গান তুমি হোৱা গ্ৰীষ্ম দিনৰ সন্ধ্যা বেলাৰ বা

‘‘গানে কি আনে সুৰৰ সোপানে সোপানে…’’— বন্ধু এজনৰ ম’বাইলত হঠাৎ জুবিনৰ গানটো বাজি উঠিল। গানটো শুনি লগৰ এজনে প্ৰশ্ন উত্থাপন কৰিলে— গানে মানুহৰ জীৱনলৈ সঁচাকৈ কিবা পৰিৱৰ্তন আনিব পাৰেনে? আমাৰ মাজৰ প্ৰত্যেকেই নিজা নিজা মতবোৰ দাঙি ধৰি একমুখে স্বীকাৰ কৰিলো যে গীত-সংগীতে মানুহৰ জীৱনত বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু ইয়াৰ প্ৰমাণ আমাৰ চৌদিশে বিৰাজমান। অতীজৰ পৰাই বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত সংগীত মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংশৰূপে পৰিগণিত হৈ আহিছে আৰু মানুহক মানসিক, শাৰীৰিক তথা আধ্যাত্মিক দিশত প্ৰভাৱান্বিত কৰি আছে।

এই বিষয়ত আলোচনা আগবঢ়াই নিয়াৰ সময়ত মই এটি ব্যক্তিগত অভিজ্ঞতা বাকীকেইজনৰ আগত কৈছিলো। কিছুদিন আগৰ ঘটনা। মোৰ এগৰাকী সহকৰ্মী বন্ধু বিশেষ কাৰণবশতঃ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল। আমাৰ সকলোৰে বুজনি, পৰামৰ্শইও তেওঁক সেই অৱস্থাৰ পৰা সকাহ দিবলৈ কোনো প্ৰকাৰে সক্ষম হোৱা নাছিল। সেই সময়তে আমাৰ স্থানীয় সংগীত বিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে শাস্ত্ৰীয় সংগীতৰ এটি সুৰ-সমলয়ৰ অনুষ্ঠান পৰিবেশন কৰাৰ উদ্দ্যেশ্যে কলিকতাৰ পৰা এটি দল আহিছিল। মই যথেষ্ট জোৰ কৰি ওপৰত উল্লেখ কৰা বন্ধুজনকো লৈ গ’লো অনুষ্ঠানটিলৈ। মঞ্চত এটাৰ পাছত এটাকৈ অনুষ্ঠান চলি থাকিল। এটা সময়ত চেতাৰ আৰু তবলাৰ যুগলবন্দী এটি আৰম্ভ হ’ল। দেখি আচৰিত লাগিল, কিছু সময়ৰ আগলৈকে আহ্বায়কৰ বাৰম্বাৰ জনোৱা অনুৰোধকো উপেক্ষা কৰি বাজি থকা ম’বাইলৰ ৰিংট’ন, কথাৰ ফুচফুচনি, বাদাম চোবোৱা শব্দেৰে হুলস্থূলীয়া হৈ থকা প্ৰেক্ষাগৃহটো লাহে লাহে নিজম পৰিবলৈ ধৰিলে। এটা সময়ত শ্ৰোতাৰ মাজত এনেকুৱা নিৰৱতা বিৰাজ কৰিলে যে ইজনে আনজনৰ উশাহ-নিশাহৰ শব্দও শুনিবলৈ পোৱা হ’লো। যুগলবন্দীৰ সংগীতৰ যাদুয়ে সৃষ্টি কৰা সেই মায়াবী পৰিৱেশৰ যেতিয়া অন্ত পৰিল, তেতিয়া মন কৰিলো, কিছু সময়ৰ আগলৈকে উচ্‌পিচাই অস্থিৰ হৈ থকা মোৰ সহকৰ্মীগৰাকী একেবাৰে শান্তভাৱে তন্ময় হৈ বহি আছে। বাহিৰলৈ অহাৰ পিছত তেওঁ মোক জনালে যে সেই যুগলবন্দীটো শুনাৰ পিছত তেওঁৰ হেনো মানসিক অস্থিৰতা বহু পৰিমাণে কমি গৈছে, যাৰ ফলত তেওঁ নিজা সমস্যাটোৰ সমাধানৰ পথো চিন্তা কৰিব পৰা হৈছে। লগতে উক্ত অনুষ্ঠানলৈ জোৰ কৰি লৈ যোৱাৰ বাবে মোক তেওঁ কিমানবাৰ যে ধন্যবাদ যাঁচিলে! সঁচাকৈ, যিটো কাম আমাৰ হাজাৰ বুজনি, পৰামৰ্শই কৰিব নোৱাৰিলে সেইটো সম্ভৱ কৰি তুলিলে একমাত্ৰ সংগীতে— নিজস্ব যাদুৰে!

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা সংগীতে জনজীৱনত নিজৰ এক সুকীয়া স্থান দখল কৰি আহিছে। সংগীত কোনো এক জাতি বা অঞ্চলৰ লোক-সংস্কৃতিৰ কেৱল উপাদান নহয়— ই জাতিটোৰ বা অঞ্চলটোৰ এক স্বকীয় পৰিচয়। প্ৰথম অৱস্থাত ধৰ্মীয় উপাসনাৰ বাবে আৰম্ভ হোৱা সংগীত সময়ৰ লগে লগে লোকসমাজৰ বিভিন্ন স্তৰত ব্যৱহৃত হৈ আহি বৰ্তমান মানৱ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিল। সংগীতে মানুহৰ মানসিক অশান্তি দূৰ কৰাত সহায় কৰি, শাৰীৰিক অৱসাদ দূৰ কৰি উজ্জীৱিত কৰি তোলাৰ লগতে আধ্যাত্মিক দিশৰো উত্তৰণ ঘটায়।

অকণমান সময়ৰ বাবে কল্পনা কৰি চাওকচোন সংগীতবিহীন এটি দিনৰ কথা। পুৱা চৰাই-চিৰিকটি দেখিব অথচ কলৰৱ শুনা নাপাব, বতাহ বলা দেখিব, বৰষুণ হোৱা দেখিব কিন্তু শব্দ নুশুনিব— এনেকুৱা অৱস্থাত সঁচাকৈ সেই সময় বা পৰিৱেশ অনুভৱ কৰিব পাৰিব নে? নিশ্চয় নোৱাৰে। সেইবাবেই বোধকৰোঁ বোলছবি, নাটক, ভ্ৰাম্যমাণ থিয়েটাৰ আদিত কাহিনীৰ উপস্থাপনত আৱহ সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৱহ সংগীতে যিকোনো দৃশ্য বা পৰিৱেশ এটা আৰু বেছি জীৱন্ত কৰি তোলে। আৱহ সংগীতে চৰিত্ৰৰ অভিব্যক্তি প্ৰকাশতো যথেষ্ট পৰিমাণে সহায় কৰে। সফল নিৰ্দেশকসকলে এই কথা ভালদৰেই বুজি পায় আৰু সেয়েহে সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেতসকল যথেষ্ট সাৱধানী আৰু কৌশলী হোৱা পৰিলক্ষিত হয়।

সংগীতে মানুহৰ মগজুৰ উদ্দীপকৰ কাম কৰি মানসিক উৎকৰ্ষ সাধনত সহায় কৰে— বুদ্ধিমত্তা বৃদ্ধিত অৰিহণা যোগায়। মহান বিজ্ঞানী এলবাৰ্ত আইনস্তাইন সৰুকালত পঢ়া-শুনাৰ ক্ষেত্ৰত ইমানেই দুৰ্বল আছিল যে এটা সময়ত তেখেতক শিক্ষকে বিদ্যালয়ৰ পৰা একপ্ৰকাৰে বিদায়েই দিছিল আৰু পিতৃ-মাতৃক কোনো সহজ কামত তেওঁক নিয়োযিত কৰিবলৈ পৰামৰ্শ দিছিল। এলবাৰ্তৰ পিতৃ-মাতৃয়ে সেই সময়ত তেওঁৰ মনোযোগ আকৰ্ষণৰ বাবে এখন ভায়’লিন উপহাৰ দিলে। লাহে লাহে এলবাৰ্ট ভায়’লিন বজোৱাত অতি দক্ষ হৈ পৰিল আৰু তাৰ লগে লগে তেখেতৰ বুদ্ধিমত্তাৰো উত্তৰণ ঘটিবলৈ আৰম্ভ হ’ল। ফলস্বৰূপে পঢ়া-শুনাত অতি দুৰ্বল ছাত্ৰজনে পিছৰ সময়ছোৱাত নিজকে এজন বিখ্যাত বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। আইনস্তাইনৰ লগতে তেওঁৰ বন্ধুসকলেও স্বীকাৰ কৰি গৈছে যে ভায়’লিনৰ সংগীতে তেখেতক এনেকৈ উজ্জীৱিত কৰিছিল যে লাহে লাহে তেওঁ অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ সক্ষম হৈ পৰিল। বিজ্ঞানৰ জটিল উপপাদ্যবোৰ সমাধান কৰাৰ সময়ত ভায়’লিন বাদন তেওঁৰ একপ্ৰকাৰৰ অভ্যাসত পৰিণত হৈছিল। এয়া এক উদাহৰণ মাত্ৰ।

সংগীতে মানুহৰ স্মৃতিশক্তিৰ ক্ষেত্ৰতো যথেষ্ট যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰে বুলি ইতিমধ্যে প্রমাণ হৈ গৈছে। বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা তথা অধ্যয়নৰ পিছত গৱেষকসকল এই সিদ্ধান্তত উপনীত হৈছে যে সংগীতে মগজুৰ উদ্দীপকৰ কাম কৰি কোষসমূহক সক্ৰিয় কৰি তোলে,— যাৰ ফলত ধাৰাবাহিক অনুশীলনৰে স্মৃতিশক্তি বৃদ্ধি কৰাটো সক্ষম হৈ পৰিছে। এই ক্ষেত্ৰত ১৯৮২ চনৰ নৰ্থ তেক্সাচ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ অধ্যয়ন উল্লেখযোগ্য। উক্ত অধ্যয়নত তেওঁলোকে শিক্ষাৰ্থীসকলক তিনিটা গোটত বিভক্ত কৰি তিনিওটা গোটকে ভিন ভিন ধৰণে অনুশীলন কৰিবলৈ দিছিল। প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীসকলক এক বিশেষ সংগীতাংশ (Handel’s Water Music) শুনি শব্দবোৰ পঢ়ি লগতে ভাবি যাবলৈও কোৱা হৈছিল। দ্বিতীয় গোটটোক একে সংগীতাংশ শুনি শব্দবোৰ কেৱল পঢ়িবলৈ দিয়া হৈছিল, কিন্তু ভাবিবলৈ দিয়া হোৱা নাছিল আৰু তৃতীয় গোটটোক সংগীত নুশুনাকৈ শব্দবোৰ কেৱল পঢ়িবলৈ দিয়া হৈছিল। পিছত দেখা গৈছিল যে সংগীত নুশুনাকৈ শব্দবোৰ পঢ়িবলৈ দিয়া শিক্ষাৰ্থীকেইজনতকৈ সংগীত শুনি শব্দবোৰ পঢ়াসকলে বেছি পাৰদৰ্শিতা দেখুৱাইছিল। আটাইতকৈ বেছি শব্দ মনত ৰাখিবলৈ সক্ষম হৈছিল প্ৰথম গোটটোৰ ছাত্ৰ-ছাত্ৰীসকলে, যিসকলক সংগীতৰ লগে লগে শব্দবোৰ পঢ়াৰ উপৰি ভাবিবলৈও কোৱা হৈছিল।

সংগীতে মগজুৰ নিউৰনসমূহ সক্ৰিয় কৰি মন আৰু দেহ সতেজ কৰি তোলে, যাৰ ফলত মানুহ এজনৰ মনোযোগ বৃদ্ধি পায় আৰু স্মৃতিশক্তি আৰু বুদ্ধিমত্তাৰ বিকাশ ঘটে। আধুনিক শিক্ষণ পদ্ধতিত সেয়েহে সংগীতক বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে। শিশুবোৰক পদ্যবোৰ সুৰৰ সৈতে গাই শিকালে সোনকালে আয়ত্ব কৰিব পাৰে বাবে প্ৰাথমিক পৰ্যায়ত গীত, অভিনয়েৰে শিক্ষা প্ৰদানৰ ব্যৱস্থাৰ প্ৰচলন হৈছে।

সংগীতৰ তাল-লয়-ছন্দৰ প্ৰতি আমাৰ শৰীৰেও প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। সেইবাবেই কোনো গীত বা যন্ত্ৰসংগীত শুনিলে আমাৰ শৰীৰ স্বতঃস্ফূৰ্তভাৱে সংগীতৰে তালে তালে আন্দোলিত হ’বলৈ আৰম্ভ কৰে। মৃদু সংগীতৰ তালত শৰীৰৰ ধীৰ গতিত সঞ্চালন হয় আৰু বিপৰীতভাৱে দ্ৰুত সংগীতৰ তালত খৰ গতিত হয় সেই সঞ্চালন। কম পৰিশ্ৰমৰ কামৰ সময়ত মৃদু সংগীতে মন সতেজ কৰি ৰাখে আৰু বেছি পৰিশ্ৰমী কামৰ সময়ত দ্ৰুত লয়ৰ সংগীতে কামৰ গতিশীলতা বঢ়াই তোলে। খেলুৱৈসকলক সাধাৰণতে সেইবাবে তুলনামূলকভাৱে দ্ৰুত লয়ৰ সংগীত শুনিবলৈ পৰামৰ্শ দিয়া দেখা যায়। আজি-কালি বিভিন্ন বাণিজ্যক প্ৰতিষ্ঠানত, বিশেষকৈ শ্বপিং মল, দিপাৰ্তমেন্তেল স্তোৰ নাইবা ৰেস্তোৰাঁবোৰত গান বা মৃদু যন্ত্ৰ সংগীত বজাই থোৱা পৰিলক্ষিত হয়। আপাত দৃষ্টিত সেয়া কেৱল মনোৰঞ্জনৰ মাধ্যম যেন লাগিলেও প্ৰকৃততে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ক্ৰেতা-বিক্ৰেতাৰ মাজত এক সুন্দৰ মানসিক বাতাৱৰণ সৃষ্টিৰ বাবেহে। সংগীতে মানসিক-শাৰীৰিক অৱসাদ আঁতৰাই এক প্ৰশান্তিময় পৰিৱেশৰ সৃষ্টি কৰি সেই সময়কণ সুন্দৰভাৱে অতিবাহিত কৰাত ইন্ধন যোগায়।

টোপনিৰ লগত সংগীতৰ পোনপটীয়া সম্পৰ্ক আছে। মৃদু সংগীতৰ ধ্বনিয়ে মানুহৰ টোপনি অহাত সহায় কৰে। অতীজৰ পৰাই মাতৃসকলে সন্তানক নিচুকনি গীত গাই শুওৱাৰ পৰম্পৰা এতিয়াও চলি আছে। সংগীতে হৃদস্পন্দন, ৰক্তচাপ, শ্বাস-প্ৰশ্বাস আদিকো প্ৰভাৱান্বিত কৰে। সংগীতৰ এনে প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি-কালি চিকিৎসা সেৱাতো ইয়াৰ বহুল ব্যৱহাৰ আৰম্ভ হৈছে। প্ৰথম অৱস্থাত নিদ্ৰাহীনতা, হতাশা আদিৰ পৰা সকাহ দিবলৈ সংগীতৰ সহায় লোৱা হৈছিল। বৰ্তমান সময়ত পাৰ্কিন্‌চন (Parkinson’s disease), আল্‌ঝেইমাৰ (Alzheimer’s disease) আদিৰ দৰে ৰোগৰ চিকিৎসাৰ সময়তো সংগীত বিশেষভাৱে ব্যৱহৃত হয়। ৰোগীসকলক জীৱনৰ আগছোৱাত শুনা প্ৰিয় সংগীত শুনিবলৈ দি এই ক্ষেত্ৰত বহু পৰিমাণে সুফল পোৱা দেখা গৈছে।

মানুহৰ বাহিৰেও আন জীৱ-জন্তু আনকি উদ্ভিদৰ বৃদ্ধিৰ ক্ষেত্ৰতো সংগীতৰ প্ৰভাৱ আছে বুলি গৱেষক বিজ্ঞানীসকলে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছে। ১৯৭৩ চনত দ’ৰ’থি ৰেতাল্লেক (Dorothy Retallack) নামৰ দেনভাৰৰ গৱেষকগৰাকীয়ে এই বিষয়ত প্ৰথম গৱেষণা কৰি প্ৰমাণ কৰি দেখুৱাইছিল। তেখেতে একেবিধ প্ৰজাতিৰ উদ্ভিদৰ ওপৰত প্ৰয়োগশালাত ভিন ভিন সংগীত ব্যৱহাৰ কৰি পৰিৱৰ্তনসমূহ লক্ষ্য কৰিছিল। তেখেতৰ এই প্ৰয়োগৰ পিছত দেখা গ’ল যে সংগীত ব্যৱহাৰ কৰা গছবোৰৰ বৃদ্ধি ব্যৱহাৰ নকৰাবোৰৰ তুলনাত বহুগুণে বেছি হৈছিল। তাৰ বিপৰীতে বেছি সময় ধৰি সংগীত ব্যৱহাৰ কৰা গছবোৰ আকৌ মৰিহে গ’ল। একেদৰে মৃদু সংগীত ব্যৱহাৰ কৰা গছবোৰৰ যেনেকৈ বৃদ্ধিৰ হাৰ ভাল হৈছিল তেনেদৰে হুলস্থূলীয়া সংগীতে বৃদ্ধিৰ হাৰ কমাই পেলাইছিল। এই ফলাফলক আধাৰ হিচাপে লৈ এতিয়ালৈ বহু বিজ্ঞানীয়ে বিভিন্ন ধৰণৰ পৰীক্ষাৰ দ্বাৰা এই সিদ্ধান্তত উপনীত হৈছে যে উদ্ভিদৰ বৃদ্ধি-বিকাশতো সংগীতৰ অৱদান অপৰিসীম।

সংগীতে মানুহৰ মনৰ সংকীৰ্ণতা দূৰ কৰি জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে মানুহক একতাৰ ডোলেৰে বান্ধিব পাৰে। পৃথিৱীৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰে নিজা নিজা ৰাষ্ট্ৰীয় সংগীত আছে,— যি সংগীতৰ মাধ্যমেৰে দেশমাতৃৰ বন্দনা কৰাৰ লগতে দেশবাসীক সকলো ভেদাভেদ পাহৰি একত্ৰ হৈ থাকিবলৈ উদ্বুদ্ধ কৰা হয়। জাতীয় সংগীতে প্ৰত্যেকজন নাগৰিকৰ মনত দেশপ্ৰেমৰ অনুভূতি জগাই তোলে। সৈনিক বন্ধুসকলক দেশপ্ৰেমমূলক গীতবোৰে কিমান পৰিমাণে প্ৰেৰণা যোগায়, সেয়া আমি সকলোৱে দেখি আহিছোঁ।

সংগীতৰ লগতে গীতৰ কথাংশয়ো মানুহক প্ৰভাৱান্বিত কৰি আহিছে। গীতৰ কথাই মানুহক আশাবাদী হ’বলৈ শিকায়, প্ৰতিকূল পৰিস্থিতিৰ মাজতো সাহসেৰে থিয় দিবলৈ প্ৰেৰণা যোগায়, আনৰ দুখত দুখী হ’বলৈ, আনৰ সুখত হাঁহিবলৈ শিকায়। গীতৰ কথাই মানুহক জীৱনবোধৰ আভাস দিয়ে। বিভিন্ন গীতৰ কথাংশৰ লগত মানুহে নিজৰ জীৱনৰ সংগতি বিচাৰি পায় আৰু সংগীতৰ লগত একাত্ম হোৱাৰ সুবিধা পায়। ব্যক্তিগত জীৱনত মই এনে বহু মানুহ লগ পাইছোঁ (নিজকো সামৰি লৈছোঁ এই ক্ষেত্ৰত), যিয়ে কেতিয়াবা নহয় কেতিয়াবা কোনোবাটো গীতৰ কথাত নিজৰ জীৱনৰ প্ৰতিফলন দেখা পাই আহিছে— সেই গীতৰ কথা লাগিলে মাতৃভাষাতে হওক বা আন কোনো ভাষাতে হওক! একেদৰে জীৱনত কোনোদিনে গীতৰ এফাকিও কেতিয়াও গুণগুণাই পোৱা নাই বুলি কোৱা মানুহো হয়তো আমাৰ মাজত কোনো নোলাব।

গীত-সংগীতৰ কিছুক্ষেত্ৰত নেতিবাচক প্ৰভাৱো নথকা নহয়। বেছি হুলস্থূলীয়া যন্ত্ৰসংগীতে শব্দ প্ৰদূষণৰ সৃষ্টিৰ লগতে মানুহৰ মনতো বিৰূপ ক্ৰিয়াৰ সৃষ্টিৰ কৰে। তেনে সংগীত বেছি সময় শুনি থকা মানুহে কম সময়তে ভাগৰুৱা অনুভৱ কৰে, খিংখিঙীয়া হৈ পৰে, অসহিষ্ণু হৈ পৰে। নেতিবাচক ইংগিতধৰ্মী গীতবোৰে সমাজতো বিৰূপ প্ৰভাৱ পেলায়। বেছিকৈ দুখলগা গীত শুনাসকলো হতাশাত ভোগা দেখা পোৱা যায়, কামৰ প্ৰতি নিৰুৎসাহ দেখুৱাবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত ‘গ্লুমী চানদে’ (Gloomy Sunday) শীৰ্ষক গীতটোৰ কথা উনুকিয়াব লাগিব। এই গীতটো হাংগেৰীৰ পিয়ানোবাদক ৰেজ্‌চ’ চেৰেচ (Rezső Seress)ৰ ৰচনা আছিল (১৯৩৩)। পিছত বিলি হলিদে (Billie Holiday) ই এই গীতটো বিখ্যাত কৰি তুলিছিল। সেই সময়ত এই গীতটোক মানুহে আত্মঘাতী গীত বুলি অভিহিত কৰিছিল, কিয়নো বহু কেইজন লোকে আত্মহত্যা কৰাৰ আগমুহূৰ্তত সেই গীতটো শুনিছিল বুলি জনা গৈছিল। পিছলৈ এনেকুৱা অৱস্থা হৈছিল যে অনাতাঁৰ কেন্দ্ৰবোৰে গীতটোৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল। বি বি চিয়েও এটা সময়ত গীতটো নিষিদ্ধ কৰিছিল। গীতটো শুনা আৰু আত্মহত্যা কৰাৰ মাজৰ সম্পৰ্কটো হয়তো কাকতালীয় আছিল, কিন্তু মানুহৰ মনত ই এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এই কথা অনস্বীকাৰ্য যে সংগীতৰ নেতিবাচক প্ৰভাৱৰ তুলনাত ইতিবাচক প্রভাৱৰ পৰিমাণ বহু বেছি। সংগীতক কেৱল সময় পাৰ কৰাৰ এক মাধ্যম বুলি নলৈ আমি সকলোৱে ইয়াৰ গভীৰতা আৰু বিশালতা অনুভৱ কৰিব পাৰিলে আজিৰ এই যান্ত্ৰিকতাৰ যুগত ইয়াৰ সু-ব্যৱহাৰৰ দ্বাৰা আমাৰ জীৱনবোৰ আৰু বেছি সুখময় কৰি তুলিব পাৰোঁ। সংগীত-চৰ্চাৰ এক পৰিৱেশ সৃষ্টিৰে উঠি অহা চামকো এক সু-শৃংখলিত জীৱনৰ বাবে আগ্ৰহী কৰি তুলিব পাৰোঁ। এই ক্ষেত্ৰত সংগীতকাৰ, গীতিকাৰ তথা গায়কসকলো শ্ৰোতা তথা সমাজৰ ওচৰত দায়বদ্ধ হ’ব লাগিব।«

(ৰচনাটিৰ শিৰোনামত কবীৰ সুমনৰ এটি গীতৰ এটা শাৰী ব্যৱহাৰ কৰা হৈছে।)

আহক, গান শুনো। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি কালজয়ী গীত: ‘লগন উকলি গল…’

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz