গল্পকথা: পুৰণিগুদামত গল্প আৰু সংগীতৰ যুগলবন্দীৰে ব্যতিক্ৰমী অনুষ্ঠান

প্ৰকাশ: ৩ ডিচেম্বৰ, ২০১৯ | অন্তিম সম্পাদনা: ৩ ডিচেম্বৰ, ২০১৯

জোনাক নিশা চোতালত পাটি পাৰি আইতাই নাতিহঁতক সাধু শুনোৱা দিনবোৰ এতিয়া বিস্মৃতিৰ গৰ্ভত লীণ গ’ল। যান্ত্ৰিক পৃথিৱীত কৰ্মব্যস্ত মানুহে নিজৰ সন্তানক অকণমান সময় উলিয়াই মনোৰম গল্প বা সাধু শুনাই কল্পনাৰ উদ্ৰেক কৰিবলৈ আজি অপাৰগ। অৱশ্যে ৰেডিঅ’ত গল্প বা উপন্যাসৰ অনুপম পাঠ প্ৰচাৰ হোৱাটো নতুন কথা নহয়। কিন্তু ৰেডিঅ’লৈনো কেইজনৰ হাবিয়াস?

পিছে মঞ্চত ব্যতিক্ৰমী ৰূপত গল্প কৈ মানুহক ঘণ্টাৰ পাছত ঘণ্টা মন্ত্ৰমুগ্ধ কৰি ৰখাটো নতুন কথা!

নগাঁও জিলাৰ শিক্ষা-সাহিত্য-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ এক অন্যতম শিক্ষানুষ্ঠান ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰই মহাবিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু IQAC-ৰ উদ্যোগত যোৱা ৩০ নৱেম্বৰৰ (২০১৯) দিনা আবেলি ৫ বজাৰ পৰা অনুষ্ঠিত কৰিছিল এটি দুঘণ্টীয়া নান্দনিক অনুষ্ঠান— ‘গল্পকথা’। বিশিষ্ট গল্পকাৰ, কবি, ‘সাতসৰী’ আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য আৰু বিশিষ্ট কণ্ঠশিল্পী মিতালী দেৰ গল্প আৰু সংগীতৰ যুগলবন্দীয়ে মঞ্চৰ সন্মুখত বহি থকা শ্ৰোতা-দৰ্শকক কেতিয়াও নোপোৱা সাহিত্যৰ এক নতুন মাদকতা প্ৰদান কৰিলে। পুৰণিগুদামত এয়া প্ৰথম।

ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৃপেন দাসে আদৰণি জনোৱা আৰু ইংৰাজী বিভাগৰ অধ্যাপক কমল শইকীয়াই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভনিতে নৱ প্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী নীলোৎপল গায়নে দুটি সুন্দৰ গীত পৰিৱেশন কৰে। তাৰ পাছতে আৰম্ভ হয় মিতালী দেৰ কণ্ঠৰ সুললিত সংগীত সংযোজনাৰে অতনু ভট্টাচাৰ্যৰ অপূৰ্ব গল্পকথন। বাঙালী সাহিত্যিক সুনীল গংগোপাধ্যায়ৰ ‘সাঁকো’, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ‘সাদৃশ্য’, উৰ্দু সাহিত্যিক কৃষণ চন্দৰৰ ‘জামুন কা পেৰ’ আৰু হুমায়ুন আহমেদৰ ‘ৰূপা’ নামৰ মুঠ চাৰিটাকৈ গল্প মঞ্চত কেৱল বহি বহিয়েই কৈ দুঘণ্টা ধৰি শ্ৰোতা-দৰ্শকক কল্পনা ৰাজ্যত বুৰাই ৰখা অতনু ভট্টাচাৰ্যৰ মাৰ্জিত কথনশৈলী সঁচাকৈয়ে বিমুগ্ধকৰ। গল্পৰ মাজত থকা চৰিত্ৰবোৰৰ সংলাপ প্ৰক্ষেপন আছিল অতুলনীয়, ৰোমাঞ্চকৰ আৰু গল্পই বিচৰা ধৰণৰ। তাৰ মাজে মাজে মিতালী দেৰ সুৱদী কণ্ঠৰ সংগীত সংযোজনে অনুষ্ঠানটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে। গল্প আৰু সংগীতৰ অপূৰ্ব সাৱলীল পৰিৱেশনাৰে উপস্থিত ৰাইজক দুঘণ্টা সময় মন্ত্ৰমুগ্ধ কৰি ৰখা এই যুগলবন্দী— অতনু ভট্টাচাৰ্য আৰু মিতালী দেৰ প্ৰতিভাৰ অনুপম স্বাক্ষৰ!

img
অনুষ্ঠানৰ প্ৰচাৰৰ বেনাৰ | ইন্দ্ৰনীল গায়নৰ সৌজন্যত

চকুত কাপোৰ বান্ধি থোৱা এজন ব্যক্তিক এডাল সাঁকো পাৰ হ’বলৈ যি অদম্য সাহস, মানসিক শক্তি আৰু দৃঢ়তাৰ প্ৰয়োজন হয়, সেয়া ‘সাঁকো’ গল্পটোত অনন্য ৰূপত ফুটাই তোলা হৈছে। সাঁকোডালত প্ৰথম উঠোঁতেই গল্পৰ আৰম্ভ আৰু সাঁকোডাল পাৰ হৈ সিপাৰ হওঁতেই গল্পৰ পৰিসমাপ্তি। ডঃ ভূপেন হাজৰিকাৰ ‘সাদৃশ্য’ গল্পত প্ৰকট কৰি তোলা হৈছে— এগৰাকী উচ্চখাপৰ ক্ষমতাশালী ব্যক্তিৰ সৈতে নিম্নখাপৰ দৰিদ্ৰ ব্যক্তি এজনৰ মুখাবয়ব বা চেহেৰা একে হ’লেও সময়ত সমাজৰ শত্ৰু ক্ষমতাশালী ব্যক্তিজনৰ সলনি নিম্ন সমাজৰ নিমাখিত নিৰ্দোষী ব্যক্তিজনেহে অবাবত মৃত্যুক সাবটি ল’বলগীয়া হয়। দুখন মুখৰ মাজৰ সাদৃশ্যৰ মাজেৰে লেখকে দুখন সমাজৰ মাজত থকা বিৰাট বৈষম্যৰ কথাও অতি নিপুণতাৰে অংকন কৰিছে। এই ক্ষণিকৰ দৃশ্য শ্ৰোতা-দৰ্শকৰ চকুৰ আগত জীৱন্ত ৰূপত ভাহি উঠিল অতনু ভট্টাচাৰ্যৰ সাৱলীল কথনভংগীত। শেষত বিষাদময় পৰিণতিৰ মুহূৰ্তত কৰুণ সংগীতৰ লহৰে দৰ্শকৰ চকু সেমেকাই তুলিলে। উৰ্দু সাহিত্যিক কৃষণ চন্দৰৰ ‘জামুন কা পেৰ’ গল্পটিৰ মাজেৰে সম্প্ৰতি সমাজত চলি থকা চৰকাৰী পক্ষৰ হেমাহি, মানৱতাহীন কথা-কাণ্ডৰ ফলত এজন নিৰীহ কবিয়ে প্ৰাণ হেৰুওৱাৰ মৰ্মান্তিক ঘটনা বৰ্ণিত হৈছে। হুমায়ুন আহমেদৰ ‘ৰূপা’ গল্পত আছে এটি আমোদজনক প্ৰেমৰ ঘটনা, য’ত প্ৰেমৰ বাবেই ভয়, সংশয়, কষ্ট উপেক্ষা কৰি প্ৰেয়সীৰ মন জয় কৰাৰ অদম্য সাহসৰ নিদৰ্শন দাঙি ধৰা হৈছে।

আৰু পঢ়ক:  জামুগুৰিহাটত সামাজিক নাটক ‘জাৰজ’ৰ সফল মঞ্চায়ন

| আৰু পঢ়ক: ‘গোন্ধ’ অভিমুখে

‘গল্পকথা’ত এই সকলো ঘটনাৰ বৰ্ণনাৰ চমৎকাৰিত্বই শ্ৰোতা-দৰ্শকৰ মন আপ্লুত কৰাৰ লগতে চিন্তা-চেতনাত নতুন খোৰাক যোগাবলৈ সমৰ্থ হ’ল। ডঃ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত নগাঁৱৰ বিভিন্ন প্ৰান্তৰ প্ৰায় আঢ়ৈশ গুণী-জ্ঞানী, সাহিত্যানুৰাগী ব্যক্তিৰ লগতে বহু ছাত্র-ছাত্ৰী উপস্থিত আছিল। ‘গল্পকথা’ৰ দৰে এনে অনন্য ৰুচিসম্পন্ন ব্যতিক্ৰমী অনুষ্ঠান উপহাৰ দিয়াৰ বাবে মহাবিদ্যালয় পৰিয়ালবৰ্গক উপস্থিত দৰ্শকে ভূয়সী প্ৰশংসা জনায় আৰু আগলৈও এনে অনুষ্ঠান আশা কৰে। যান্ত্ৰিক জগতত বাস কৰা নতুন এচামক সুৰুচিসম্পন্ন কৰি গঢ়ি তুলি নতুন বাটেৰে বাট বোলাবলৈ এনে অনুষ্ঠান চিৰআদৰণীয়। পৰিশেষত মিতালী দেৰ দুটি গীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

ছবি: ইন্দ্ৰনীল গায়ন

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts