealism in the country.’।

সমকালীন ৰাজনীতি আৰু প্ৰশাসনৰ দুৰ্বলতা আৰু সাধাৰণ মানুহৰ চিৰন্তন হাহাকাৰৰ অনুভৱে নাট্যকাৰক যন্ত্ৰণাদগ্ধ কৰিলেও ‘টুগলক’ কিন্তু ৰাজনৈতিক ৰূপক নহয়। বিশাল প্ৰতিভা আৰু সম্ভাৱনাৰ অপমৃত্যু, এই মৃত্যুৰ আঁৰত থকা ব্যক্তিগত হঠকাৰিতা, দূৰাস্বপ্ন অনুভৱ আৰু তাক সাকাৰ কৰাৰ বাবে প্ৰয়োজনীয় সামূহিক ঐক্যৱদ্ধ দক্ষতা আৰু আত্মোৎসৰ্গ দায়ৱদ্ধতাৰ অভাৱ— এইবোৰেই ব্যক্তিৰ পৰিসীমাৰ পৰা বাহিৰ হৈ গৈ সামূহিক ৰূপত যি শূন্যতা আৰু হতাশাৰ জন্ম দিয়ে, তাৰ ফলত সৃষ্টি হোৱা ট্ৰেজিক অনুভৱেই ‘টুগলক’ নাটকৰ আত্মা। নেহৰু যুগৰ সপোন আৰু সম্ভাৱনা যেনেদৰে ধূলিসাৎ হৈ গৈছিল, তাৰ মাজতেই গিৰীশ কাৰ্ণাডে বিচাৰি পাইছিল বুৰঞ্জীৰ টুগলক অধ্যায়ৰ পুনৰাবৃত্তি। ‘টুগলক’ নেহৰু যুগৰ সমালোচনা নহয়, কিন্তু নেহৰু যুগৰ ব্যৰ্থতাৰ খতিয়ানে যে ‘টুগলক’ ৰচনাৰ পটভূমি সৃষ্টি কৰিছিল, তাত অকণো সন্দেহ নাই। গিৰীশ কাৰ্ণাডে নিজে এনেদৰে কৈছে— ‘What struck me absolutely about Tughlaq’s history was that it was contemporary. The fact that here was the most idealistic, the most intelligent king ever to come on the throne of Delhi and one of the greatest failure also. And within a span of twenty years this tremendously capable man had gone into pieces. This seemed to be both due to his idealism as well as the shortcomings within him, such as his impatience, his cruelty, his feelings that he had the only correct answer. And I felt in the early sixties, India had also come very far in the same direction- the twenty-year period seemed to me very much striking parallel.’।

সন্দেহ নাই, বিচিত্ৰ মৰ্জি আৰু গভীৰ মানসিক দক্ষতাৰ অধিকাৰী, তেওঁৰ কাব্যপ্ৰিয়তা আৰু নিষ্ঠুৰতা, তেওঁৰ উচ্চাকাংক্ষা, তেওঁৰ ইচ্ছা শক্তি— এই আটাইবোৰ উপাদানৰ সংমিশ্ৰণে টুগলক চৰিত্ৰটিক যিকোনো নাট্যকাৰৰ বাবে লোভনীয় কৰি তুলিছে। কিন্তু গিৰীশ কাৰ্ণাডে চৰিত্ৰটিৰ মনৰ গভীৰলৈ প্ৰৱেশ কৰিছে আৰু উদ্ঘাটন কৰিব বিচাৰিছে উচ্চাকাংক্ষী মানুহজনৰ সপোন আৰু সেই সপোনৰ উৎস। টুগলকৰ মুখেৰে গিৰীশ কাৰ্ণাডে কৈছে— ‘…আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন মোক নিদ্ৰাৰ পৰশৰ পৰা ৰক্ষা কৰে। কাইলৈৰ কথা ভাবোঁতে ভাবোঁতেই আজিৰ দিনটো যেন শেষ হৈ নাযায়।… ইচ্ছা কৰোঁ, পৃথিৱীৰ উচ্চতম বৃক্ষশীৰ্ষত আৰোহন কৰোঁ আৰু তাৰ পৰা প্ৰজাবৃন্দক সম্বোধন কৰোঁ— আহাঁ মোৰ প্ৰজাবৃন্দ, মই তোমালোকৰ বাবেই অপেক্ষাৰত। মোক কোৱা তোমালোকৰ দুখৰ কথা, মোক অনুভৱ কৰিবলৈ দিয়া তোমালোকৰ আনন্দ। আহাঁ, আমি একেলগে হাঁহো, একেলগে কান্দো আৰু তাৰ পিছত একেলগে প্ৰাৰ্থনা কৰোঁ।… আহাঁ আমি অন্ধকাৰ হওঁ আৰু ঢাকি দিওঁ দেশ আৰু জাতিৰ সীমা।…’

টুগলক মূলতঃ সপোন দেখা মানুহ। কিন্তু সকলো সদিচ্ছা থকাৰ পিছতো তেওঁ নিজৰ সপোনবোৰ বাস্তৱায়িত কৰিব নোৱাৰিলে। নিজেই সকলো ক্ষেত্ৰতে শুদ্ধ বুলি ভবাৰ পৰিণাম স্বৰূপে তেওঁ প্ৰজাবৃন্দৰ মঙ্গলদায়ক কিবা কৰাৰ সলনি সামগ্ৰিক দুখ-দুৰ্দশাকহে আমন্ত্ৰণ কৰি আনিলে। ইয়াতেই তেওঁৰ ট্ৰেজেদি। ইতিহাসে টুগলকক জ্ঞানী, কিন্তু বিফল সম্ৰাট হিচাপেহে চিহ্নিত কৰি আহিছে। ইতিহাসৰ এই চৰিত্ৰটিকে গভীৰ দাৰ্শনিক অনুভূতিৰে গিৰীশ কাৰ্ণাডে উপস্থাপিত কৰিছে কালৰ সীমা অতিক্ৰম কৰি গৈ সকলো কালৰ উচ্চাকাংক্ষী, আবেগিক, সংবেদনশীল নায়কৰ ৰূপত, যি নায়ক জয়ী হোৱাৰ মানসিকতাৰে আগবাঢ়িও শেষত হয়গৈ পৰাজিত নায়ক।

টুগলকৰ চৰিত্ৰত মাজে মাজে শুনা যায় গ্ৰীক ট্ৰেজেদিৰ ‘নিয়তিৰ শাসনত মানুহ অসহায়’ ধাৰণাৰ প্ৰতিধ্বনি, খ্ৰিষ্টোফাৰ মাৰ্লোৰ শক্তিশালী মানৱৰ ধাৰণাৰ ছাপ আৰু শ্বেকচপেৰীয়ান ট্ৰেজেদিৰ ‘কেৰেক্টাৰ ইন দেচটিনি’ ধাৰণাৰ ক্ষীণ আভাস। তাৰ লগতে লগ হৈছে ভাৰতীয় মহাকাব্যৰ ‘মহাকাব্যিক নিৰ্লিপ্ততা’। এই আটাইবোৰ উপাদানৰ সাৰ্থক মিশ্ৰণ আৰু কাৰ্ণাডৰ দাৰ্শনিক অন্তৰ্দৃষ্টিৰ গভীৰতা— দুয়োটাৰ সাৰ্থক সমন্বয়ে টুগলক চৰিত্ৰটিক এনে আয়তন আৰু ওজন দান কৰিছে, যাৰ সমকক্ষ চৰিত্ৰ সমকালীন ভাৰতীয় নাটত বিচাৰি পোৱা নাযায়।

অতি জটিল আৰু দাৰ্শনিক গভীৰতাৰে ভৰা কেন্দ্ৰীয় চৰিত্ৰটি থকা এই নাটকখন কিন্তু যিকোনো দৰ্শকৰ বাবেই উপভোগ্য। ইয়াৰ কাৰণ হ’ল, নাটকৰ গভীৰতাই যেনেদৰে এচাম দৰ্শকক সন্তুষ্ট কৰে, তেনেদৰে ইয়াৰ আকৰ্ষণীয় কাহিনী, কাহিনীৰ সাৱলীল গতি, নাটকীয় উৎকণ্ঠা, চৰিত্ৰ চিত্ৰণ, সংলাপ আৰু কৌশলী দৃশ্যৰচনাই কেৱল কাহিনীপ্ৰিয় দৰ্শককো সহজে বহুৱাই ৰাখে। নাটকত,— অকল নাটকত বুলিয়েই নহয়, যিকোনো শিল্প মাধ্যমতে এই দুয়োটি দিশৰ সাৰ্থক মিশ্ৰণৰ প্ৰকাশ বৰ বিৰল। ইউ আৰ অনন্তমূৰ্তিয়ে ঠিকেই কৈছে— ‘One can enjoy the play on the stage without paying much attention to its rich and complex symbolism and subtle weaving of its different motifs. The play has an interesting story, an intricate plot, scope for spectacle, and uses of dramatic conventions like comic pair to which theatre audience respond easily.’।

চিৰিয়াচ নাটকক জনসাধাৰণৰ ওচৰলৈ নিবলৈ ইচ্ছা কৰা প্ৰতিগৰাকী নাট্যপ্ৰেমীৰ বাবে ‘টুগলক’ অৱশ্যে পাঠ্য। ‘টুগলক’ পঢ়া বা চোৱা প্ৰতিজনে ক’বলৈ বাধ্য যে বিনোদন আৰু মননৰ মাজৰ তয়াময়া ৰণত মনন বিজয়ী হোৱা উদাহৰণ নোহোৱা নহয়।«

ছবি ৪: প্ৰবন্ধৰ লেখক উৎপল দত্তৰ সৈতে গিৰীশ কাৰ্ণাড

(প্ৰবন্ধৰ লেখকে গিৰীশ কাৰ্ণাডৰ ‘টুগলক’ আৰু ‘নাগমণ্ডল’— এই দুখন নাট অসমীয়ালৈ অনুবাদ কৰিছে।)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

উৎপল দত্ত

উৎপল দত্ত

আকাশবাণী, গুৱাহাটী-৩

Leave a Reply

1 Comment on "গিৰীশ কাৰ্ণাড আৰু ‘টুগলক’"

avatar
Sort by:   newest | oldest | most voted
Guest

Bor val lagil

wpDiscuz