এটি আবেলিঃ ফাগুনৰ অনুভৱবোৰ সাৱটি

[ চন্দ্রমা কলিতা ]img

বতাহ এছাটি বৈ আছিল
নাহৰবোৰ অস্থিৰ কৰি
অস্তাচলত লুকাব খোজা নাছিল
আবেলিৰ হেঙুলীয়া হাঁহি
বতাহত কঁপিছিল মোৰ কঁপাহী দোপাত্তা
হয়তো ফাগুনৰে উন্মাদনা

বা লাগি ধূলিয়ৰী হৈছিল ভাৱনাৰ আকাশ
সুধিছিলো তেওঁক,
বন্ধ দুচকুৰে অনুভৱ কৰানে
ফাগুনৰ তলসৰা হালধীয়া বিষাদ?

মাতাল শিমলুবোৰ থৰ লাগিছিল তেওঁৰ মুগ্ধ দুচকুত
তেওঁ হাঁহি হাঁহি কৈছিল,
হালধীয়াই নোৱাইছে দৰদী ধৰণীক
সেউজীয়াৰ বাতৰি বতাহত সিঁচি
নতুনৰ বৰষুণজাক ফাগুনেইতো আনিব মাতি!

নীলা চৰাই . ফেব্ৰুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz