গান্ধীৰ বাবে গান্ধী

২০১৩ চনত কৰ্মসূত্ৰে বাৰানসীত থাকোঁতে অধ্যাপক ডঃ ৰাম প্ৰকাশ দ্বিবেদী (Prof. Dr Ram Prakash Dwivedi) নামৰ এজন মানুহক লগ পোৱাৰ সৌভাগ্য হৈছিল। তেখেত আছিল বাৰানসীৰ গান্ধী অধ্যয়ন পীঠ (Gandhi Adhyayanpith, Mahatma Gandhi Kashi Vidyapith,

Varanasi)ৰ অধ্যক্ষ। মোৰেই সৌভাগ্য বুলি ক’ম যে তেখেতৰ দৰে বিশিষ্ট গান্ধীবাদী মানুহজনে এতিয়াও মোৰ মেইলৰ বা ফোনৰ উত্তৰ দিয়ে।

ৰাম প্ৰকাশ দ্বিবেদী
অধ্যাপক ডঃ ৰাম প্ৰকাশ দ্বিবেদী
(ছবিৰ উৎস: ফেচবুক)

দেশত ক্ৰমবৰ্ধমান গান্ধীৰ চৰিত্ৰ হননত দুখী হৈ এই বিষয়ত আমাৰ পদক্ষেপ কি হ’ব বুলি এদিন তেওঁলৈ এখন মেইল কৰিলো। তেখেতে উত্তৰ দিলে— “Don’t bother fighting for Gandhi. The best tribute to him is to practice Ahimsa in our lives”।

কথাটো মিছা নহয়। যিজন ব্যক্তিৰ অনুগামীৰ তালিকাত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, নেলচন মেণ্ডেলা, আইনষ্টেইন, টলষ্টয়, দালাই লামা, বাৰাক অবামা, ষ্টিভ জবচৰ দৰে মানুহৰ নাম থাকে; যাৰ অহিংস আৰু বৰ্ণবাদ বিৰোধী নীতি দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, ভিয়েটনাম, আমেৰিকা আদি দেশৰ আদৰ্শ হয়, সেইজন মানুহৰ বাবে আমি যুদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই।

“মোৰ জীৱনেই মোৰ বাৰ্তা”,— তেখেতৰ আদৰ্শ আমি জীৱনত পালন কৰাটোৱেই হ’ব তেখেতৰ প্ৰতি আমাৰ সৰ্বোত্তম শ্ৰদ্ধা।

কেইবছৰমান আগেয়ে মহাৰাষ্ট্ৰৰ সেৱাগ্ৰামত থকা গান্ধী আশ্ৰমখনতো দুদিন দুৰাতি কটোৱাৰ সৌভাগ্য হৈছিল। দেশৰ বিভিন্ন ৰাজ্যৰ বন্ধু-বান্ধৱীৰ লগত কটোৱা সেই মধুৰ সময়ছোৱাত এনে কিছুমান কথা শিকিলো, যি মোৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে। এটা সৰু অভিজ্ঞতাৰ কথা কওঁ: সেই দুদিনৰ কাৰ্যসূচীৰ কিছুমান অংশ আছিল— স্বচ্ছতা অভিযান, গোহালি চাফা কৰা (গোহালিৰ গৰুবোৰৰ আকাৰ দেখিলেই ভয় লগা বিধৰ আছিল) আৰু ৰাজহুৱা পায়খানা চাফা কৰা ইত্যাদি। মোৰ সঙ্গী আছিল তামিলনাডু আৰু কৰ্ণাটকৰ দুজন বন্ধু। বয়সো কম, তাতে এড্ৰিনেল হ’ৰমনৰ উপদ্ৰৱ আছিলেই। গোহালি চাফা কৰি উঠি আমি পায়খানাত হাৰপিক দি ব্ৰাছেৰে ঘঁহি ঘঁহি চাফা কৰিছোঁ। কামটো সমাপ্ত কৰি মই বন্ধু দুজনক ক’লো— “দেখ’ মেৰা টয়লেট তুমলগ’ চে জ্যাদা চমক ৰ’হে হ্যেঁ”। ওচৰতে ৰৈ থকা তত্ত্বাৱধায়কজনে লগে লগে কৈ উঠিল— “য়হিত’ অহঙ্কাৰ হ্যেঁ মেৰে ভাই। ইচক’হী ত’ মিটানা হ্যেঁ।”

বাপু কুটীৰৰ বতাহজাকে যেন নতুন শিক্ষা দি গ’ল। অন্যতকৈ শ্ৰেষ্ঠ বুলি দেখুৱাবলৈ মই কিয় চেষ্টা কৰিছোঁ? এয়াইতো মোৰ অহঙ্কাৰ। পায়খানাটোহে হাৰপিক দি চাফা কৰিলো, মনটো দেখোঁ লেতেৰা হৈয়েই থাকিল!

দূৰৈত ৰিণিকি ৰিণিকি বাজি আছিল বুল্লে শ্বাহৰ এইক অলিফ (aik alif)—
“জ্ঞানী হ’বলৈ বহু কিতাপ পঢ়িলা
নিজকে কিন্তু কেতিয়াও নপঢ়িলা।
মন্দিৰ মচজিদলৈ দৌৰ মাৰি যোৱা
নিজৰ হৃদয়খন কিন্তু কেতিয়াও নাচালা।
চয়তানৰ লগত যুদ্ধ কৰিবলৈ সদায়ে উদ্যত হৈ থাকা
নিজৰ অহঙ্কাৰক কিন্তু কেতিয়াও নেদেখা।”

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz