গেলা গৰম, খেতি-বাতি ইত্যাদি

প্ৰকাশ: ১৫ জুন, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

prabandha1
গেলা গৰম। সূৰুযৰ পৰা পোহৰ নহয়, যেন জুইহে বৰষিছে। সকলোৰে অৱস্থা বেয়া। কাৰেণ্টৱালাই এ চি, কুলাৰ, ফেনৰ কৃপাত দেহা শাঁত পেলাইছে। বিজুলীবিহীন ৰাইজে বিচনিৰে কাম চলাইছে। মাকক ভাত বিচাৰি থেনথেনাই আমনি কৰি থকা পোনাকণে এঢকা খোৱাৰ ঠাইত দুটা ঢকা বেছিকৈ খাইছে জুহালত বহি ৰন্ধা-বঢ়া কৰি থকা অতীষ্ঠ মাকৰ পৰা। পেঁ পেঁকৈ বিকট শব্দৰে কান্দোন জোৰা নাতিয়েকৰ ৰাউচিয়ে আইতাকৰ মূৰৰ ঘিউ উতলাই দিছে; এনেই জেঠৰ খৰে জলা-কলা খুৱাইছে— ভূতৰ ওপৰত দানহ পৰাদি আকৌ নাতিয়েকৰ হাই-ভল্টেজ ৰাউচি! গৰমৰ ওপৰত উঠি থকা খংটো জাৰি দিছে বোৱাৰীয়েকৰ ওপৰতে আৰু অৱধাৰিতভাৱে চিৰাচৰিত শাহু-বোৱাৰীৰ উখনা-উখনি। বেলি মূৰৰ ওপৰ উঠি লহিয়াব এথোন, দুপৰীয়াৰ ভাত হোৱাই নাই। বুঢ়ীৰ পেটে কলমলাই আছে,— ‘‘এই এলাইবাদুজনীয়ে এতিয়াও ভাত কেইটা…’’— মনে মনে বুঢ়ী বাৰুকৈয়ে অসন্তুষ্ট হৈ আছে বোৱাৰীয়েকৰ ওপৰত। বোৱাৰীয়েকৰ অৱস্থাও পানীত হাঁহ নচৰা— এফালে জুহালৰ জুই, আনফালে ৰ’দৰ জুই। আইতাকে নাতিয়েকক কোলাত তুলি লৈ চোতালৰ মূৰৰ আমজোপাৰ তলত বহিলগৈ। গেলা গৰমৰ উত্পাতত উজনি-ভাটী কৰা দেহাটোৱে বতাহজাকৰ অনুগ্ৰহ বিচাৰি গাবলৈ ধৰিলে—
বা-বলী এ’ বা বলা,
বা-বলী এ’ বা বলা,
বা বইছ, বা বইছ।

আইতাকৰ লগত পোনাকণেও কণ্ঠ মিলাইছে। বতাহৰ পিছে কাণসাৰ নাই। হাজাৰ দাবী, প্ৰতিবাদী কাৰ্যসূচী, অনুনয়-বিনয়তো আমাৰ সোণামুৱা চৰকাৰৰ গা নলৰাৰ দৰে বতাহজাকো লৰা নাই। উপায়হীন আইতাকে ছাল শোতোৰা-শোতোৰ পৰা শীৰ্ণ হাতেৰে একমাত্ৰ সাৰথি বিচনিখনকে তুলি লৈছে। নিৰৱচ্ছিন্নভাৱে বিচনি ঘূৰাই থকাও জানো মুখৰ কথা। হাত বিষাই যায়। দুয়োহাতত অদল-বদল কৰি আইতাই বিচনি ঘূৰাই থাকে, ঘূৰাই থাকে। বিচনিখনেও তাৰ সীমিত সামৰ্থৰে বা বলাই থাকে আইতাক আৰু নাতিয়েকক। আইতাকৰ আদৰ আৰু বিচনিৰ শীতল বাত কোলাতে টোপনি যোৱা নাতিয়েকলৈ এসোতা আবেগ উথলি উঠে আইতাকৰ সত্তৰ বছৰীয়া হৃদয়ত। নাতিয়েকৰ টোপোলা-টোপোল গালত বিৰিঙি উঠা ঘামখিনি মচি আইতাকে তাৰ গালত সোলা মুখখনেৰে টপক্‌কৈ চুমা এটা খায়। বোৱাৰীয়েকক চিঞৰে— ‘‘নে অ’ পোনাটোক, বিছনাত শুৱাই দেগৈ। ভাতকেইটা খাই শুলে ভাল আছিল। এতিয়া চকা পাতত নবহালৈকে ই নুঠে আৰু।’’


আমি দ্বিতীয় শ্ৰেণীত থাকোঁতে এটা পাঠ পঢ়িছিলো—
ৰ’দালি এ ৰ’দ দে, ৰ’দ দে
আলি কাটি জালি দিম
বৰপীৰা পাৰি দিম
তাতে বহি বহি ৰ’দ দে, ৰ’দ দে।

সেই আহ্বান শিৰোধাৰ্য কৰি যেন ৰ’দালিয়ে এই টিকা-ফটা ৰ’দ দিছে। ৰাইজে ত্ৰাহি মধুসূদন সুঁৱৰিছে। বনাঞ্চল ধ্বংস, গোলকীয় উঞ্চতা বৃদ্ধি, অপৰিকল্পিত উদ্যোগীকৰণ আদিয়ে গেলা গৰমক সাৰ-পানী যোগাইছে। আমি এইবোৰৰ বিষয়ে ভালদৰেই ওৱাকিবহাল। অথচ চকু মুদা কুলিৰ ভাও দি আছোঁ। কাৰ্যকৰী প্ৰতিৰোধী ব্যৱস্থা নলৈ পৰিস্থিতি অধিক অৱনতিৰ দিশলৈ নি থাকি হাতৰ কুঠাৰ ভৰিত মাৰি আছোঁ। গণ্ডগোলটো কোনখিনিত ধৰিবই নোৱাৰি দেখোন। কথা এষাৰ আছে নহয়— শুই থকাজনক জগাব পাৰি, টোপনিৰ ভাও জুৰি থকাজনক জগোৱাৰ উপায় নাই।

যি কি নহওক, জেঠৰ খৰে কৃষক ৰাইজক আহুকালত পেলাইছে। কঠীয়া পাৰিবৰ সময় হৈছে— বৰষুণৰ দেখা-দেখি নাই। আকাশৰ দূৰ দিগন্ত বিয়পা পৰিসীমাত এটুকুৰা ডাৱৰ দেখা পাবলৈ নাই। দিগন্ত বিয়পা আকাশত মাথোঁ নীলা আৰু নীলা। কৃষক ৰাইজে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা। বতৰ-বৰষুণে কৃষিপ্ৰাণ ৰাইজৰ আটকীয়া জীৱনত বিস্তৰ প্ৰভাৱ পেলায়। দুবেলা-দুমুঠি যোগাৰৰ প্ৰৱন্ধ এই বাৰিষা কালতে ৰাইজে কৰি থ’বলগীয়া হয়। গতিকে, এনে অৱস্থাত ৰাইজে ভেকুলীৰ বিয়া পাতি বৰষুণ-দেৱতাক তুষ্ট কৰাৰ বৃথা চেষ্টাত মগ্ন হয়। এই একৈশ শতিকাৰ বিজ্ঞানৰ যুগত খেতিপথাৰত পৰ্যাপ্ত পানীৰ আশাত ভেকুলীৰ বিয়া পাতিবলগীয়া হোৱাটো কিমান পৰিতাপৰ বিষয়— সেয়া হৃদয়ঙ্গম কৰাটো বৰ সহজ। খৰাং বতৰতো নিৰ্বিঘ্নে খেতি-বাতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থাটো চৰকাৰী ফাইলত ঠিকেই আছে, বাস্তৱিকতে কিন্তু সেয়া ফুটুকাৰ ফেনহে!

নৈ-উপনৈ, খাল-বিলেৰে ভৰপূৰ ৰাজ্যখনত চৰকাৰৰ সদিচ্ছা আৰু সু-পৰিকল্পনাৰ অভাৱত পানী যোগান ব্যৱস্থাটো দুখলগাকৈ পঁয়ালগা। এই বিষয়ত ৰাইজৰ ভূমিকাও প্ৰায় নিষ্ক্ৰিয় আৰু আওকণীয়া। দেশৰ অন্য ৰাজ্য, যেনে— পঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ আদিত যি কৃষি বিপ্লৱৰ সূচনা হৈছে, তাৰ মূলত চৰকাৰৰ সদিচ্ছামূলক চেষ্টা আৰু কৃষিজীৱী ৰাইজৰ সক্ৰিয়তা। এনে পৰিঘটনা আমাৰ ৰাজ্যত পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা। নিজৰ অঞ্চলৰ অভিজ্ঞতাৰে ক’ব পাৰোঁ যে বিগত কেইবছৰমানত কৃষি উত্পাদন অকণো সন্তোষজনক নহয়। বতৰৰ বিধি-পথালি, দীৰ্ঘ খৰাংকাল, জলসিঞ্চনৰ দুৰৱস্থা, কৃষকৰ আশাসুধীয়া প্ৰচেষ্টাৰ অভাৱ, অত্যাধুনিক কৃষি প্ৰযুক্তিৰ প্ৰয়োগ নোহোৱা অথবা অভাৱ আদি ইয়াৰ অন্যতম কাৰণ। এই কথাবোৰ চৰকাৰ আৰু ৰাইজে ভাবি চালে ভাল হয়। কৃষি উপযোগী বতৰ আৰু জলবায়ু আমাৰ ইয়াত বিদ্যমান, লাগে মাথোঁ চৰকাৰ-ৰাইজৰ সক্ৰিয়তা আৰু প্ৰকৃত কৰ্মস্পৃহা।

আৰু পঢ়ক:  ক’ৰোনা ভাইৰাছে প্ৰদান কৰা শিক্ষা

আমাৰ ৰাজ্যৰ কৃষি ব্যৱস্থাৰ অন্য এটা নেতিবাচক দিশ হ’ল খেতিপথাৰত বাৰমহীয়া খেতি-বাতিৰ অপ্ৰচলন। আমাৰ কৃষক ৰাইজ কেইমাহমানৰ এটা খেতি কৰিয়ে ক্ষান্ত-সন্তুষ্ট। দেশৰ অন্য ৰাজ্যলৈ চালে বছৰৰ বাৰমাহে ইটোৰ পিছত সিটো খেতিৰ পয়োভৰ দেখা যায়। শস্য-শ্যামলা কৃষিভূমিয়ে সেইবোৰ ৰাজ্যৰ কৃষক-ৰাইজক আৰ্থ-সামাজিকভাৱে বহুদূৰ আগুৱাই নিছে, জীৱন সমৃদ্ধ কৰি তুলিছে। তাৰ তুলনাত আমি কোনোমতে দুবেলা-দুমুঠিৰ যোগাৰ হোৱাকৈ বছৰত যেন-তেন এটা খেতি কৰিয়ে কি জীৱন জীছোঁ, তাক চকুত ধৰি দেখুৱাই দিয়াৰ সকাম নাই। প্ৰাণান্তক পৰিশ্ৰম, চৰকাৰী-বেচৰকাৰী আঁচনিৰ সুফল, অত্যাধুনিক কৃষি প্ৰযুক্তিৰ সুপ্ৰয়োগ, উন্নত জীৱন-যাপনৰ দুৰ্বাৰ স্পৃহাই দেশৰ অন্য ৰাজ্যক কৃষিক্ষেত্ৰত আমাতকৈ অনেক গুণে চহকী কৰি তুলিছে। তাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি আমাৰ ইয়াত সকলোৱে দেখি আছোঁ— যি অতি হতাশাজনক আৰু উদ্বেগজনক।

আজিকালি আৰু এটা উল্লেখনীয় কথা হ’ল নৱ-প্ৰজন্মৰ কৃষি-কৰ্মলৈ অনীহা। খেতি-পথাৰ, বোকা-পানী বুলি ক’লেই মুখ বিকটাই পেলোৱা হ’লো আমি। পঞ্জাৱৰ দৰে ৰাজ্যত চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰিও উঠি অহা চাম দুগুণ উত্সাহেৰে কৃষি ক্ষেত্ৰত জঁপিয়াই পৰিছে। তাত কৃষি-কৰ্ম অৱহেলিত নহয়, বৰঞ্চ এক সন্মানজনক জীৱিকা। তাত ধনী কৃষকক যথেষ্ট সামাজিক সন্মানৰ দৃষ্টিৰে চোৱা হয়। আমাৰ ৰাজ্যত এনে অৱস্থা আশা কৰাটো আকাশ কুসুম যেন কথা! অপ্ৰিয় হ’লেও সত্য যে আজিৰ অসমীয়া সমাজত কৃষি-কৰ্ম আৰু ইয়াৰ লগত জড়িত লোকক বেছি সন্মানৰ দৃষ্টিৰে চোৱা নহয়। কৃষি-কৰ্ম যেন এক হীন বৃত্তিহে। নক’লেও চলে যে এয়া আমাৰ পুতৌজনক আৰু দীন চিন্তা-মানসিকতাৰ পৰিচায়ক মাত্ৰ। যি বৃত্তি আৰু বৃত্তিধাৰীৰ সৌজন্যত আমি সকলো স্তৰৰ লোক দুবেলা দুসাঁজ যোগাৰ কৰি পেট পূৰাই জী আছোঁ— সেই বৃত্তি আৰু বৃত্তিধাৰীসকল কেনেকৈ অৱহেলা আৰু হীন দৃষ্টিৰ পাত্ৰ হ’ব পাৰে? যি কি নহওক, কৃষিকৰ্মত ব্ৰতী নৱ-যুৱকৰ ব্যতিক্ৰমী দৃষ্টান্তও নথকা নহয়। পিছে সেয়া এপাচি শাকত এটা জালুক হেন। মাজে-মাজে বাতৰি কাকত-আলোচনী, দৃশ্য-শ্ৰব্য মাধ্যমৰ যোগেদি পৰিশ্ৰমী আৰু উদ্যমী এনে যুৱ-কৃষকৰ কথা জানিবলৈ পাওঁ। ভাল লাগে, আশাৰ সঞ্চাৰ হয়। শিক্ষিত, জ্ঞানী যুৱচামে অকল চাকৰিলৈ আশা কৰি বহি নাথাকি আমাৰ নিজা বাৰী-পথাৰখনতে জীৱিকা অৰ্জনৰ চিন্তা কৰিব পাৰোঁ নিশ্চয়। কৃষি ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনি,আৰ্থিক অনুদান; বেংকে আগবঢ়োৱা ঋণ আদিৰ সুফল আমি লাভ কৰিবলৈ আগুৱাই আহিব লাগে। অসমৰ বেছিভাগ বৃহৎ বৃহৎ পথাৰ এবাৰ ধানখেতি কৰাৰ পিছত বেছিভাগ সময় উকা, শূন্য হৈ পৰি থকা চিৰাচৰিত, অবাস্তৱিক কথাটোৰ বিষয়েও আমি ভাবিব পাৰোঁ নিশ্চয়। আমাৰ অসমীয়াৰ সোৰোপা স্বভাৱটো দলিয়াই ধানখেতি চপোৱাৰ পিছত উকা-উৰুঙা হৈ পৰি থকা উৰ্বৰ পথাৰবোৰ শস্য-শ্যামলা কৰি তুলিবলৈ আমি যত্নপৰ হ’ব নোৱাৰোনে? আধুনিক বিজ্ঞান-প্ৰযুক্তিবিদ্যাই প্ৰদান কৰা উন্নত সা-সঁজুলি, বীজ-সাৰ আদি আৰু চৰকাৰী কৃষি ব্যৱস্থাই দিয়া সুবিধাবোৰ আঁকোৱালি আমি আমাৰ ৰাজ্যখনক নদন-বদন, কৃষি চহকী ৰাজ্যত পৰিণত কৰিবলৈ আগুৱাই যাওঁ আহক। এনেকৈয়ে আমি ৰাজ্যখনক আৰ্থ-সামাজিক দিশত উন্নত আৰু চহ্কী কৰি তুলিব পাৰিম। দেশৰ পঞ্জাৱ, হাৰিয়ানা আদিৰ দৰে উন্নত ৰাজ্যৰ লগত ফেৰ মাৰি আমিও আমাৰ দৰিদ্ৰ, নিম্ন জীৱন-ধাৰণৰ মানক উত্তৰণৰ দিশত লৈ যাব পাৰিম, এক উন্নত আৰু সচ্ছল জীৱন-যাপন কৰিব পাৰিম; লাগিব মাথোঁ মানসিক দৃঢ়তা, সদিচ্ছা আৰু সক্ৰিয়তাৰ বাস্তৱিক মূলধন।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “গেলা গৰম, খেতি-বাতি ইত্যাদি”

  1. Rajib lushan chutia.. Avatar

    Val hoise.. Somoyar lgt khap khai porise…..

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts