গাঁৱৰ গাভৰু

লুইতৰ শুৱনি দুপাৰ
অসমৰ প্ৰকৃতিৰ সেউজী কোলাত
নগৰৰ নিলগত
বাঁহনি বিৰিণা ভৰা, মাটিৰ বুকুত
—‘সেউজীয়া পথাৰেৰে
ভৰপূৰ তামোলেৰে’
এয়ে মোৰ অসমৰ গাঁও।

জীৱন বাটত বাট বুলি বুলি
ভাগৰুৱা মন মোৰ
জিৰাই এবাৰ গৈ
সেইজোপা বকুলৰ ছাঁত
হেঁপাহৰ নিজৰাটি শিল-গৰা ডেই
পৰেগৈ সেই মোহনাত;
আকলুৱা চকু দুটি
ফুৰে কাৰ আঁচলৰ দহি লেখি লেখি—
তেওঁ মোৰ তেজ-মঙহৰ
একে পথাৰৰ একেটি ঘাটৰ
পদুমী-কেতেকী
সোণপাহী, চম্পা।

ভাঙেহি পুৱাৰ তন্দ্ৰা দহিকতৰাই
কুমটিয়ে ভুৰুকিয়া চোতালৰ বুকু
বাঢ়নিৰে আনিব নিকাই
বননিৰ কেঁচা গন্ধ নিয়ৰ সেমেকা
শেৱালিৰ সুবাসত মন মতলীয়া
যূতি জাপ তগৰৰ
আছুতীয়া শৰাই ভাঙেহি
শৰণীয়া বতাহ সাতোলা—
কাষত গাগৰি লৈ
সমনীয়াহঁতে স’তে নৈৰ ঘাটত
এওঁ যেন মূৰ্তিমতী ঊষা,
চুলিৰ আগেদি বোৱা
পানীৰ টোপালে মনে মনে
সাতো ৰং কিনি লয় বণিয়া বেলিৰ।

কঁকালত মেৰিয়াই ৰিহাৰ খোচনা
হাঁচতিত তামোল দুখন
শাওণৰ পথাৰত ৰাংঢালী মন;
লখিমী হাতেৰে চোৱা
শালি লাহি কঠিয়াই পায়
নৱ জীৱনৰ সেউজীয়া ৰং।

কাতিত পথাৰ ভৰা ভৰ সেউজীয়া
কঙালী বিহুটি বুলি উকা উৰুকাত
ভঁৰালত সযতনে শলিতা লগাই
স্বপ্ন দেখে আঘোণৰ ভৰুণ পথাৰ
আৰু জানো এভঁৰাল ধান?
(আধা যাব আধিয়াত
আধা খাজানাত
আৰু যাব সূদৰ মূৰত!
তেন্তে কি আমাৰ কাতি
সদায় কঙালী?)
আৰু জানো নাই?
আকাংক্ষাৰ কোনো গুটি
নিৰলে পচোৱা, নাই জানো
পিৰালিৰ কোনোবা চুকত?

(ৰচনা কাল: ১৯৪৫)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

মহিম বৰা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। পদ্মশ্ৰী, সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত মহিম বৰাদেৱৰ জন্ম হৈছিল ১৯২৪ চনৰ ৬ জুলাই তাৰিখে আৰু মৃত্যু হয় ৫ আগষ্ট ২০১৬ তাৰিখে।

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz