গানৰ বিজ্ঞান

(ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি)

পূৰঠ নিশাৰ গান ডুবি যায়

গান ডুবি যায়
দুচকুৰ অতল গভীৰতাত।

পৃথিৱীৰ সমস্ত আত্মা
চাপিকুছি আহে

আহি ভিৰ কৰে
গানৰ নিৰাপদ কোলাত।

নিশা পূৰঠ হয়

দুচকুত গান গলে
জাহ্নৱী গান, লৌহিত্য গান

ৰক্তিম উত্তাপ সনা
উজ্জ্বল লুণীয়া গান।

গানতেই মিলি যায় জীৱন
মানুহৰ আকুতিৰে তোমাৰ গানৰ বিজ্ঞান।

Image: পৃথিৱীৰ সমস্ত আত্মা চাপিকুছি আহে… The Listening (Sculpture) [CC0]

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz